বিৰ্তকত “বিহু”, সাংস্কৃতিক প্ৰদূষণ আৰু ৰেহেনা খিচগিৰ চিন্তা
ব'হাগ মাহটো অসমীয়া জাতীয় জীৱনৰ বাবে এক উল্লেখযোগ্য মাহ, ব'হাগে আমাৰ অসমীয়া জাতীয় চেতনাক সজীৱ কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আমি ব্যক্তিগতভাৱে অনুভৱ কৰোঁ এইমাহটোতে নতুন ধনাত্নক আৰু যোগাত্মক চিন্তা কৰা সুন্দৰ পৰিৱেশ প্ৰকৃতিয়ে আমাক দিছে আৰু সেইয়েহে জাতিৰ উত্তৰণৰ স্বাৰ্থত বিৰ্তকবোৰক আতৰাই এক নতুন চিন্তা প্ৰতিটো ব'হাগতে জন্ম দিয়াৰ কথাহে আমি ভৱাৰ প্ৰয়োজন আছে বুলি আমি ব্যক্তিগত ভাৱে অনুভৱ কৰোঁ।
আমি অনুভৱ কৰিছোঁ যোৱা কেইবছৰমানৰ পৰা ব'হাগৰ কুঁহিপাত ওলাবলৈ পাই কি নাপায় অসমীয়া সমাজত ৰঙালী বিহুটোক লৈ বিৰ্তক আৰম্ভ হৈয়ে। আৰু ইয়াৰ বেছিভাগ বিৰ্তকই কিন্তু ঋনাত্নক চিন্তাৰে সমৃদ্ধ। এনেবোৰ বিৰ্তকই আমাকও বিহুৰ বিষয়ে চিন্তা কৰিবলৈ বাধ্য কৰিছে।
আমি ব্যক্তিগত অনুভৱ কৰোঁ, বিহুটোক যিদিনাই গাঁৱৰ আনি মঞ্চত তুলিলে সেইদিনা পৰাই অসমীয়া সংস্কৃতিলৈ পুঁজিবাদী চিন্তাৰ আগ্ৰাসন আৰম্ভ হ'ল বুলি থাৱৰ কৰিব পাৰি। সেইসময়ত বহুতে ক'ব বিচাৰিছিল যে এনে পুঁজিবাদী চিন্তাৰে বিহুক বিশ্বৰ সাংস্কৃতিক দৰবাৰত সৱল ভাৱে প্ৰতিষ্ঠা কৰাত সহায়ক হব বা সফল হ’ব। কিন্তু আজি তাৰিখত সাংস্কৃতিক পুঁজিবাদী চিন্তাই অসমত কেনে ধৰণৰ সাংস্কৃতিক প্ৰদূষণৰ ভয়াবহ বাতাবৰণ সৃষ্টি কৰিছে সেইয়া সকলোৱে দেখিছে, উদাহৰণস্বৰূপে চিগাৰেটে পেকেটত বিহুৰ বিজ্ঞাপন, মদৰ বটলত বিহুৰ বিজ্ঞাপন ইত্যাদি আৰু শেহতীয়াকৈ বিহুৰ মঞ্চত শিল্পীৰ গালৈ পইছা নিক্ষেপৰ দৰে কাৰ্য্য । আৰু এনে প্ৰদূষিত পৰিৱেশত বিহুৰ বিশ্বজনীন চিনাকী কেনেকৈ সম্ভৱ সেইয়া আমাৰ বাবে নিশ্চয়কৈ আজি তাৰিখত এক চিন্তাৰ বিষয়।
