সাম্প্ৰতিক বানৰ সময়ত প্ৰদূষিত জলব্যৱস্থাকলৈ আমাৰ চিন্তা





ড° বিজয় কৃষ্ণ চেতিয়া
ভূতত্ত্ববিদ
শিৱসাগৰ,অসম
যোগাযোগ নম্বৰ ৯৯৫৪২-৫৩৫৫৩


সাম্প্ৰতিক সময়ত বাৰিষাৰ দুটাকৈ প্ৰলয়ংকাৰী বানে অসমৰ জনজীৱনলৈ এক অতি ভয়াবহ অৱস্থা কঢ়িয়াই আনিছে। এই দুই জল মহাপ্ৰলয়ত বৰ্তমান সময়লৈকে লক্ষাধিক জনগন ক্ষতিগ্ৰস্থ হৈছে আৰু অতি দুখজনক ভাৱে ১৫০ ৰ অধিক লোকে মৃত্যুক সাৱটি লৈছে। কিন্তু এই ভয়াবহ দুৰ্যোগৰ সময়ত অসমৰ সৰ্বস্তৰৰ লোকে যি উৎসাহেৰে, নিজস্ব সাৰ্মথ্যৰ দান-বৰঙনিৰে বানপীড়িত সকলৰ প্ৰতি যেনেধৰণৰ সহায় আগবঢ়াইছে, আমাৰ দৃষ্টিত ই অসমৰ মজবুত সামাজিক সম্প্ৰতিৰ এক সুন্দৰ নিৰ্দশন।
এইখিনিতে আমি এক অন্য চিন্তাক প্ৰাসংগিক কৰা প্ৰয়াস কৰিছোঁ। আমি সাম্প্ৰতিক সময়ত অনুভৱ কৰোঁযে ওপৰত উল্লেখ কৰা দৰে মহৎ জনকল্যানমূলক চিন্তা সমূহক অধিক সৰ্বাংগ সুন্দৰভাৱে সজাঁই তোলাৰ স্বাৰ্থত এই মহান চিন্তাসমূহৰ পৰা আমি সততে প্ৰকাশ কৰা আমাৰ আৱেগিক চিন্তা সমূহক কিছু নিলগত ৰাখি এই চিন্তাসমূহৰ লগত কিছু বৈজ্ঞানিক চিন্তাৰ সংযোজন কৰাটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে আৰু এনে বৈজ্ঞানিক চিন্তাৰ সংযোজনৰ দ্বাৰা বানৰ সময়ত বা বানৰ পিছত সৃষ্টি হোৱা ৰোগজনিত ভয়াবহতাক কিছু পৰিমাণে হলেও হ্ৰাস কৰাত সফল হব পৰা যাব বুলি আমি ব্যক্তিগত ভাৱে বিশ্বাস কৰোঁ।
আমাৰ সকলোৰে জ্ঞাত যে বানৰ সময়ত আমাৰ জলব্যৱস্থাটো (water system) বিভিন্ন উৎসৰ পৰা প্ৰদূষিত হৈ পৰে। সাধাৰণতে বানৰ সময়ত বা বানৰ পিছত একমাত্ৰ প্ৰদূষিত জলব্যৱস্থাৰ পানী ব্যৱহাৰ কৰা ফলতেই বানপীড়িত লোক সকল বহু বেমাৰৰ দ্বাৰা আক্ৰান্ত হোৱা দেখা যায়। গতিকে বান সময়ত বা বানৰ পিছত আমি কেনেকৈ প্ৰদূষিত পানী ব্যৱহাৰ নকৰাকৈ থাকিব পাৰো বা প্ৰদূষিত পানী কি কি বৈজ্ঞানিক ব্যৱস্থাৰে শুদ্ধিকৰণ কৰি ব্যৱহাৰৰ উপযোগী কৰি তুলিব পাৰি তাৰ ওপৰত এক বৈজ্ঞানিক আলোচনা কৰাটো সাম্প্ৰতিক সময়ত নিতান্তই আৱশ্যক বুলি আমি ব্যক্তিগতভাৱে অনুভৱ কৰোঁ আৰু সেয়েহে এই বিষয়টোৰ ওপৰত আমাৰ সীমিত জ্ঞানেৰে কিছু আলোচনা তলত আগবঢ়োৱা প্ৰয়াস কৰিলোঁ।
আলোচনাৰ আৰম্ভণিতেই বানপানীৰ সময়ত আমাৰ জলব্যৱস্থাক প্ৰদূষিত কৰা প্ৰধান কাৰক সমূহক তলত উল্লেখ কৰিলোঁ,
ক। ঔদোগিক প্ৰতিষ্ঠানৰ পৰা নিৰ্গত পেলনীয়া পানী,
খ। ৰাসায়নিক প্ৰতিষ্ঠানৰ পৰা নিৰ্গত পেলনীয়া পানী,
গ। বিভিন্ন চিকিৎসা প্ৰতিষ্ঠানৰ পৰা নিৰ্গত পানী থকা পানী,
ঘ। ঘৰুৱা বা ৰাজহুৱা শৌচগাৰৰ পৰা নিৰ্গত বা জমা হৈ থকা
পানী,
ঙ। জীৱ-জন্তুৰ মলত্যাগৰ দ্বাৰা প্ৰদূষিত পানী,
চ। উপৰোক্ত কাৰণ সমূহৰ ওপৰি বানৰ সময়ত পানী প্ৰদূষণ হোৱা এটা প্ৰধান কাৰণ হ’ল বানৰ সময়ৰ শৌচ ব্যৱস্থা (sanitary system) ।

