সাম্প্ৰতিক সময়ৰ অসমত ভূতত্ত্ব বিজ্ঞানৰ গুৰুত্ব











সাম্প্ৰতিক সময়ৰ অসমত ভূতত্ত্ব বিজ্ঞানৰ গুৰুত্ব

বহুত বাৰ মই নিজকে প্ৰশ্ন কৰোঁ মই ভূতত্ত্ব বিষয়টো কিয় পঢ়িলোঁ? আমি যেতিয়া শিৱসাগৰ মহাবিদ্যালয়ত ২০০১-২০০৪ বৰ্ষত এই বিষয়টো সন্মানীয় বিষয় হিচাপে অধ্যয়ন কৰি আছিলোঁ তেতিয়া দুটা বিশেষ পৰিস্থিতি সন্মুখীন হৈছিলোঁ,

ক। প্ৰথম কথা সেইসময়ত বহুতেই সন্মানীয় বিষয়টি GEOLOGY বুলি ক'লে ওলোটাই কয় ZOOLOGY, আমি পুনৰ বুজাব লাগে GEOLOGY হে ZOOLOGY নহয়। অৰ্থাৎ সেইসময়ত এই বিষয়টি সকলোৰে বাবে সহজ চিনাকি নাছিল বা এই বিষয়টি গুৰুত্বও অনুধাৱন কৰা নাছিল।

খ। দ্বিতীয়তে যিসকলে এই বিষয়টিৰ কিছু জানিছিল তেওঁলোকৰ এটাই প্ৰশ্ন আছিল ONGC, OIL ত চাকৰি পাবলৈ পঢ়িছা। এই অভাগনৰ তেনে ভাগ্য নহ'ল, মস্তিষ্কই সহায় নকৰিলে।
এতিয়া হয়তো বহুতে মোক প্ৰশ্ন কৰিব ওপৰত উল্লেখ কৰা মূল বিষয়ৰ লগত এই বিষয় দুটাৰ কি সম্পৰ্ক আছে। সম্পৰ্ক নিশ্চয়কৈ আছে আৰু এই বিষয়ে তলত ব্যাখ্যা আগবঢ়ালোঁ।
প্ৰথম বিষয়টো মই এইবাবেই উপস্থাপন কৰিলো, কাৰণ আমি আজি তাৰিখতও অনুভৱ কৰোঁ যে ভূতত্ত্ব বিজ্ঞানৰ বিশ্বজনীন যি গুৰুত্ব বৃদ্ধি পাইছে সেই অনুপাতে অসমত আজিও এই বিষয়টি ক্ষেত্ৰত প্ৰয়োজনীয় গুৰুত্ব দিয়া হোৱা নাই। অসমত ভূতত্ত্ব বিজ্ঞানৰ গুৰুত্বক আমি দুই ধৰণে ব্যাখ্যা  কৰিব পাৰোঁ,

১। প্ৰাকৃতিক দুৰ্যোগৰ নিয়ন্ত্ৰণত ভূতত্ত্বৰ গুৰুত্ব, উদাহৰণস্বৰূপে ভূমিস্খলন ৰোধ কৰাত ভূতত্ত্ব বিজ্ঞানৰ গুৰুত্ব অনেক, লগতে বৰ্তমান সময়ত ভয়াবহ ৰূপ লোৱা নদীৰ গৰাখহনীয়া ৰোধ কৰাটোও ভূতত্ত্ব বিজ্ঞানৰ গুৰুত্ব অনেক। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো অসমত সঘনাই আহি থকা সকলোৰে বাবে ত্ৰাসৰ কাৰণ হোৱা ভূমিকম্পৰ বিষয়ে ভালদৰে জানিবলৈ ভূতাত্ত্বিক জ্ঞানৰ নিতান্তই আৱশ্যক।
ইয়াৰ ওপৰিও বৰ্তমান সময়ত গোলকীয় জলবায়ু পৰিৱৰ্তনৰ ওপৰত বিশ্বজনীন যি গৱেষণা হৈছে তাতো ভূতত্ত্ব বিজ্ঞানক বিশেষ গুৰুত্ব দিয়া হৈছে। বিশ্বৰ বিজ্ঞানীসকলৰ মতে অতীতৰ বহু ভূতাত্ত্বিক পৰিঘটনা অধ্যয়ণ কৰাটো জৰুৰী হৈ পৰিছে আৰু সেই পৰিঘটনা সমূহৰ বৰ্তমান পৰিৱেশতন্ত্ৰত প্ৰভাৱ কেনে তাৰ তুলনামূলক অধ্যয়ণ কৰাটো বৰ্তমান সময়ত পৰিৱেশ বিজ্ঞানী সকলৰ বাবেই একান্তই জৰুৰী হৈ পৰিছে, এইক্ষেত্ৰত আমি PETM (Paleocene-Eocene Thermal Maximum) পৰিঘটনা উদাহৰণ দিব পাৰোঁ। এই PETM পৰিঘটনাৰ লগত অসম বা উত্তৰ পূৰ্ব্বাঞ্চলৰ কয়লা আৰু খাৰুৱা তেলৰ উৎপত্তিও সম্পৰ্ক আছে।
আমি অনুভৱ কৰোঁ এনে ধৰণৰ ভূতাত্ত্বিক চিন্তাৰ পৰিৱেশ অসমও গঢ় দিয়া প্ৰয়োজন আছে।

