অৰ্থনৈতিক উন্নয়ন বনাম সাংস্কৃতিক প্ৰদূষণ : বিহুৰ পৰা পূজালৈ এক অৱলোকন



সাম্প্ৰতিক সময়ত বিশ্বৰ প্ৰতিখন দেশতে দ্ৰুত (বিৰামহীন) অৰ্থনৈতিক উন্নয়নৰ এক সাংঘাটিক প্ৰতিযোগিতা আৰম্ভ হৈছে বুলি আমি অনুভৱ কৰোঁ। এই দ্ৰুত অৰ্থনৈতিক উন্নয়নৰ বিশ্বজনীন চিন্তাই কেৱল যে আমাৰ প্ৰচলিত অৰ্থনৈতিক ব্যৱস্থাকে প্ৰম্ভাৱিত কৰিছে তেনে নহয় এই দ্ৰুত অৰ্থনৈতিক উন্নয়নৰ দ্বাৰা সৃষ্ট “মুক্ত অৰ্থনৈতিক ব্যৱস্থা”ই আমাৰ সাংস্কৃতিক ব্যৱস্থাকও বাৰুকৈয়ে প্ৰম্ভাৱিত কৰিছে। আমি ব্যক্তিগত বিশ্বাস কৰোঁ যে দ্ৰুত অৰ্থনৈতিক বিকাশৰ ফলত আমাৰ সামাজিক জীৱন ব্যৱস্থালৈ পৰিৱৰ্তন অহাটো স্বাভাৱিক, কিন্তু এই পৰিৱৰ্তন মানৱ উত্তৰণৰ স্বাৰ্থত সুস্থিৰ আৰু বহনক্ষম হোৱাটো খুবেই জৰুৰী আৰু এনে সুস্থিৰ তথা বহনক্ষম পৰিৱৰ্তনৰ বাবে আমাৰ সাংস্কৃতিক চিন্তা ব্যৱস্থাৰ ৰূপান্তৰ বৈজ্ঞানিক গৱেষণালব্ধ হোৱাটো একান্তই জৰুৰী। কিন্তু সাম্প্ৰতিক সময়ত এই দুই চিন্তাৰ মাজত এক ভাৰসাম্যহীন অৱস্থাৰ সৃষ্টি হোৱা যেন আমাৰ অনুভৱ হয় যাৰবাবে বৰ্তমান সময়ত অৰ্থনৈতিক বিকাশ বনাম সাংস্কৃতিক প্ৰদূষণ সামাজিক চিন্তাবিদ সকলৰ বাবে এক বিশ্বজনীন চিন্তাৰ কাৰক হৈ পৰিছে। আৰু আমাৰ দৃষ্টিত বৰ্তমান সময়ত এনে চিন্তাৰ পৰা অসমৰ সাংস্কৃতিক চিন্তা ব্যৱস্থাও মুক্ত নহয়, বৰঞ্চ গভীৰভাৱে আক্ৰান্ত বুলিহে কব পাৰে।
বৰ্তমান অসমত ৰাষ্ট্ৰীয়তাবাদ বনাম জাতীয়তাবাদৰ এক অতি কৌশলী পৰিৱেশ সৃষ্টি হোৱা যেন আমাৰ অনুমান হয়। আমি অনুভৱ কৰোঁ যে এই দুই চিন্তাৰ প্ৰভাৱত অসমীয়া সংস্কৃতিয়ে নিজস্ব স্বকীয়তাৰে জীয়াই থাকিবলৈ এক কঠোৰ সংগ্ৰামত অৱৰ্তীন হব লগা এক পৰিৱেশ বৰ্তমান অসমত সৃষ্টি হৈছে। আৰু আমি গভীৰভাৱে বিশ্বাস কৰোঁ যে এনে এটা পৰিৱেশৰ পূৰ্বানুমান কৰিয়ে বহু বছৰ আগতেই অসমৰ দুই অন্যতম সাংস্কৃতিক দাৰ্শনিক জ্যোতিপ্ৰসাদ আৰু বিষ্ণু ৰাভা দেৱে এক বৈজ্ঞানিক সাংস্কৃতিক জাগৰণ অসমত সৃষ্টি কৰা প্ৰয়াস কৰিছিল, যি প্ৰয়াস তেওঁলোকৰ অবৰ্তমানত এটা সময়ত স্তমিত হৈ পৰিছিল বুলি আমি অনুভৱ কৰোঁ আৰু এই বৈজ্ঞানিক সাংস্কৃতিক জাগৰণৰ অভাৱত কেনে এক সাংস্কৃতিক প্ৰদূষণৰ পৰিৱেশ অসমত সৃষ্টি হ’ল আজি প্ৰতিজন বিবেকবান অসমীয়াই উপলব্ধি কৰিব পাৰিছে