সাম্প্ৰতিক সময়ত ভূ-বিজ্ঞানৰ গুৰুত্ব আৰু ভূ-বিজ্ঞানৰ শৈক্ষিক পৰিক্ৰমা


সাম্প্ৰতিক সময়ত ভূ-বিজ্ঞানৰ গুৰুত্ব আৰু ভূ-বিজ্ঞানৰ শৈক্ষিক পৰিক্ৰমা


ওপৰোক্ত চিন্তাৰ লগত সংগতি ৰাখি অসমত ভূতত্ত্ব বিজ্ঞানৰ গুৰুত্বক আমি দুই ধৰণে ব্যাখ্যা কৰিব পাৰোঁ, 

১। প্ৰাকৃতিক দুৰ্যোগৰ নিয়ন্ত্ৰণত ভূতত্ত্বৰ গুৰুত্ব, উদাহৰণস্বৰূপে ভূমিস্খলন ৰোধ কৰাত ভূতত্ত্ব বিজ্ঞানৰ গুৰুত্ব অনেক, লগতে বৰ্তমান সময়ত ভয়াবহ ৰূপ লোৱা নদীৰ গৰাখহনীয়া ৰোধ কৰাটোও ভূতত্ত্ব বিজ্ঞানৰ গুৰুত্ব অনেক। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো অসমত সঘনাই আহি থকা সকলোৰে বাবে ত্ৰাসৰ কাৰণ হোৱা ভূমিকম্পৰ বিষয়ে ভালদৰে জানিবলৈ ভূতাত্ত্বিক জ্ঞানৰ নিতান্তই আৱশ্যক।
ইয়াৰ ওপৰিও বৰ্তমান সময়ত গোলকীয় জলবায়ু পৰিৱৰ্তনৰ ওপৰত বিশ্বজনীন যি গৱেষণা হৈছে তাতো ভূতত্ত্ব বিজ্ঞানক বিশেষ গুৰুত্ব দিয়া হৈছে। বিশ্বৰ বিজ্ঞানীসকলৰ মতে অতীতৰ বহু ভূতাত্ত্বিক পৰিঘটনা অধ্যয়ণ কৰাটো জৰুৰী হৈ পৰিছে আৰু সেই পৰিঘটনা সমূহৰ বৰ্তমান পৰিৱেশতন্ত্ৰত প্ৰভাৱ কেনে তাৰ তুলনামূলক অধ্যয়ণ কৰাটো বৰ্তমান সময়ত পৰিৱেশ বিজ্ঞানী সকলৰ বাবেই একান্তই জৰুৰী হৈ পৰিছে, এইক্ষেত্ৰত আমি PETM (Paleocene-Eocene Thermal Maximum) পৰিঘটনা উদাহৰণ দিব পাৰোঁ। এই PETM পৰিঘটনাৰ লগত অসম বা উত্তৰ পূৰ্ব্বাঞ্চলৰ কয়লা আৰু খাৰুৱা তেলৰ উৎপত্তিও সম্পৰ্ক আছে।
২। দ্বিতীয়তে আমি সকলোৱে জানো যে অসম এখন প্ৰাকৃতিক সম্পৰ্দত চহকী ৰাজ্য। যদিও ইয়াত খাৰুৱা তেল-গেছ, কয়লা আৰু চূনশিলকে প্ৰধানত গুৰুত্ব দিয়া হয়, এই সমূহক বাদ দিও আন যেনে গ্ৰেনাইট (Granite), বোকাশিল(Clay deposit), গ্লাচ চেণ্ড (Glass sand) আদিতও অসম চহকী। কিন্তু স্বাধীনোত্তৰ আজি ৭০ বছৰৰ পিছতও এইসমূহৰ বিকাশ ও উন্নয়ণৰ বাবে যেনেধৰণৰ ভূতাত্ত্বিক গৱেষণাৰ প্ৰয়োজন আছিল তেনে গৱেষণাৰ পৰিৱেশ অসমত সূচনা নহ’ল বুলিয়েই কব পাৰি। আনহাতেদি কয়লাৰ মুক্ত খননতও যেনেধৰণৰ ভূতাত্ত্বিক জৰীপ তেনে জৰীপ হোৱাও আমাৰ চকুত নপৰে যাৰ বাবে ৰাজ্যখনে কয়লা খননত সম্পদ (waste of resource) নষ্ট কৰা লগতে এক বুজন পৰিমাণৰ ৰাজহও হেৰুৱাই আছে বুলি আমি ব্যক্তিগত ভাৱে অনুভৱ কৰোঁ। 
গতিকে আমি অনুভৱ কৰোঁ যে সাম্প্ৰতিক সময়ত ভূতাত্ত্বিক চিন্তাৰ প্ৰসাৰৰ এক সুপৰিকল্পিত পৰিৱেশ অসমত গঢ় দিয়াৰ খুবেই প্ৰয়োজন আছে। তেনে উদ্দেশ্যই আজি আমি ভূ-বিজ্ঞানৰ শৈক্ষিক পৰিক্ৰমা ওপৰত তলত এক সংক্ষিপ্ত আলোচনা আগবঢ়োৱা প্ৰয়াস কৰিছোঁ।