ওপৰত উল্লেখ কৰা বিভিন্ন উৎসৰ নিৰ্গত আৰু জমাহৈ থকা প্ৰদূষিত পানী বানপানীৰ সময়ত আমাৰ পৃষ্ঠীয় (surface) জলব্যৱস্থাৰ পোনপটীয়া সংস্পৰ্শলৈ আহে আৰু পৃষ্ঠীয় জলব্যৱস্থাক প্ৰদূষিত কৰি তোলে। আমি সকলোৱে এটা কথা ভালদৰে জানো যে আমাৰ পৃষ্ঠীয় জলব্যৱস্থা (surface water system) লগত আমাৰ অন্ত:পৃষ্ঠীয় (ground water) জলব্যৱস্থাৰ এক পোনপটীয়া সম্পৰ্ক আছে। ইয়াৰ পৰা এই কথা স্পষ্ট হয় যে, আমাৰ পৃষ্ঠীয় জলব্যৱস্থা প্ৰদূষিত হোৱা লগে লগে আমাৰ অন্ত:পৃষ্ঠীয় জলব্যৱস্থাও প্ৰদূষিত হৈ পৰে।
গতিকে আমি ওপৰত উল্লেখ কৰা জলপ্ৰদূষণৰ মূল উৎস সমূহক বানপানীৰ সময়ত মানসিক (mental) আৰু দৈহিক (physical) দুয়োধৰণৰ আন্ত:গাঁঠনিৰে সুৰক্ষিত কৰা ব্যৱস্থা গ্ৰহন কৰাটো অতিকৈ জৰুৰী। এইখিনিতে উপৰোক্ত বিষয়ত মানসিক আৰু দৈহিক আন্ত:গাঁঠনি বুলিলে আমিনো কি বুজাব বিচাৰিছোঁ তাক সংক্ষেপে তলত উল্লেখ কৰিলোঁ,
ক।মানসিকআন্ত:গাঁঠনি: এই আন্ত:গাঁঠনিক ব্যৱস্থাত বানপানীৰ সময়ত জলপ্ৰদূষণৰ পৰা কেনেকৈ হাত সাৰিব পাৰি সেই বিষয়ে জনগণক সজাগ আৰু সচেতন কৰা লগতে বানপানীৰ সময়ত প্ৰদূষিত জলব্যৱস্থাৰ লগতে কেনেদৰে বৈজ্ঞানিক চিন্তাৰে মোকাবিলা কৰিব পাৰি সেই বিষয়ে জনগণক মানসিক সৱল কৰা পৰিকল্পিত ব্যৱস্থা গ্ৰহন কৰা হয়। ইয়াৰ লগতে বানপানীৰ সময়ত প্ৰদূষিত পানী ব্যৱহাৰ কৰা ফলত হব পৰা বিভিন্ন ৰোগৰ বিষয়েও জনগনক সজাগ কৰাটো এই আন্ত:গাঁঠনিৰ এক প্ৰধান উদ্দেশ্য। সাধাৰণতে বাৰিষাৰ আৰম্ভণিতেই এনে আন্ত:গাঁঠনিৰ প্ৰস্তুতি চৰকাৰী সংশ্লিষ্ট বিভাগ সমূহে গ্ৰহন কৰিব লাগে, প্ৰয়োজনত এই বিষয়ে বান সম্ভাৱনাপূৰ্ণ এলেকাত নিদিষ্ট দিনৰ মূৰে মূৰে সজাগতা শিবিৰ অনুষ্ঠিত কৰাটো চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰিব লাগে ।