বুলি আমাৰ বিশ্বাস হয়। আৰু সেয়েহে বৰ্তমান সময়ত অসমৰ প্ৰতিটো ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক সমস্যা সমাধানৰ স্বাৰ্থত, অসমীয়া জাতিৰ উত্তৰণৰ স্বাৰ্থত অসমত নতুনকৈ এক সময়োপযোগী বৈজ্ঞানিক সাংস্কৃতিক জাগৰণৰ খুবেই প্ৰয়োজন আছে বুলি আমি ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ আৰু তেনে চিন্তাকে তলৰ আলোচনাত উপস্থাপন কৰা প্ৰয়াস কৰিলোঁ।
সাম্প্ৰতিক সময়ত “অসমীয়া সংস্কৃতি” বুলি ক’লেই খুব সহজতেই মনলৈ বিহু বিশেষকৈ ব’হাগ বিহুটোৰে কথাই আহে। গতিকে আজিৰ আলোচনাৰ প্ৰাৰম্ভনিতে বিহুৰ বিষয়ে কিছু আলোচনা কৰাৰ প্ৰয়াস কৰিলোঁ।
আমাৰ দৃষ্টিত ব'হাগ মাহটো অসমীয়া জাতীয় জীৱনৰ বাবে এক উল্লেখযোগ্য মাহ, ব'হাগে আমাৰ অসমীয়া জাতীয় চেতনাক সজীৱ কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আমি ব্যক্তিগতভাৱে অনুভৱ কৰোঁ এইমাহটোতে নতুন ধনাত্নক আৰু যোগাত্মক চিন্তা কৰা সুন্দৰ পৰিৱেশ প্ৰকৃতিয়ে আমাক দিছে আৰু সেইয়েহে জাতিৰ উত্তৰণৰ স্বাৰ্থত বিৰ্তকবোৰক আতৰাই এক নতুন চিন্তা প্ৰতিটো ব'হাগতে জন্ম দিয়াৰ কথাহে আমি ভৱাৰ প্ৰয়োজন আছে বুলি আমি ব্যক্তিগত ভাৱে অনুভৱ কৰোঁ।
কিন্তু যোৱা কেইবছৰমানৰ পৰা আমি অনুভৱ কৰিছোঁ যে ব'হাগৰ কুঁহিপাত ওলাবলৈ পাই কি নাপায় অসমীয়া সমাজত ৰঙালী বিহুটোক লৈ বিৰ্তক আৰম্ভ হৈয়ে। আৰু ইয়াৰ বেছিভাগ বিৰ্তকই কিন্তু ঋনাত্নক চিন্তাৰে সমৃদ্ধ। এনেবোৰ বিৰ্তকই আমাকও বিহুৰ বিষয়ে কিছু চিন্তা কৰিবলৈ বাধ্য কৰিছে।
আমি ব্যক্তিগত অনুভৱ কৰোঁ, বিহুটোক যিদিনাই গাঁৱৰ আনি মঞ্চত তুলিলে সেইদিনা পৰাই অসমীয়া সংস্কৃতিলৈ পুঁজিবাদী চিন্তাৰ আগ্ৰাসন আৰম্ভ হ'ল বুলি দাবী কৰিব পাৰি। সেইসময়ত বহুতে ক'ব বিচাৰিছিল যে এনে পুঁজিবাদী চিন্তাৰে বিহুক বিশ্বৰ সাংস্কৃতিক দৰবাৰত সৱল ভাৱে প্ৰতিষ্ঠা কৰাত সহায়ক হব বা সফল হ’ব। কিন্তু আজি তাৰিখত সাংস্কৃতিক পুঁজিবাদী চিন্তাই অসমত কেনে ধৰণৰ সাংস্কৃতিক প্ৰদূষণৰ ভয়াবহ বাতাবৰণ সৃষ্টি কৰিছে সেইয়া সকলোৱে দেখিছে, উদাহৰণস্বৰূপে চিগাৰেটে পেকেটত বিহুৰ বিজ্ঞাপন, মদৰ বটলত বিহুৰ বিজ্ঞাপন ইত্যাদি আৰু শেহতীয়াকৈ বিহুৰ মঞ্চত শিল্পীৰ গালৈ পইছা নিক্ষেপৰ দৰে কাৰ্য্য । আৰু এনে প্ৰদূষিত পৰিৱেশত বিহুৰ বিশ্বজনীন চিনাকী কেনেকৈ সম্ভৱ সেইয়া আমাৰ বাবে নিশ্চয়কৈ আজি তাৰিখত এক জটিল চিন্তাৰ বিষয়।
