অসম লোকসেৱা আয়োগৰ দূৰ্নীতি আৰু আমাৰ সমাজ ব্যৱস্থা ( নিয়মীয়া বাৰ্তাত প্ৰকাশিত)




অসম লোকসেৱা আয়োগৰ দূৰ্নীতি আৰু আমাৰ সমাজ ব্যৱস্থা
ড° বিজয় কৃষ্ণ চেতিয়া
ভূতত্ত্ববিদ
শিৱসাগৰ,অসম।
যোগাযোগ নম্বৰ ৯৯৫৪২-৫৩৫৫৩

শেহতীয়াকৈ অসম লোকসেৱা আয়োগৰ কেলেংকাৰিৰ তদন্তই এক বিশেষ গতি লাভ কৰিছে বুলি আমি ব্যক্তিগতভাৱে অনুভৱ কৰিছোঁ কাৰণ ইতিমধ্যে ২৫ জন ৰাজপত্ৰিত চৰকাৰী বিষয়াক জেৰা বাবে অসম আৰক্ষীৰ তদন্ত গোটে চমন জাৰি কৰিছে। আমাৰ দৃষ্টিত এই বিষয়টো সাম্প্ৰতিক অসমৰ শৈক্ষিক, সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ।
আমি ব্যক্তিগত বিশ্বাস কৰোঁ যে অসম লোক সেৱা আয়োগে অসমৰ জাতীয় জীৱনৰ সামাজিক, অৰ্থনৈতিক আৰু শৈক্ষিক মান উন্নত কৰাৰ স্বাৰ্থত জনগণৰ বিভিন্ন সেৱাৰ বাবে প্ৰয়োজনীয় বিষয়া সকলক অসমৰ মেধাবী ছাত্ৰসকলৰ মাজৰ পৰা এক পৰীক্ষা ব্যৱস্থাৰে নিৰ্বাচিত কৰে, কিন্তু শেহতীয়াকৈ আয়োগৰ কেলেংকাৰিৰ এই তদন্ত প্ৰক্ৰিয়াই আয়োগৰ “মেধা নিৰ্ব্বাচন” প্ৰক্ৰিয়াত জড়িত হৈ থকা বৃহৎ অৰ্থনৈতিক আৰু ৰাজনৈতিক ভণ্ডামীক ইতিমধ্যেই স্পষ্ট কৰিছে। আৰু সেয়েহে আমি অনুভৱ কৰোঁ যে আগন্তুক অসমৰ মেধাবী প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত কৰা স্বাৰ্থতেই এই কেলেংকাৰিৰ এক নিৰ্মোহ বিশ্লেষণৰ প্ৰয়োজন আজি তাৰিখত নিশ্চয়কৈ আছে ।

আমি যদি আমাৰ সূক্ষ্ম জ্ঞানৰে এই কেলেংকাৰিৰ আৰম্ভণি পৰা এতিয়া লৈকে হোৱা তদন্ত-ক্ৰমৰ বিশ্লেষণৰ প্ৰয়াস কৰোঁ, তেন্তে তলত উল্লেখ কৰা বিষয় দুটা আমাৰ ব্যক্তিগত বিবেচনাৰে অতি গুৰুত্বপূৰ্ণ বুলি অনুভৱ কৰোঁ,