এই আন্ত:গাঁঠনি ব্যৱস্থাত সাধাৰণতে চৰকাৰীৰ বিভিন্ন আঁচনি সমূহৰ বিষয়ে জনগণক অৱগত কৰি বানপানী সময়ত লব লগা সাৱধানতা সমূহৰ বিষয়ে জনগণক সজাগ কৰাত প্ৰচাৰ মাধ্যমক (চৰকাৰী আৰু বেচৰকাৰী দুয়োটা)বিশেষভাৱে গুৰুত্ব দিয়া হয়। আমি বিশ্বাস কৰোঁ যে বৰ্তমান সময়ত এই ক্ষেত্ৰত ছচিয়েল মিডিয়াইও এক বিশেষ ভূমিকা গ্ৰহন কৰিব পাৰে আৰু ইয়াৰ লগতে বেচৰকাৰী সামজিক সংস্থা সমূহেও ৰাইজক সজাগ ও সচেতন (awareness) কৰা ক্ষেত্ৰত অগ্ৰনী ভূমিকা লব পাৰে আমি ব্যক্তিগত ভাৱে বিশ্বাস কৰোঁ।
খ।দৈহিকআন্ত:গাঁঠনি: এই আন্ত:গাঁঠনি ব্যৱস্থাত আলোচনাৰ আৰম্ভণিতে উল্লেখ কৰা জলপ্ৰদূষণৰ মূল কাৰক সমূহক জলব্যৱস্থাৰ সংস্পৰ্শৰ পৰা আঁতৰত ৰখা ব্যৱস্থা কৰা হয়। এই ব্যৱস্থাত তিনিধৰণৰ চিন্তাক গুৰুত্ব দিয়াটো অতিকৈ প্ৰয়োজন,

ক। বাৰিষা দিনত ঔদ্যোগিক প্ৰতিষ্ঠান, ৰাসায়নিক প্ৰতিষ্ঠান, চিকিৎসা প্ৰতিষ্ঠানৰ প্ৰদূষিত পেলনীয়া পানী যাতে বৰষুণৰ পানী বা বানৰ সহায়ত আমাৰ মুক্ত জলব্যৱস্থা সংস্পৰ্শলৈ (জান, জুৰী , নদী ইত্যাদি)নাহে তাৰ প্ৰতি চৰকাৰী সংশ্লিষ্ট বিভাগ অৰ্থাৎ প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগে কাঢ়া নজৰ ৰাখিব লাগে। এইক্ষেত্ৰত ঔদ্যোগিক প্ৰতিষ্ঠান, ৰাসায়নিক প্ৰতিষ্ঠান আৰু চিকিৎসা প্ৰতিষ্ঠান (চৰকাৰী আৰু বেচৰকাৰী) সমূহে নিজৰ উৎপাদিত প্ৰদূষিত পেলনীয়া পানী নিষ্কাসনৰ বাবে কেনেধৰণৰ ব্যৱস্থাপনা ব্যৱস্থা গ্ৰহন কৰিছে তাক সুনিশ্চিত কৰা লগতে এই প্ৰদূষিত পানীৰ শুদ্ধিকৰণ প্ৰক্ৰিয়াত চৰকাৰী নিয়মাৱলী মানি চলা হৈছে নে নাই তাকোও সুনিশ্চিত কৰিবলৈ কঠোৰ চৰকাৰী নীৰিক্ষণ ব্যৱস্থা প্ৰৱৰ্তন কৰাটো অতিকৈ জৰুৰী বুলি আমি ব্যক্তিগত অনুভৱ কৰোঁ।

