কাজিৰঙাৰ নিৰাপত্তা - আমাৰ দুশ্চিন্তা (নিয়মীয়া বাৰ্তা , ০৬/০৬/২০১৭)



২৬ মে’ ২০১৭, শুকুৰবাৰ।
এই তাৰিখটো অসমৰ ইতিহাসৰ বাবে এটা অতি স্মৰণীয় দিন। কাৰণ এই দিনটো, অসমৰ বাবে যুগান্তকাৰী বুলি বিবেচিত তিনিটাকৈ ঘটনা স্বাক্ষৰ হৈ ৰৈছিল আৰু সেই ঘটনা কেইটা কি আছিল বহলাই কোৱা প্ৰয়োজন নাই যদিও এই আলোচনাৰ স্বাৰ্থত তলত চমুকৈ উল্লেখ কৰা লোভ সামৰিব নোৱাৰিলো,
ক। দেশৰ প্ৰধানমন্ত্ৰী দ্বাৰা অসমৰ পূৰ্ব সীমান্তৰ যোগাযোগৰ দীৰ্ঘ-দিনীয়া সমস্যা নিৰ্মূলৰ লগতে দেশীয় নিৰাপত্তা বাবেও বিশেষ গুৰুত্বপূৰ্ণ বুলি বিবেচিত ঢলা-শদিয়া সংযোগী দলংৰ শুভ উদ্ধোধন। আৰু এই দলংক অসমৰ স্বনামধন্য শিল্পী ড০ ভূপেন হাজৰিকাৰ নামত দেশবাসীৰ বাবে উৎসৰ্গিত কৰাটো আমাৰ দৃষ্টিত অসমৰ জাতীয় পৰিচয়ক বিশ্বৰ আগত চিনাকি কৰাই দিয়াৰ ক্ষেত্ৰত বিশেষভাৱে উল্লেখনীয়।
খ।দ্বিতীয়তে, দেশৰ প্ৰধানমন্ত্ৰী দ্বাৰা গোগামুখত দেশৰ তৃতীয়টো কৃষি গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন। আমি ব্যক্তিগত ভাৱে বিশ্বাস কৰোঁ যে অসমৰ লগতে উত্তৰ-পূব্বাঞ্চলৰ কৃষিক্ষেত্ৰৰ ক্ষীপ্ৰ বিকাশত এই প্ৰতিষ্ঠানে বিশেষ অৰিহনা যোগাবলৈ সক্ষম হব।
গ। তৃতীয়তে, দেশৰ প্ৰধানমন্ত্ৰী দ্বাৰা অসমৰ চিকিৎসা ক্ষেত্ৰৰ বাবে যুগান্তকাৰী বুলি বিবেচিত হোৱা সৰ্বভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠানৰ (AIIMS) আধাৰশিলা চাংসাৰিত স্থাপন।
আলোচনা আৰম্ভণিতে উপৰোক্ত যুগান্তকাৰী দিশ কেইটা উল্লেখ কৰিলোঁ যদিও কিন্তু আজিৰ আমাৰ আলোচনা বিষয় অন্যহে আৰু সেই বিষয়ে আমি তলত আলোচনা আগবঢ়ালোঁ।
২৬ মে’, ২০১৭ তাৰিখে কেন্দ্ৰীয় চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তি ও অসম চৰকাৰৰ প্ৰথম চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে অসমৰ খানাপাৰাস্থিত অসম পশুপালন আৰু পশুচিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত জনসভাত দেশৰ প্ৰধানমন্ত্ৰী ওচৰত অসমৰ এজন ছাত্ৰ ছুহান মল্লিকে বিশেষ সাহসৰ পৰিচয় দি দেশৰ গৌৰৱ কাজিৰঙাৰ গড়ঁ হত্যা ৰোধ কৰাত প্ৰধানমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপৰ বাবে অনুৰোধ কৰে। আৰু আমাৰ দৃষ্টিত ২৬ মে’ দিনা ছুহান মল্লিকে প্ৰৰ্দশন কৰা এই সাহসিকতা অসমৰ বাবে বিশেষভাৱে উল্লেখযোগ্য। কাৰণ বৰ্তমান সময়ত আমি অনুভৱ কৰোঁ যে বিশ্ব ঐতিহ্যক্ষেত্ৰ ৰূপে স্বীকৃত কাজিৰঙাক গড়ঁ হত্যা, বেদখল, গৰাখহনীয়া আদি অনেক সমস্যাই আগুৰি ধৰিছে আৰু এই সমস্যা সমূহে কাজিৰঙাৰ ভৱিষ্যতৰ প্ৰতি কঢ়িয়াই আনিব বিপদকলৈ অসমৰ যুৱ প্ৰজন্ম শংকিত হৈ পৰিছে; এই কথা ছুহান মল্লিকৰ সাহসৰ দ্বাৰা ইতিমধ্যেই স্পষ্ট হৈ পৰিছে। গতিকে আজি তাৰিখত আমি অনুভৱ কৰোঁ যে কাজিৰঙা সুৰক্ষাৰ স্বাৰ্থত এক আৱেগবৰ্জিত বৈজ্ঞানিক চিন্তাৰ পৰিৱেশ অসমত গঢ়ি তোলাটো অতিকৈ জৰুৰী হৈ পৰিছে আৰু তেনে চিন্তাৰে কাজিৰঙাকলৈ এক আলোচনা আমি তলত আগবঢ়াবলৈ প্ৰয়াস কৰিছোঁ।
বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ লগত জড়িত বিভিন্ন বিৰ্তকবোৰ বা সমস্যাসমূহ অধ্যয়ণ কৰিলে আমি দুটা দিশত চিন্তাৰ দৈন্যতা উপলব্ধি কৰোঁ,
ক। কাজিৰঙাৰ বিভিন্ন সমস্যাসমূহক লৈ হোৱা অধ্যয়ণসমূহৰ সঠিক বৈজ্ঞানিক বিশ্লেষণ হোৱা নাই।
খ। আৰু সেয়েহে সংশ্লিষ্ট কতৃপক্ষই সমস্যা সমূহৰ সমাধান বাবে প্ৰয়োজনীয় সময়োপযোগী কাৰ্যব্যৱস্থা গ্ৰহন কৰিবলৈ সক্ষম হোৱা নাই, যাৰ পৰিপ্ৰেক্ষতিত বহু সমস্যা ক্ষেত্ৰত সাময়িক উপশমৰ ব্যৱস্থা গ্ৰহন কৰা হে পৰিলক্ষিত হয় বা হৈছে।
আমাৰ উপৰোক্ত চিন্তাক সঠিক ভাৱে দাঙি ধৰিছে “Comptroller and Auditor General of India” অৰ্থাৎ কেগে’ ২০১৪ বৰ্ষত প্ৰস্তুত কৰা “Performance Audit of Kaziranga National Park-Issues and Challenges” শীৰ্ষক প্ৰতিবেদনে।এই প্ৰতিবেদনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগত জড়িত চৰকাৰী বিভাগৰ পাৰদৰ্শিতা (performance) তথা কাজিৰঙাৰ বিভিন্ন সমস্যাৰ কৰা বিস্তৃত অধ্যয়ণৰ ওপৰত সুন্দৰ বৈজ্ঞানিক বিশ্লেষণ আগবঢ়োৱা হৈছে। আজি আমাৰ এই আলোচনাত উপৰোক্ত প্ৰতিবেদনখনৰ পূৰ্ণ আলোচনা আগবঢ়োৱাটো সম্ভৱ নহয় আৰু সেয়েহে আমি আজিৰ এই আলোচনাত আমাৰ বিবেচনাই গুৰুত্বপূৰ্ণ বুলি ভৱা, প্ৰ্তিবেদন খনত সন্নিৱিষ্ট কিছু বিশেষ দিশৰ ওপৰতহে আলোকপাত কৰিব বিচাৰিছোঁ।
আমি ওপৰত উল্লেখ কৰা কেগ’(CAG)ৰ প্ৰতিবেদন খনৰ প্ৰাৰম্ভণিতে কেগে’ ২০১৪ বৰ্ষৰ পাৰদৰ্শিতা পৰীক্ষাত (Performance Audit),অসম চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰালয়ত ধৰা পৰা কিছু বিসংগতিৰ টোকা সন্নিৱিষ্ট কৰিছে আৰু এই বিসংগতিৰ টোকাসমূহ প্ৰতিবেদনত উল্লেখ কৰা দৰে হুবহুৰূপত তলত দাঙি ধৰা হ’ল,
1. Failure to review the management plan despite the need for deviations from the core objectives in view of poaching pressure rendered it partially redundant resulting in a disconnect with the Annual Plan of Operations (APO) which should otherwise flow from the management plan. (Paragraph 7.1 t0 7.7)
2. Against the financial outlay of Rs.93.76 crore proposed in the original APOs for 2010-11 to 2012-13, the KNP authorities got only Rs.17.37 crore which was about 19 percent of the funds demanded.(Paragraph 8.2.4 to 8.2.6)
