২২ মাৰ্চ বিশ্ব জল দিৱস: এইবাৰৰ চিন্তা পেলনীয়া পানীৰ ব্যৱস্থাপনা (Waste Water Management)


২২ মাৰ্চ বিশ্ব জল দিৱস: এইবাৰৰ চিন্তা পেলনীয়া পানীৰ ব্যৱস্থাপনা (Waste Water Management) “পানীয়ে প্ৰানীৰ প্ৰাণ” ২২ মাৰ্চ বিশ্বৰ জল দিৱস(World Water Day)। ১৯৯৩ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে (General Assembly) ২২ মাৰ্চ দিনটো বিশ্বৰ জল দিৱসৰূপে উদযাপন কৰা সিদ্ধান্ত গ্ৰহন কৰে আৰু তেতিয়াৰে পৰা প্ৰতি বছৰৰ ২২ মাৰ্চ দিনটো সমগ্ৰ বিশ্বতে বিশ্বৰ জল দিৱসৰূপে (World Water Day) উদযাপন কৰা হয়। সাম্প্ৰতিক সময়ৰ বিশ্বৰ জলব্যৱস্থালৈ মন কৰিলে আমি দেখিম যে আজি তাৰিখতও বিশ্বৰ প্ৰায় ৬৬৩ কোটি জনতাই নিজৰ ঘৰৰ কাষত এক নিৰাপদ জল ব্যৱস্থা বাবে হাহাকাৰ কৰি আছে নতুবা জীৱনৰ সৰহ সংখ্যাক মূল্যৱান সময় এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে শাৰী পাতি নষ্ট কৰিছে।ইয়াৰ ওপৰিও প্ৰদূষিত পানী সেৱন কৰি নিজৰ দেহত অজস্ৰ বেমাৰৰ উৎস কঢ়িয়াই ফূৰিছে। উপৰোক্ত বিষয়বোৰকলৈ বিশ্বৰ সমাজ বিজ্ঞানীসকল চিন্তিত হোৱাটো নিশ্চয়কৈ কোনো আচৰিত কথা নহয়, কিয়নো যিখন পৃথিৱীত “পানীয়ে প্ৰানীৰ প্ৰাণ” বুলি কোৱা হয় সেই একেখন পৃথিৱীতে কোটি কোটি জনতাই আজিও এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে।আমি বিশ্বাস কৰোঁ এনে চিন্তাৰ পৰিপেক্ষতেই ২০১৫চনত ৰাষ্ট্ৰসংঘই ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহক জড়িত কৰি এক বিশ্বজনীন চিন্তাৰে “বহনক্ষম উন্নয়ণৰ লক্ষ্য-৬ (Sustainable Development Goals-6)” নামৰ এক আঁচনি গ্ৰহন কৰে। এই আচঁনিৰ মূল উদ্দেশ্য হৈছে ২০৩০ চনৰ ভিতৰত বিশ্বৰ সৰ্বস্তৰৰ জনতাক এটুপি বিশুদ্ধ খোৱা পানী যোগান ধৰা আৰু ইয়াৰ বাবে পানীৰ লগত জড়িত ছটা বিষয়ক মূল লক্ষ্য হিচাপে বাচি লোৱা হৈছে। সেই ছটা বিষয় হ’ল, ক। খোৱা পানী (Drinking Water) খ। অনাময় আৰু বিজ্ঞানসন্মত স্বাস্থ্যবিধি (Sanitation and hygiene) গ।