ভূতত্ত্ব বিজ্ঞানক ইংৰাজীত ‘Geology’ বুলি কোৱা হয়, ই এটা গ্ৰীক শব্দ যাৰ অৰ্থ Geo মানে পৃথিৱী আৰু logy (logia) মানে অধ্যয়ন অথাৎ পৃথিৱীৰ অধ্যয়ন আৰু সেইবাবে ভূতত্ত্ব বিজ্ঞানক বহুক্ষেত্ৰত Earth Science বুলিও কোৱা হয়।
মানৱ উত্তৰণৰ বাবে প্ৰয়োজনীয় বিজ্ঞানৰ আন বোৰ বিষয়ৰ দৰেই ভূতত্ত্ব বিজ্ঞানও সমানেই গুৰুত্বপূৰ্ণ। এইখিনিতে ভূতত্ত্ব বিজ্ঞানত কি কি বিষয়ৰ ওপৰত অধ্যয়ন কৰা হয় তাৰ বিষয়ে থূল মূলকৈ আলোচনা কৰিব বিচাৰিছোঁ।
সামগ্ৰিকভাৱে ভূতত্ত্ব বিজ্ঞানত পৃথিৱীৰ সৃষ্টিৰ পৰা বৰ্তমানলৈকে পৃথিৱীৰ ভূ-পৃষ্টত বা ভূ অন্তভাৰ্গত ঘটি থকা বিভিন্ন ভৈতিক, ৰাসায়নিক আৰু প্ৰাকৃতিক পৰিঘটনাক বৈজ্ঞানিক চিন্তাৰে অধ্যয়ন কৰা হয়। আৰু এইক্ষেত্ৰত বিজ্ঞানৰ অন্য বিষয় সমূহৰ লগত ভূতত্ত্ব বিজ্ঞানৰ এক মজবুত শৈক্ষিক সহযোগিতা স্থাপন কৰা হয়, উদাহৰণস্বৰূপে ভূ-পদাৰ্থ বিজ্ঞান (Geophysics), ভূ ৰসায়ন বিজ্ঞান  (Geochemistry) আদি। পৃথিৱীত সংঘটিত ভূতাত্ত্বিক পৰিঘটনা সমূহৰ জীৱন কাল যথেষ্ট দীঘলীয়া (নিযুত বছৰ)।এই দীঘলীয়া পৰিক্ৰমাত এই পৰিঘটনা সমূহ কিছুক্ষেত্ৰত ধ্বংসাত্মক হ’লেও বহুক্ষেত্ৰত যোগাত্মক হৈ পৰে, উদাহৰণস্বৰূপে পৃথিৱীৰ সমূহ খনিজ বা প্ৰাকৃতিক সম্পদৰ সৃষ্টিৰ মূলতে একো একোটা সময়ভিত্তিক ভূতাত্ত্বিক পৰিঘটনা জড়িত হৈ আছে। তলত ভূতত্ত্ব বিজ্ঞানৰ মূল বিষয়সমূহ সংক্ষেপে উল্লেখ কৰিলোঁ,
১। সংৰচনাত্মক ভূবিজ্ঞান (Stratigraphy)
২। শিলাতত্ত্ব (Petrology)
৩। গঠনতান্ত্ৰিক ভূবিজ্ঞান (Structural Geology)   
৪। অৰ্থনৈতিক ভূবিজ্ঞান (Economic Geology)
৫।জীৱাশ্ম বিজ্ঞান (Paleontology)
৬। প্ৰাকৃতিক ভূ বিজ্ঞান (Environmental Geology)
৮। অভিযান্ত্ৰিক ভূ বিজ্ঞান (Engineering Geology)
উপৰোক্ত বিষয় সমূহৰ ওপৰিও আৰু অনেক বিষয় আছে যি সমূহ প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে ভূ বিজ্ঞানৰ লগত জড়িত। সেই সমূহৰ আলোচনা পিছলৈ থৈ এতিয়া আজিৰ আলোচনা মূল বিষয় অৰ্থাৎ ভূ-তত্ত্ব বিজ্ঞানৰ বিভিন্ন শৈক্ষিক পৰিক্ৰমা আৰু ইয়াৰ দ্বাৰা পাব পৰা সংস্থাপনৰ সুবিধা বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ।
সাম্প্ৰতিক সময়ত ভূতত্ত্ব বিজ্ঞানৰ গুৰুত্ব দুটা বিশেষ কাৰণত বৃদ্ধি পাইছে বুলি আমি ব্যক্তিগতভাৱে অনুভৱ কৰোঁ আৰু সেই কাৰণ দুটা হ’ল
ক।প্ৰাকৃতিক সমস্যা সমূহৰ সমাধানত ইয়াৰ গুৰুত্ব।