আমি যদি পুঁজিবাদী চিন্তাৰ আগ্ৰাসনত অসমৰ সাংস্কৃতিক অৱক্ষয়ৰ ধাৰাটোলৈ মন কৰোঁ তেন্তে দেখিম যে অসমত আজি এনে এটা সময় আহিল য'ত গাঁৱৰ দুখীয়াজনে বছেৰেকৰ বিহুটোত গাঁৱৰ হুচৰি দলটো পৰা এটি আৰ্শীবাদৰ পৰা বঞ্চিত হব লগীয়া পৰিস্থিতি সৃষ্টি হ'ল। কাৰণ বিহু হৈ পৰিল অসমীয়া জাতিৰ অৰ্থ আৰণৰ এক প্ৰধান আহিলা আৰু এনে পুঁজিবাদী চিন্তাৰে গাঁৱৰ হুচৰি দলটো নগৰমুখী হ’বলৈ আৰম্ভ কৰিলে। আমি বিশ্বাস কৰোঁ একমাত্ৰ সাংস্কৃতিক পুঁজিবাদৰ চিন্তাৰ প্ৰভাৱতেই আজি তাৰিখত বহুতে অসমীয়াৰ জাতীয় উৎসৱ বিহুক এক সংগীতৰ উৎসৱ (musical festival) বুলি ক’বলৈ আৰম্ভ কৰিছে অথচ আমি সকলোৱে জানো যে বিহু অসমীয়া চহা ৰাইজক প্ৰতিনিধিত্ব কৰা এক কৃষিভিত্তিক উৎসৱ। আমি ব্যক্তিগতভাৱে অনুভৱ কৰোঁ এনে চিন্তা জাতীয় সংস্কৃতিৰ স্বকীয়তা ৰক্ষাৰ স্বাৰ্থত ভাবুকিস্বৰূপ, কাৰণ আমি সজোৰে বিশ্বাস কৰোঁ সংস্কৃতিয়ে জাতীয় চিন্তাক প্ৰকৃত ৰূপত প্ৰতিফলিত আৰু প্ৰতিনিধিত্ব কৰে। সেয়েহে আমি অনুভৱ কৰোঁ যে বিহুৰ স্ককীয়তা ৰক্ষা কৰা স্বাৰ্থত বিহুক “কৃষিভিত্তিক উৎসৱ” হিচাপে জীয়াই ৰখাত সকলোৱে গুৰুত্ব দিব লাগে। লগতে আমি বিশ্বাস কৰোঁ এনে চিন্তাই বৰ্তমান সময়ত বিহুকলৈ আৰম্ভ হোৱা বিৰ্তক বোৰ শেষ হোৱাটোও সহায় কৰিব, কাৰণ খেতি কৰা চহা মানুহৰ বিৰ্তক কৰিবলৈ সময় নাই , সময় আছে মাত্ৰ সন্মান সহকাৰে সংস্কৃতিক জীয়াই ৰাখিবলৈহে।
বৰ্তমান সময়ত বিহু মঞ্চৰ সাংস্কৃতিক সন্ধিয়াত কোন শিল্পীয়ে কি গীত গাব, বিহুৰ সাংস্কৃতিক সন্ধিয়া ৰাতি কিমান সময়লৈকে চলিব আদি বিৰ্তকই বিহু মাদকতাকে বিনষ্ট কৰিছে। আমি বিশ্বাস কৰোঁ যদিও ৰঙালী বিহুটো ৰং ৰইচৰ উৎসৱ তথাপিও কিন্ত ৰাতি এপৰলৈকে বিহু নামত উৎশৃংখল পৰিৱেশ সৃষ্টি কৰি জীয়াই থকাটো কোনো কৰ্মশীল জাতিৰে পৰিচয় হব নোৱাৰে আৰু আমাৰ দৃষ্টিত এনে চিন্তাই বিহুৰ মৰ্য্যাদাতও আঘাট কৰিছে, কাৰণ চহা ৰাইজক খেতিৰ বতৰত টোপনি খতি কৰোৱাটোও কোনো কাৰণতে আমাৰ দৃষ্টিত বিজ্ঞানসন্মত নহয়। এইখিনিতে উল্লেখ কৰি থোৱা ভাল হব যে অসম তাহানিও কৃষিভিত্তিক ৰাজ্য আছিল আৰু আজিও হয়, গতিকে চহা ৰাইজ বুলি কওঁতে সমগ্ৰ অসমীয়া ৰাইজক বুজাব বিচৰা হৈছে, এনে চিন্তাৰ পৰা সেইসকলক আঁতৰাই ৰখা হৈছে যিসকলে শিপা পাহৰি মহানাগৰিকৰ পৰিচয়এ নিজক চিনাকি দিব বিচাৰে।