আমি যদি পুঁজিবাদী চিন্তাৰ আগ্ৰাসনত অসমৰ সাংস্কৃতিক অৱক্ষয়ৰ ধাৰাটোলৈ মন কৰোঁ তেন্তে দেখিম যে অসমত আজি এনে এটা সময় আহিল য'ত গাঁৱৰ দুখীয়াজনে বছেৰেকৰ বিহুটোত গাঁৱৰ হুচৰি দলটো পৰা এটি আৰ্শীবাদৰ পৰা বঞ্চিত হব লগীয়া পৰিস্থিতি সৃষ্টি হ'ল। কাৰণ বিহু হৈ পৰিল অসমীয়া জাতিৰ অৰ্থ আৰণৰ এক প্ৰধান আহিলা আৰু এনে পুঁজিবাদী চিন্তাৰে গাঁৱৰ হুচৰি দলটো নগৰমুখী হ’বলৈ আৰম্ভ কৰিলে। আমি বিশ্বাস কৰোঁ একমাত্ৰ সাংস্কৃতিক পুঁজিবাদৰ চিন্তাৰ প্ৰভাৱতেই আজি তাৰিখত বহুতে অসমীয়াৰ জাতীয় উৎসৱ বিহুক এক সংগীতৰ উৎসৱ (musical festival) বুলি ক’বলৈ আৰম্ভ কৰিছে অথচ আমি সকলোৱে জানো যে বিহু অসমীয়া চহা ৰাইজক প্ৰতিনিধিত্ব কৰা এক কৃষিভিত্তিক উৎসৱ। আমি ব্যক্তিগতভাৱে অনুভৱ কৰোঁ এনে চিন্তা জাতীয় সংস্কৃতিৰ স্বকীয়তা ৰক্ষাৰ স্বাৰ্থত ভাবুকিস্বৰূপ, কাৰণ আমি সজোৰে বিশ্বাস কৰোঁ সংস্কৃতিয়ে জাতীয় চিন্তাক প্ৰকৃত ৰূপত প্ৰতিফলিত আৰু প্ৰতিনিধিত্ব কৰে। সেয়েহে আমি অনুভৱ কৰোঁ যে বিহুৰ স্ককীয়তা ৰক্ষা কৰা স্বাৰ্থত বিহুক “কৃষিভিত্তিক উৎসৱ” হিচাপে জীয়াই ৰখাত সকলোৱে গুৰুত্ব দিব লাগে। লগতে আমি বিশ্বাস কৰোঁ এনে চিন্তাই বৰ্তমান সময়ত বিহুকলৈ আৰম্ভ হোৱা বিৰ্তক বোৰ শেষ হোৱাটোও সহায় কৰিব, কাৰণ খেতি কৰা চহা মানুহৰ বিৰ্তক কৰিবলৈ সময় নাই , সময় আছে মাত্ৰ সন্মান সহকাৰে সংস্কৃতিক জীয়াই ৰাখিবলৈহে।
বৰ্তমান সময়ত বিহু মঞ্চৰ সাংস্কৃতিক সন্ধিয়াত কোন শিল্পীয়ে কি গীত গাব, বিহুৰ সাংস্কৃতিক সন্ধিয়া ৰাতি কিমান সময়লৈকে চলিব আদি বিৰ্তকই বিহু মাদকতাকে বিনষ্ট কৰিছে। আমি বিশ্বাস কৰোঁ যদিও ৰঙালী বিহুটো ৰং ৰইচৰ উৎসৱ তথাপিও কিন্ত ৰাতি এপৰলৈকে বিহু নামত উৎশৃংখল পৰিৱেশ সৃষ্টি কৰি জীয়াই থকাটো কোনো কৰ্মশীল জাতিৰে পৰিচয় হব নোৱাৰে আৰু আমাৰ দৃষ্টিত এনে চিন্তাই বিহুৰ মৰ্য্যাদাতও আঘাট কৰিছে, কাৰণ চহা ৰাইজক খেতিৰ বতৰত টোপনি খতি কৰোৱাটোও কোনো কাৰণতে আমাৰ দৃষ্টিত বিজ্ঞানসন্মত নহয়। এইখিনিতে উল্লেখ কৰি থোৱা ভাল হব যে অসম তাহানিও কৃষিভিত্তিক ৰাজ্য আছিল আৰু আজিও হয়, গতিকে চহা ৰাইজ বুলি কওঁতে সমগ্ৰ অসমীয়া ৰাইজক বুজাব বিচৰা হৈছে, এনে চিন্তাৰ পৰা সেইসকলক আঁতৰাই ৰখা হৈছে যিসকলে শিপা পাহৰি মহানাগৰিকৰ পৰিচয়ে নিজক চিনাকি দিব বিচাৰে।
