Posts

Showing posts from April, 2017

সাংস্কৃতিক পুঁজিবাদ : মঞ্চত অপদস্থ কোন?

Image
বিহুটোক যিদিনাই গাঁৱৰ পৰা আনি মঞ্চত তুলিলে সেইদিনা পৰাই অসমীয়া সংস্কৃতিলৈ পুঁজিবাদী চিন্তাৰ আগ্ৰাসন আৰম্ভ হ'ল বুলি আমি কব পাৰোঁ। বহুতে ক'ব বিচাৰিছিল যে এনে পুঁজিবাদী চিন্তাৰে বিহুক বিশ্বৰ সাংস্কৃতিক দৰবাৰত সৱল ভাৱে প্ৰতিষ্ঠা কৰাত সহায়ক হব। কিন্তু আজি তাৰিখত পুঁজিবাদী চিন্তাই অসমত কেনে ধৰণৰ সাংস্কৃতিক প্ৰদূষণৰ বাতাবৰণ সৃষ্টি কৰিছে সেইয়া সকলোৱে দেখিছে উদাহৰণস্বৰূপে চিগাৰেটৰ পেকেটত বিহুৰ বিজ্ঞাপন, মদৰ বটলত বিহুৰ বিজ্ঞাপন ইত্যাদি । আৰু এনে বাতাবৰণত বিহুৰ বিশ্বজনীন চিনাকী কেনেকৈ সম্ভৱ সেইয়াও আমাৰ ব‍াবে চিন্তাৰ বিষয়। এই পুঁজিবাদী চিন্তাৰ আগ্ৰাসনত এনে এটা সময় আহিল য'ত গাঁৱৰ দুখীয়াজনে বছেৰেকৰ বিহুটোত গাঁৱৰ হুচৰি দলটো পৰা এটি আৰ্শীবাদৰ পৰা বঞ্চিত হব লগীয়া পৰিস্থিতি সৃষ্টি হ'ল। কাৰণ বিহু হৈ পৰিল অৰ্থ আৰণৰ আহিলা। আৰু আজি তাৰিখত বহুতে কবলৈ ল'লে বিহু এটা সংগীতৰ উৎসৱ অৰ্থাৎ musical festival। আমাৰ বিবেচনাত এনে চিন্তা জাতীয় স্বাৰ্থৰ পৰিপন্থী আৰু জাতীয় সংস্কৃতিৰ ভৱিষ্যতৰ বাবে ভাবুকিস্বৰূপ, কাৰণ আমি সজোৰে বিশ্বাস কৰোঁ সংস্কৃতিয়ে জাতীয় চিন্তাক প্ৰতিফলিত কৰে বা প্ৰতিনিধিত্ব কৰ

বাধ্যতামূলক কৰক ভূগোল আৰু বুৰঞ্জী (নিয়মীয়া বাৰ্তা ২২/০৪/২০১৭)

Image
শেহতীয়াকৈ অসমৰ বিদ্যালয় সমূহত সংস্কৃত ভাষাক বাধ্যতামূলক কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহন কৰা নীতিক লৈ এক তুমুল বিৰ্তকৰ সূচনা হৈছিল, কিন্তু ইয়াৰ সমানুপাতে বা সমান্তৰালভাৱে অসমৰ বিদ্যালয় সমূহত বুৰঞ্জী আৰু ভূগোল বিষয়ক বাধ্যতামূলক কৰিবলৈ যেনে ধৰণৰ বৌদ্ধিক জাগৰণ অসমত সূচনা হ’ব লাগিছিল তেনে পৰিৱেশ অসমত সৃষ্টি নাই হোৱা বুলি আমি ব্যক্তিগতভাৱে অনুভৱ কৰোঁ। এইক্ষেত্ৰত আমি মূলত: দুই ধৰণৰ চিন্তাক জগৰীয়া কৰিব পাৰোঁ, ক। সামাজিক তথা অৰ্থনৈতিক সুস্থিৰতাৰ বাবে এই বিষয় দুটাৰ যি গুৰুত্ব তাক চৰকাৰ তথা অসমীয়া ৰাইজে সঠিকভাৱে অনুধাৱন কৰিব পৰা নাই। খ।দ্বিতীয়তে এই গুৰুত্বক অনুধাৱন কৰিবলৈ প্ৰয়োজনীয় পৰিৱেশ অসমীয়া বৌদ্ধিক মহলে অসমত সৃষ্টি কৰিব পৰা নাই। উপৰোক্ত চিন্তাক আমি সংক্ষপে তলত আলোচনা কৰা প্ৰয়াস কৰিছোঁ আৰু প্ৰথমতেই আমি বুৰঞ্জী বিষয়টিৰ সামাজিক আৰু অৰ্থনৈতিক গুৰুত্ব বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। আমাৰ দৃষ্টিত বুৰঞ্জী হ’ল ইতিহাসৰ প্ৰণালীবদ্ধ অধ্যয়ণ আৰু আমি বিশ্বাস কৰোঁ কোনো এটা জাতিৰ “বৰ্তমান” সুস্থিৰ আৰু প্ৰগতিশীল হ’বলৈ হ’লে সেই জাতিৰ ইতিহাসৰ বৈজ্ঞানিক বিশ্লেষণ হবই লাগিব আৰু ইয়াৰ বাবে বুৰঞ্জীৰ অধ্যয়ণ নিতা