খ। দ্বিতীয়তে, বাৰিষা সময়ত বান সম্ভাৱনাপূৰ্ণ অঞ্চল সমূহত চৰকাৰী জলব্যৱস্থাৰ লগতে ঘৰুৱা জলব্যৱস্থাৰ উৎস সমূহক ওখ বান্ধেৰে সুৰক্ষিত কৰা ব্যৱস্থা কৰিব লাগে যাতে বানৰ সময়ত এইসমূহ পোনপটীয়াকৈ প্ৰদূষিত পানীৰ সংস্পৰ্শলৈ নাহে।

গ। তৃতীয়তে, ৰাজহুৱা আৰু ঘৰুৱা বৈজ্ঞানিক শৌচালয় ব্যৱস্থা সুনিশ্চিত কৰা। বিশেষকৈ বানৰ সময়ত বানপীড়িত সকলক আশ্ৰয় প্ৰদান কৰা স্থান সমূহত বৈজ্ঞানিক শৌচালয় ব্যৱস্থা সুনিশ্চিত কৰিব লাগে। এই ক্ষেত্ৰত আশ্ৰয় শিবিৰৰ স্থান সমূহ আগতীয়াকৈ চিনাক্ত কৰি উপযুক্ত ব্যৱস্থা গ্ৰহন কৰিব লাগে লগতে অস্থায়ী শিবিৰ সমূহতও আধুনিক বিজ্ঞানসন্মত অস্থায়ী শৌচাগাৰ প্ৰয়োগৰ ব্যৱস্থা কৰিব পৰা আগতীয়া পৰিকল্পনা কৰিব লাগে।

আন্ত:গাঁঠনিমূলক চিন্তাক ইমানতে সামৰি, আমি এতিয়া বানৰ সময়ত পানীৰ বাবে হোৱা বেমাৰ(Water-borne disease) ৰ বিষয়ে আৰু এই বেমাৰৰ পৰা হাত সাৰিবলৈ গ্ৰহন কৰিব পৰা সহজ জলবিশুদ্ধীকৰণ ব্যৱস্থা বিষয়ে সংক্ষেপে আলোচনা কৰিব বিচাৰিছোঁ।

World Health Organisation তথ্যমতে বানৰ সময়ত পানীৰ দ্বাৰা সংক্ৰমণ হোৱা (Water-borne disease) বেমাৰৰ ভিতৰত টাইফয়েদ, কলেৰা, লেপ্ট’স্পাইৰ’ছিচ, হেপাটাইটিছ -A আদিয়েই প্ৰধান। এই বেমাৰ সমূহৰ লক্ষণবোৰৰ তলত চমুকৈ আলোচনা কৰিলোঁ,

১। টাইফয়েদ (typhoid): ই এক বেক্টেৰিয়া জনিত ৰোগ। ইয়াৰ প্ৰধান লক্ষণসমূহ হ’ল তীব্ৰ জ্বৰ, মূৰৰ বিষ, গা দূৰ্বল হোৱা, পেটৰ বিষ । ইয়াৰ বাহিৰেও অতি গুৰুত্ব অৱস্থাত বমি আৰু ডায়েৰাওহোৱা দেখা যায়।
২। কলেৰা (Cholera): ইও এক বেক্টেৰিয়া জনিত ৰোগ। ইয়াৰ প্ৰধান লক্ষণসমূহ ভিতৰত ডায়েৰীয়া আৰু অত্যাধিক হাৰত বমিয়েই প্ৰধান।
৩। লেপ্ট’স্পাইৰ’ছিচ (Leptospirosis): লেপ্ট’স্পাইৰ’ছিচও এক বেক্টেৰিয়া জনিত বেমাৰ। এই বেমাৰৰপ্ৰধান লক্ষণ সমূহ হ’ল অতিমাত্ৰা জ্বৰ, মূৰৰ বিষ আৰু অতিমাত্ৰা ঠাণ্ডা অনুভৱ কৰা।
৪। হেপাটাইটিছ -A (Hepatitis A): এই বেমাৰ Hepatitis A নামৰ এক ভাইৰাছৰ আক্ৰমণৰ বাবে হয় আৰু ই দেহৰ যকৃৎ অংশক দুৰ্বল কৰি পেলায়। এই ৰোগৰ প্ৰধান লক্ষণ সমূহ হ’ল কম বেচি পৰিমাণৰ জ্বৰ, শৰীৰ দুৰ্বল অনুভৱ , ভোকৰ প্ৰতি অনীহা, পেসাৱৰ বৰণ গাঢ় হোৱা, গাত জণ্ডিচৰ লক্ষণ দেখা দিয়া যেনে, গা বৰণ হালধীয়া হোৱা আৰু চকুৰ বৰণ ঢেলা হোৱা।
এই খিনিতে উল্লেখ কৰা ভাল হব যে যিহেতু আমি চিকিৎসা বিজ্ঞানৰ ছাত্ৰ নহয় বা স্বাস্থ্য বিভাগৰ কৰ্মী নহয়, উপৰোক্ত বেমাৰৰ তথ্যসমূহ আমি বিভিন্ন চিকিৎসা বিজ্ঞানৰ পত্ৰিকা পৰা সংগ্ৰহ কৰা, গতিকে এই তথ্যসমূহ আমাৰ সীমিত জ্ঞানে উপস্থাপন কৰোতে কৰ’বাত ভুল হব পাৰে, তেনে ভুল বিশেষজ্ঞমহলে আঙুলিয়াই দিলে এই লেখকৰ লগতে ৰাইজও বহু পৰিমাণে উপকৃত হব বুলি ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ। ইয়াৰ লগতে আমি পঢ়ুৱৈ সমাজকো অনুৰোধ কৰোঁ যে ওপৰত উল্লেখ কৰা যি কোনো ধৰণৰ বেমাৰৰ লক্ষণ শৰীৰত দেখা দিলে অনতিপলমে নিকটতম স্বাস্থ্যকেন্দ্ৰৰ লগত যোগাযোগ কৰক।

