কাজিৰঙাৰ জীপ চাৰ্ফাৰী আৰু আমাৰ চিন্তা ( নিয়মীয়া বাৰ্তাত প্ৰকাশিত)











২১ নৱেম্বৰ , ২০১৬ তাৰিখে মানসিক প্ৰশান্তিৰ বাবে ভ্ৰমণ কৰিলো কাজিৰঙা বিশ্ব ঐতিহ্য ক্ষেত্ৰ । জীপ চাৰ্ফাৰীৰে কাজিৰঙাৰ মিহিমুখ দুৱাৰে Central Range ৰ নৈসৰ্গসিক সৌন্দৰ্য উপভোগৰ অৰ্থে প্ৰৱেশ কৰিলোঁ কাজিৰঙাৰ বুকুত।
জীপখন আগবঢ়া লগে লগে আমাৰো মনবোৰ ক্ৰমাত অৰণ্যৰ গহীন সৌন্দৰ্যৰ লগত একাত্ম হৈ পৰিল। সদাব্যস্ত ভোগবাদী পৃথিৱীক একাষৰীয়া কৰি আমি হৈ পৰিলোঁ এদিনৰ বাবে সেউজ পৃথিৱীৰ আলহী। আমাৰ আগমনক সাদৰ সম্ভাষণ জনালেহি অসম গৌৰৱ, জাতিৰ প্ৰাণ "গড়ে " লগত সহযোগ কৰিলে গজৰাজ, হৰিণা , বন কুকুৰা আদিয়ে।
আমি অনুভৱ কৰোঁ, অৰণ্যৰ গভীৰতা যিমানে বৃদ্ধি পায়, আমিও সিমান স্পষ্টকৈ শুনা পাওঁ অৰণ্যৰ সুমধুৰ সমবেত সংগীত; চৰাই চিৰিকতিৰ ভিন্ন মাত, গছৰ পাত লৰা শব্দ আৰু গতিমান নৈৰ পানীৰ শব্দ , এই আটাইৰে সংমিশ্ৰণত সুগঠিত সমবেত সংগীতে আমাক এইবাৰও পাহৰাই পেলাইছিল আমি যে এখন স্বাৰ্থসৰ্বস্ব ভোগবাদী পৃথিৱীৰ জীৱ। এই নান্দনিক সেউজ সংগীত প্ৰায় দুঘন্টা সময় আমি উপভোগ কৰিছিলোঁ কাজিৰঙাৰ সেউজ বুকুত। সকলোবোৰ ভবাৰ দৰেই আগবাঢ়িছিল, কিন্তু হঠাৎ যাত্ৰাপথত মই দেখা এটা দৃশ্যই মোক চিন্তিত কৰি পেলালে, মই ভাবিৱ বাধ্য হ'লো আমি কাজিৰঙাকলৈ কৰা চিন্তাত আৰু পৰিকল্পনাত, ক’ৰবাত সুৰঙা ৰৈ গৈছে নেকি।
আমি বিশ্বাস কৰোঁ, আজি তাৰিখত কাজিৰঙাক জীয়াই ৰখাটো অসমবাসীৰ জাতীয়তাবাদৰ বাবে এক অন্যতম বৃহৎ প্ৰত্যাহ্বান, ইয়াৰ কাৰণ নিশ্চয়কৈ আছে । কাজিৰঙা এতিয়া এখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ, বিশ্ব দৰবাৰত অসমীয়াৰ প্ৰথম চিনাকী কাজিৰঙা, কিন্তু সময়ে কাজিৰঙা ভৱিষ্যৎলৈ বিভিন্ন ভাবুকি কঢ়িয়াই আনিছে আৰু সেইবাবে আমি অনুভৱ কৰোঁ বতৰ্মান সময়ত কাজিৰঙাৰ গৰিমা অটুত ৰখাটো অসমবাসীৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান। আমাৰ বিবেচনাই কয় সাম্প্ৰতিক সময়ত চাৰিটা প্ৰধান ৰিপুৱে কাজিৰঙাক আক্ৰমণ কৰি আছে,
ক. চোৰাং চিকাৰী
খ. ভূমি বেদখল
গ. বানপানী
ঘ. নদীৰ গৰাখহনীয়া
এই চাৰিটা ৰিপুক একে সময়তে নিয়ন্ত্ৰণত ৰাখি সমাধান কৰাটো সহজ কথা নহয় । সেইহে আমি বিশ্বাস কৰোঁ ইয়াৰ বাবে আটাইতকৈ প্ৰয়োজন দিশটো হ’ল, যিসকল লোক কাজিৰঙাৰ লগত ওত:পোত ভাৱে জড়িত হৈ আছে তেওঁলোকৰ উচ্চ বৈজ্ঞানিক চিন্তা আৰু ইয়াৰ আধাৰত প্ৰস্তুত কৰা সময়পযোগী পৰিকল্পনা । এই দুয়োটা দিশক সমান্তৰালভাৱে গুৰুত্ব নিদিলে আমাৰ অনুভৱ হয়, এটা সমস্যাক সমাধান কৰিব যাওঁতে আন সমস্যাক আওকান কৰা এক মানসিকতা গঢ়লৈ উঠিব আৰু এই মানসিকতাই সমস্যাবোৰক সময়ত যে বেছি বিপদজন্নক কৰি তুলিব সেইটো খাটাং।
এতিয়া আহোঁ আজিৰ চিন্তাৰ বিষয়লৈ। আমাক জীপ চাৰ্ফাৰী বাবে যিটো পথেদি লৈ যোৱা হৈছিল সেই পথৰ এটা অংশত এখন নৈ পোৱা যায় ,যাৰ নাম “ডিফলু”।কাজিৰঙাৰ জৈৱ বৈচিত্ৰক জীয়াই ৰখাত বিশেষ অৰিহনা যোগোৱা এই ডিফলু নৈ কাষেৰে গৈ থাকোতেই মোৰ সমস্ত সেউজ চিন্তাত আউল লাগিল। মোৰ দৃষ্টিত পৰিল ডিফলু নৈৰ এটা অংশক গৰাখহনীয়াই বাৰুকৈয়ে ক্ষতি কৰিছে আৰু আমাক সেই ক্ষতিগ্ৰস্ত অংশটোৱেদিয়ে জীপ চাৰ্ফাৰী বাবে লৈ যোৱা হৈছে। যি সময়ত নদীৰ গৰাখহনীয়া কাজিৰঙাৰ আয়ুসকালৰ বাবে এক গম্ভীৰ প্ৰত্যাহ্বান হৈ উঠিছে, যি গৰাখহনীয়াই কাজিৰঙা মাটিকালি হ্ৰাস কৰি ছটাকৈ ভূমি সংযোজনৰ প্ৰয়োজনীয়তা আনি দিলে, তেনে নদী গৰাখহনীয়াৰ কাষেদি জীপ চাৰ্ফাৰী বাবে পথ নিৰ্বাচন কৰাটো কেনে বৈজ্ঞানিক চিন্তা আৰু পৰিকল্পনাৰ প্ৰতিফলন?
আমি চিন্তিত হোৱা নাই এইবাবে যে আমাৰ দুৰ্ঘটনা হব,আমাৰ জীৱনলৈ বিপদ আহিব, বৰঞ্চ আমি চিন্তিত হৈছোঁ এইবাবেহে যে এনে চিন্তা আৰু পৰিকল্পনাই কাজিৰঙালৈ বিপদ আনিব বা আনিছেই। আমাৰ সীমিত জ্ঞানে যিটো ঢুকি পাওঁ সেইটো হৈছে দৈনিক নদীৰ কাষেদি যানবাহন চলাচল কৰিলে যানবাহনৰ ভৰত (vehicle load) নদীৰ গৰাত এক চাপৰ সৃষ্টি হয় আৰু ই নদী গৰাক দুৰ্বল কৰে; আওপকীয়াকৈ ই গৰাখহনীয়াক উৎসাহিত কৰে। আৰু এই গৰাখহনীয়াৰ তীব্ৰতা গৰাটো কেনে ভূ- পৰ্দাথৰে গঠিত তাৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া ডিফলু অংশটোলৈ মন কৰিলে (ফটো সংযুক্ত কৰা হৈছে) এইটো কথা স্পষ্ট যে ইয়াত খহনীয়া ইতিমধ্যই আৰম্ভ হৈছে অৰ্থাৎ এই অংশৰ ভূ-পৰ্দাথ অসংপৃক্ত অৱস্থাত আছে তেনে সময়ত এনে যানবাহনৰ চাপে নদী খহনীয়াৰ মাত্ৰাক যে অধিক তীব্ৰ কৰি তুলিবসেইটো সহজে অনুমান কৰিব পাৰি। আনহাতে বানপানীৰ পিছত নদী গৰাসমূহ সাধাৰণতেই দুৰ্বল হৈ থাকে আৰু আমি ভাবো ডিফলুও এইক্ষেত্ৰত ব্যক্তিক্ৰম নহয়, তেনেক্ষেত্ৰত কেৱল মনোৰঞ্জনৰ বাবে যাতায়তৰ অনুমতি দিয়াটো আমি কোনো ক্ষেত্ৰতেই যুক্তিসংগত বুলি মানি লব নোৱাৰোঁ।



