Posts

Showing posts from November, 2017

অসম লোকসেৱা আয়োগৰ দূৰ্নীতি আৰু আমাৰ সমাজ ব্যৱস্থা ( নিয়মীয়া বাৰ্তাত প্ৰকাশিত)

Image
অসম লোকসেৱা আয়োগৰ দূৰ্নীতি আৰু আমাৰ সমাজ ব্যৱস্থা ড° বিজয় কৃষ্ণ চেতিয়া ভূতত্ত্ববিদ শিৱসাগৰ,অসম। যোগাযোগ নম্বৰ ৯৯৫৪২-৫৩৫৫৩ শেহতীয়াকৈ অসম লোকসেৱা আয়োগৰ কেলেংকাৰিৰ তদন্তই এক বিশেষ গতি লাভ কৰিছে বুলি আমি ব্যক্তিগতভাৱে অনুভৱ কৰিছোঁ কাৰণ ইতিমধ্যে ২৫ জন ৰাজপত্ৰিত চৰকাৰী বিষয়াক জেৰা বাবে অসম আৰক্ষীৰ তদন্ত গোটে চমন জাৰি কৰিছে। আমাৰ দৃষ্টিত এই বিষয়টো সাম্প্ৰতিক অসমৰ শৈক্ষিক, সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ। আমি ব্যক্তিগত বিশ্বাস কৰোঁ যে অসম লোক সেৱা আয়োগে অসমৰ জাতীয় জীৱনৰ সামাজিক, অৰ্থনৈতিক আৰু শৈক্ষিক মান উন্নত কৰাৰ স্বাৰ্থত জনগণৰ বিভিন্ন সেৱাৰ বাবে প্ৰয়োজনীয় বিষয়া সকলক অসমৰ মেধাবী ছাত্ৰসকলৰ মাজৰ পৰা এক পৰীক্ষা ব্যৱস্থাৰে নিৰ্বাচিত কৰে, কিন্তু শেহতীয়াকৈ আয়োগৰ কেলেংকাৰিৰ এই তদন্ত প্ৰক্ৰিয়াই আয়োগৰ “মেধা নিৰ্ব্বাচন” প্ৰক্ৰিয়াত জড়িত হৈ থকা বৃহৎ অৰ্থনৈতিক আৰু ৰাজনৈতিক ভণ্ডামীক ইতিমধ্যেই স্পষ্ট কৰিছে। আৰু সেয়েহে আমি অনুভৱ কৰোঁ যে আগন্তুক অসমৰ মেধাবী প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত কৰা স্বাৰ্থতেই এই কেলেংকাৰিৰ এক নিৰ্মোহ বিশ্লেষণৰ প্ৰয়োজন আজি তাৰিখত নিশ্চয়কৈ আছে । আম