Posts

Showing posts from March, 2017

ভূ-ৰাজনৈতিক প্ৰসংগত ভাৰত মহাসাগৰ (সাদিন, ৩১/০৩/২০১৭)

Image
সাম্প্ৰতিক সময়ত বিশ্ব বানিজ্য ক্ষেত্ৰত ভাৰত মহাসাগৰৰ গুৰুত্ব অভাৱনীয়ভাৱে বৃদ্ধি পাইছে, এক প্ৰকাৰে ক’বলৈ গ’লে বৰ্তমান সময়ত বিশ্বৰ বানিজ্যৰ ধাৰা প্ৰশান্ত মহাসাগৰৰ পৰা ভাৰত মহাসাগৰলৈ অতি ক্ষিপ্ৰ গতিৰে গতিমান হৈছে। বিশ্ব বানিজ্যত ভাৰত মহাসাগৰৰ গুৰুত্ব বৃদ্ধিত আমাৰ দৃষ্টিত দুই কাৰকে সহায় কৰিছে, ক। ইউৰোপ আৰু এছিয়াৰ মাজত পোনপটীয়া যোগাযোগত ভাৰত মহাসাগৰৰ গুৰুত্ব । খ। বিশ্ব-বানিজ্যৰ ৰপ্তানী আৰু আমদানি ব্যৱসায়ৰ প্ৰায় আধা অংশৰ কেন্দ্ৰই হ’ল ভাৰত মহাসাগৰ । আটাইতকৈ উল্লেখযোগ্য কথাটো হ’ল বিশ্বৰ পেট্ৰলিয়াম বানিজ্যৰ প্ৰায় ৭০% ই নিয়ন্ত্ৰিত হয় ভাৰত মহাসাগৰৰ পৰা আৰু আমি অনুভৱ কৰোঁ এই কাৰকে ভাৰত মহাসাগৰৰ বানিজ্যিক গুৰুত্বক বৃদ্ধি কৰাত মুখ্য ভূমিকা পালন কৰিছে। ভাৰত মহাসাগৰৰ বানিজ্যিক গুৰুত্ব বাঢ়ি যোৱা লগে লগে কিন্তু এই বিশাল জলৰাশিৰ লগত জড়িত দেশসমূহৰ মাজত, দেশীয় বানিজ্যৰ প্ৰসাৰ বা আন্ত:ৰাষ্ট্ৰীয় বজাৰত নিজৰ আধিপত্য বিস্তাৰৰ বাবে এই জলৰাশি ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ এক তুমুল প্ৰতিযোগিতা আৰম্ভ হৈছে। এই ক্ষেত্ৰত চীনৰ লগতে আন দুই উন্নয়ণশীল বৃত্তীয় শক্তি ভাৰত আৰু পূৰ্ব –আফ্ৰিকাই মুখ্য ভূমিকা গ্ৰহন ক

২২ মাৰ্চ বিশ্ব জল দিৱস: এইবাৰৰ চিন্তা পেলনীয়া পানীৰ ব্যৱস্থাপনা (Waste Water Management)

Image
২২ মাৰ্চ বিশ্ব জল দিৱস: এইবাৰৰ চিন্তা পেলনীয়া পানীৰ ব্যৱস্থাপনা (Waste Water Management) “পানীয়ে প্ৰানীৰ প্ৰাণ” ২২ মাৰ্চ বিশ্বৰ জল দিৱস(World Water Day)। ১৯৯৩ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে (General Assembly) ২২ মাৰ্চ দিনটো বিশ্বৰ জল দিৱসৰূপে উদযাপন কৰা সিদ্ধান্ত গ্ৰহন কৰে আৰু তেতিয়াৰে পৰা প্ৰতি বছৰৰ ২২ মাৰ্চ দিনটো সমগ্ৰ বিশ্বতে বিশ্বৰ জল দিৱসৰূপে (World Water Day) উদযাপন কৰা হয়। সাম্প্ৰতিক সময়ৰ বিশ্বৰ জলব্যৱস্থালৈ মন কৰিলে আমি দেখিম যে আজি তাৰিখতও বিশ্বৰ প্ৰায় ৬৬৩ কোটি জনতাই নিজৰ ঘৰৰ কাষত এক নিৰাপদ জল ব্যৱস্থা বাবে হাহাকাৰ কৰি আছে নতুবা জীৱনৰ সৰহ সংখ্যাক মূল্যৱান সময় এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে শাৰী পাতি নষ্ট কৰিছে।ইয়াৰ ওপৰিও প্ৰদূষিত পানী সেৱন কৰি নিজৰ দেহত অজস্ৰ বেমাৰৰ উৎস কঢ়িয়াই ফূৰিছে। উপৰোক্ত বিষয়বোৰকলৈ বিশ্বৰ সমাজ বিজ্ঞানীসকল চিন্তিত হোৱাটো নিশ্চয়কৈ কোনো আচৰিত কথা নহয়, কিয়নো যিখন পৃথিৱীত “পানীয়ে প্ৰানীৰ প্ৰাণ” বুলি কোৱা হয় সেই একেখন পৃথিৱীতে কোটি কোটি জনতাই আজিও এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে।আমি বিশ্বাস কৰোঁ এনে চিন্তাৰ পৰিপেক্ষতেই ২০১৫চনত ৰাষ্ট

