শিলগুটি, ছ'ৰি বিপৰীতে সাম্প্ৰতিক সময়ৰ কিছু যোগাত্মক চিন্তা





যোৱা ১০ অক্টোবৰ ২০১৭ তাৰিখে অসমৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ভাৰত-অষ্ট্ৰেলিয়া মাজত অনুষ্ঠিত হৈ যোৱা আন্ত:ৰাষ্ট্ৰীয় “টি-২০” খেলৰ পিছত অষ্ট্ৰেলিয়ান দলৰ বাছলৈ কোনো দুবৃত্তই শিলগুটি নিক্ষেপ কৰা কাৰ্যই সাম্প্ৰতিক সময়ৰ অসমত এক বিশেষ চৰ্চা লাভ কৰিছে, গোটেই অসমতেই এক “ছ’ৰিছ’ৰি” পৰিৱেশে বৰ্তমান সময়ত বিৰাজ কৰা যেন আমাৰ ভাৱ হৈছে।আমি ব্যক্তিগত ভাৱে বৰ্তমান সময়ৰ উগ্ৰজাতীয় চিন্তাৰে প্ৰদূষিত বাতাবৰণত এনেধৰণৰ মানসিক ভাৰসম্যহীন ঘটনা ঘটাটো স্বাভাৱিক বুলিহে জ্ঞান কৰোঁ আৰু লগতে আমি বিশ্বাস কৰোঁযে এনেধৰণৰ বিষয়বোৰৰ বহুল আলোচনাই মূল বিষয়ৰ ওপৰত অৰ্থাৎ খেলৰ ইতিবাচক দিশৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলোৱা সম্ভাৱণাই অধিক। গতিকে আজিৰ আলোচনাত এই বিষয়ে বিশেষ আলোচনা নকৰাটোৱে উচিত বুলি অনুভৱ কৰি, বৰ্তমান সময়ৰ অন্য কিছুযোগাত্মক দিশহে তলৰ আলোচনাত উপস্থাপন কৰা প্ৰয়াস কৰিছোঁ।
২০১৭ চনৰ আন্ত:ৰাষ্ট্ৰীয় ফুটবলৰ সৰ্বোচ্চ সংস্থা "ফিফা (FIFA) "ৰ ১৭ বছৰ অনুৰ্ধ ফুটবলৰ বিশ্বকাপ প্ৰতিযোগিতাখন ভাৰতত অনুষ্ঠিত হোৱা বাবে আমি ব্যক্তিগতভাৱে এজন ভাৰতীয় হিচাপে বৰ্তমান সময়ত গৌৰৱ অনুভৱ কৰিছোঁ লগতে এই প্ৰতিযোগিতাৰ এক বিশেষস্থলী হিচাপে উত্তৰ-পূৰ্বৰ দুৱাৰমুখ গুৱাহাটী নিৰ্বাচিত হোৱা বাবে এজন অসমীয়া হিচাপে অতিকৈ বেছি গৌৰৱ অনুভৱ কৰিছোঁ। আৰু বিশ্বাস কৰোঁ এই প্ৰতিযোগিতাই বিশ্বৰ খেলজগতত অসমৰ এক নৱ ও সুন্দৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হব।
আমাৰ এই গৌৰৱময় অনুভৱক আৰু কিছু সজীৱতা প্ৰদান কৰা লক্ষে নিজৰ ব্যস্ত ব্যক্তিগত জীৱনৰ পৰা কিছু সময় উলিয়াই যোৱা ১১অক্টোবৰ, ২০১৭ তাৰিখে গুৱাহাটীৰ সৰুসজাঁই ষ্টেডিয়ামত উপভোগ কৰিছিলোঁ ফ্ৰান্স বনাম জাপানৰ ফুটবল খেলখন। আৰু এই খেলখনত আমাৰ দৃষ্টিত অতিযোগাত্মক চিন্তা পৰিচয় দিয়া দুটা ঘটনাক তলত উপস্থাপন কৰিলোঁ,
