Posts

Showing posts from February, 2019

পোষ্ট-ট্ৰুথ, ক্ৰণি কেপিটেলিজিম আৰু সাম্প্ৰতিক ভাৰতীয় ৰাজনৈতিক দৰ্শন

Image
পোষ্ট-ট্ৰুথ, ক্ৰণি কেপিটেলিজিম আৰু সাম্প্ৰতিক ভাৰতীয়  ৰাজনৈতিক দৰ্শন ড °  বিজয়   কৃষ্ণ   চেতিয়া bijoykrishnaster@gmail.com   সাম্প্ৰতিক সময়ত   আমি সকলোৱে এটা কথা উপলব্ধি কৰিব পাৰিছোঁ যে বতৰ্মান সময়ত দেশৰ ৰাজনৈতিক , অৰ্থনৈতিক , শৈক্ষিক আৰু সামাজিক ব্যৱস্থা   দেশীয় ও প্ৰান্তীয় চিন্তাৰে এক জটিল পৰিস্থিতি সন্মুখীন হৈছে আৰু এই জটিল পৰিস্থিতিত বিবেক আৰু আবেগৰ সমান্তৰাল সঞ্চালন আমাৰ দৃষ্টিত সকলোৰে বাবে খুব এটা সহজ বিষয় নহয়। আমি বিশ্বাস কৰোঁ ইয়াৰ বাবে এক গভীৰ অধ্যয়নমুখী মনৰ অতিকৈ প্ৰয়োজন কিন্তু এই অধ্যয়নমুখী মনৰ একোটা   ঋনাত্মক প্ৰভাৱও বৰ্তমান সময়ত বহুক্ষেত্ৰত স্পষ্ট ৰূপত দেখা পোৱা যায় বা গৈছে , যিটো আমাৰ দৃষ্টিত সমাজ ৰূপান্তৰ স্বাৰ্থত গ্ৰহনযোগ্য নহয়। আৰু আমি কব বিচৰা এই ঋনাত্মক দিশটো হ ’ ল অধ্যয়ন সমৃদ্ধ মনৰ “ বৌদ্ধিক সন্ত্ৰাসবাদ ” । গত ২০১৭ আৰু ২০১৮ বৰ্ষলৈ উভতি চালে আমি দেখিম যে গত এই দুই বৰ্ষত দেশৰ ৰাজনৈতিক ব্যৱস্থাত জড়িত কিছু সন্মানীয় ব্যক্তিৰ বৌদ্ধিক আচৰণত চৰম দৈন্যতা আৰু উগ্ৰতা প্ৰক