আমি উপলব্ধি কৰোঁ সাম্প্ৰতিক সময়ত বিহুকলৈ আৰম্ভ হোৱা বিৰ্তকবোৰৰ পৰা জাতীয় উৎসৱটিক উদ্ধাৰ কৰিবলৈ অনতিপলমে অসমত এক গৱেষণালব্ধ, প্ৰণালীবদ্ধ সাংস্কৃতিক আন্দোলন আৰম্ভ কৰাটো খুবেই প্ৰয়োজন। এইখিনিতে উল্লেখ কৰা ভাল যে ওপৰত উল্লেখ কৰা “আন্দোলন” শব্দটোৱে চেতনা আন্দোলিত কৰা পৰিৱেশৰ কথাহে বুজাব বিচৰা হৈছে, তথাকথিত বন্ধ প্ৰতিবাদৰ আন্দোলনক ইয়াত জড়িত কৰা আমাৰ উদ্দেশ্য নহয়।
আমি আমাৰ সীমিত জ্ঞানেৰে অনুভৱ কৰো যে সাংস্কৃতিক বিৰ্তকত ভাগ লবলৈ গভীৰ জ্ঞানৰ প্ৰয়োজন যিটো ক্ষেত্ৰত মই ব্যক্তিগতভাৱে দৈন্য আৰু সেইয়েহে আমাৰ দৈন্যতাক কিছু পৰিমাণে আতৰাবলৈ আমি “সাংস্কৃতিক দৰ্শন (Cultural philosophy)”ৰ বিষয়ে কিছু অধ্যয়ণ কৰিছিলোঁ। আমাৰ এই অধ্যয়নৰ মূল উদ্দেশ্য আছিল বিশ্বৰ পৰিৱৰ্তনশীল অৰ্থনৈতিক ব্যৱস্থাত বিশ্বজনীন সাংস্কৃতিক চিন্তাৰ ৰেহৰূপক কিছু ফহলিয়াই চোৱা। এনে অধ্যয়ণৰ সময়তেই আমি পঢ়িবলৈ পোৱা এষাৰ বাক্যই আমাৰ অন্ত:দৰ্শনক বিশেষভাৱে আকৰ্ষিত কৰিছিল আৰু সেই বাক্যষাৰ আছিল " People are shaped by their culture and their culture is also shaped by them" অৰ্থাৎ মানৱ সভ্যতাক গঢ় দিয়ে সংস্কৃতিয়ে আৰু আনহাতেদি সংস্কৃতিক গঢ় দিয়ে মানৱে; আমি অনুভৱ কৰোঁ বৰ্তমান সময়ত অসমত সৃষ্টি হোৱা সাংস্কৃতিক প্ৰদূষণৰ বাতাবৰণত অসমীয়া জাতীয় জীৱনক সুস্থিৰ কৰি ৰখা স্বাৰ্থত উপৰোক্ত বাক্যশাৰীৰ গুৰুত্ব সকলোৱে উপলব্ধি কৰাটো খুবেই জৰুৰী।
সাম্প্ৰতিক সময়ৰ বিশ্বজনীন সাংস্কৃতিক পৰিৱেশত সাংস্কৃতিক দৰ্শনৰ চিন্তাই বিশেষ গুৰুত্ব লাভ কৰিছে আৰু এনে দৰ্শনত দুইধৰণৰ চিন্তাই বিশেষ ভূমিকা পালন কৰিছে,
১. সাংস্কৃতিক অনুকৰণ
২. সাংস্কৃতিক গ্ৰহন
উপৰোক্ত প্ৰথম চিন্তাটি বৰ্তমান গোলকীয় অৰ্থনীতিৰ আগ্ৰাসনমূখী চিন্তাৰে উজ্জীৱিত পুঁজিবাদৰ প্ৰভাৱেৰে সমৃদ্ধ আৰু এই চিন্তাৰ জনপ্ৰিয়তা সামাজিক বিজ্ঞানীসকলৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে। এতিয়া কথা হ'ল এই সাংস্কৃতিক অনুকৰণ নো হয় কি?
