ভূ-ৰাজনৈতিক প্ৰসংগত ভাৰত মহাসাগৰ (সাদিন, ৩১/০৩/২০১৭)


সাম্প্ৰতিক সময়ত বিশ্ব বানিজ্য ক্ষেত্ৰত ভাৰত মহাসাগৰৰ গুৰুত্ব অভাৱনীয়ভাৱে বৃদ্ধি পাইছে, এক প্ৰকাৰে ক’বলৈ গ’লে বৰ্তমান সময়ত বিশ্বৰ বানিজ্যৰ ধাৰা প্ৰশান্ত মহাসাগৰৰ পৰা ভাৰত মহাসাগৰলৈ অতি ক্ষিপ্ৰ গতিৰে গতিমান হৈছে। বিশ্ব বানিজ্যত ভাৰত মহাসাগৰৰ গুৰুত্ব বৃদ্ধিত আমাৰ দৃষ্টিত দুই কাৰকে সহায় কৰিছে, ক। ইউৰোপ আৰু এছিয়াৰ মাজত পোনপটীয়া যোগাযোগত ভাৰত মহাসাগৰৰ গুৰুত্ব । খ। বিশ্ব-বানিজ্যৰ ৰপ্তানী আৰু আমদানি ব্যৱসায়ৰ প্ৰায় আধা অংশৰ কেন্দ্ৰই হ’ল ভাৰত মহাসাগৰ । আটাইতকৈ উল্লেখযোগ্য কথাটো হ’ল বিশ্বৰ পেট্ৰলিয়াম বানিজ্যৰ প্ৰায় ৭০% ই নিয়ন্ত্ৰিত হয় ভাৰত মহাসাগৰৰ পৰা আৰু আমি অনুভৱ কৰোঁ এই কাৰকে ভাৰত মহাসাগৰৰ বানিজ্যিক গুৰুত্বক বৃদ্ধি কৰাত মুখ্য ভূমিকা পালন কৰিছে। ভাৰত মহাসাগৰৰ বানিজ্যিক গুৰুত্ব বাঢ়ি যোৱা লগে লগে কিন্তু এই বিশাল জলৰাশিৰ লগত জড়িত দেশসমূহৰ মাজত, দেশীয় বানিজ্যৰ প্ৰসাৰ বা আন্ত:ৰাষ্ট্ৰীয় বজাৰত নিজৰ আধিপত্য বিস্তাৰৰ বাবে এই জলৰাশি ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ এক তুমুল প্ৰতিযোগিতা আৰম্ভ হৈছে। এই ক্ষেত্ৰত চীনৰ লগতে আন দুই উন্নয়ণশীল বৃত্তীয় শক্তি ভাৰত আৰু পূৰ্ব –আফ্ৰিকাই মুখ্য ভূমিকা গ্ৰহন কৰিছে আৰু এই কথাক বৰ্তমান সময়ত ভাৰত আৰু চীনে আনদেশৰ মাটিত এই জলৰাশিক কেন্দ্ৰ কৰি গঢ়ি তোলা বানিজ্যিক বন্দৰে অতি স্পষ্ট ৰূপত প্ৰমাণ কৰিছে। ভাৰত মহাসাগৰকলৈ চীন আৰু ভাৰতে গ্ৰহন কৰা কূটনৈতিক আচঁনিৰ বিষয়ে আলোচনা কৰা আগতে, এই জলৰাশিক বিশ্ব বানিজ্যৰ বাবে সুচল কৰি তোলা বিশ্বৰ অতিকৈ ব্যস্ত দুটামান জলব্যৱস্থা বা জলপ্ৰণালীৰ (waterway) বিষয়ে আলোচনা কৰাটো অতিকৈ প্ৰয়োজন বুলি অনুভৱ কৰিছোঁ। ভাৰত মহাসাগৰৰ মূল জল-বানিজ্য পথ বা জল-বানিজ্য প্ৰণালীসমূহ হৈছে, ক। হৰমুজ প্ৰণালী ( Strait of Harmuz) খ। মালাক্কা প্ৰণালী ( Strait of Malacca) গ।বাব-ইল-মান্দেব (Bab-el-mandeb) ঘ।সুন্দা আৰু লম্বুক প্ৰণালী (The Sunda and Lombok Straits) ঙ।মোজাম্বিক জলপথ (The Mozambique Channel) চ। দহ ডিগ্ৰী আৰু ছয় ডিগ্ৰী জলপথ (Ten Degree and Six Degree Channels) ভাৰত মহাসাগৰৰ সাম্প্ৰতিক বানিজ্যিক গুৰুত্ব তথা ইয়াৰ পৰিপ্ৰেক্ষিত গঢ়ি উঠা আন্ত:ৰাষ্ট্ৰীয় কূটনীতি বিষয়ে জানিবলৈ হ’লে উপৰোক্ত জল প্ৰণালীসমূহৰ বিষয়ে কিছু বিতংভাৱে জনাটো খুবেই আৱশ্যক বুলি আমি ব্যক্তিগতভাৱে অনুভৱ কৰোঁ আৰু সেয়হে এইপ্ৰণালীসমূহৰ বিষয়ে তলত কিছু বিতংভাৱে আলোচনা কৰা প্ৰয়াস কৰিলোঁ। ক।