Posts

Showing posts from October, 2017

শিলগুটি, ছ'ৰি বিপৰীতে সাম্প্ৰতিক সময়ৰ কিছু যোগাত্মক চিন্তা

Image
যোৱা ১০ অক্টোবৰ ২০১৭ তাৰিখে অসমৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ভাৰত-অষ্ট্ৰেলিয়া মাজত অনুষ্ঠিত হৈ যোৱা আন্ত:ৰাষ্ট্ৰীয় “টি-২০” খেলৰ পিছত অষ্ট্ৰেলিয়ান দলৰ বাছলৈ কোনো দুবৃত্তই শিলগুটি নিক্ষেপ কৰা কাৰ্যই সাম্প্ৰতিক সময়ৰ অসমত এক বিশেষ চৰ্চা লাভ কৰিছে, গোটেই অসমতেই এক “ছ’ৰিছ’ৰি” পৰিৱেশে বৰ্তমান সময়ত বিৰাজ কৰা যেন আমাৰ ভাৱ হৈছে।আমি ব্যক্তিগত ভাৱে বৰ্তমান সময়ৰ উগ্ৰজাতীয় চিন্তাৰে প্ৰদূষিত বাতাবৰণত এনেধৰণৰ মানসিক ভাৰসম্যহীন ঘটনা ঘটাটো স্বাভাৱিক বুলিহে জ্ঞান কৰোঁ আৰু লগতে আমি বিশ্বাস কৰোঁযে এনেধৰণৰ বিষয়বোৰৰ বহুল আলোচনাই মূল বিষয়ৰ ওপৰত অৰ্থাৎ খেলৰ ইতিবাচক দিশৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলোৱা সম্ভাৱণাই অধিক। গতিকে আজিৰ আলোচনাত এই বিষয়ে বিশেষ আলোচনা নকৰাটোৱে উচিত বুলি অনুভৱ কৰি, বৰ্তমান সময়ৰ অন্য কিছুযোগাত্মক দিশহে তলৰ আলোচনাত উপস্থাপন কৰা প্ৰয়াস কৰিছোঁ। ২০১৭ চনৰ আন্ত:ৰাষ্ট্ৰীয় ফুটবলৰ সৰ্বোচ্চ সংস্থা "ফিফা (FIFA) "ৰ ১৭ বছৰ অনুৰ্ধ ফুটবলৰ বিশ্বকাপ প্ৰতিযোগিতাখন ভাৰতত অনুষ্ঠিত হোৱা বাবে আমি ব্যক্তিগতভাৱে এজন ভাৰতীয় হিচাপে বৰ্তমান সময়ত গৌৰৱ অনুভৱ কৰিছোঁ লগতে এই প্ৰতিযোগিতাৰ এক বিশেষস্থলী হিচা

অৰ্থনৈতিক উন্নয়ন বনাম সাংস্কৃতিক প্ৰদূষণ : বিহুৰ পৰা পূজালৈ এক অৱলোকন

Image
সাম্প্ৰতিক সময়ত বিশ্বৰ প্ৰতিখন দেশতে দ্ৰুত (বিৰামহীন) অৰ্থনৈতিক উন্নয়নৰ এক সাংঘাটিক প্ৰতিযোগিতা আৰম্ভ হৈছে বুলি আমি অনুভৱ কৰোঁ। এই দ্ৰুত অৰ্থনৈতিক উন্নয়নৰ বিশ্বজনীন চিন্তাই কেৱল যে আমাৰ প্ৰচলিত অৰ্থনৈতিক ব্যৱস্থাকে প্ৰম্ভাৱিত কৰিছে তেনে নহয় এই দ্ৰুত অৰ্থনৈতিক উন্নয়নৰ দ্বাৰা সৃষ্ট “মুক্ত অৰ্থনৈতিক ব্যৱস্থা”ই আমাৰ সাংস্কৃতিক ব্যৱস্থাকও বাৰুকৈয়ে প্ৰম্ভাৱিত কৰিছে। আমি ব্যক্তিগত বিশ্বাস কৰোঁ যে দ্ৰুত অৰ্থনৈতিক বিকাশৰ ফলত আমাৰ সামাজিক জীৱন ব্যৱস্থালৈ পৰিৱৰ্তন অহাটো স্বাভাৱিক, কিন্তু এই পৰিৱৰ্তন মানৱ উত্তৰণৰ স্বাৰ্থত সুস্থিৰ আৰু বহনক্ষম হোৱাটো খুবেই জৰুৰী আৰু এনে সুস্থিৰ তথা বহনক্ষম পৰিৱৰ্তনৰ বাবে আমাৰ সাংস্কৃতিক চিন্তা ব্যৱস্থাৰ ৰূপান্তৰ বৈজ্ঞানিক গৱেষণালব্ধ হোৱাটো একান্তই জৰুৰী। কিন্তু সাম্প্ৰতিক সময়ত এই দুই চিন্তাৰ মাজত এক ভাৰসাম্যহীন অৱস্থাৰ সৃষ্টি হোৱা যেন আমাৰ অনুভৱ হয় যাৰবাবে বৰ্তমান সময়ত অৰ্থনৈতিক বিকাশ বনাম সাংস্কৃতিক প্ৰদূষণ সামাজিক চিন্তাবিদ সকলৰ বাবে এক বিশ্বজনীন চিন্তাৰ কাৰক হৈ পৰিছে। আৰু আমাৰ দৃষ্টিত বৰ্তমান সময়ত এনে চিন্তাৰ পৰা অসমৰ সাংস্কৃতিক চিন্তা ব্যৱস্থাও মুক্ত নহয়, বৰঞ