আমি উপলব্ধি কৰোঁ সাম্প্ৰতিক সময়ত বিহুকলৈ আৰম্ভ হোৱা বিৰ্তকবোৰৰ পৰা জাতীয় উৎসৱটিক উদ্ধাৰ কৰিবলৈ অনতিপলমে অসমত এক গৱেষণালব্ধ, প্ৰণালীবদ্ধ সাংস্কৃতিক আন্দোলন আৰম্ভ কৰাটো খুবেই প্ৰয়োজন। এইখিনিতে উল্লেখ কৰা ভাল যে ওপৰত উল্লেখ কৰা “আন্দোলন” শব্দটোৱে চেতনা আন্দোলিত কৰা পৰিৱেশৰ কথাহে বুজাব বিচৰা হৈছে, তথাকথিত বন্ধ প্ৰতিবাদৰ আন্দোলনক ইয়াত জড়িত কৰা আমাৰ উদ্দেশ্য নহয়।
আমি আমাৰ সীমিত জ্ঞানেৰে অনুভৱ কৰোঁ যে সাংস্কৃতিক বিৰ্তকত ভাগ লবলৈ গভীৰ জ্ঞানৰ প্ৰয়োজন যিটো ক্ষেত্ৰত মই ব্যক্তিগতভাৱে দৈন্য আৰু সেইয়েহে আমাৰ দৈন্যতাক কিছু পৰিমাণে আতৰাবলৈ আমি “সাংস্কৃতিক দৰ্শন (Cultural philosophy)”ৰ বিষয়ে কিছু অধ্যয়ণ কৰিছিলোঁ। আমাৰ এই অধ্যয়নৰ মূল উদ্দেশ্য আছিল বিশ্বৰ পৰিৱৰ্তনশীল অৰ্থনৈতিক ব্যৱস্থাত বিশ্বজনীন সাংস্কৃতিক চিন্তাৰ ৰেহৰূপক কিছু ফহলিয়াই চোৱা। এনে অধ্যয়ণৰ সময়তেই আমি পঢ়িবলৈ পোৱা এষাৰ বাক্যই আমাৰ অন্ত:দৰ্শনক বিশেষভাৱে আকৰ্ষিত কৰিছিল আৰু সেই বাক্যষাৰ আছিল " People are shaped by their culture and their culture is also shaped by them" অৰ্থাৎ মানৱ সভ্যতাক গঢ় দিয়ে সংস্কৃতিয়ে আৰু আনহাতেদি সংস্কৃতিক গঢ় দিয়ে মানৱে; আমি অনুভৱ কৰোঁ বৰ্তমান সময়ত অসমত সৃষ্টি হোৱা সাংস্কৃতিক প্ৰদূষণৰ বাতাবৰণত অসমীয়া জাতীয় জীৱনক সুস্থিৰ কৰি ৰখা স্বাৰ্থত উপৰোক্ত বাক্যশাৰীৰ গুৰুত্ব সকলোৱে উপলব্ধি কৰাটো খুবেই জৰুৰী।
সাম্প্ৰতিক সময়ৰ বিশ্বজনীন সাংস্কৃতিক পৰিৱেশত সাংস্কৃতিক দৰ্শনৰ চিন্তাই বিশেষ গুৰুত্ব লাভ কৰিছে আৰু এনে দৰ্শনত দুইধৰণৰ চিন্তাই বিশেষ ভূমিকা পালন কৰিছে,
১. সাংস্কৃতিক অনুকৰণ
২. সাংস্কৃতিক গ্ৰহন
উপৰোক্ত প্ৰথম চিন্তাটি বৰ্তমান গোলকীয় অৰ্থনীতিৰ আগ্ৰাসনমূখী চিন্তাৰে উজ্জীৱিত পুঁজিবাদৰ প্ৰভাৱেৰে সমৃদ্ধ আৰু এই চিন্তাৰ জনপ্ৰিয়তা সামাজিক বিজ্ঞানীসকলৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে। এতিয়া কথা হ'ল এই সাংস্কৃতিক অনুকৰণ নো হয় কি?