হৰমুজ প্ৰণালী: বিশ্বৰ আটাইতকৈ ব্যস্ত আৰু গুৰুত্বপূৰ্ণ প্ৰণালীসমূহৰ ভিতৰৰ এক অন্যতম হ’ল হৰমুজ প্ৰণালী।এই প্ৰণালীয়ে পাৰ্ছিয়ান উপকূল আৰু ওমান উপকূলৰ বৃহৎ তৈলক্ষেত্ৰ সমূহক ভাৰত মহাসাগৰৰ লগত সংযোগ ঘটাইছে। এক তথ্য অনুযায়ী এই প্ৰণালীয়ে পাৰ্ছিয়ান উপকূলৰ প্ৰায় ৮৮% তৈল সম্পদক বিশ্ব বজাৰত মুকলি কৰি দিছে ( এছিয়া, আমেৰিকা আৰু পশ্চিম ইউৰোপত) আৰু এই তেলৰ পৰিমাণ বিশ্ব মুঠ তৈল বজাৰৰ প্ৰায় ২০% হব। গঢ় হিচাপত এই প্ৰণালীত দিনে প্ৰায় ৩০০০ খন মান বানিজ্যিক জাহাজ চলাচল কৰে, যি সমূহৰ সৰহসংখ্যাকে তৈল পৰিবহনত জড়িত।উপৰোক্ত উদাৰহৰণৰ পৰা এই কথা সহজে অনুমান কৰিব পাৰি যে, আন্ত:ৰাষ্ট্ৰীয় তৈল বজাৰৰ বাবে এই প্ৰণালীটো অতিকৈ গুৰুত্বপূৰ্ণ , হঠাৎ এদিনৰ বাবেও এই প্ৰণালীটো যদি বন্ধ হৈ যায় তেন্তে বিশ্ব শক্তিখণ্ডৰ বাবে ই হব এক চুনামিস্বৰূপ। আৰু এই কথাৰ প্ৰতি দৃষ্টি ৰাখি এই প্ৰণালীটোৰ লগত জড়িত দেশসমূহৰ মাজত কূটনৈতিক সমন্বয় অটুত ৰখাটো খুবেই প্ৰয়োজন। কিন্তু এই প্ৰণালীৰ উত্তৰত অৱস্থিত ইৰাণৰ পাৰমানৱিক কাৰ্যসূচীকলৈ ইউৰোপীয় সংঘ আৰু আমেৰিকাই দেশখনৰ প্ৰতি গ্ৰহন কঠোৰ আচৰণ আৰু এইক্ষেত্ৰত ইৰাণে গ্ৰহন কৰা কূটনৈতিক আচৰণে বিশ্ববাসীক কিছুদিনৰ আগলৈকে এই প্ৰণালীৰ ভৱিষ্যতলৈ শংকিত কৰি ৰাখিছিল। কিন্তু শেহতীয়াকৈ ইৰাণ আৰু আমেৰিকাৰ কূটনৈতিক সম্পৰ্ক উন্নত হোৱাত এনে শংকা কিছু পৰিমাণে হ্ৰাস হৈছে বুলি ধাৰণা কৰিব পাৰি। খ। মালাক্কা প্ৰণালী: মালাক্কা প্ৰণালী মালেছিয়া, ছিংগাপুৰ আৰু ইণ্ডোনেছিয়াৰ মাজত অৱস্থিত। এই প্ৰণালীয়ে ভাৰত মহাসাগৰক দক্ষিণ চীন সাগৰ আৰু প্ৰশান্ত মহাসাগৰৰ লগত সংযোগ ঘটাইছে। মালাক্কা প্ৰণালীয়ে বিশ্ব বানিজ্যৰ প্ৰায় ৩০% অংশ দখল কৰি আছে আৰু ইয়াৰ ওপৰিও চীন , জাপান, দক্ষিণ –কোৰিয়া আৰু টাইৱানে আমদানি কৰা তৈল সম্পৰ্দৰ ৮০%ই এই জলপথেদি পৰিবহন কৰা হয়। শেহতীয়াকৈ দক্ষিণ চীন সাগৰৰ তৈল ভাণ্ডাৰক লৈ আৰম্ভ হোৱা কূটনৈতিক যুদ্ধই এই প্ৰণালীক আন্ত:ৰাষ্ট্ৰীয় ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ কৰি তুলিছে। গ।