সেইয়ে আমি বিচাৰোঁ গৰাখহনীয়াই আক্ৰান্ত ডিফলু নৈ কাষেদি জিপ চাৰ্ফাৰী কৰা টো কিমান যুক্তিসংগত কাজিৰঙা কতৃপক্ষই সময় থাকোটেই বিবেচনা কৰক আৰু অসম চৰকাৰৰ বন আৰু পৰিবেশ মন্ত্ৰালয়েও এই বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহন কৰি সমস্যাসমূহ সমাধানৰ বাবে অসমৰ স্বাৰ্থত ৰাজনীতিৰ উৰ্ধত এক বৈজ্ঞানিক পৰিবেশ গঢ়ি তোলক।
---------------------------------------------------------------------

Comments

Popular posts from this blog

“আহোমৰ ঐতিহাসিক সমাজ ব্যৱস্থাৰ মূলত: কৃষিগত চিন্তাৰ আৰু জলব্যৱস্থাৰ বৈজ্ঞানিক বিশ্লেষণ”

ভূ তত্ত্ব শিক্ষাৰ গুৰুত্ব, শৈক্ষিক পৰিক্ৰমা আৰু সংস্থাপনৰ সুবিধা (নিয়মীয়া বাৰ্তাৰ সাপ্তাহিক শিক্ষামূলক বিশেষ পৃষ্ঠা 'শিক্ষা বাৰ্তা')

অৰ্থনৈতিক উন্নয়ন বনাম সাংস্কৃতিক প্ৰদূষণ : বিহুৰ পৰা পূজালৈ এক অৱলোকন