সহজতে কবলৈ গ'লে সাংস্কৃতিক অনুকৰণ হ'ল গৱেষণালব্ধ চিন্তাৰ অবিহনে কোনো জাতিয়ে অন্য কোনো জাতিৰ সাংস্কৃতিক ব্যৱস্থাক কম সময়ৰ বাবে গ্ৰহন কৰা। এনে চিন্তাত কোনো প্ৰণালীবদ্ধ চিন্তা নাথাকে, নাথাকে অন্য এটা সাংস্কৃতিক ব্যৱস্থা আকোঁৱলি লোৱাৰ আগতে গ্ৰহন কৰিব লগীয়া সময়োপযোগী বৈজ্ঞানিক গৱেষণা। প্ৰকৃততে পুঁজিবাদী শোষকমহলে জাকজমক পৰিৱেশ সৃষ্টি কৰি এনে চিন্তা কৰাৰ পৰিৱেশ নিদিয়ে, এনে পৰিৱেশ সৃষ্টিৰ বাবে বিভিন্ন মাধ্যমক বিশেষকৈ প্ৰচাৰ মাধ্যমক অতি খৰছীকৈ ব্যৱহাৰ কৰা হয়। প্ৰচাৰ মাধ্যমৰ দ্ধাৰা এনে পৰিৱেশ সৃষ্টি কৰা প্ৰক্ৰিয়াক আমি সাংস্কৃতিক প্ৰদূষণ (cultural pollution) বুলি অভিহিত কৰিব পাৰোঁ। আৰু এনে পৰিৱেশ বৰ্তমান সময়ত অসমত খুবেই পৰিচিত। এই সাংস্কৃতিক অনুকৰণ প্ৰক্ৰিয়া দ্বাৰা যি কোনো জাতিৰ নিজস্ব সংস্কৃতিৰ প্ৰতি থাকিব লগা সাংস্কৃতিক শ্ৰদ্ধা কমি আহে আৰু পুঁজিবাদী সাম্ৰাজ্যবাদৰ কবলত নিজস্ব জাতীয় সংস্কৃতিসমূহৰ স্বকীয়তাক বিক্ৰী কৰে। অসমৰ বিহুকলৈ তেনে এক পৰিৱেশ সৃষ্টি হৈছে বুলি ক’লেও ছাগে আজি তাৰিখত ভুল কোৱা নহ’ব আৰু আমাৰ এই ধাৰণাক এইবাৰ বিহুৰ মঞ্চত শিল্পী গালৈ পইছা নিক্ষেপ কৰা সংস্কৃতিয়ে অধিক স্পষ্ট ৰূপত দাঙি ধৰিব পাৰিছে বুলি আমি ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ।
এতিয়া আহোঁ ওপৰত উল্লেখ কৰা দ্বিতীয়টি চিন্তালৈ। এই চিন্তাত নিজ সংস্কৃতিৰ উত্তৰণৰ বাবে গৱেষণালব্ধ বৈজ্ঞানিক চিন্তাক প্ৰাধান্য দিয়া হয়। আমি বিশ্বাস কৰোঁ যে বিশ্বৰ পৰিৱৰ্তনশীল অৰ্থনৈতিক ব্যৱস্থাত সাংস্কৃতিক চিন্তাৰ পৰিৱৰ্তনও অৱশ্যম্ভাৱী। কিন্তু এই পৰিৱৰ্তন জাতিৰ উত্তৰণৰ বাবে হ’ব লাগিব, জাতিৰ ধ্বংস বাবে নহয়। আৰু ইয়াৰ বাবে লাগিব প্ৰণালীবদ্ধ সাংস্কৃতিক গৱেষণাৰ মানসিকতা। এইখিনিতে আমি “ৰেহেনা খিচগি(Rehanna Kheshgi)” নামৰ এগৰাকী আমেৰিকাৰ নিৱাসী গৱেষিকাৰ নামটো প্ৰাসংগিক কৰিব বিচাৰিছোঁ কাৰণ এই নামটো অসমীয়া ৰাইজৰ বাবে একেবাৰে অপৰিচিত নহয়, আজি পৰা দুই বছৰমান আগতে ৰেহেনাই অসমৰ জনপ্ৰিয় গায়ক অংগৰাগ মহন্তৰ লগত অসমৰ বহুকেইখন