Posts

Showing posts from June, 2017

গুৱাহাটীৰ নগৰীয় বান সমস্যা আৰু আমাৰ চিন্তা

Image
সাম্প্ৰতিক সময়ৰ অসমৰ আটাইতকৈ চৰ্চিত আৰু ভয়াবহ বিষয়টোৱে হৈছে উত্তৰমুখৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটীৰ মহানগৰীৰ "মহানগৰীয় বান সমস্যা" (urban flood problem)। এই বিষয়টোক বহু চিন্তাবিদে কৃটিম বান বুলি অভিহিত কৰে যদিও এই গঞাই এই সমস্যাটোক কিন্তু মহানগৰীয় বান সমস্যা বুলি অভিহিত কৰিব বিচাৰে। আৰু ইয়াৰ অন্তৰালতে আচলতে সমস্যাৰ সমাধানৰ সূত্ৰও জড়িত হৈ আছে বুলি আমি অনুভৱ কৰোঁ। কৃটিম শব্দটোৱে একপ্ৰকাৰৰ সমাধানহীন অৱস্থাকহে স্বীকৃত কৰা যেন আমাৰ অনুভৱ হয়। কোনো এখন ঠাই যেতিয়া মহানগৰীলৈ ৰূপান্তৰ হয় তেতিয়া সেই ঠাই ডুখৰৰ জলব্যৱস্থাত দুই ধৰণৰ পৰিৱৰ্তন দেখা যায়, ক। জলনাটনি খ। বানসমস্যা আমি যদি দুয়োটা বিষয়ৰ কাৰণসমূহ বিশ্লেষণ কৰা প্ৰয়াস কৰোঁ তেন্তে দেখিম যে এই কাৰকসমূহৰ ইটো ওপৰত সিটোৰ প্ৰভাৱ অপৰিসীমিত। তলত কিছু সংক্ষেপে আলোচনা কৰা প্ৰয়াস কৰিলোঁ, ক। জলনাটনি: এই ক্ষেত্ৰত তিনিটা মূল কাৰণ বাচি উলিয়াব পাৰি, ১. জনসংখ্যা বৃদ্ধি ২. উদ্যোগীকৰণ ফলত পানীৰ চাহিদা বৃদ্ধি ৩. আৰু আটাইতকৈ গুৰুত্বপূৰ্ণটো হ'ল ভূপৃষ্টৰ পানীৰ প্ৰাকৃতিক সজীৱকৰণ প্ৰক্ৰিয়াক পকীকৰণ বা কংক্ৰিটকৰণৰ দ্বাৰা বাধা প্ৰদান আৰু সজীৱকৰ

কাজিৰঙাৰ নিৰাপত্তা - আমাৰ দুশ্চিন্তা (নিয়মীয়া বাৰ্তা , ০৬/০৬/২০১৭)

Image
২৬ মে’ ২০১৭, শুকুৰবাৰ। এই তাৰিখটো অসমৰ ইতিহাসৰ বাবে এটা অতি স্মৰণীয় দিন। কাৰণ এই দিনটো, অসমৰ বাবে যুগান্তকাৰী বুলি বিবেচিত তিনিটাকৈ ঘটনা স্বাক্ষৰ হৈ ৰৈছিল আৰু সেই ঘটনা কেইটা কি আছিল বহলাই কোৱা প্ৰয়োজন নাই যদিও এই আলোচনাৰ স্বাৰ্থত তলত চমুকৈ উল্লেখ কৰা লোভ সামৰিব নোৱাৰিলো, ক। দেশৰ প্ৰধানমন্ত্ৰী দ্বাৰা অসমৰ পূৰ্ব সীমান্তৰ যোগাযোগৰ দীৰ্ঘ-দিনীয়া সমস্যা নিৰ্মূলৰ লগতে দেশীয় নিৰাপত্তা বাবেও বিশেষ গুৰুত্বপূৰ্ণ বুলি বিবেচিত ঢলা-শদিয়া সংযোগী দলংৰ শুভ উদ্ধোধন। আৰু এই দলংক অসমৰ স্বনামধন্য শিল্পী ড০ ভূপেন হাজৰিকাৰ নামত দেশবাসীৰ বাবে উৎসৰ্গিত কৰাটো আমাৰ দৃষ্টিত অসমৰ জাতীয় পৰিচয়ক বিশ্বৰ আগত চিনাকি কৰাই দিয়াৰ ক্ষেত্ৰত বিশেষভাৱে উল্লেখনীয়। খ।দ্বিতীয়তে, দেশৰ প্ৰধানমন্ত্ৰী দ্বাৰা গোগামুখত দেশৰ তৃতীয়টো কৃষি গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন। আমি ব্যক্তিগত ভাৱে বিশ্বাস কৰোঁ যে অসমৰ লগতে উত্তৰ-পূব্বাঞ্চলৰ কৃষিক্ষেত্ৰৰ ক্ষীপ্ৰ বিকাশত এই প্ৰতিষ্ঠানে বিশেষ অৰিহনা যোগাবলৈ সক্ষম হব। গ। তৃতীয়তে, দেশৰ প্ৰধানমন্ত্ৰী দ্বাৰা অসমৰ চিকিৎসা ক্ষেত্ৰৰ বাবে যুগান্তকাৰী বুলি বিবেচিত হোৱা সৰ্বভাৰতীয় আয়ুবিজ্ঞান প্ৰত