বাব-ইল-মান্দেব : হৰমুজ আৰু মালাক্কা পিছতেই অতি ব্যস্ত বানিজ্যিক জলপথটো হ’ল বাব-ইল-মান্দেব জলপথ। এই জলপথে ভাৰত মহাসাগৰক এডিন উপকূলৰ (Gulf of Aden) সহায়ত “Red Sea” ৰ লগত সংযোগ ঘটাইছে। এই জলপথেদিয়ে ইউৰোপৰ সৰহ সংখ্যাক তেল আমদানি কৰা হয়। কাৰণ এই জলপথেদি পাৰ্ছিয়ান উপকূলৰ পৰা ছুয়েজ-কেনেলৰ যোগেদি তেল পৰিবহনৰ সুবিধা আছে। ঘ।সুন্দা আৰু লম্বুক প্ৰণালী : সুন্দা আৰু লম্বুক প্ৰণালীক ওপৰত উল্লেখ কৰি অহা মালাক্কা প্ৰণালীৰ বিকল্প জলপথ হিচাপে গণ্য কৰা হয়। সুন্দা প্ৰণালীটো ইণ্ডোনেছীয়ান দ্বীপুঞ্জৰ জাভা আৰু সুমাত্ৰা মাজত অৱস্থিত আৰু এই প্ৰণালীয়ে জাভা সাগৰক ভাৰত মহাসাগৰৰ সংযোগ কৰাইছে। এই জলপথটি যথেষ্ট বাম আৰু ঠেক হোৱা বাবে ইয়াক বানিজ্যিক জলপথৰূপে ব্যৱহাৰ কৰাট যথেষ্ট অসুবিধা আছে। আনহাতেদি লম্বুক প্ৰণালী বালি আৰু লম্বুক দ্বীপৰ মাজত অৱস্থিত।এই প্ৰণালীটো যথেষ্ট বহল, দ’ হোৱা বাবে মালাক্কা প্ৰণালীৰ বিকল্প হিচাপে ব্যৱহাৰ কৰা সুবিধা আছে যদিও, এই জলপথ ব্যৱহাৰ কৰিলে পৰিবহনৰ বাবে প্ৰয়োজন হোৱা অতিৰিক্ত দিনৰ বাবে ইয়াক দক্ষিণ পূৰ্ব এছিয়াত মালাক্কাৰ বিকল্পৰূপে এতিয়ালৈকে ব্যৱহাৰ কৰা হোৱা নাই। ঙ। মোজাম্বিক জলপথ: মোজাম্বিক জলপথটো ভাৰত মহাসাগৰৰ অন্যতম গুৰুত্বপূৰ্ণ জলপথ। এই জলপথটো দ্বীপুঞ্জ ৰাষ্ট্ৰ মাদাগাস্কাৰ আৰু দক্ষিণ পূৰ্ব আফ্ৰিকাৰ মাজত অৱস্থিত। এই জলপথৰ দৈৰ্ঘ্য প্ৰায় ১৬০০ কি:মি আৰু ইয়াৰ প্ৰস্থ প্ৰায় ৪০০ পৰা ৯৫০ কি:মি। মোজাম্বিক জলপথে বিশ্বৰ প্ৰায় ৩০% তৈল সম্পৰ্দ পৰিবহন কৰাত সহায় কৰা লগতে দক্ষিণ আফ্ৰিকাৰ জল- বানিজ্যৰ ১০০%ই দখল কৰি আছে। চ। দহ ডিগ্ৰী আৰু ছয় ডিগ্ৰী জলপথ : দহ ডিগ্ৰী আৰু ছয় ডিগ্ৰী জলপথ দুটা ভাৰত মহাসাগৰৰ এনেদুটা জলপথ, যিদুটা বিষুৱ ৰেখাৰ পৰা ক্ৰমে ১০ ডিগ্ৰী আৰু ০৬ ডিগ্ৰী ওপৰত অৱস্থিত। দহ ডিগ্ৰী জলপথটো ভাৰত দ্বীপুঞ্জৰ নিকোবৰ আৰু আন্দামান দ্বীপৰ মাজত অৱস্থিত। ঠিক তেনেদৰে ছয় ডিগ্ৰী জলপথটো ভাৰত দ্বীপুঞ্জৰ নিকোবৰ আৰু ইণ্ডোনেছিয়ান দ্বীপুঞ্জৰ সুমাত্ৰাৰ মাজত অৱস্থিত। যিহেতুকে এই জলপথ দুটাৰ লগত ভাৰতীয় ভূ-খণ্ড জড়িত হৈছে সেয়হে এই জলপথ দুটা ভাৰতীয় কূটনৈতিক দৃষ্টিকোণৰ পৰা খুবেই গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হয়। উপৰোক্ত আলোচনা পৰা এটা কথা অতি সুন্দৰকৈ স্পষ্ট হৈছে যে ভাৰত মহাসাগৰে বিশ্ব তৈল বজাৰত (উৎপাদন আৰু পৰিবহনত) এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আৰু মুখ্যত ইয়াৰ বাবেই আধুনিক বিশ্বৰ বানিজ্য জগতত ইয়াৰ গুৰুত্ব বাঢ়িছে। ভাৰত মহাসাগৰৰ এই তৈল তথা বানিজ্যিক গুৰুত্বক কেন্দ্ৰ কৰি এছিয়াৰ মহাদেশৰ দুই মুখ্য শক্তি চীন আৰু ভাৰতেও ভাৰত মহাসাগৰকলৈ ভিন্ন কূটনৈতিক পৰিকল্পনা প্ৰস্তুত কৰিছে।ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল , ক। চীনে ভাৰত মহাসাগৰৰ পাকিস্তানৰ অংশত গাৱাডা বন্দৰ নিৰ্মান আৰু ইয়াৰ প্ৰত্যুত্তৰত খ। ভাৰতে ভাৰত মহাসাগৰৰ ইৰাণৰ অংশত চাবাহা বন্দৰ নিৰ্মান । উপৰোক্ত কূটনৈতিক পৰিকল্পনাৰ দ্বাৰা এছিয়াৰ দুই মহাশক্তিয়ে ভাৰত মহাসাগৰৰ ওপৰত নিজৰ জল-অধিকাৰ সাব্যস্ত কৰিব বিচাৰিছে সেই কথা স্পষ্ট। ভাৰতে ইৰাণত বন্দৰ নিৰ্মান কৰি ইৰাণৰ লগত মধ্য এছিয়াৰ দেশসমূহ আৰু আফগানিস্তানৰ পোনপটীয়া সংযোগ ঘটাব বিচাৰিছে আৰু ইয়াৰ দ্বাৰা এই দেশসমূহৰ ওপৰত পাকিস্তানে জাহিৰ কৰা কূটনৈতিক আৰু বানিজ্যিক হেচাঁক হ্ৰাস কৰিব বিচৰা হৈছে। আনহাতেদি চীনে পাকিস্তানত নিৰ্মান কৰা বন্দৰকলৈও ভাৰতে নিজা চিন্তা ব্যক্ত কৰিছে। ভাৰতে অভিযোগ কৰামতে, ক।চীনে পাকিস্তানৰ গাৱাডাত বন্দৰ নিৰ্মান কৰি আৰবীয় উপকূল আৰু আফ্ৰিকাৰ পৰা সংগ্ৰহ কৰা তৈল সম্পদ পোনপটীয়াকৈ চীনলৈ পৰিবহন কৰা পৰিকল্পনা কৰিছে। খ। দ্বিতীয়তে, চীনে পিছলৈ গাৱাডা বন্দৰক নিজৰ নৌ সেনাৰ ছাউনীৰূপে ব্যৱহাৰ কৰা পৰিকল্পনা কৰিছে। গ।তৃতীয়তে চীনে এই বন্দৰক ভৱিষ্যতে চীনা ছাবমেৰিণৰ ইন্ধন-ভৰ্তি স্থলৰূপে গঢ়ি তোলাও পৰিকল্পনা কৰিছে। এনেবোৰ অভিযোগ কিমান সঁচা বা কিমান মিছা সেই কথা সময়ে কব, কিন্তু শেহতীয়াকৈ ভাৰত মহাসাগৰৰ প্ৰতি বাঢ়ি অহা আন্ত:ৰাষ্ট্ৰীয় বানিজ্যিক গুৰুত্বক এছিয়াৰ এই দুই মহাশক্তিয়ে কেনে কূটনৈতিক সমন্বয়ে গ্ৰহন কৰে, তাৰ ওপৰতেই দক্ষিণ-পূৰ্ব এছিয়াৰ শান্তি আৰু উন্নয়ণ নিৰ্ভৰ কৰিব বুলি আমি ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ। ………………………………………………………………………………………………………………………………

Comments

Popular posts from this blog

“আহোমৰ ঐতিহাসিক সমাজ ব্যৱস্থাৰ মূলত: কৃষিগত চিন্তাৰ আৰু জলব্যৱস্থাৰ বৈজ্ঞানিক বিশ্লেষণ”

ভূ তত্ত্ব শিক্ষাৰ গুৰুত্ব, শৈক্ষিক পৰিক্ৰমা আৰু সংস্থাপনৰ সুবিধা (নিয়মীয়া বাৰ্তাৰ সাপ্তাহিক শিক্ষামূলক বিশেষ পৃষ্ঠা 'শিক্ষা বাৰ্তা')

অৰ্থনৈতিক উন্নয়ন বনাম সাংস্কৃতিক প্ৰদূষণ : বিহুৰ পৰা পূজালৈ এক অৱলোকন