3. The fund allocated by the State Government towards wildlife sector and KNP vis-à-vis total plan outlay of the State ranged between 0.03 to 0.07 percent and 0.005 to 0.02 percent respectively during the years 2008-09 to 2012-13. (Paragraph 8.4.1)
4. Out of 100 freshly recruited forest guard and Forester-1 KNP, 73 were withdrawn within one year resulting in deployment of aged staff on frontline duties. Reasons for transferring out the fresh recruits out of KNP despite increase in poaching cases/arrests of poachers were not recorded. (Paragraph 9.3.1 to 9.3.3)
5. None of the wildlife guards of KNP were imparted any training during 2008-09 to 2012-13. Besides, these guard do not have firing practice as the fresher training module contains only theoretical training on arms and ammunition. (Paragraph 9.5.1 & 9.5.2)
6. Though 83 personnel had laid down their lives while on duty, family members could only get causal jobs instead of compassionate appointment; besides, there is no adequate insurance on the life the frontline staff. Further, the additional allowances paid to the frontline staff are not commensurate with the arduous nature of duties. (Paragraph 9.6 to 9.8.3)
7. There is neither adequate number of anti-poaching camps on the periphery of the park nor a foolproof periphery protection plan which resulted in increased poaching instances mainly near the park boundaries.(Paragraph 10.2.1 to 10.2.8)
8. Out of six additional areas preliminarily notified in 1984-85, the KNP authorities are yet to take over three additional areas though records available show that these areas had already been handed over to them by the civil administration in 2005. Survey conducted by the Circle Officer in 2009 revealed that substantial area of Government land was under illegal encroachment. (Paragraph 12.1.1 to 12.5.10)
9. 33 eco-development committees had been formed in 2002, but not a single has started functioning even after 12 years. (Paragraph 13.1 to 13.3)

যদিও আমি বিশ্বাস কৰোঁ ওপৰত উল্লেখ কৰা কেগ’ৰ প্ৰতিবেদনৰ প্ৰতিটো টোকাই কাজিৰঙাৰ সুৰক্ষা প্ৰতি একোটা প্ৰৱল ভাবুকি, তথাপিও আজিৰ আলোচনাত আমি প্ৰতিবেদনখনৰ দুটা বিশেষ দিশৰ ওপৰতহে গুৰুত্ব দিব বিচাৰিছোঁ আৰু সেই দিশ দুটা হ’ল