খ।দ্বিতীয়তে খনিজাত সম্পদৰ সন্ধান, বিস্তৃতিৰ জৰীপ,খনন তথা উৎপাদনত
  ইয়াৰ গুৰুত্ব।
উপৰোক্ত গুৰুত্বক ভিত্তি কৰি ভূতত্ত্ব বিজ্ঞানৰ শৈক্ষিক পৰিক্ৰমা বিষয়ে আমি তলত সংক্ষেপে আলোচনা কৰা প্ৰয়াস কৰিছোঁ।
এজন ছাত্ৰৰ ভূতত্ত্ব বিজ্ঞানৰ কেৰিয়াৰ সাধাৰণতে উচ্চতৰ মাধ্যমিক পৰীক্ষা বিজ্ঞান শাখাত উৰ্ত্তীন হোৱাৰ পিছতহে আৰম্ভ হয়।বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক উৰ্ত্তীন হোৱাৰ পিছত ভূতাত্ত্বিক দিশৰ পৰা এজন ছাত্ৰই দুই ধৰণে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিব পাৰে,
ক। B.Sc দ্বাৰা নিজৰ শৈক্ষিক জীৱন আৰম্ভ কৰি।
খ। B.Tech দ্বাৰা নিজৰ শৈক্ষিক জীৱন আৰম্ভ কৰি।
আজিৰ আলোচনাত প্ৰথম দিশটোৰ বিষয়েহে বিস্তাৰে আলোচনা কৰিব বিচাৰিছোঁ।
এজন ছাত্ৰই উচ্চতৰ মাধ্যমিক পৰীক্ষা বিজ্ঞান শাখাত সুখ্যাতিৰে উৰ্ত্তীন হৈ (নূন্যতম ৬০% নম্বৰলৈ) ভাৰতৰ যিকোনো বিশ্ববিদ্যালয়ৰ স্বীকৃতিপ্ৰাপ্ত কলেজত ভূ-তত্ত্বক মূল বিষয় হিচাপে লৈ স্নাতক শ্ৰেণীত নামভৰ্তি কৰিব পাৰে। স্নাতক পৰ্য্যায়ত সহায়কাৰী বিষয় হিচাপে গণিত বিষয়টো থাকিলে পিছৰ পৰ্য্যায়ত উচ্চ শিক্ষানুষ্ঠানৰ স্নাতকোত্তৰ শাখাত নামভৰ্তি কৰাত সুবিধা হয়। স্নাতক পৰ্য্যায়ত নামভৰ্তিৰ বাবে ৰাষ্ট্ৰীয় পৰ্য্যায়ত কোনো ধৰণৰ যোগ্যতামূলক পৰীক্ষা অনুষ্ঠিত কৰা নহয়।
ভূ-তত্ত্বক মূল বিষয় হিচাপে লৈ অসমৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, অসম বিশ্ববিদ্যালয়,শিলচৰৰ অধীনৰ কলেজত আৰু কটন বিশ্ববিদ্যালয় স্নাতক ডিগ্ৰী লব পৰা সুবিধা আছে। ইয়াৰ ওপৰিও ভূ-তত্ত্বত স্নাতক ডিগ্ৰী লব পৰা ভাৰতৰ কিছু উচ্চ শিক্ষানুষ্ঠানৰ নাম তলত উল্লেখ কৰিলোঁ,
১। দিল্লী বিশ্ববিদ্যালয়,
২। বেনাৰস হিন্দু বিশ্ববিদ্যালয়,
৩। যাদৱপুৰ বিশ্ববিদ্যালয়,
৪। আলিগড় মুছলিম বিশ্ববিদ্যালয়
৫। প্ৰেচিডেঞ্চী কলেজ, কলকতা
ইয়াৰ ওপৰিও শেহতীয়াকৈ ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়ৰ অধীনৰ স্বতন্ত্ৰ শৈক্ষিক প্ৰতিষ্ঠান IISER (Indian Institute Science, Education and Research) কলকতা, ভূপাল আৰু পুণে শাখাত ভূ তত্ত্ব  বিজ্ঞান পঢ়া সুবিধা আছে।
ভূ-তত্ত্ব বিজ্ঞানত স্নাতক ডিগ্ৰী গ্ৰহন কৰি সংস্থাপন লাভৰ সুবিধা নাই। ইয়াৰ বাবে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাটো একান্তই প্ৰয়োজন।