প্ৰতিবাদৰ শেষ ভাষা বন্ধ কিয়? (নিয়মীয়া বাৰ্তা ১৬ জুলাই, ২০১৬)

প্ৰতিবাদৰ শেষ ভাষা বন্ধ কিয়? অসমত এতিয়া সৰ্বপ্ৰান্তত প্ৰতিবাদৰ জোৱাৰ উঠিছে, ভৱা হৈছে প্ৰতিবাদে অধিকাৰ সাব্যস্তৰ শেষ অস্ত্ৰ। তেনে প্ৰেক্ষাপটত আমি বিশ্বাস কৰো, প্ৰতিটো প্ৰতিবাদ আগুৱাই নিবলৈ বা প্ৰতিটো প্ৰতিবাদৰ সফল সমাপ্তিৰ বাবে প্ৰতিবাদৰ উৎস (origin)ৰ ওপৰত বিস্তৃত সময়োপযোগী , যুক্তিনিষ্ঠ আৰু বিজ্ঞানসন্মত চিন্তাৰ অতিকৈ প্ৰয়োজন আছে। অসমৰ দৰে এখন অৰ্থনৈতিক ভাৱে জুৰুলা ৰাজ্যত বন্ধই কেনে প্ৰভাৱ পেলাই সি সৰ্বজনবিদীত, তথাপিও আজিও বন্ধ আমাৰ প্ৰিয়। প্ৰতিবাদৰ প্ৰতি সহাঁৰি জনাই বন্ধ উদযাপন কৰা ৰাইজে কিন্তু প্ৰতিবাদৰ শেষ সমাপ্তিৰ প্ৰতিও চকু ৰখাটো খুবেই প্ৰয়োজন। এদিনৰ বাবে অসম বন্ধ বা অসমৰ কোনো এখন জিলাৰ বন্ধই ৰাজ্য খনৰ অৰ্থনৈতিক ব্যৱস্থাত কেনে প্ৰ্ভাৱ পেলাই তাৰ খতিয়ান বহু সময়ত বহুজনে দি থৈছে, গতিকে ইয়াক নতুনকৈ উল্লেখ কৰা প্ৰয়োজনবোধ আজি আমি আকৌ কৰা নাই। কিন্তু আজিৰ চিন্তাৰ বিষয় হ’ল বন্ধই আটাইতকৈ বেছি ক্ষতি কাক কৰে আৰু যাৰ স্বাৰ্থত আমি এই বন্ধবোৰ উদযাপন কৰো তেওঁলোক এই বিষয়লৈ সজাগ নে? আমাৰ দৃষ্টিত বন্ধই আটাইতকৈ বেছি ক্ষতি কৰে সমাজৰ খাটি খোৱা, ৰিক্সাচালক, ঠেলাচালক আৰু দিন হাজিৰা কৰা সাধাৰণ শ্ৰ

দেৱশিশু, ভালখবৰ আৰু আমাৰ চিন্তা

আজি অৰ্থাৎ ০৭।০৩।২০১৭ তাৰিখৰ সকলো দৈনিক কাকততে প্ৰকাশ পোৱা বা সকলোৰে দৃষ্টি আকৰ্ষণ কৰা মুখ্য বাতৰিটো আছিল প্ৰধানমন্ত্ৰী মহোদয়ৰ বিশেষ হস্তক্ষেপত অসমৰ এটি শিশুৰ জীৱন ৰক্ষা পৰা, যাক ইতিমধ্যে "দেৱশিশু" নামৰে নামাকৰণ কৰা হৈছে। এইক্ষেত্ৰত প্ৰধানমন্ত্ৰী মহোদয়ক এজন অসমীয়া হিচাপে আন্তৰিক ধন্যবাদ জ্ঞাপন নকৰা প্ৰশ্নই উঠিব নোৱাৰে বা তেওঁ প্ৰদৰ্শন কৰা মহানুৱতাক শ্ৰদ্ধা নকৰাও প্ৰশ্ন উঠিব নোৱাৰে। কিন্তু কিয় নাজানো এই দেৱশিশুক লৈ হোৱা হৈ চৈয়ে আমাৰ মনত কিছু প্ৰশ্ন উত্থাপন কৰিলে, ক। দেৱশিশুক কিয় চিকিৎসাৰ বাবে দিল্লীলৈ নিব লগা হ'ল ? খ। এনেদৰে দিল্লীলৈ চিকিৎসাৰ ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অনা প্ৰতিটো দেৱশিশুক " গ্ৰীন কৰিড'ৰ " ব্যৱস্থা প্ৰদান কৰাটো সম্ভৱ নে? এইবিষয়ে চিন্তাচৰ্চা আৰম্ভ কৰোটেই আমাৰ মনলৈ আহিছিল ৰাষ্ট্ৰ সংঘই ২০০০ চনত সুস্থিৰ বিশ্ব উন্নয়ণৰ বাবে ২০১৫ ভিতৰত ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহে আঠটা বিশেষ বিষয়ত গুৰুত্ব দিবলৈ "UN-Millennium Development Goal(MDG)" নামে এক আচঁনি গ্ৰহন বা প্ৰস্তুত কৰিছিল। এই আচঁনিত অন্তভূক্ত আঠটা মুখ্য বিষয়ৰ ভিতৰত ৪নং স্থান পোৱা মু