সহজতে কবলৈ গ'লে সাংস্কৃতিক অনুকৰণ হ'ল গৱেষণালব্ধ চিন্তাৰ অবিহনে কোনো জাতিয়ে অন্য কোনো জাতিৰ সাংস্কৃতিক ব্যৱস্থাক অতি কম সময়তে গ্ৰহন কৰা। এনে চিন্তাত কোনো প্ৰণালীবদ্ধ চিন্তা নাথাকে, নাথাকে অন্য এটা সাংস্কৃতিক ব্যৱস্থাক আকোঁৱলি লোৱাৰ আগতে গ্ৰহন কৰিব লগীয়া সময়োপযোগী বৈজ্ঞানিক গৱেষণা। প্ৰকৃততে পুঁজিবাদী শোষকমহলে জাকজমক পৰিৱেশ সৃষ্টি কৰি এনে চিন্তাৰ বাবে প্ৰয়োজনীয় সুস্থিৰ পৰিৱেশ সৃষ্টি হব নিদিয়ে আৰু এনে জাকজমক হূলস্থুলীয়া পৰিৱেশ সৃষ্টিৰ বাবে বিভিন্ন মাধ্যমক বিশেষকৈ প্ৰচাৰ মাধ্যমক অতি খৰছীকৈ ব্যৱহাৰ কৰা হয়। প্ৰচাৰ মাধ্যমৰ দ্ধাৰা এনে পৰিৱেশ সৃষ্টি কৰা প্ৰক্ৰিয়াক আমি সাংস্কৃতিক প্ৰদূষণ (cultural pollution) বুলি অভিহিত কৰিব পাৰোঁ। আৰু এনে পৰিৱেশ বৰ্তমান সময়ত অসমত খুবেই পৰিচিত। এই সাংস্কৃতিক অনুকৰণ প্ৰক্ৰিয়া দ্বাৰা যি কোনো জাতিৰ নিজস্ব সংস্কৃতিৰ প্ৰতি থাকিব লগা সাংস্কৃতিক শ্ৰদ্ধা কমি আহে আৰু পুঁজিবাদী সাম্ৰাজ্যবাদৰ কবলত নিজস্ব জাতীয় সংস্কৃতিসমূহৰ স্বকীয়তাক বিক্ৰী কৰে। অসমৰ বিহুকলৈ তেনে এক পৰিৱেশ সৃষ্টি হৈছে বুলি ক’লেও ছাগে আজি তাৰিখত ভুল কোৱা নহ’ব আৰু আমাৰ এই ধাৰণাক এইবাৰ বিহুৰ মঞ্চত শিল্পী গালৈ পইছা নিক্ষেপ কৰা সংস্কৃতিয়ে অধিক স্পষ্ট ৰূপত দাঙি ধৰিব পাৰিছে বুলি আমি ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ।
এতিয়া আহোঁ ওপৰত উল্লেখ কৰা দ্বিতীয়টি চিন্তালৈ। এই চিন্তাত নিজ সংস্কৃতিৰ উত্তৰণৰ বাবে গৱেষণালব্ধ বৈজ্ঞানিক চিন্তাক প্ৰাধান্য দিয়া হয়। আমি বিশ্বাস কৰোঁ যে বিশ্বৰ পৰিৱৰ্তনশীল অৰ্থনৈতিক ব্যৱস্থাত সাংস্কৃতিক চিন্তাৰ পৰিৱৰ্তন বা ৰূপান্তৰ অৱশ্যম্ভাৱী। কিন্তু এই পৰিৱৰ্তন বা ৰূপান্তৰ জাতিৰ উত্তৰণৰ বাবে হ’ব লাগিব, জাতিৰ ধ্বংস বাবে নহয়। আৰু ইয়াৰ বাবে লাগিব প্ৰণালীবদ্ধ সাংস্কৃতিক গৱেষণাৰ মানসিকতা।