পানীৰ মানদণ্ড আৰু পেলনীয়া পানী (Water quality and waste water) ঘ। পানীৰ ব্যৱহাৰ আৰু পানীৰ নাটনি (Water use and scarcity) ঙ। জল সম্পদ ব্যৱস্থাপনা (Water resource management) চ। জল পৰিৱেশ-তন্ত্ৰ (Water related ecosystem) সাম্প্ৰতিক প্ৰেক্ষাপটত উপৰোক্ত প্ৰতিটো লক্ষ্যই গুৰুত্বপূৰ্ণ যদিও এইবাৰৰ “বিশ্ব জল দিৱস”ৰ চিন্তাৰ বিষয় হিচাপে “পেলনীয়া পানীৰ ব্যৱস্থাপনা (Waste Water Management)”ক বাচি লোৱা হৈছে আৰু এই বিষয়ে সামাজিক সজাগতা সৃষ্টি কৰিবলৈ ৰাষ্ট্ৰস্ংঘই বিভিন্ন আঁচনি গ্ৰহন কৰিছে।বিশ্বৰ জল দিৱসৰ লগত সংগতি ৰাখি আমাৰ আজিৰ এই লেখাটোত পেলনীয়া বা আবৰ্জিত পানী নো কি? আৰু ইয়াৰ ব্যৱস্থাপনাৰ কেনেদৰে সম্ভৱ তাৰ ওপৰত এক চমু আভাস দিয়াৰ প্ৰয়াস কৰিছোঁ। পেলনীয়া পানীৰ কথা আলোচনা কৰিবলৈ লওঁতেই আমাৰ মনলৈ অহা প্ৰথম প্ৰশ্নটোৱে হৈছে ‘পেলনীয়া পানী’ বুলিলে নো আমি কি বুজোঁ অৰ্থাৎ পেলনীয়া পানীৰ সংজ্ঞানো কি?’ পেলনীয়াৰ পানীৰ সংজ্ঞা তলত দিয়া ধৰণেৰে তিনিটা ভাগত দিব পাৰি, ক। ঘৰুৱা পেলনীয়া পানী (domestic waste water): ঘৰুৱা পেলনীয়া পানী হ’ল মানৱ জীৱন দৈনন্দিন ঘৰুৱা কাৰ্যত নিৰ্গত হোৱা পেলনীয়া পানী।ইয়াক দুই ভাগত বিভক্ত কৰিব পাৰি, i. ক’লা পেলনীয়া পানী (Black water): শৌচ, প্ৰেসাৱ বা বিষ্ঠাদ’মৰ পৰা নিৰ্গত পানী। ii. ধোৱাবৰণীয়া পেলনীয়া পানী (grey water): পাকঘৰ আৰু গা-ধোৱা ঘৰৰ পৰা নিৰ্গত পেলনীয়া পানী। খ। বানিজ্যিক প্ৰতিষ্ঠান বা উদ্যোগিক প্ৰতিষ্ঠানৰ পেলনীয়া পানী(Waste Water from Commercial Establishments and Industries): বিভিন্ন ধৰণৰ চৰকাৰী বা বেচৰকাৰী বানিজ্যিক প্ৰতিষ্ঠান (চিকিৎসালয় সমূহক সাঙুৰি লোৱা হৈছে) আৰু উদ্যোগিক প্ৰতিষ্ঠানৰ পৰা নিৰ্গত পেলনীয়া পানীক এই শ্ৰেণীত অন্ত্ভূক্ত কৰা হৈছে। গ।কৃষিক্ষেত্ৰৰ পৰা নিৰ্গত পেলনীয়া পানী(Waster water from agricultural sector): কৃষিক্ষেত্ৰৰ পৰা নিৰ্গত হোৱা পেলনীয়া পানীক এই শ্ৰেণীত অন্তভূক্ত কৰা হৈছে। এতিয়া পেলনীয়া পানীৰ ব্যৱস্থাপনা (Waste water management)বিষয়ে চমুকৈ আলোচনা কৰিব বিচাৰিছোঁ। ২১ শতিকাৰ আৰম্ভণিতে সমগ্ৰ বিশ্বই বিশুদ্ধ পানীৰ ক্ষেত্ৰত এক অভাৱনীয় নাটনি সন্মুখীন হৈছিল আৰু এই নাটনিৰ বাবে তলত উল্লেখ কৰা সাতটা কাৰণকে মূলত জগৰীয়া কৰিব পাৰি, ক।ক্ৰম:বৰ্ধিত জনস্ংখ্যা। খ।ক্ৰম:বৰ্ধিত নগৰীকৰণ প্ৰক্ৰিয়া। গ।ভূমি ব্যৱহাৰত পৰিৱৰ্তন। ঘ।তৰিৎ গতিৰ উদ্যোগীকৰণ প্ৰক্ৰিয়া। ঙ।