ব'হাগত মগজুৰ খেতিৰ (Mind Cultivation) চিন্তা

Image
এতিয়া ব'হাগ মাহ, ৰঙালী বিহুৰ বতৰ। বিহু শব্দটো খেতিৰ লগত পোনপটীয়াকৈ জড়িত। ব’হাগ মাহ সোমোৱা লগে লগে অসমীয়া ৰাইজ প্ৰাকৃতিক ভাৱেই খেতিৰ বাবে সাজু হয় আৰু খেতিৰ আগে আগে নিজৰ মনবোৰক উজ্বীৱিত কৰি খেতিৰ বাবে সাজু কৰি তোলাৰ বাবে ব’হাগ মাহৰ আৰম্ভণিতেই ৰং ৰইচৰ এক উৎসৱ উদযাপন কৰা হয় যাক আমি ৰঙালী বিহু বা ব ব’হাগ বিহু ৰূপে পালন কৰি আহিছোঁ। ব’হাগ মাহত প্ৰকৃততে প্ৰকৃতিয়ে নতুন সৃষ্টিৰ বাবে এক মনোৰম সেউজ পৰিৱেশৰ ৰচনা কৰে, কিন্তু আচৰিতভাৱে আমিবোৰে প্ৰকৃতিৰ এই অৱদানক যথোচিত সন্মান নিদি কিছু বিৰ্তকত নিজকে জড়িত কৰি সৃষ্টিৰ অমূল্য সময়বোৰ নষ্ট কৰোঁ আৰু আমাৰ দৃষ্টিত এনে চিন্তা অসমীয়া জাতীয় জীৱনৰ বাবে অতিকৈ ক্ষতিকাৰক। সেয়েহে আজি আমি পথাৰত খেতি কৰিবলৈ সাজু হোৱা সময়ত, জাতীয় জীৱনৰ উত্তৰণৰ স্বাৰ্থত আমাৰ চিন্তাৰ উৎকৰ্ষণৰ বাবে কেনে ব্যৱস্থাৰ প্ৰয়োজন সেই বিষয়ে চমুকৈ আলোচনা কৰা প্ৰয়াস কৰিছোঁ। সাম্প্ৰতিক সময়ত অসমৰ বিভিন্ন সমস্যাৰ ওপৰত যিমান বোৰ বিৰ্তকৰ সূচনা হৈছে, ইয়াৰ সৰহ সংখ্যকে কিন্তু কোনো ধৰণৰ গঠনাত্মক চিন্তাৰে অসমীয়া জাতীয় সমাজক সমৃদ্ধ কৰিবলৈ সক্ষম হোৱা নাই যেন আমাৰ অনুভৱ হয়। ইয়াৰ বাবে মূলত আমি তিনিটা

কাজিৰঙাৰ জীপ চাৰ্ফাৰী আৰু আমাৰ চিন্তা ( নিয়মীয়া বাৰ্তাত প্ৰকাশিত)