ক। সাম্প্ৰতিক সময়ৰ অসমত চৰকাৰী চাকৰি বাবে ৰাজনৈতিক শক্তিৰ প্ৰয়োজন

বৰ্তমান সময়ত অসম লোক সেৱা আয়োগৰ কেলেংকাৰিৰ তদন্তৰ জেৰা বাবে চমন লাভ কৰা বহু কেউজন ৰাজপত্ৰিত চৰকাৰী বিষয়া ৰাজনৈতিক ভাৱে যে বিৰাটেই শক্তিশালী সেই কথা ইতিমধ্যেই স্পষ্ট হৈছে আৰু এই কথাই লগতে এই কথাও স্পষ্ট কৰে যে এই বিষয়াসকলৰ জনসেৱাৰ যি প্ৰৱণতা তাক শক্তিশালীভাৱে প্ৰভাম্বিত কৰিছিল তেওঁলোকে বিভিন্ন প্ৰকাৰে লাভ কৰা বৃহৎ ৰাজনৈতিক আৰ্শীবাদে। সেয়েহে এনে ৰাজনৈতিক শক্তিৰ উপস্থিতিত এই তদন্ত প্ৰক্ৰিয়াই কেনে গতি লাভ কৰিব সি আমাৰ বাবে নিশ্চয়কৈ এক সংশয়ৰ কাৰণ। তেনেক্ষেত্ৰত অসমৰ বৰ্তমানৰ পৰিৱৰ্তনকামী চৰকাৰখনে অসমৰ ৰাইজক বিশেষকৈ নৱপ্ৰজন্মক এটা কথাত আশ্বস্ত কৰা প্ৰয়োজন আছে যে এই তদন্ত প্ৰক্ৰিয়া ৰাজনৈতিকভাৱে প্ৰভাম্বিত নহয় আৰু আমি বিশ্বাস কৰোঁ যে এনে চিন্তাইহে চৰকাৰৰ প্ৰতি ৰাইজৰ বিশ্বাস অটুত ৰখাত ও বৃদ্ধি কৰাত সহায় কৰিব।
সাম্প্ৰতিক সময়ত অসমত চৰকাৰী চাকৰি ৰাজনীতিকৰণৰ যি বাতাবৰণৰ সৃষ্টি হৈছে ই নিশ্চয়কৈ অসমীয়া জাতীয় জীৱনৰ বাবে এক চিন্তাৰ বিষয় আৰু এই চিন্তাৰ ভয়াবহতাক আমি তলত দুই ধৰণেৰে প্ৰকাশ কৰা প্ৰয়াস কৰিছোঁ,

১। অৰাজনৈতিক মেধা সকলে অসুৰক্ষিত অনুভৱ কৰিব বা কৰা এক পৰিৱেশ ইতিমধ্যে অসমত সৃষ্টি হৈছে। উপৰোক্ত কেলেংকাৰিকে উদাহৰণ হিচাপে ধৰি লৈ আমি এই বিষয়টো এনেদৰে বিশ্লেষণ প্ৰয়াস কৰিছোঁ; যদিহে আমি ধৰি লওঁ বৰ্তমান লৈকে তদন্ত আওতালৈ অনা সকলৰ ১০% ও দোষী সাব্যস্ত হয় তেন্তে ইয়াৰ দ্বাৰাও এটা কথা স্পষ্টকৈ প্ৰতিফলিত হব যে অসমৰ ১০% মেধাবী ছাত্ৰক বঞ্চিত কৰি এচাম দূৰ্নীতিৰ প্ৰতি আকৃষ্ট ছাত্ৰৰ ভৱিষ্যত ৰাজনৈতিক হেচাঁ বা অৰ্থনৈতিক লোভত সুৰক্ষিত কৰা হৈছিল। আমি ভাৱো ই নিশ্চয়কৈ সমাজ পৰিৱৰ্তনৰ পৰিপন্থী।
২। দ্বিতীয়তে বহু সময়ত অৰাজনৈতিক মেধাবী সকলে নিজকে অৰ্থনৈতিক ভাৱে সুৰক্ষিত কৰা স্বাৰ্থত ৰাজনৈতিক দালাল চক্ৰ দ্বাৰা প্ৰতাৰিত হব পাৰে বা হৈ আছে আৰু আমাৰ বিবেচনাত এনে ব্যৱস্থাই অসমৰ শৈক্ষিক ক্ষেত্ৰখনক বাৰুকৈয়ে প্ৰদূষিত কৰিছে। গতিকে এই দালালি প্ৰক্ৰিয়াও অসমৰ জাতীয় জীৱনৰ সুৰক্ষা স্বাৰ্থত অনতিপলমে বন্ধ হব লাগে ।