খাদ্য উৎপাদন প্ৰক্ৰিয়াত পৰিৱৰ্তন। চ।উন্নত জীৱন শৈলী আৰু পানী ব্যৱহাৰত মিতব্যয়ী জ্ঞানৰ অভাৱ। ছ।আৰু পেলনীয়া পানীৰ ব্যৱস্থাপনা প্ৰতি অমনোযোগিতা। আমি আজি আলোচনা কৰি থকা পেলনীয়া বা আবৰ্জিত পানীৰ, সুস্থিৰ জল পৰিৱেশ-তন্ত্ৰৰ ভাৰসাম্যতা ৰক্ষা কৰাত সাংঘাটিক প্ৰভাৱ আছে।আৰু এই প্ৰভাৱক দুই ধৰণে দাঙি ধৰিব পাৰি, ক। পানী নাটনি হ্ৰাস কৰাত পেলনীয়া পানীৰ পুন: ব্যৱহাৰৰ প্ৰয়োজনীয়তা। খ।জল প্ৰদূষণ ৰোধ কৰাত পেলনীয়া বা আবৰ্জিত পানীৰ ভূমিকা। ওপৰত উল্লেখ কৰা দুই চিন্তাৰ পৰা পেলনীয়া পানীৰ ব্যৱস্থাপনাৰ ওপৰত এক সম্যক ধাৰণা গ্ৰহন কৰিব পাৰি; সাধাৰণ অৰ্থত পেলনীয়া বা আবৰ্জিত পানীৰ ব্যৱস্থাপনা হ’ল এনে এক ব্যৱস্থা যাৰ দ্বাৰা আবৰ্জিত পানীক এক বহনক্ষম বিজ্ঞানসন্মত ব্যৱস্থা দ্বাৰা শুদ্ধিকৰণ কৰি আমাৰ জল পৰিৱেশৰ লগত পুন:সংযোগ ঘটাব পাৰি।আমি আগতেই উল্লেখ কৰিছোঁ যে পেলনীয়া বা আবৰ্জিত পানীৰ ব্যৱস্থাপনাত তিনিটা খণ্ডৰ ভূমিকা গুৰুত্বপূৰ্ণ যেনে ঘৰুৱা, উদ্যোগিক আৰু কৃষিখণ্ড। ঘৰুৱা পেলনীয়া পানীৰ ব্যৱস্থাপনা মুখ্যত তিনিটা কাৰকৰ ওপৰত নিৰ্ভৰশীল, অনাময় ব্যৱস্থাৰ মানদণ্ড (Quality of sanitation system), পানীৰ ব্যৱহাৰৰ বিজ্ঞানসন্মত জ্ঞান আৰু মানবীয় সামাজিক দায়বদ্ধতা। এইসমূহৰ ভিতৰত অনাময় ব্যৱস্থাই ঘৰুৱা পেলনীয়া পানীৰ ব্যৱস্থাপনাত মুখ্য ভূমিকা পালন কৰি আহিছে। এই খিনিতে উল্লেখ কৰা ভাল হব যে সমগ্ৰ বিশ্বতে বছৰি প্ৰায় ১.৪৫ কোটি জনতাৰ মৃত্যু হয় ডায়েৰিয়া জনিত বেমাৰত আৰু ইয়াৰ বাবে ৫৮%ই দায়ী আমাৰ অনাময় ব্যৱস্থা। ভাৰতৰ দৰে উন্নয়ণশীল দেশ সমূহত আজিও অনাময় ব্যৱস্থাই পূৰ্ণ বিজ্ঞানসন্মত ৰূপ পাবলৈ সক্ষম হোৱা নাই। আমি যদি ভাৰতৰ অনাময় ব্যৱস্থালৈ মন কৰোঁ তেন্তে দেখিম ইয়াক দুইধৰণৰ ব্যৱস্থাই প্ৰভাৱম্বিত কৰিছে, ক) মুক্ত মলত্যাগ ব্যৱস্থা খ) ৰাজহুৱা মলত্যাগ ব্যৱস্থা। ইয়াৰে প্ৰথমটোৰ প্ৰভাৱ গাওঁ অঞ্চলত বেছি। মুক্ত মলত্যাগ ব্যৱস্থাই আমাৰ জলব্যৱস্থাক পোনপটীয়াকৈ ক্ষতি কৰে বা প্ৰদূষিত কৰে আৰু এই প্ৰদূষিত জলব্যৱস্থা আমাৰ স্বাৰ্স্থ্যৰ প্ৰতি প্ৰৱল ভাবুকিস্বৰূপ। মুক্ত মলত্যাগ ব্যৱস্থাক সম্পূৰ্ণৰূপে নাইকিয়া কৰিবলৈ ভাৰতত ইতিমধ্যে চৰকাৰৰ উদ্যোগত বিভিন্ন কাৰ্যসূচী লোৱা