২। দ্বিতীয়তে আমি সকলোৱে জানো যে অসম এখন প্ৰাকৃতিক সম্পৰ্দত চহকী ৰাজ্য। যদিও ইয়াত খাৰুৱা তেল-গেছ, কয়লা আৰু চূনশীলকে প্ৰধানত গুৰুত্ব দিয়া হয়, এই সমূহক বাদ দিও আন যেনে গ্ৰেনাইট (Granite), বোকাশিল(Clay deposit), গ্লাচ চেণ্ড (Glass sand) আদিতও অসম চহকী। কিন্তু স্বাধীনোত্তৰ আজি ৭০ বছৰৰ পিছতও এইসমূহৰ বিকাশ ও উন্নয়ণৰ বাবে যেনেধৰণৰ ভূতাত্ত্বিক গৱেষণাৰ প্ৰয়োজন আছিল তেনে গৱেষণাৰ পৰিৱেশ অসমত সূচনা নহ’ল বুলিয়েই কব পাৰি। আনহাতেদি কয়লাৰ মুক্ত খননতও যেনেধৰণৰ ভূতাত্ত্বিক জৰীপ তেনে জৰীপ হোৱাও আমাৰ চকুত নপৰে যাৰ বাবে ৰাজ্যখনে কয়লা খননত সম্পৰ্দ(waste of resource) নষ্ট কৰা লগতে এক বুজন পৰিমাণৰ ৰাজহও হেৰুৱাই আছে বুলি আমি ব্যক্তিগত ভাৱে অনুভৱ কৰোঁ।

এতিয়া আহোঁ লেখাটো আৰম্বণিতে উল্লেখ কৰা দ্বিতীয়টি বিষয়লৈ। যদিও আমি ব্যক্তিগত বিশ্বাস কৰোঁ যে শিক্ষাক ব্যক্তিৰ পেছাগত মানসিকতাই অধিক আৰ্কষণীয় কৰি তুলে, তথাপিও কিন্তু শিক্ষাৰ প্ৰধান উদ্দেশ্য কেতিয়াও পেছাগত চাকৰি হ’ব নোৱাৰে। শিক্ষাৰ প্ৰধান উদ্দেশ্য ব্যক্তিৰ নিজস্ব প্ৰতিভাৰে সামাজিক উত্তৰণৰ চিন্তাহে হব লাগে বুলি আমাৰ সূক্ষ্ম জ্ঞানেৰে আজিও বিশ্বাস কৰোঁ। আমি অনুভৱ কৰোঁ ভাৰতীয় শিক্ষা ব্যৱস্থাই আজিও চৰকাৰী সেৱক সৃষ্টিতহে গুৰুত্ব দিছে, সামাজিক বৌদ্ধিক সম্পৰ্দ সৃষ্টি কৰাত বিশেষ গুৰুত্ব নিদিয়া যেন আমাৰ অনুভৱ হয়। আৰু এই ব্যৱস্থাৰ বাবেই আজিও আমাৰ সামাজিক ব্যৱস্থাই শিক্ষাক এক পেছাগত সংস্থাপন প্ৰক্ৰিয়াহে ৰূপে গণ্য কৰি আছে।
শেষত আমি আশাকৰোঁ শিক্ষাৰ মূল উদ্দেশ্য সমাজ উত্তৰণ হওঁক, অসমৰ প্ৰাকৃতিক সমস্যা সমাধান ও ভূতাত্ত্বিক সম্পৰ্দৰ বিকাশ আৰু উন্নয়ণৰ স্বাৰ্থত এক গৱেষণামূলক ভূতাত্ত্বিক অধ্যয়ণৰ পৰিৱেশ অসমত সূচনা হওঁক।
*****************************************************************

Comments

Popular posts from this blog

“আহোমৰ ঐতিহাসিক সমাজ ব্যৱস্থাৰ মূলত: কৃষিগত চিন্তাৰ আৰু জলব্যৱস্থাৰ বৈজ্ঞানিক বিশ্লেষণ”

ভূ তত্ত্ব শিক্ষাৰ গুৰুত্ব, শৈক্ষিক পৰিক্ৰমা আৰু সংস্থাপনৰ সুবিধা (নিয়মীয়া বাৰ্তাৰ সাপ্তাহিক শিক্ষামূলক বিশেষ পৃষ্ঠা 'শিক্ষা বাৰ্তা')

অৰ্থনৈতিক উন্নয়ন বনাম সাংস্কৃতিক প্ৰদূষণ : বিহুৰ পৰা পূজালৈ এক অৱলোকন