Image
২১ নৱেম্বৰ , ২০১৬ তাৰিখে মানসিক প্ৰশান্তিৰ বাবে ভ্ৰমণ কৰিলো কাজিৰঙা বিশ্ব ঐতিহ্য ক্ষেত্ৰ । জীপ চাৰ্ফাৰীৰে কাজিৰঙাৰ মিহিমুখ দুৱাৰে Central Range ৰ নৈসৰ্গসিক সৌন্দৰ্য উপভোগৰ অৰ্থে প্ৰৱেশ কৰিলোঁ কাজিৰঙাৰ বুকুত। জীপখন আগবঢ়া লগে লগে আমাৰো মনবোৰ ক্ৰমাত অৰণ্যৰ গহীন সৌন্দৰ্যৰ লগত একাত্ম হৈ পৰিল। সদাব্যস্ত ভোগবাদী পৃথিৱীক একাষৰীয়া কৰি আমি হৈ পৰিলোঁ এদিনৰ বাবে সেউজ পৃথিৱীৰ আলহী। আমাৰ আগমনক সাদৰ সম্ভাষণ জনালেহি অসম গৌৰৱ, জাতিৰ প্ৰাণ "গড়ে " লগত সহযোগ কৰিলে গজৰাজ, হৰিণা , বন কুকুৰা আদিয়ে। আমি অনুভৱ কৰোঁ, অৰণ্যৰ গভীৰতা যিমানে বৃদ্ধি পায়, আমিও সিমান স্পষ্টকৈ শুনা পাওঁ অৰণ্যৰ সুমধুৰ সমবেত সংগীত; চৰাই চিৰিকতিৰ ভিন্ন মাত, গছৰ পাত লৰা শব্দ আৰু গতিমান নৈৰ পানীৰ শব্দ , এই আটাইৰে সংমিশ্ৰণত সুগঠিত সমবেত সংগীতে আমাক এইবাৰও পাহৰাই পেলাইছিল আমি যে এখন স্বাৰ্থসৰ্বস্ব ভোগবাদী পৃথিৱীৰ জীৱ। এই নান্দনিক সেউজ সংগীত প্ৰায় দুঘন্টা সময় আমি উপভোগ কৰিছিলোঁ কাজিৰঙাৰ সেউজ বুকুত। সকলোবোৰ ভবাৰ দৰেই আগবাঢ়িছিল, কিন্তু হঠাৎ যাত্ৰাপথত মই দেখা এটা দৃশ্যই মোক চিন্তিত কৰি পেলালে, মই ভাবিৱ বাধ্য হ'লো আমি

অসমৰ শক্তিখণ্ডত পৰিৱৰ্তন কেতিয়া? (দৈনিক জনমভূমি ০৪/০৪/২০১৭)

Image
শেহতীয়াকৈ অসম চৰকাৰৰ অধীনৰ বিভিন্ন নিগম নিকায় সমূহত নতুনকৈ অধ্যক্ষ আৰু উপাধ্যক্ষ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে।সাধাৰণতে এই নিযুক্তি প্ৰক্ৰিয়া সমূহত কাৰিকৰী দক্ষতাকৈ ৰাজনৈতিক প্ৰভাৱক অধিক গুৰুত্ব দিয়া হয় বুলি অসমীয়া ৰাইজৰ এক পুৰণি অভিযোগ আছে আৰু আমিও ব্যক্তিগতভাৱে তেনে অভিযোগক সমৰ্থন নকৰা নহয়। কিন্তু আজি আমি তেনে অভিযোগৰ পৰা বিৰত থাকি, কিছু গঠনাত্মক চিন্তাৰ এক আলোচনা আগবঢ়োৱাহে প্ৰয়াস কৰিছোঁ। আমি ব্যক্তিগতভাৱে জাতীয়তাবাদত বিশ্বাসী এজন ভূতত্ত্ববিদ আৰু আমি সদায় নিজৰ সামান্য ভূ-তাত্ত্বিক জ্ঞানেৰে অসমৰ বাবে কিবা এটা কৰা প্ৰয়াস কৰি আহিছোঁ আৰু কৰি যাম। যিহেতুকে আমি এজন ভূতত্ত্ববিদ গতিকে আজিৰ আলোচনাত অসম চৰকাৰৰ এটা অন্যতম নিগম “Assam Hydrocarbon and Energy Company Limited” অৰ্থাৎ AHECL ৰ বিষয়ে কিছু আলোচনা আগবঢ়াব বিচাৰিছোঁ। আমি সকলোৱে বিশ্বাস কৰোঁ যে ভাৰতৰ শক্তিৰ চাহিদা পূৰণত বিশেষকৈ জীৱাষ্ম শক্তিক্ষেত্ৰত (Fossil Energy) অসমে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।এই জীৱাষ্ম শক্তিৰ উৎস সমূহৰ উন্নয়ণ তথা বিকাশত যদিও কেন্দ্ৰীয় চৰকাৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান সমূহ জড়িত হৈ আছে, তথাপিও এই শক্ত