হৈছে, কিন্তু অতি পৰিতাপৰ কথা যে এই কাৰ্যসূচী সমূহে যেনেধৰণৰ সময়ভিত্তিক ফলফসূতা লাভ কৰিব লাগিছিল তেনেধৰণৰ ফলফসূতা লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰু ইয়াৰ বাবে আমাৰ দৃষ্টিত প্ৰধানত দায়ী সামাজিক সচেতনতা আৰু দায়িবদ্ধতাৰ অভাৱ। দ্বিতীয়তে আহোঁ ৰাজহুৱা মলত্যাগ ব্যৱস্থাৰ বিষয়টোলৈ। ভাৰতৰ নগৰ সমূহত দেখা দিয়া এটা মূল সমস্যা হৈছে নগৰসমূহৰ অনাময় ব্যৱস্থা। প্ৰায়সমূহ নগৰতে ৰাজহুৱা অনাময় ব্যৱস্থা কৰা হৈছে যদিও উপযুক্ত জলব্যৱস্থাৰ অভাৱত এই ব্যৱস্থাৰ সমূহৰ ফলফসূতাৰ মান হ্ৰাস পাইছে। আমি আশাকৰোঁ এই বিষয়টো চৰকাৰী পক্ষৰ লগতে সামাজিক চিন্তাবিদ সকলেও গুৰুত্ব সহকাৰে গ্ৰহন কৰিব। এতিয়া আহোঁ উদ্যোগিক আৰু কৃষিখণ্ডৰ আবৰ্জিত পানীৰ ব্যৱস্থাপনাৰ বিষয়টোলৈ। ভাৰতৰ দৰে উন্নয়ণশীল দেশসমূহত উদ্যোগীকৰণে নতুন মাত্ৰা লাভ কৰিছে, কিন্তু একেসময়তে এই উদ্যোগসমূহে সৃষ্টি কৰা প্ৰদূষণৰ মাত্ৰাই মানৱ জীৱনলৈ প্ৰৱল ভাবুকি কঢ়িয়াই আনিছে। উদ্যোগসমূহে আমাৰ জল ব্যৱস্থাক দুইধৰণে প্ৰদূষিত কৰিছে, প্ৰথম, উদ্যোগৰ আবৰ্জনা (Industrial Waste) সমূহ আমাৰ মুক্ত জলব্যৱস্থাত যেনে নদী, জান-জুৰি, জলাশয় আদিত নিক্ষেপ কৰি আৰু দ্বিতীয়তে উদ্যোগৰ পৰা নিৰ্গত বিভিন্ন ৰাসায়নিক পৰ্দাথৰে প্ৰদূষিত পানীক জলব্যৱস্থাৰ লগত পোনপটীয়া সংযোগ ঘটাই। উদ্যোগ ক্ষেত্ৰৰ পৰা এনেধৰণে আমাৰ জলব্যৱস্থা প্ৰদূষিত হোৱাৰ যি মাত্ৰা সি দিনক দিনে বৃদ্ধি পাইছে, যিটোৱে বিশ্বৰ সমাজ বিজ্ঞানী মহলক বৰ্তমান সময়ত বাৰুকৈয়ে চিন্তিত কৰি তুলিছে। এই খিনিতে উল্লেখ কৰি থোৱা ভাল হব যে প্ৰতিটো উদ্যোগৰ সামাজিক দায়বদ্ধতাৰ আওতাত নিজস্ব প্ৰদূষণ হ্ৰাসকৰণ ব্যৱস্থা আছে বা থাকে, কিন্তু চিন্তনীয় বিষয়টো হ’ল এই ব্যৱস্থাসমূহ তেওঁলোকে কিমান আন্তৰিকতাৰে কাৰ্যকৰী কৰিছে। উদাহৰণস্বৰূপে উদ্যোগৰ আবৰ্জনা সমূহত মিহলি হৈ থকা গধূহ মৌলসমূহ নিষ্কাসনৰ বাবে প্ৰয়োজনীয় ৰাসায়নিক নিষ্কাসন ব্যৱস্থা সকলো উদ্যোগৰ ওচৰতে আছে, কিন্তু ব্যৱসায়িক লাভালাভৰ অংকত এইবোৰ কিমানে ব্যৱহাৰ কৰে সি এক সন্দেহৰ প্ৰশ্ন, আনহাতেদি উদ্যোগৰ পেলনীয়া পানী পৰিবহনৰ বাবে যেনেধৰণৰ বন্ধ পৰিবহন ব্যৱস্থাৰ আন্ত:গাঁঠনিৰ প্ৰয়োজন তেনে আন্ত:গাঁঠনি