এতিয়া বানৰ সময়ত বা বানৰ পিছত কেনেকৈ আমি ব্যৱহাৰ কৰা পানী বিশুদ্ধ কৰিব পাৰি সেই বিষয়ে আমাৰ সীমিত জ্ঞানেৰে সংক্ষেপে কিছু আলোচনা কৰিব বিচাৰিছোঁ।
বানৰ সময়ত বা বানৰ পিছত সাধাৰণতেই চৰকাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগে বিভিন্ন পৰীক্ষাৰ দ্বাৰা খোৱা পানীৰ গুনাগুণ নিৰূপণৰ কৰে আৰু সেইসমূহৰ ভিতৰত chlorination, pH আৰু turbidity পৰীক্ষাই প্ৰধান। এই পৰীক্ষা সমূহৰ ফলাফলৰ ভিত্তিতেই সাধাৰণতে বিভিন্ন খোৱা পানী বিশুদ্ধকৰণৰ পদ্ধতি সমূহ প্ৰয়োগ কৰা হয় আৰু ইয়াৰে কিছু পদ্ধতিৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা প্ৰয়াস কৰিলোঁ,

ক। পানীৰ উতলাই ব্যৱহাৰ কৰা: বানৰ সময়ত পানী উতলাই ঠাণ্ডা কৰি ব্যৱহাৰ কৰা ব্যৱস্থাই হৈছে খোৱা পানী বিশুদ্ধীকৰণৰ সহজ বৈজ্ঞানিক উপায়। সাধাৰণতেই ৬০০চেণ্টিগ্ৰেডত তাপত সকলো ধৰণৰ বেক্টেৰিয়া বা ভাইৰাছেই ধ্বংস হয়, কিন্তু এনে কিছু বেক্টেৰিয়া বা ভাইৰাছ আছে যি সমূহৰ ধ্বংসৰ বাবে অধিক তাপৰ প্ৰয়োজন হয়, তেনেক্ষেত্ৰত পানী গৰম কৰিব বাবে আমি ঘৰুৱা প্ৰেছাৰ কুকাৰ ব্যৱহাৰ কৰিব পাৰোঁ।
খ। ব্লিছ (Bleach) ব্যৱহাৰ: সাধাৰণতে দুই ধৰণৰ ব্লিছ খোৱাপানী বিশুদ্ধকৰণৰ বাবে ব্যৱহাৰ কৰা হয়, এবিধ হ’ল calcium hypochlorite (Ca[OCl]2) আৰু আনবিধ হ’ল sodium hypochlorite (NaOCl)। এই দুইবিধ ব্লিছএ বজাৰত উপলব্ধ আৰু এই দুয়োবিধ ব্লিছ খোৱা পানীত ব্যৱহাৰ কৰা ক্ষেত্ৰত কিছু নিদিষ্ট নিয়মাৱলী আছে, উদাহৰণস্বৰূপে ব্লিছ ব্যৱহাৰ কৰা নিদিষ্ট সময়ৰ পিছতে পানী খাবৰ ব্যৱহাৰ কৰা উচিত।
গ। ক্ল’ৰিণ টেবলেট (Chlorine Tablet) ৰ ব্যৱহাৰ: ক্ল’ৰিণ টেবলেটক ৰাসায়ন বিজ্ঞানৰ ভাষাত Sodium dichloroisocyanurate or Troclosene Sodium বুলি জনা যায় আৰু ইয়াক সাধাৰণতে NaDCC হিচাপে জনা যায়। এই ক্ল’ৰিণ টেবলেটক দুৰ্যোগৰ সময়ত খোৱা পানী বিশুদ্ধকৰণৰ বাবে UNICEF আদিকে ধৰি বিভিন্ন বেচৰকাৰী সমাজসেৱী সংস্থাই বহুলভাৱে ব্যৱহাৰ কৰে।
