Posts

Showing posts from 2017

অসম লোক সেৱা আয়োগ : পৰ্য্যালোচনা, সংশোধন আৰু পুনৰ গঠনৰ চিন্তা (নিয়মীয়া বাৰ্তা, ১৪/১২/২০১৭)

Image
অসম লোক সেৱা আয়োগ : পৰ্য্যালোচনা, সংশোধন  আৰু পুনৰ গঠনৰ চিন্তা অসম লোক সেৱা আয়োগত সংঘটিত ব্যাপক দুৰ্নীতিয়ে পুনৰ বাৰ সাম্প্ৰতিক সময়ৰ অসমত বিশেষ চৰ্চা লাভ কৰিছে। শেহতীয়াকৈ প্ৰথমটো তদন্তত ধনৰ বিনিময়ত বিভিন্ন অসৎ উপায়েৰে লোক সেৱা আয়োগৰ বিভিন্ন বিভাগত ৰাজবিষয়াৰ চাকৰি ক্ৰয় কৰা ২৫ জনকৈ দোষী চৰকাৰী ৰাজপত্ৰিত বিষয়াক তদন্তকাৰী অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে। প্ৰথম দৃষ্টিত এই সমগ্ৰ প্ৰক্ৰিয়াটোৱে ; তদন্তৰ পৰা দোষী গ্ৰেপ্তাৰ কৰালৈকে , অসমৰ ৰাজনৈতিক, সামাজিক আৰু শৈক্ষিক স্বচ্ছতাৰ দিশত এক যোগাত্মক প্ৰভাৱ পেলোৱাটো স্বাভাৱিক, কিন্তু সাম্প্ৰতিক সময়ত এই সমূহ ঘটনাক্ৰমৰ লগত  জড়িত হৈ পৰা কিছু আৱেগসৰ্বস্ব চিন্তাই আমাৰ মনলৈ দুই ধৰণৰ শংকা কঢ়িয়াই আনিছে ১। অযোগ্য প্ৰাৰ্থীক অসৎ উপায়েৰে চাকৰি দিয়া বিষয়টোতকৈ কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হ’ল যোগ্য প্ৰাৰ্থীক অসৎ উপায়েৰে প্ৰশাসনিক সেৱা পৰা বঞ্চিত কৰাটো। বতৰ্মান সময়ত এনেবোৰ চিন্তাৰ বাবে সমগ্ৰ প্ৰক্ৰিয়াটো সংশোধনৰ খুবেই প্ৰয়োজন আৰু ইয়াৰ বাবে প্ৰয়োজন সময়ভিত্তিক বৈজ্ঞানিক চৰ্চাৰ। কিন্তু বতৰ্মান সময়ত আমাৰ আৱেগিক চিন্তাই প্ৰয়োজনীয় ব

পাতনিতে কিছু যোগাত্মক চিন্তা: (দৈনিক জনমভূমি , ০১/০১/২০১৭)

Image
                                               পাতনিতে কিছু যোগাত্মক চিন্তা সাম্প্ৰতিক সময়ৰ ভোগবাদী জীৱনত মানবীয় প্ৰমূল্যবোধৰ যি সাংঘাটিক অবক্ষয় হৈছে, এই অৱক্ষয়ে আমাৰ স্ব-চিন্তাক সৃষ্টিশীল কৰ্মৰে প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়োজনীয় ধনাত্মক চিন্তাকও বাৰুকৈয়ে প্ৰভাম্বিত কৰিছে বুলি অনুভৱ কৰোঁ। কিন্তু এই জটিল সময়তও সমাজৰ কিছু ব্যক্তিৰ অসাধাৰণ জীৱন সাধনাই আমাক আজিও অনুপ্ৰাণিত কৰে আৰু তেনে এক অসাধাৰণ জীৱন সাধনা সাক্ষী হৈ ৰ’লো, যোৱা ২৪ / ১২ / ২০১৬ তাৰিখে S ony Tv ৰ Indian Idol ৰ audition ত। এই অনুষ্ঠানতেই “ থুমটেন টেৰছিং” নামৰ অৰুণাচল প্ৰদেশৰ এজন যুৱ গায়কক দেখা পাই নিজকে প্ৰশ্ন কৰিব বাধ্য হৈছিলো , বুকুত কিমান সাহস থাকিলে , চিন্তাশক্তি কিমান ধনাত্মক হ ' লে, জীৱনৰ পাঁচ বছৰ বয়সতে বৈদ্যুতিক দূৰ্ঘটনাত নিজৰ দুইখন হাত হেৰুৱাই নিৰ্মল হাঁহিৰে নিজৰ লক্ষ্য পূৰণত সময়ৰ প্ৰতিটো বাধাক অতিক্ৰম কৰি আগুৱাই যাব পাৰি । ওপৰত উল্লেখ কৰা “থুমটেন টেৰছিং”ক আজিৰ এই লেখাটোত চিন্তাৰ এক সমলৰূপে (reference) লোৱা হৈছে, কাৰণ এনে বহু উদাহৰণ আমাৰ সমাজত আছে আৰু তেনে আসাধ