নিৰ্মান কৰাতও উদ্যোগসমূহে কৃপনালী প্ৰকাশ কৰে। আমি আশাকৰোঁ চৰকাৰে সামাজিক দায়বদ্ধতাৰ আওতাত উদ্যোগসমূহক প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ বাধ্য কৰাব আৰু প্ৰয়োজনত এইক্ষেত্ৰত কঠোৰতম আইন প্ৰস্তুত ও বলৱৎ কৰিব। শেষত আহোঁ কৃষিখণ্ডৰ পেলনীয়া বা আবৰ্জিত বিষয়টোলৈ। ক্ৰম:বৰ্ধিত জনস্ংখ্যাই আমাৰ খাদ্য ব্যৱস্থালৈ প্ৰৱল ভাবুকি কঢ়িয়াই আনিছে আৰু ইয়াৰ পৰিপেক্ষতেই আমাৰ কৃষিক্ষেত্ৰ সমূহেও ইয়াৰ উৎপাদন বৃদ্ধি কৰিবলৈ বাধ্য হৈছে। কৃষিক্ষেত্ৰ সমূহৰ তাৎক্ষনিক উৎপাদন বৃদ্ধি বাবে কৃষিক্ষেত্ৰ সমূহত প্ৰচূৰ পৰিমাণৰ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা হৈছে আৰু এই অতিমাত্ৰা ৰাসায়নিক দ্ৰব্য প্ৰয়োগ ব্যৱস্থাই আমাৰ অন্ত:গৰ্ভস্থ জলভাণ্ডাৰৰ লগতে মুক্ত জলভাণ্ডাৰক বাৰুকৈয়ে প্ৰদূষিত কৰিছে। এই প্ৰদূষণক ৰোধ কৰিবলৈ দুইধৰণৰ ব্যৱস্থা গ্ৰহন কৰিব পাৰি, ক।কৃষিখণ্ডত জৈৱিক সাৰ প্ৰয়োগ গুৰুত্ব আৰু ইয়াৰ বাবে প্ৰয়োজনীয় সামাজিক সচেতনতা বৃদ্ধি বাবে বিভিন্ন চৰকাৰী আঁচনি গ্ৰহন। খ। কৃষিক্ষেত্ৰৰ ৰাসায়নিক পানীক উপযুক্ত বৈজ্ঞানিক নিষ্কাসন প্ৰক্ৰিয়াৰে শুদ্ধিকৰণৰ ব্যৱস্থা। আশাকৰোঁ আমাৰ ওপৰোক্ত চিন্তা সমূহক কৃষি বিজ্ঞানী তথা সমাজ বিজ্ঞানীসকলে যথোচিত গুৰুত্ব দি কৃষিখণ্ডৰ পেলনীয়া পানীক প্ৰদূষণমুক্ত কৰি পুন:ব্যৱহাৰৰ বাবে উপযোগী কৰি তুলিব। সদৌ শেষত পানীৰ ঘৰুৱা অপচয় ৰোধৰ কেইটামান সাধাৰণ কিটিপেৰে আজি লেখাটো সামৰণি মাৰিলোঁ। ক। ৰাতিপুৱা শুই উঠি দাতঁ ব্ৰাছ কৰোতে, পানীৰ নলটো বন্ধ কৰি লওঁক। খ। পাকঘৰত শাক-পাচলি ধুবলৈ নলৰ পানীতকৈ বাচনত গোটাই থোৱা পানী ব্যৱহাৰ কৰক। গ। পাকঘৰ বা গা-ধোৱা ঘৰৰ পানী শাকনি বাৰিত ব্যৱহাৰ কৰক নতুবা ঘৰৰ অনন্যা চাফ-চিকুন কাৰ্য্যত ব্যৱহাৰ কৰক। --------------------------------

Comments

Popular posts from this blog

“আহোমৰ ঐতিহাসিক সমাজ ব্যৱস্থাৰ মূলত: কৃষিগত চিন্তাৰ আৰু জলব্যৱস্থাৰ বৈজ্ঞানিক বিশ্লেষণ”

ভূ তত্ত্ব শিক্ষাৰ গুৰুত্ব, শৈক্ষিক পৰিক্ৰমা আৰু সংস্থাপনৰ সুবিধা (নিয়মীয়া বাৰ্তাৰ সাপ্তাহিক শিক্ষামূলক বিশেষ পৃষ্ঠা 'শিক্ষা বাৰ্তা')

অৰ্থনৈতিক উন্নয়ন বনাম সাংস্কৃতিক প্ৰদূষণ : বিহুৰ পৰা পূজালৈ এক অৱলোকন