ফলাফলৰ বতৰ, সম্বৰ্ধনা অনুষ্ঠান আৰু মাটিৰ প্ৰতি প্ৰতিভাধৰ সকলৰ দ্বায়িত্ব ( নিয়মীয়া বাৰ্তাত প্ৰকাশিত)



শিক্ষাৰ মূল উদ্দেশ্য কি?
একবিংশ শতিকাত শিক্ষাৰ মূল উদ্দেশ্য আৰু শিক্ষাৰ মানদণ্ডৰ ওপৰত যথেষ্ট গৱেষণা কৰা হৈছে আৰু এই গৱেষণাবোৰৰ পৰা সামাজিক চিন্তাবিদ সকলে শিক্ষাৰ মূল উদ্দেশ্যৰ ব্যাখা এনেদৰে আগবঢ়াইছে “এজন ব্যক্তিক জ্ঞানৰ দ্বাৰা চিন্তাশীল কৰি, তেওঁৰ ব্যক্তিগত প্ৰতিভাক সমাজ উত্তৰণত জড়িত কৰি, তেওঁক সামাজিকভাৱে দ্বায়িত্বশীল কৰি তোলাই শিক্ষাৰ মূল উদ্দেশ্য”।

এতিয়া কথা হ’ল ওপৰোক্ত ব্যাখাটি আমি কিমানে অনুধাৱন কৰিব পাৰিছোঁ আৰু নিজৰ জীৱনটোক এই মতাদৰ্শৰে পালিত কৰিব পাৰিছোঁ।মোৰ দৃষ্টিত আমি বহুতে এইক্ষেত্ৰত সফল হব পৰা নাই, কাৰণ শিক্ষিত হাৰ বৃদ্ধি অনুসাৰে সমাজৰ উন্নয়ন আৰু পৰিৰ্ৱতন আজিও হোৱা নাই।আজিও সমাজ অন্ধ বিশ্বাসৰ বলি আৰু বিশৃংখলতাৰ ভূক্তভোগী, আজিও সমাজে নাৰী সৱলীকৰণৰ সপক্ষে আৰু শিশু শ্ৰমিকৰ বিৰুদ্ধে মাত মাতিবলৈ সংকোচ কৰে। কিন্তু কিয়, অথাৎ আমি শিক্ষাৰ মূল উদ্দেশ্যৰ পৰা ফালৰি কাটি সমাজ উত্তৰণতকৈ ব্যক্তিগত উত্তৰণৰ বাবেহে শিক্ষাক এক আহিলা ৰূপে ব্যৱহাৰ কৰিবলৈ লৈছোঁ।যাৰ ফলত নিজ প্ৰতিভাক সঠিকভাৱে চিনাক্ত তথা দিক্ নিৰ্দেশ কৰিব নোঁৱাৰি, আনৰ ইচ্ছাৰে পৰিচালিত হৈ বস্তবাদী প্ৰতিযোগিতামূলক পৰিবেশত, শিক্ষিত হৈও সমাজৰ বাবে এক বোজা হৈ পৰিছোঁ।

এতিয়া আহোঁ মূল বিষয়টিলৈ, ফলাফল মানে কি? ফলাফল হ’ল প্ৰতিভা, অধ্যৱসায় আৰু ত্যাগৰ স্বীকৃতি।গতিকে প্ৰতিভাধৰ সকলক সম্বৰ্ধনা জনোৱাটো সমাজৰ কৰ্তব্য, যদিহে প্ৰতিভাধৰ সকল সমাজৰ প্ৰতি দ্বায়িত্বশীলহৈ সমাজ উত্তণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হয়।

সচাঁ অৰ্থত ই এক বিতৰ্কিত বিষয় হবই নালাগিছিল, কিন্তু সম্বৰ্ধনা অনুষ্ঠানবোৰ এতিয়া এক বিতৰ্কৰ মাজত সোমাই পৰিছে; কিয়নো সমাজে প্ৰতিভাধৰ সকলৰ সামাজিক দায়িত্ববোধৰ প্ৰতি সন্দেহৰ আঙুলি টোঁৱাইছে।

অসমৰ মৌলিক সমস্যা সমূ্হৰ প্ৰতি তেওঁলোক কিমান সজাগ।অসমৰ বানপানী, গৰাখহনীয়া সমস্যা দূৰীকৰণ প্ৰক্ৰিয়াত ভাগ লবলৈ প্ৰতিভাধৰ সকলৰ সময় আছে নে? সচাঁ অৰ্থত অসমত সামাজিক প্ৰতিভাধৰৰ সংখ্যা তেনেই তাকৰ।

গতিকে এই সকলক যিসকলৰ সামাজিক দায়বদ্ধতা শূণ্য তেওঁলোকক সমাজে সম্বৰ্ধনা জনোৱাটো কিমান যুক্তিসংগত।মোৰ দৃষ্টিত মুঠেই নহয়, সচাঁ অৰ্থত মোৰ বাবে ই এক ৰাজহুৱা ধনৰ অপচয় অনুষ্ঠান আৰু সহজে ধন ঘটাৰ সকলৰ এক আয়ৰ উৎস।
--------------------------------------------

Comments

Popular posts from this blog

“আহোমৰ ঐতিহাসিক সমাজ ব্যৱস্থাৰ মূলত: কৃষিগত চিন্তাৰ আৰু জলব্যৱস্থাৰ বৈজ্ঞানিক বিশ্লেষণ”

ভূ তত্ত্ব শিক্ষাৰ গুৰুত্ব, শৈক্ষিক পৰিক্ৰমা আৰু সংস্থাপনৰ সুবিধা (নিয়মীয়া বাৰ্তাৰ সাপ্তাহিক শিক্ষামূলক বিশেষ পৃষ্ঠা 'শিক্ষা বাৰ্তা')

অৰ্থনৈতিক উন্নয়ন বনাম সাংস্কৃতিক প্ৰদূষণ : বিহুৰ পৰা পূজালৈ এক অৱলোকন