স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে ওপৰত উল্লেখ কৰা অসম তথা ভাৰতৰ বিশ্ববিদ্যালয় কেইখনৰ লগতে ভাৰতৰ আন আন বিশ্ববিদ্যালয়ৰ (ভূ-তত্ত্ব বিভাগ থকা) লগত পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰি। এই বিশ্ববিদ্যালয় সমূহে স্নাতক পৰ্য্যায়ৰ নম্বৰ আৰু তেওঁলোকে অনুষ্ঠিত কৰা নিজস্ব নামভৰ্তি পৰীক্ষা  ওপৰত ভিত্তি কৰি স্নাতকোত্তৰত নামভৰ্তিৰ সুবিধা দিয়ে।
এই বিশ্ববিদ্যালয় সমূহৰ উপৰি ভাৰতৰ উচ্চ শিক্ষানুষ্ঠানৰ শিখৰত থকা Indian Institute and Technology অৰ্থাৎ IIT সমূহত ভূ-তত্ত্ব বিজ্ঞানৰ স্নাতকোত্তৰ গ্ৰহন কৰা সুবিধা আছে আৰু ইয়াৰ বাবে IIT সমূহে অনুষ্ঠিত কৰা Joint Admission Test for M.Sc চমুকৈ JAM পৰীক্ষাত অৱৰ্তীন হোৱাটো বাধ্যতামূলক। এই পৰীক্ষাৰ বাবে বছৰৰ ছেপ্তেম্বৰ মাহত  জাননী প্ৰকাশ কৰা হয় আৰু ফেব্ৰুৱাৰী মাহত পৰীক্ষা অনুষ্ঠিত কৰা হয়। এই পৰীক্ষাত উৰ্ত্তীন হৈ IIT ত M.Sc কৰিলে পিছলৈ Ph.D কৰাও সুবিধা থাকে। ভূ-তত্ত্ব বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী প্ৰদান IIT কেইখনৰ নাম তলত উল্লেখ কৰিলোঁ,
১। IIT, Roorkee
২। IIT, Bombay
৩। IIT, Kharagpur
৪। IIT, Kanpur
৫। IIT, Bhubaneswar
ওপৰত উল্লেখ কৰা IIT সমূহ ওপৰিও ভূতত্ত্ব বিজ্ঞানত উচ্চ শিক্ষা লাভৰ ভাৰতৰ এক অন্যতম  উচ্চ শিক্ষা প্ৰতিষ্ঠান হ’ল IIT (ISM) Dhanbad এই প্ৰতিষ্ঠানক পূৰ্বতে ISM, Dhanbad বুলি জনা গৈছিল । এই প্ৰতিষ্ঠানত Applied Geology ৰ M.Sc.Tech ৰ  ডিগ্ৰী প্ৰদান কৰা হয় আৰু ইয়াৰ বাবে প্ৰতিষ্ঠানটিয়ে নিজাববীয়াকৈ নামভৰ্তি যোগ্যতা পৰীক্ষা অনুষ্ঠিত কৰে।
শেষত আমি আশা কৰোঁ আজিৰ এই ভূ-বিজ্ঞান জড়িত  আলোচনাই অসমৰ কিছু সংখ্যক ছাত্ৰ-ছাত্ৰীক ভূ-বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰি কৰিবলৈ সক্ষম হৈছে আৰু সেয়েহে আমি ইয়াৰ পিছৰ পৰ্য্যায়ত আমি ভূ-বিজ্ঞান শিক্ষা দ্বাৰা সংস্থাপনৰ সম্ভাৱণীয়তা বিষয়ে আলোচনা আগবঢ়াব প্ৰয়াস কৰিম।  
...................................................................................................



 


Comments

Popular posts from this blog

“আহোমৰ ঐতিহাসিক সমাজ ব্যৱস্থাৰ মূলত: কৃষিগত চিন্তাৰ আৰু জলব্যৱস্থাৰ বৈজ্ঞানিক বিশ্লেষণ”

ভূ তত্ত্ব শিক্ষাৰ গুৰুত্ব, শৈক্ষিক পৰিক্ৰমা আৰু সংস্থাপনৰ সুবিধা (নিয়মীয়া বাৰ্তাৰ সাপ্তাহিক শিক্ষামূলক বিশেষ পৃষ্ঠা 'শিক্ষা বাৰ্তা')

অৰ্থনৈতিক উন্নয়ন বনাম সাংস্কৃতিক প্ৰদূষণ : বিহুৰ পৰা পূজালৈ এক অৱলোকন