ক। কাজিৰঙাৰ সুৰক্ষাত অৰ্থনৈতিক আন্ত:গাঁঠনিৰ ভূমিকা।
খ। কাজিৰঙাৰ সুৰক্ষাত মানৱ সম্পদৰ ব্যৱহাৰ।
সাম্প্ৰতিক সময়ত যিকোনো ক্ষেত্ৰৰ যিকোনো এটা ব্যৱস্থাক সঠিক সময়ত কাৰ্যকৰী কৰি তোলাৰ ক্ষেত্ৰত মজবুত অৰ্থনৈতিক আন্ত:গাঁঠনিয়ে (financial infrastructure) গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।তেনেসময়ত কিন্তু কাজিৰঙাৰ ক্ষেত্ৰত আগৰ চৰকাৰে এক সম্পূৰ্ণ বিপৰীত দৃষ্টিভংগীহে গ্ৰহন কৰা দেখা গ’ল।কেগ’ৰ এই প্ৰতিবেদন মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে প্ৰস্তুত কৰা ব্যৱস্থাপনা আঁচনি(Management Plan)ৰ বাবে নিৰ্ধাৰিত ধন আৰু আবণ্টিত ধনৰ মাজত এক সুস্পষ্ট পাৰ্থক্য দেখা যায়।উদাহৰণস্বৰূপে ২০০৮-০৯ পৰা ২০১২-১৩ বৰ্ষৰ বাবে নিৰ্ধাৰিত মুঠ ধনৰ পৰিমাণ আছিল ৫৭.৩৩ কোটি টকা, কিন্তু ইয়াৰ বিপৰীতে আবণ্টিত ধনৰ পৰিমাণ আছিল ২৪.২৫ কোটি টকা।ইয়াৰ ওপৰিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষই ২০১০-১১ পৰা ২০১২-১৩ বিত্তীয় বৰ্ষৰ বাবে প্ৰস্তুত কৰা বাৰ্ষিক কৰ্মসূচীত (Annual Plan of Operations) নিৰ্ধাৰিত মুঠ ধনৰাশি ৯৩.৭৬ কোটি টকা কেন্দ্ৰীয় ব্যাঘ্ৰ প্ৰকল্পৰ অধীনত National Tiger Conservation Authority ওচৰত দাখিল কৰে, কিন্তু অতি পৰিতাপৰ বিষয়, নিৰ্ধাৰিত ধনৰাশিৰ বিপৰীতে আবণ্টিত ধনৰ পৰিমাণ আছিল মাত্ৰ ১৭.৩৭ কোটি টকা যিটো আছিল নিৰ্ধাৰিত ধনৰ প্ৰায় ১৯%।এইক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ভূমিকা নিশ্চয়কৈ উদ্বেগজনক।
আমি ইতিমধ্যই আলোচনা কৰা কেগ’ৰ প্ৰতিবেদনৰ আটাইতকৈ উদ্বেগজনক দিশটো হ’ল গত ৰাজ্য চৰকাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে বা বন্য-প্ৰানী সুৰক্ষা প্ৰতি আবণ্টিত ধনৰ পৰিমাণ হ্ৰাস কৰাটো আৰু ইয়াৰ উদাহৰণ উপৰোক্ত ৩নং টোকাত ইতিমধ্য দাঙি ধৰা হৈছে। যি সময়ত কেন্দ্ৰীয় “পৰিৱেশ আৰু বন মন্ত্ৰালয়ে” বন্যপ্ৰানীক এক গুৰুত্বপূৰ্ণ অংগৰূপে ঘোষনা কৰিছে তেনে সময়ত ৰাজ্য চৰকাৰে এই শিতানত নূন্যতম ধন আবণ্টন দিয়াটো বা আবণ্টিত ধনৰ পৰিমাণ হ্ৰাস কৰাটো নিশ্চয়কৈ এক চিন্তনীয় বিষয় আৰু এই বিষয়ত বৰ্তমানৰ পৰিৱৰ্তনকামী চৰকাৰে কেনে ভূমিকা গ্ৰহন কৰে ই নিশ্চয়কৈ আগন্তুক দিনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ স্বাৰ্থত বা অসমৰ বন্য-প্ৰানী সুৰক্ষা স্বাৰ্থত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হব।
