Posts

Showing posts from August, 2017

সাম্প্ৰতিক বানৰ সময়ত প্ৰদূষিত জলব্যৱস্থাকলৈ আমাৰ চিন্তা

Image
ড° বিজয় কৃষ্ণ চেতিয়া ভূতত্ত্ববিদ শিৱসাগৰ,অসম যোগাযোগ নম্বৰ ৯৯৫৪২-৫৩৫৫৩ সাম্প্ৰতিক সময়ত বাৰিষাৰ দুটাকৈ প্ৰলয়ংকাৰী বানে অসমৰ জনজীৱনলৈ এক অতি ভয়াবহ অৱস্থা কঢ়িয়াই আনিছে। এই দুই জল মহাপ্ৰলয়ত বৰ্তমান সময়লৈকে লক্ষাধিক জনগন ক্ষতিগ্ৰস্থ হৈছে আৰু অতি দুখজনক ভাৱে ১৫০ ৰ অধিক লোকে মৃত্যুক সাৱটি লৈছে। কিন্তু এই ভয়াবহ দুৰ্যোগৰ সময়ত অসমৰ সৰ্বস্তৰৰ লোকে যি উৎসাহেৰে, নিজস্ব সাৰ্মথ্যৰ দান-বৰঙনিৰে বানপীড়িত সকলৰ প্ৰতি যেনেধৰণৰ সহায় আগবঢ়াইছে, আমাৰ দৃষ্টিত ই অসমৰ মজবুত সামাজিক সম্প্ৰতিৰ এক সুন্দৰ নিৰ্দশন। এইখিনিতে আমি এক অন্য চিন্তাক প্ৰাসংগিক কৰা প্ৰয়াস কৰিছোঁ। আমি সাম্প্ৰতিক সময়ত অনুভৱ কৰোঁযে ওপৰত উল্লেখ কৰা দৰে মহৎ জনকল্যানমূলক চিন্তা সমূহক অধিক সৰ্বাংগ সুন্দৰভাৱে সজাঁই তোলাৰ স্বাৰ্থত এই মহান চিন্তাসমূহৰ পৰা আমি সততে প্ৰকাশ কৰা আমাৰ আৱেগিক চিন্তা সমূহক কিছু নিলগত ৰাখি এই চিন্তাসমূহৰ লগত কিছু বৈজ্ঞানিক চিন্তাৰ সংযোজন কৰাটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে আৰু এনে বৈজ্ঞানিক চিন্তাৰ সংযোজনৰ দ্বাৰা বানৰ সময়ত বা বানৰ পিছত সৃষ্টি হোৱা ৰোগজনিত ভয়াবহতাক কিছু পৰিমাণে হলেও হ্ৰাস কৰাত সফল হব পৰা যাব বুলি আমি ব্যক

ভূ তত্ত্ব শিক্ষাৰ গুৰুত্ব, শৈক্ষিক পৰিক্ৰমা আৰু সংস্থাপনৰ সুবিধা (নিয়মীয়া বাৰ্তাৰ সাপ্তাহিক শিক্ষামূলক বিশেষ পৃষ্ঠা 'শিক্ষা বাৰ্তা')

Image
আজিৰ কেৰিয়াৰ অৰ্থাৎ শৈক্ষিক পৰিক্ৰমা শিতানত আমি ভূতত্ত্ব বিজ্ঞানৰ বিষয়ে কিছু আলোচনা কৰিব বিচাৰিছোঁ।ভূতত্ত্ব বিজ্ঞানক ইংৰাজীত ‘Geology’ বুলি কোৱা হয়, ই এটা গ্ৰীক শব্দ যাৰ অৰ্থ Geo মানে পৃথিৱী আৰু logy (logia) মানে অধ্যয়ন অথাৎ পৃথিৱীৰ অধ্যয়ন আৰু সেইবাবে ভূতত্ত্ব বিজ্ঞানক বহুক্ষেত্ৰত Earth Science বুলিও কোৱা হয়। মানৱ উত্তৰণৰ বাবে প্ৰয়োজনীয় বিজ্ঞানৰ আন বোৰ বিষয়ৰ দৰেই ভূতত্ত্ব বিজ্ঞানও সমানেই গুৰুত্বপূৰ্ণ। এইখিনিতে ভূতত্ত্ব বিজ্ঞানত কি কি বিষয়ৰ ওপৰত অধ্যয়ন কৰা হয় তাৰ বিষয়ে থূল মূলকৈ আলোচনা কৰিব বিচাৰিছোঁ। সামগ্ৰিকভাৱে ভূতত্ত্ব বিজ্ঞানত পৃথিৱীৰ সৃষ্টিৰ পৰা বৰ্তমানলৈকে পৃথিৱীৰ ভূ-পৃষ্টত বা ভূ অন্তভাৰ্গত ঘটি থকা বিভিন্ন ভৈতিক, ৰাসায়নিক আৰু প্ৰাকৃতিক পৰিঘটনাক বৈজ্ঞানিক চিন্তাৰে অধ্যয়ন কৰা হয়। আৰু এইক্ষেত্ৰত বিজ্ঞানৰ অন্য বিষয় সমূহৰ লগত ভূতত্ত্ব বিজ্ঞানৰ এক মজবুত শৈক্ষিক সহযোগিতা স্থাপন কৰা হয়, উদাহৰণস্বৰূপে ভূ-পদাৰ্থ বিজ্ঞান (Geophysics), ভূ ৰসায়ন বিজ্ঞান (Geochemistry) আদি। পৃথিৱীত সংঘটিত ভূতাত্ত্বিক পৰিঘটনা সমূহৰ জীৱন কাল যথেষ্ট দীঘলীয়া (নিযুত বছৰ)।এই দীঘলীয়া পৰিক্ৰমাত এই পৰিঘটনা সমূহ কি