বিহু মঞ্চত গীত পৰিৱেশন কৰি তেওঁ অসমত বেছ জনপ্ৰিয় হৈছিল। কিন্তু আজি এই আলোচনাত ৰেহেনা খিচগিক আমি এক সুকীয়া চিন্তাৰে উপস্থাপন কৰিব বিচাৰিছোঁ। ৰেহেনা খিচগি এগৰাকী পেছাত গৱেষিকা, তেওঁ আমেৰিকা চিকাগো বিশ্ববিদ্যালয়ৰ পৰা নৃগোষ্টীয়-সংগীত চৰ্চা (Ethnomusicology) বিষয়ত ২০১৬ চনত সন্মানীয় ডক্টৰৰেট ডিগ্ৰী লাভ কৰে। তেওঁৰ নিজস্ব গৱেষণা সংক্ৰান্তত অসমৰ লোক সংস্কৃতিৰ বিষয়ে অধ্যয়ণ কৰিবলৈ অসমলৈ আহিছিল। অসমত থকা সময়ত অসমৰ লোক সংস্কৃতিৰ বিষয়ে জানিবলৈ তেওঁ অসমৰ নিদিষ্ট কিছু গাওঁত মাহজুৰি থাকিব লৈছিল, ইয়াৰ মূল উদ্দেশ্য আছিল অসমৰ লোক সংস্কৃতিৰ প্ৰতিটো দিশক সূক্ষ্মভাৱে বিশ্লেষণ কৰা আৰু এইক্ষেত্ৰত বিশেষ সহায়ক হবলৈ তেওঁ অসমৰ লোক সংস্কৃতিৰ সাধক সকলৰ লগতও সঘনাই আলোচনাত মিলিত হৈছিল। আৰু আমি বিশ্বাস কৰোঁ তেওঁৰ এই গৱেষণালব্ধ আৰু প্ৰণালীবদ্ধ চিন্তাৰ ফলতেই আমাৰ বিহুগীত সমূহ সুন্দৰভাৱে আয়ত্ত কৰিবলৈ সক্ষম হৈছিল। এটা সংস্কৃতিক সন্মান সহকাৰে গ্ৰহন কৰিবলৈ কেনে মানসিকতাৰ প্ৰয়োজন সেইয়া ৰেহেনা খিচগিয়ে অতি সুন্দৰভাৱে অসমীয়া ৰাইজৰ আগত দাঙি ধৰিবলৈ সক্ষম হ’ল বুলি আমি ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ।
শেষত “ৰেহেনা খিচগি”ৰ উপৰোক্ত উদাহৰণৰ দ্বাৰা আমি দুটা চিন্তাক প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ,
ক। বিশ্বায়নৰ দিনত নিজস্ব সংস্কৃতিক জাতীয় স্ককীয়তাৰে জীয়াই ৰাখিবলৈ গৱেষণালব্ধ আৰু প্ৰণালীবদ্ধ বৈজ্ঞানিক চিন্তাৰ খুবেই প্ৰয়োজন।
খ। বিশ্বায়নৰ দিনত আনৰ সংস্কৃতিক গ্ৰহন কৰোতেও গৱেষণালব্ধ আৰু প্ৰণালীবদ্ধ বৈজ্ঞানিক চিন্তাৰ খুবেই প্ৰয়োজন, নহ’লে সাংস্কৃতিক প্ৰদূষণত জাতিৰ স্বকীয়তা হেৰাই যোৱাৰ সম্ভাৱনাই অধিক।
সদৌশেষত অসমীয়া জন-জীৱনৰ সাহ বিহুটিৰ নিজস্ব স্বকীয়তা জীয়াই ৰখা স্বাৰ্থত অসমত এক বৈজ্ঞানিক সাংস্কৃতিক আন্দোলনৰ পোষকতা কৰি আমাৰ এই লেখা সামৰিলোঁ।
.........................................................................................................
Comments
Post a Comment