এতিয়া আহোঁ দ্বিতীয়টো বিষয়লৈ অৰ্থাৎ কাজিৰঙাৰ সুৰক্ষাত মানৱ সম্পদৰ ভূমিকা।আমি ওপৰত উল্লেখ কৰি অহা কেগ’ৰ প্ৰতিবেদনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মানৱ সম্পদৰ ব্যৱস্থাপনাত (Human Resource Management) গত চৰকাৰখন যে বিফল হৈছিল সেই কথা স্পষ্ট হৈ পৰিছে। কেগে’ উল্লেখ কৰা মতে উদ্যানখনত কৰ্মৰত ৪৬১ জন আগশাৰী কৰ্মচাৰী (Frontline staff)ৰ ভিতৰত প্ৰায় ৩২জনেই সুৰক্ষা-কৰ্ম বাবে শাৰীৰিকভাৱে সক্ষম নহয়। ইয়াৰ ওপৰিও ২০১৪ চনত কেগে’ ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰায় ২২৯জন আগশাৰী কৰ্মচাৰী(ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টাৰ-১); যি সকলক উদ্যানখনৰ সুৰক্ষাৰ মেৰুদণ্ড বুলি গণ্য কৰা হয় তেওঁলোকৰ মাজত বয়সৰ এক জৰীপ চলাইছিল। এই জৰীপৰ তথ্যমতে ৬৯জন কৰ্মচাৰী বয়স ৫০বছৰৰ ওপৰত, ৪৭জনৰ বয়স ৪৬-৪৯ বছৰৰ ভিতৰত, ৩৮জনৰ বয়স ৪১-৪৫ বছৰৰ ভিতৰত আৰু ৭৫জনৰ বয়স ৪০ বছৰতকৈ কম।এই জৰীপৰ দ্বাৰা এটা কথা স্পষ্ট হয় যে কাজিৰঙাৰ সুৰক্ষাত নিয়োজিত প্ৰায় ৫০% শতাংশৰে বয়স আছিল ৪৫বছৰতকৈ ওপৰৰ। আমাৰ দৃষ্টিত ই নিশ্চয়কৈ এক অতি চিন্তনীয় বিষয় আৰু আমি অনুভৱ কৰোঁ, বৰ্তমানৰ পৰিৱৰ্তনকামী চৰকাৰখনে কাজিৰঙাৰ দেশৰ গৌৰৱ এশিঙীয়া গঁড়ৰ সুৰক্ষা স্বাৰ্থত এই দিশত এক সাহসী সময়োপযোগী সিদ্বান্ত অতি সোনকালে গ্ৰহন কৰা প্ৰয়োজন আছে।
আলোচিত কেগ’ৰ প্ৰতিবেদনৰ আন এক ভয়ংকৰ তথ্য হ’ল, ২০০৮-০৯ পৰা ২০১২-১৩ বৰ্ষত ৰাষ্ট্ৰীয় উদ্যানখনৰ ফৰেষ্ট গাৰ্ডসকলৰ বাবে কোনোধৰণৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হোৱা নাছিল। ইয়াৰ উপৰিও ফৰেষ্ট গাৰ্ডসকলৰ বাবে নিৰ্ধাৰিত প্ৰাৰম্ভিক প্ৰশিক্ষণৰ সময়সীমা ০৯মাহৰ পৰা ১৫ দিনলৈ হ্ৰাস কৰা হৈছিল। আমি বিশ্বাস কৰোঁ এনেবোৰ তথ্যক বৰ্তমানৰ চৰকাৰখনে গুৰুত্বসহকাৰে লোৱাটো আজি তাৰিখত খুবেই প্ৰয়োজন ,কিয়নো উপযুক্ত আৰু উন্নত প্ৰশিক্ষণ প্ৰাপ্ত কৰ্মচাৰী অবিহনে অসমীয়াৰ স্বাভিমান জড়িত কাজিৰঙাৰ গঁড় ৰক্ষা সম্ভৱ নহয়।
সদৌ শেষত আমি আশা কৰিম মাননীয় বনমন্ত্ৰী মহোদয়াই কেগ’ৰ এই প্ৰতিবেদনক গুৰুত্বসহকাৰে বিবেচনা কৰিব আৰু আমি আজি এই আলোচনাত সন্নিৱিষ্ট কৰিব নোৱৰা কিন্তু কেগ’ৰ প্ৰতিবেদনত সন্নিৱিষ্ট বিভিন্ন পৰাৰ্মশৱলীক কাজিৰঙাৰ সুৰক্ষা আৰু উন্নয়ণৰ স্বাৰ্থত গুৰুত্বসহকাৰে ৰূপায়ণ কৰা ব্যৱস্থা গ্ৰহন কৰিব।
-----------------------------------------------

Comments

Popular posts from this blog

“আহোমৰ ঐতিহাসিক সমাজ ব্যৱস্থাৰ মূলত: কৃষিগত চিন্তাৰ আৰু জলব্যৱস্থাৰ বৈজ্ঞানিক বিশ্লেষণ”

ভূ তত্ত্ব শিক্ষাৰ গুৰুত্ব, শৈক্ষিক পৰিক্ৰমা আৰু সংস্থাপনৰ সুবিধা (নিয়মীয়া বাৰ্তাৰ সাপ্তাহিক শিক্ষামূলক বিশেষ পৃষ্ঠা 'শিক্ষা বাৰ্তা')

বিৰ্তকত “বিহু”, সাংস্কৃতিক প্ৰদূষণ আৰু ৰেহেনা খিচগিৰ চিন্তা