খ/ দূৰ্নীতিৰ প্ৰতি অসমীয়া সমাজ ব্যৱস্থাৰ বিশেষ শ্ৰেনীৰ আকৰ্ষণ

ওপৰত আলোচনা কৰা অসম লোক সেৱা আয়োগৰ কেলেংকাৰিক সূক্ষ্মভাৱে মন কৰিলে আমি এটা স্পষ্টকৈ দেখা পাওঁ, সেইয়া হ’ল সাম্প্ৰতিক সময়ত অসমীয়া সমাজৰ এটা অংশৰ দূৰ্নীতি প্ৰতি থকা বিশেষ আকৰ্ষণ বা দৰদ। যদিহে আমি ধৰি লওঁ যে ৰাকেশ পালেই এই কেলেংকাৰিৰ মূল অভিযুক্ত, তথাপিও কিন্তু এটা কথা ঠিক যে তেওঁক এই চাকৰি বজাৰ চলাই যাবলৈ সুবিধা কৰি দিয়া, বৃহৎ ধনৰ বিনিময়ত চাকৰি ক্ৰয় কৰা সকল সামাজিক দৃষ্টিকোণৰ কম জগৰীয়া নহয়। আটাইতকৈ চিন্তাৰ বিষয় হ’ল এই যে সমাজৰ এই বিশেষ শ্ৰেনীটোক প্ৰতিনিধিত্ব কৰি আছে আমাৰ সমাজৰ এনে এক অংশই যাৰ গৰিষ্ট সংখ্যাকেই অতি উচ্চ শিক্ষিত অৰ্থাৎ অসমত চৰকাৰী চাকৰিৰ যি ৰাজনীতিকৰণ প্ৰক্ৰিয়া চলি তাক আটাইতকৈ বেছি উৎসাহিত কৰি আহিছে ভোগবাদী ও বস্তুবাদী চিন্তাৰে পৰিপুষ্ট অসমীয়া সমাজৰ এচাম উচ্চ শিক্ষিতই। গতিকে দূৰ্নীতি নিমূলকৰণ প্ৰক্ৰিয়াত এনেধৰণৰ সামাজিক ব্যাধি সমূহক বৈজ্ঞানিক ভাৱে বিশ্লেষণ কৰা প্ৰয়োজন আছে আৰু আমি আশা কৰিম এইক্ষেত্ৰত পৰিৱৰ্তনকামী চৰকাৰে সময়োপযোগী বিশেষ কাৰ্যব্যৱস্থা গ্ৰহন কৰিব।

সদৌ শেষত আমি সাম্প্ৰতিক প্ৰগতিশীল অসমীয়া সমাজত তিনিটা চিন্তাৰ পৰিৱৰ্তন বিচাৰি আজি আমাৰ লেখা ইয়াতে সামৰিব বিচাৰিছোঁ,

ক। চৰকাৰী চাকৰি এটা ওলালেই “লিংক (Link)” আছে নেকি বুলি সুধাৰ প্ৰৱণতাৰ সলনি হওঁক।

খ। চৰকাৰী চাকৰি বাবে ৰাজনৈতিক দালালক ঈশ্বৰ দেখা অসমীয়াৰ সচৰাচৰ দৰিদ্ৰ মানসিক প্ৰৱণতাৰ পৰিৱৰ্তন হওঁক।

গ। সামাজিক মৰ্য্যদাৰ বাবে চৰকাৰী চাকৰিয়ালকে একমাত্ৰ উপযুক্ত বুলি ভৱাৰ সামাজিক প্ৰৱণতা লোপ পাওঁক ।
......................................................................................................

Comments

Popular posts from this blog

“আহোমৰ ঐতিহাসিক সমাজ ব্যৱস্থাৰ মূলত: কৃষিগত চিন্তাৰ আৰু জলব্যৱস্থাৰ বৈজ্ঞানিক বিশ্লেষণ”

ভূ তত্ত্ব শিক্ষাৰ গুৰুত্ব, শৈক্ষিক পৰিক্ৰমা আৰু সংস্থাপনৰ সুবিধা (নিয়মীয়া বাৰ্তাৰ সাপ্তাহিক শিক্ষামূলক বিশেষ পৃষ্ঠা 'শিক্ষা বাৰ্তা')

অৰ্থনৈতিক উন্নয়ন বনাম সাংস্কৃতিক প্ৰদূষণ : বিহুৰ পৰা পূজালৈ এক অৱলোকন