দেৱশিশু, ভালখবৰ আৰু আমাৰ চিন্তা

আজি অৰ্থাৎ ০৭।০৩।২০১৭ তাৰিখৰ সকলো দৈনিক কাকততে প্ৰকাশ পোৱা বা সকলোৰে দৃষ্টি আকৰ্ষণ কৰা মুখ্য বাতৰিটো আছিল প্ৰধানমন্ত্ৰী মহোদয়ৰ বিশেষ হস্তক্ষেপত অসমৰ এটি শিশুৰ জীৱন ৰক্ষা পৰা, যাক ইতিমধ্যে "দেৱশিশু" নামৰে নামাকৰণ কৰা হৈছে। এইক্ষেত্ৰত প্ৰধানমন্ত্ৰী মহোদয়ক এজন অসমীয়া হিচাপে আন্তৰিক ধন্যবাদ জ্ঞাপন নকৰা প্ৰশ্নই উঠিব নোৱাৰে বা তেওঁ প্ৰদৰ্শন কৰা মহানুৱতাক শ্ৰদ্ধা নকৰাও প্ৰশ্ন উঠিব নোৱাৰে। কিন্তু কিয় নাজানো এই দেৱশিশুক লৈ হোৱা হৈ চৈয়ে আমাৰ মনত কিছু প্ৰশ্ন উত্থাপন কৰিলে, ক। দেৱশিশুক কিয় চিকিৎসাৰ বাবে দিল্লীলৈ নিব লগা হ'ল ? খ। এনেদৰে দিল্লীলৈ চিকিৎসাৰ ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অনা প্ৰতিটো দেৱশিশুক " গ্ৰীন কৰিড'ৰ " ব্যৱস্থা প্ৰদান কৰাটো সম্ভৱ নে? এইবিষয়ে চিন্তাচৰ্চা আৰম্ভ কৰোটেই আমাৰ মনলৈ আহিছিল ৰাষ্ট্ৰ সংঘই ২০০০ চনত সুস্থিৰ বিশ্ব উন্নয়ণৰ বাবে ২০১৫ ভিতৰত ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহে আঠটা বিশেষ বিষয়ত গুৰুত্ব দিবলৈ "UN-Millennium Development Goal(MDG)" নামে এক আচঁনি গ্ৰহন বা প্ৰস্তুত কৰিছিল। এই আচঁনিত অন্তভূক্ত আঠটা মুখ্য বিষয়ৰ ভিতৰত ৪নং স্থান পোৱা মুখ্য বিষয়টো আছিল শিশু মৃত্যু হাৰ হ্ৰাস কৰা (To reduce child mortality)। এইখিনিতে উল্লেখ কৰা ভাল হব যে শিশু মৃত্যুক দুইভাগত বিভক্ত কৰিব পাৰি ক) Infant mortality(IMR): জন্মৰ পৰা ০১বছৰ ভিতৰত মৃত্যু হোৱা শিশু। খ। Under-5 mortality(U5MR): জন্মৰ পৰা ০৫ বছৰ বয়সত মৃত্যু হোৱা শিশু। ৰাষ্ট্ৰসংঘই MDG আচঁনি গ্ৰহন কৰোতে অৰ্থাৎ ২০০০ চনত ভাৰতত মুঠ শিশু মৃত্যু হাৰ আছিল বছেৰকত ১০০০ জনত ৮৫জন। আৰু এই হাৰক MDG আচঁনিৰ সহায়ত ২০১৫ চনত ৪২জনলৈ হ্ৰাস কৰা লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু শেহতীয়া তথ্যমতে ভাৰত এই লক্ষ্যত উপনীত হবলৈ সক্ষম নহ'ল। বৰ্তমান সময়ত ভাৰতে এই নিৰ্ধাৰত হাৰক ৪৮ জনলৈ হে হ্ৰাস কৰিবলৈ সক্ষম হ'ল, আৰু অতি পৰিতাপৰ কথা যে এইক্ষেত্ৰত ভাৰত বাংলাদেশ আৰু নেপালতকৈ পিছ পৰি ৰ'ল। গতিকে সাম্প্ৰতিক সময়ত এটি দেৱশিশুক লৈ আৱেগ মিশ্ৰিত পৰিৱেশ তৈয়াৰ কৰাতকৈ ৪৮ দেৱশিশুৰ বাবে উন্নত চিকিৎসাৰ আন্ত:গাঁঠনি আৰু গৱেষণাৰ পৰিৱেশ ৰচনা কৰা অতিকৈ প্ৰয়োজন বুলি আমি ব্যক্তিগত ভাৱে অনুভৱ কৰোঁ। যিহেতুকে এইবাৰৰ ৰাজ্যিক বাজেটত অসমত এখন উন্নত শিশু চিকিৎসালয় স্থাপনৰ প্ৰস্তাৱ ৰখা হৈছে, আজি তাৰিখত আমি বিশ্বাস কৰোঁ এই প্ৰক্ৰিয়াক দেৱশিশু প্ৰসংগই অধিক তৰাম্বিত কৰা প্ৰয়োজনীয়তা আনি দিছে।

Comments

Post a Comment

Popular posts from this blog

“আহোমৰ ঐতিহাসিক সমাজ ব্যৱস্থাৰ মূলত: কৃষিগত চিন্তাৰ আৰু জলব্যৱস্থাৰ বৈজ্ঞানিক বিশ্লেষণ”

ভূ তত্ত্ব শিক্ষাৰ গুৰুত্ব, শৈক্ষিক পৰিক্ৰমা আৰু সংস্থাপনৰ সুবিধা (নিয়মীয়া বাৰ্তাৰ সাপ্তাহিক শিক্ষামূলক বিশেষ পৃষ্ঠা 'শিক্ষা বাৰ্তা')

অৰ্থনৈতিক উন্নয়ন বনাম সাংস্কৃতিক প্ৰদূষণ : বিহুৰ পৰা পূজালৈ এক অৱলোকন