Posts

Showing posts from February, 2022

২ ফেব্ৰুৱাৰী বিশ্ব জলাশয় দিৱস বনাম সংকটত পানীদিহিং পক্ষী অভয়াৰণ্য

Image
  ২ ফেব্ৰুৱাৰী  বিশ্ব জলাশয় দিৱস বনাম সংকটত পানীদিহিং পক্ষী অভয়াৰণ্য ড ° বিজয় কৃষ্ণ চেতিয়া ভূতত্ত্ববিদ শিৱসাগৰ , অসম। bijoykrishnaster@gmail.com ১৯৭১ চনৰ ২ ফেব্ৰুৱাৰীত ইৰাণৰ চহৰ ৰামচৰ (Ramsar) ত “আন্ত:ৰাষ্ট্ৰীয়ভাৱে   গুৰুত্বপূৰ্ণ জলাশয় বিশেষকৈ পক্ষীৰ বাসস্থান হিচাপে স্বীকৃত জলাশয়, Convention on Wetlands of International Importance especially as Waterfowl Habitat” বিষয়ত এক আন্ত:ৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত   হৈছিল। এই সন্মিলনতেই জলাশয় সংৰক্ষণ আৰু বহনক্ষম চিন্তাৰে জলাশয়ৰ ব্যৱহাৰৰ চিন্তাৰে গৃহীত এক আন্ত:ৰাষ্ট্ৰীয় চুক্তিত বিশ্বৰ প্ৰায়বোৰ দেশেই স্বাক্ষৰ কৰিছিল, এই চুক্তি পিছৰ পৰ্য্যায়ত ৰামচৰ কনভেশ্যান হিচাপে স্বীকৃত হয় আৰু এই চুক্তিখনৰ সিদ্ধান্ত সমূহক জলাশয় সংৰক্ষণৰ মৌলিক চিন্তা হিচাপে সমগ্ৰ বিশ্বই গ্ৰহন কৰে। ৰামচৰ জলাশয় সন্মিলনৰ বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি ২ ফেব্ৰুৱাৰী দিনটো প্ৰতি বছৰে সমগ্ৰ বিশ্বই বিশ্ব জলাশয় দিৱস হিচাপে উদযাপন কৰি আহিছে কিন্তু ২০২২ বৰ্ষৰ জলাশয় দিৱসটো গত বছৰবোৰতকৈ সুকীয়া। ২০২১ চনৰ ৩০ আগষ্টত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে গ্ৰহন কৰা এক প্ৰস্তাৱত ২ ফেব্ৰুৱাৰীত উদযাপিত