ঘ। আয়’ডিনৰ ব্যৱহাৰ: খোৱা পানী বিশুদ্ব বাবে আয়’ডিনৰ দানা বা টেবলেট ব্যৱহাৰ কৰা হয়। কিন্তু এনে ধৰণৰ ৰাসায়নিক ব্যৱস্থাৰ দ্বাৰা খোৱা পানী বিশুদ্ধ কৰিব যাওঁতে জন স্বাস্থ্য বিভাগৰ বা স্বাস্থ্য বিভাগৰ পৰামৰ্শ গ্ৰহন কৰা উচিত, কিয়নো বহুক্ষেত্ৰত এনে ৰাসায়নিক পদাৰ্থ ব্যৱহাৰৰ ফলত শৰীৰত পাৰ্শ্ব-ক্ৰিয়াও সৃষ্টি হব পাৰে।

এতিয়া আলোচনাটিৰ শেষত আমি আমাৰ লেখাটিৰ মূল উদ্দেশ্যক পুনৰ বাৰ দোহাৰিব বিচাৰোঁ আৰু সেইয়া হ’ল, বানৰ সময়ত বানাক্ৰান্তক সহায় কৰিবলৈ আমি যেনে উৎসাহেৰে আগবাঢ়ি আহিছোঁ তেনেদৰে বানৰ পিছত বানাক্ৰান্তই ভোগা বিভিন্ন বেমাৰক প্ৰতিহত কৰিবলৈও বৈজ্ঞানিক চিন্তাৰে আগবঢ়া অহাটো বৰ্তমান সাম্প্ৰতিক সময়ত অতিকৈ জৰুৰী বুলি আমি ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ। আৰু আমাৰ বিবেচনাত এনে ধৰণৰ সামাজিক-বৈজ্ঞানিক (Socio-Scientific) চিন্তা সমূহৰ পৰিকল্পনা বাৰিষা আগতেই প্ৰস্তুত কৰি উলিয়াব লাগে আৰু এইক্ষেত্ৰত চৰকাৰী ব্যৱস্থাক বেচৰকাৰী সামাজিক সংস্থা সমূহে প্ৰয়োজনীয় সহায় সহযোগিতাৰ লগতে দিহা-পৰামৰ্শও আগবঢ়াব লাগে।
সদৌ শেষত প্ৰতিটো প্ৰাকৃতিক দুৰ্যোগৰ সময়ত, সজাগতা, সহযোগিতা আৰু সহপৰিকল্পনা আশা কৰি আজি লেখা ইয়াতে সামৰিলোঁ।
……………………………………………………………………………………

Comments

Popular posts from this blog

“আহোমৰ ঐতিহাসিক সমাজ ব্যৱস্থাৰ মূলত: কৃষিগত চিন্তাৰ আৰু জলব্যৱস্থাৰ বৈজ্ঞানিক বিশ্লেষণ”

ভূ তত্ত্ব শিক্ষাৰ গুৰুত্ব, শৈক্ষিক পৰিক্ৰমা আৰু সংস্থাপনৰ সুবিধা (নিয়মীয়া বাৰ্তাৰ সাপ্তাহিক শিক্ষামূলক বিশেষ পৃষ্ঠা 'শিক্ষা বাৰ্তা')

বিৰ্তকত “বিহু”, সাংস্কৃতিক প্ৰদূষণ আৰু ৰেহেনা খিচগিৰ চিন্তা