এইখিনিতে আমি “ৰেহেনা খিচগি(Rehanna Kheshgi)” নামৰ এগৰাকী আমেৰিকাৰ নিৱাসী গৱেষিকাৰ নামটো প্ৰাসংগিক কৰিব বিচাৰিছোঁ কাৰণ এই নামটো অসমীয়া ৰাইজৰ বাবে একেবাৰে অপৰিচিত নহয়, আজি পৰা দুই বছৰমান আগতে ৰেহেনাই অসমৰ জনপ্ৰিয় গায়ক অংগৰাগ মহন্তৰ লগত অসমৰ বহুকেইখন বিহু মঞ্চত গীত পৰিৱেশন কৰি তেওঁ অসমত বেছ জনপ্ৰিয় হৈছিল। কিন্তু আজি এই আলোচনাত ৰেহেনা খিচগিক আমি এক সুকীয়া চিন্তাৰে উপস্থাপন কৰিব বিচাৰিছোঁ। ৰেহেনা খিচগি এগৰাকী পেছাত গৱেষিকা, তেওঁ আমেৰিকা চিকাগো বিশ্ববিদ্যালয়ৰ পৰা নৃগোষ্টীয়-সংগীত চৰ্চা (Ethnomusicology) বিষয়ত ২০১৬ চনত সন্মানীয় ডক্টৰৰেট ডিগ্ৰী লাভ কৰে। তেওঁৰ নিজস্ব গৱেষণা সংক্ৰান্তত অসমৰ লোক সংস্কৃতিৰ বিষয়ে অধ্যয়ণ কৰিবলৈ অসমলৈ আহিছিল। অসমত থকা সময়ত অসমৰ লোক সংস্কৃতিৰ বিষয়ে জানিবলৈ তেওঁ অসমৰ নিদিষ্ট কিছু গাওঁত মাহজুৰি থাকিব লৈছিল, ইয়াৰ মূল উদ্দেশ্য আছিল অসমৰ লোক সংস্কৃতিৰ প্ৰতিটো দিশক সূক্ষ্মভাৱে বিশ্লেষণ কৰা আৰু এইক্ষেত্ৰত বিশেষ সহায়ক হবলৈ তেওঁ অসমৰ লোক সংস্কৃতিৰ সাধক সকলৰ লগতও সঘনাই আলোচনাত মিলিত হৈছিল। আৰু আমি বিশ্বাস কৰোঁ তেওঁৰ এই গৱেষণালব্ধ আৰু প্ৰণালীবদ্ধ চিন্তাৰ ফলতেই আমাৰ বিহুগীত সমূহ সুন্দৰভাৱে আয়ত্ত কৰিবলৈ সক্ষম হৈছিল। এটা সংস্কৃতিক সন্মান সহকাৰে গ্ৰহন কৰিবলৈ কেনে মানসিকতাৰ প্ৰয়োজন সেইয়া ৰেহেনা খিচগিয়ে অতি সুন্দৰভাৱে অসমীয়া ৰাইজৰ আগত দাঙি ধৰিবলৈ সক্ষম হ’ল বুলি আমি ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ।
যিহেতুকে বৰ্তমান শাৰদীয় দূৰ্গা পূজাৰ সময় গতিকে ওপৰোক্ত দুই চিন্তাৰ আঁত ধৰি পূজাৰ বিষয়ে বিশেষকৈ দূৰ্গা পূজাৰ বিষয়ে কিছু চিন্তা ব্যক্ত নকৰিলে এই লেখাটিৰ মূল উদ্দেশ্য পূৰণ নহ’ব যেন আমাৰ অনুভৱ হয়, সেয়েহে তলত পূজাৰ বিষয়ে কিছু আলোচনা কৰাৰ প্ৰয়াস কৰিলো।
