Posts

Showing posts from May, 2019

বুক ডিপো: এক বৌদ্ধিক যাত্ৰা

Image
বুক ডিপো : এক বৌদ্ধিক যাত্ৰা ( বিজয়   কৃষ্ণ   চেতিয়াৰ   সৈতে   নিয়মীয়া   বাৰ্তাৰ   উপ   সম্পাদক   প্ৰদীপ   গগৈৰ     সাক্ষাৎকাৰভিত্তিক   মত   বিনিময় ) প্ৰ:গ : সন্মিলিত প্ৰয়াসৰ বিষয়ে চমুকৈ জনাব নেকি? বি:কৃ:চে:    “সন্মিলিত প্ৰয়াস” হৈছে ১৫টি সৰল সেউজ মনৰ এক গোট। ২০১৮ চনৰ মে’ মাহত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষনাৰ পিছত আৰ্থিকভাৱে দুৰ্বল মেধাবী ছাত্ৰ-ছাত্ৰীক Facebook   ৰ সহায়ত Social Crowding যোগেদি আৰ্থিক সহায় আগবঢ়োৱা অৰ্থে এক সন্মিলিত প্ৰয়াস কৰা হৈছিল আৰু সেই উত্তৰণমুখী চিন্তাৰ পৰাই “সন্মিলিত প্ৰয়াস”ৰ জন্ম হয়। সন্মিলিত প্ৰয়াসৰ জন্ম সেউজ চিন্তাৰ বাবে সেউজ চিন্তাৰে হৈছে। এইখিনিতেই উনুকিয়াই থোৱা ভাল হব যে সেউজ চিন্তা বোলোতে আমি সুস্থিৰ উত্তৰণমুখী প্ৰগতিশীল চিন্তাকে বুজাব বিচাৰিছোঁ। আৰু সেইবাবেই সন্মিলিত প্ৰয়াসৰ মূল মন্ত্ৰ হৈছে “ সেউজ আমাৰ সপোন”। আজি আপোনালোকৰ লগত হোৱা এই মত বিনিময় সন্মিলিত প্ৰয়াসৰ এজন সদস্য হিচাপে মই আগবঢ়াইছোঁ। প্ৰ:গ :  ডিপো ধাৰণাটো কেনেদৰে মনলৈ আহিল? বুক ডিপোনো কি অলপ জনাওক । বি:কৃ:চে:  বুক ডিপোৰ