Posts

Showing posts from August, 2018

নগৰীয় চিন্তাৰ উত্থান বনাম প্ৰাকৃতিক বহনক্ষম চিন্তা: নগৰীয় বানৰ কাৰক বনাম সমাধানৰ চিন্তা

Image
নগৰীয় চিন্তাৰ উত্থান বনাম প্ৰাকৃতিক বহনক্ষম চিন্তা:  নগৰীয় বানৰ কাৰক বনাম সমাধানৰ চিন্তা ড ° বিজয় কৃষ্ণ চেতিয়া সাম্প্ৰতিক সময়ত দ্ৰুত বিশ্বজনীন অৰ্থনৈতিক বিকাশে সমগ্ৰ বিশ্বত নিতৌ নতুন নগৰীয়া (urban) অঞ্চলৰ সৃষ্টি কৰিছে।শেহতীয়া এক তথ্য মতে উন্নয়ণশীল দেশসমূহত ১৯৭০ চনৰ পৰা ২০০৬ চনৰ ভিতৰত নগৰৰ বৃদ্ধি হাৰ ২৫ শতাংশ   পৰা ৫০ শতাংশলৈ বৃদ্ধি পাইছে অৰ্থাৎ নগৰ অঞ্চলৰ বৃদ্ধি সংখ্যা দুগুন হৈছে। এইখিনিতে উল্লেখ কৰা ভাল হব যে   বিশ্বৰ ভিতৰতে এছিয়া মহাদেশত অতি দ্ৰুত গতিত নগৰ সংখ্যা বৃদ্ধি পাইছে।২০০০ চনত এছিয়াৰ মুঠ জনসংখ্যাৰ ৩৭ শতাংশই নগৰত বাস কৰিছিল আৰু এই সংখ্যা ২০২৫ চনৰ ভিতৰত ৫০ শতাংশলৈ বৃদ্ধি পাব বুলি ভৱা হৈছে। এই পৰিসংখ্যা পৰা সাম্প্ৰতিক সময়ত কেনেদৰে বিশ্ববাসী নগৰীয়া জীৱনৰ প্ৰতি আকৃষ্ট হৈছে তাক নিশ্চয়কৈ অনুমান কৰিব পাৰি। এনে নগৰীয় চিন্তাৰ প্ৰভাৱ   আমাৰ দেশ ভাৰতো নপৰাকৈ থকা নাই বৰঞ্চ ভাৰতত এই প্ৰভাৱৰ মাত্ৰা ব্যাপক বুলিহে গণ্য কৰিব পাৰি। ২০০৭ চনত ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা বিশ্ব জনসংখ্যা তথ্য (World population Report) মতে ২০৩০ চনত ভাৰতৰ মুঠ জনসংখ্যাৰ ৪০.৭৬ শতাংশ নগৰত বাস কৰিব। এই পৰ