আমি ব্যক্তিগতভাৱে সামাজিক সুস্থিৰতা স্বাৰ্থত কোনো এক পৰম শক্তিৰ অৰ্চনা বা পূজা কৰা কাৰ্যক কেতিয়াও বিৰোধিতা নকৰোঁ বা কৰা যুক্তিও নাই, কাৰণ আমি বিশ্বাস কৰোঁ যে সমাজ উত্তৰণত যেনেদৰে বৈজ্ঞানিক চিন্তাৰ প্ৰয়োজন আছে ঠিক তেনেদৰে আধ্যাত্মিক চিন্তাৰও গুৰুত্ব আছে, সহজ অৰ্থত এই দুই চিন্তাৰ সামগ্ৰিক বিকাশেহে সমাজ উত্তৰণক সঠিক দিক নিদেৰ্শন কৰে। কিন্তু এইখিনিতে এটা কথা উল্লেখ কৰাটো উচিত হব যেন আমাৰ অনুভৱ হয় সেইটো হ’ল সমাজ উত্তৰণ বা ৰূপান্তৰৰ বাবে অতিকৈ প্ৰয়োজনীয় প্ৰকৃত আধ্যাত্মিক চিন্তাৰ বাবে প্ৰতিটো পৰমশক্তিত অন্ত:নিৰ্হীত হৈ থকা গভীৰ সামাজিক দৰ্শনৰ বৈজ্ঞানিক বিশ্লেষণ কৰাটো একান্তই আৱশ্যক। এইক্ষেত্ৰত যদি আমি দূৰ্গা পূজালৈ মন কৰোঁ তেন্তে দেখিম যে সমাজৰ আসুৰিক শক্তিসমূহক বিনাশ কৰিবলৈ সমাজৰ সৎশক্তি সমূহৰ সন্মিলিত চেষ্টাৰ প্ৰয়োজন বা আৱশ্যক আৰু এই সৎশক্তি সমূহক সংগঠিত কৰাত যে নাৰীয়ে এক সৱল ভূমিকা গ্ৰহন কৰিব পাৰে তাক “দূৰ্গা”ৰূপত উপস্থাপন কৰা হৈছে। কিন্তু সাম্প্ৰতিক সময়ৰ ভাৰতীয় বাস্তৱ (Real) সমাজ ব্যৱস্থাত এনে দৰ্শনে প্ৰয়োজনীয় গুৰুত্ব লাভ কৰিছে নে? আমাৰ দৃষ্টিত নাই কৰা, কিয়নো বছৰৰ পিছত বছৰ দূৰ্গা পূজা অনুষ্ঠিত কৰি অহা পিছটো আজিও ভাৰতীয় সমাজ ব্যৱস্থাত ছাত্ৰীৰ পৰা শিক্ষয়ত্ৰীলৈকে ধৰ্ষণৰ বলি হয়, নাৰীক নিৰক্ষতা সুযোগলৈ ডাইনীৰ নামত হত্যা কৰা হয় আৰু অতি আৰ্কষণীয়ভাৱে এই দেশতে আধ্যাত্মিক(?) চিন্তা কৰা “বাবা”ও নাৰীৰ ধৰ্ষণৰ দৰে গুৰুত্ব অভিযোগত দোষী সাব্যস্ত হয়।
ওপৰোক্ত চিন্তাৰ দ্বাৰা এটা কথাত একমত হব পাৰি যে দূৰ্গা পূজাত অন্ত:নীৰ্হিত হৈ থকা সামাজিক দৰ্শনৰ প্ৰকৃত ৰূপায়ন আমাৰ সমাজ ব্যৱস্থাত আজিও হোৱা নাই আৰু এনে চিন্তাই আমাৰ মনলৈ সহজতেই কঢ়িয়াই অনা প্ৰশ্নটো হ’ল “ যদি হোৱা নাই কিয় হোৱা নাই?”। এই প্ৰশ্নৰ উত্তৰত আমি কব পাৰোঁ যে বৰ্তমান সময়ত আমি প্ৰতিটো পূজাক অতি সংকীৰ্ণ ভোগবাদী আৰু বস্তুবাদী চিন্তাৰে আয়োজন কৰা প্ৰয়াস কৰিছোঁ যাৰ বাবে পূজা সমূহৰ সামাজিক দৰ্শনৰ পৰা আমি নিজকে আতঁৰত ৰাখিবলৈ বাধ্য হৈছোঁ আৰু একমাত্ৰ এনে চিন্তাৰ বাবেই পূজা সমূহ হৈ পৰিছে মাথো এক মানৱ ভোগবাদৰ জাকজমক বাৰ্ষিক অনুষ্ঠান।
আমি ব্যক্তিগতভাৱে অনুভৱ কৰিছোঁ যে যোৱা কেইবছৰ মানত অসমতও বিৰাট জাকজমকতাৰে দূৰ্গা পূজা অনুষ্ঠিত কৰা হৈছে। কিন্তু এই জাকজমকতাৰ বিপৰীতে অসমত ধৰ্ষণৰ সংখ্যা, ডাইনী হত্যাৰ সংখ্যা হ্ৰাস পোৱাটতকৈ বৃদ্ধিহে পাইছে। দ্বিতীয়তে অসমত প্ৰতি বছৰেই দূৰ্গা পূজাৰ আগে আগে প্ৰলয়ংকাৰী বানত অসমৰ জনজীৱন বিধস্ত হৈ পৰে, অসমৰ সৰহ সংখ্যাক লোকৰ জীৱনলৈ নামে আহে দুখৰ অমানিশা, আৰু এনে সময়ত কোটি কোটি টকা খৰছ কৰি জাকজমকতাৰে দূৰ্গা পূজা আয়োজন কৰাটো আমাৰ দৃষ্টিত সাংস্কৃতিক প্ৰদূষণৰেই এক উদাহৰণ। এইখিনিতে এটা কথা স্পষ্ট কৰি দিয়া ভাল হব যে আমি আগতেই উল্লেখ কৰিছোঁ আধ্যাত্মিক দৰ্শনেৰে পূজা আয়োজন কৰা আমি বিৰুধী নহয়, কিন্তু কেৱল বস্তুবাদী আৰু ভোগবাদী চিন্তাৰে পূজা আয়োজনত আমি সদায় বিৰুধী, কাৰণ আমি বিশ্বাস কৰোঁ, প্ৰকৃত আধ্যাত্মিক চিন্তাত ভোগবাদৰ জাকজমকতাৰ প্ৰয়োজন নাই।
সদৌ শেষত উপৰোক্ত সমগ্ৰ আলোচনাৰ সহায়ত আমি অসমীয়া জাতিৰ সাংস্কৃতিক উত্তৰণৰ স্বাৰ্থত দুই ধৰণৰ চিন্তাক প্ৰতিষ্ঠা কৰা প্ৰয়াস কৰি এই লেখা সামৰিব খুজিচোঁ, এই চিন্তাদ্বয়ক তলত উল্লেখ কৰিলোঁ,
ক। বিশ্বায়নৰ দিনত নিজস্ব সংস্কৃতিক জাতীয় স্ককীয়তাৰে জীয়াই ৰাখিবলৈ গৱেষণালব্ধ আৰু প্ৰণালীবদ্ধ বৈজ্ঞানিক চিন্তাৰ খুবেই প্ৰয়োজন।
খ। বিশ্বায়নৰ দিনত আনৰ সংস্কৃতিক গ্ৰহন কৰোতেও গৱেষণালব্ধ আৰু প্ৰণালীবদ্ধ বৈজ্ঞানিক চিন্তাৰ খুবেই প্ৰয়োজন, নহ’লে সাংস্কৃতিক প্ৰদূষণত জাতিৰ স্বকীয়তা হেৰাই যোৱাৰ সম্ভাৱনাই অধিক।
.........................................................................................................

Comments

Popular posts from this blog

“আহোমৰ ঐতিহাসিক সমাজ ব্যৱস্থাৰ মূলত: কৃষিগত চিন্তাৰ আৰু জলব্যৱস্থাৰ বৈজ্ঞানিক বিশ্লেষণ”

ভূ তত্ত্ব শিক্ষাৰ গুৰুত্ব, শৈক্ষিক পৰিক্ৰমা আৰু সংস্থাপনৰ সুবিধা (নিয়মীয়া বাৰ্তাৰ সাপ্তাহিক শিক্ষামূলক বিশেষ পৃষ্ঠা 'শিক্ষা বাৰ্তা')