নাগৰিকত্ব আইন সংশোধনী বিধেয়ক আৰু সংশয়ৰ আৰ্ৱতত জাতীয় স্বাভিমান

Image
নাগৰিকত্ব আইন সংশোধনী বিধেয়ক আৰু সংশয়ৰ আৰ্ৱতত জাতীয় স্বাভিমান ড ০ বিজয় কৃষ্ণ চেতিয়া শিৱসাগৰ, অসম। ই-মেইল: bijoykrishnaster@gmail.com       ১৯৮২ চন, জন্ম হৈয়ে অসম আন্দোলন দেখিলোঁ, শদিয়াত । সকলো কথা মনত নাই এতিয়া, কিন্তু আইয়ে কোৱা এষাৰ কথা মনত থাকি গ'ল “তোৰ দেউতাৰকো এই ঠাই এৰি যাবলৈ ভাবুকি দিছিল” আৰু সেইদিনা পৰাই উগ্ৰ জাতীয়তাবাদৰ প্ৰতি ঘৃণা উপজিল।       ক্ৰমান্বয়ে ডাঙৰ হ'লো, অসম আন্দোলনৰ বহু কথাই শুনিব পালোঁ। নেলী ঘটনাও পিতাই মুখত শুনিলোঁ। সৰু বাবে তেতিয়াৰ বেছিভাগ বিষয়ে আমাৰ বাবে বিবেক জড়িততকৈ ৰোমাঞ্চকৰ আছিল।       সময়ত আৰু বয়স বাঢ়িল, কিছু কথা মনত ৰাখিব পৰাকৈ স্মৃতিশক্তিও বাঢ়িল। আৰু তেনে সময়তেই আই মুখত শুনিব পালোঁ অসমত অসমীয়াৰ নিজৰ চৰকাৰ হ'ল। বুজি নাপাওঁ কিনো চৰকাৰ,আই-পিতাইক সুধো, বুজাই যদিও বুজি নাপাওঁ । কিছুদিনৰ পিছত এখন ৰঙা লাইটৰ এম্বেছাদৰ আৰু আগে পিছে পুলিছৰ গাড়ী সৈতে সমৰ্থক মানেই যেন এখন চৰকাৰ তেনে ভাৱ আহিল। এক আৰামপ্ৰিয় নিজক সুৰক্ষিত কৰা ব্যৱস্থা এটাই যেন চৰকাৰ। প্ৰথমবাৰ মনলৈ প্ৰশ্ন আহিল চৰকাৰ কিয় লাগে? সময়ত আইয়ে তামোল-পান দি স্কুলত নাম লগাই দ

সাম্প্ৰতিক সময়ত ভূ-বিজ্ঞানৰ গুৰুত্ব আৰু ভূ-বিজ্ঞানৰ শৈক্ষিক পৰিক্ৰমা

Image
সাম্প্ৰতিক সময়ত  ভূ-বিজ্ঞানৰ গুৰুত্ব আৰু  ভূ- বিজ্ঞানৰ  শৈক্ষিক পৰিক্ৰমা এখন দেশ বা ৰাজ্যৰ সফল অৰ্থনৈতিক উন্নয়ণ সেইখন দেশৰ ভূ-তাত্বিক বা প্ৰাকৃতিক সম্পদ সমূহৰ সঠিক সন্ধান, জৰীপ আৰু খননৰ   ওপৰতে আটাইতকৈ বেছি নিৰ্ভৰ কৰে। ভাৰতৰ উৰিষ্যা, পশ্চিম বংগ, মধ্য প্ৰদেশ, ছতিশগড় আদি ৰাজ্যবোৰক এইক্ষেত্ৰত উদাহৰণ হিচাপে লব পাৰি।কিন্ত বিজ্ঞানৰ চৰম উন্নতিৰ সময়তও অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ খনিজাত ভাণ্ডাৰৰ সঠিক নিৰূপণ আৰু মূল্যায়ণ এতিয়াও হোৱা নাই বুলি আমাৰ ধাৰণা হয় । ওপৰোক্ত চিন্তাৰ লগত সংগতি ৰাখি অসমত ভূতত্ত্ব বিজ্ঞানৰ গুৰুত্বক আমি দুই ধৰণে ব্যাখ্যা কৰিব পাৰোঁ,  ১। প্ৰাকৃতিক দুৰ্যোগৰ নিয়ন্ত্ৰণত ভূতত্ত্বৰ গুৰুত্ব, উদাহৰণস্বৰূপে ভূমিস্খলন ৰোধ কৰাত ভূতত্ত্ব বিজ্ঞানৰ গুৰুত্ব অনেক, লগতে বৰ্তমান সময়ত ভয়াবহ ৰূপ লোৱা নদীৰ গৰাখহনীয়া ৰোধ কৰাটোও ভূতত্ত্ব বিজ্ঞানৰ গুৰুত্ব অনেক। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো অসমত সঘনাই আহি থকা সকলোৰে বাবে ত্ৰাসৰ কাৰণ হোৱা ভূমিকম্পৰ বিষয়ে ভালদৰে জানিবলৈ ভূতাত্ত্বিক জ্ঞানৰ নিতান্তই আৱশ্যক। ইয়াৰ ওপৰিও বৰ্তমান সময়ত গোলকীয় জলবায়ু পৰিৱৰ্তনৰ ওপৰত বিশ্বজনীন যি গৱেষণা হৈছে তাতো ভূতত