১। আন্ত:ৰাষ্ট্ৰীয় খেল এখন আৰম্ভ হোৱাৰ আগে আগে দুইখন দেশৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰাটো নিয়ম, তেনে নিয়মেৰে এইখন খেলতও ফ্ৰান্স আৰু জাপানৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হৈছিল আৰু সেই সময়ত ষ্টেডিয়ামত উপস্থিত সমূহ দৰ্শকে ঠিয়হৈ দুইখন দেশৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিছিল। তেনে সময়তে মোৰ কাষত ঠিয়হৈ থকা এজন ব্যক্তিয়ে আন এজন ব্যক্তিক এনেকৈ সুধিছিল নিজৰ দেশৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিলেহে ঠিয়হৈ সন্মান জনাব লাগে এতিয়া আমি লোকৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা সময়ত কিয় ঠিয় হৈছোঁ "। এই কথাষাৰ শুনি তেওঁৰ লগৰ জনে উত্তৰ দিছিল এনেদৰে " ৰাষ্ট্ৰীয় সংগীত এখন ৰাষ্ট্ৰৰ ঐকতাৰ চিন আৰু এক বিশ্বজনীন শান্তিৰ পৰিৱেশৰ বাবে প্ৰতিখন ৰাষ্ট্ৰই প্ৰতিখন ৰাষ্ট্ৰৰ ঐকতাৰ প্ৰতি পাৰস্পৰিক সন্মান প্ৰদৰ্শন কৰাটো প্ৰতিখন ৰাষ্ট্ৰৰ বিবেকবান নাগৰিকৰ দায়িত্ব"। এজন অসমীয়াৰ এনে উচ্চ চিন্তাই আমাক মনক এক প্ৰশান্তি ভাৱবাৰ উজ্বলাই তুলিলে আৰু সেয়েহে ছাগে মুখত স্বংক্ৰিয়ভাৱে উচ্চাৰিত হ’ল “ধন্য মোৰ জননী”।
আমি ব্যক্তিগত ভাৱে সাম্প্ৰতিক সময়ত অনুভৱ কৰোঁ যে আমি সমাজৰ ঋনাত্মক /নেতিবাচক ঘটনা সমূহত যেনেদৰে আবেগসৰ্বস্বতাৰে জড়িত হৈ পৰোঁ ঠিক তেনেদৰে কিন্তু সমাজৰ ধনাত্মক/ ইতিবাচক ঘটনাসমূহক আলোচনা মাধ্যমেৰে প্ৰচাৰ ও প্ৰসাৰ সাহস নকৰোঁ। গতিকে বৰ্তমান সময়ত এক ঋনাত্মক ঘটনাক লৈ “ছ'ৰি ছ'ৰি কৈ সমগ্ৰ জাতিটোৱে লজ্জানত হোৱা যেন পৰিৱেশ ৰচনা কৰাতকৈ ওপৰত উল্লেখ কৰা দৰে আমাৰ সমাজৰ ইতিবাচক ঘটনাসমূহক লৈ গৌৰৱ কৰিলে এক সুস্থিৰ সমাজ ব্যৱস্থা প্ৰতিষ্ঠাৰ বাবে অতিকৈ প্ৰয়োজনীয় দুইগুণ “সামাজিকসচেতনতা” আৰু “সামাজিকসহনশীলতা” বৃদ্ধি কৰাত বিশেষ সহায়ক হব বুলি আমি ব্যক্তিগত ভাৱে বিশ্বাস কৰোঁ।
২।এতিয়া আহোঁ দ্বিতীয়টো ঘটনালৈ। ওপৰত উল্লেখ কৰা খেলখনত ২-১ গ'লৰ ব্যৱধানত জাপান পৰাজিত হৈছিল ।সাধাৰণতেই আমি দেখো যে পৰাজিত দলটোৱে দুখেৰে খেলপথাৰ ত্যাগ কৰে, বহুসময়ত পৰাজিত দলৰ কিছু খেলুৱৈয়ে উদ্ভট আচৰণও প্ৰদৰ্শন কৰে। কিন্ত এইখেলখনত পৰাজিত দল জাপানৰ ব্যৱহাৰ আছিল ব্যতিক্ৰম। খেলখনত ফ্ৰান্সৰ হাতত পৰাজয় স্বীকাৰ কৰিও জাপানৰ প্ৰতিজন সদস্যই খেলৰ শেষত খেলপথাৰৰ সন্মুখত শাৰী পাতি দৰ্শকৰ প্ৰতি মূৰ দোঁৱাই দৰ্শকৰ সৰ্মথন আৰু উপস্থিতিক সন্মান জনাইছিল আৰু এই সন্মানক ষ্টেডিয়ামত উপস্থিত প্ৰতিজন দৰ্শকে ঠিয়হৈ হাত থাপৰিয়ে প্ৰতিসন্মান জনাবলৈ বাধ্যহৈ পৰিছিল। সচাঁই ই এক খেলুৱৈ আৰু দৰ্শকৰ পাৰস্পৰিক সন্মান প্ৰদৰ্শনৰ এক অপূৰ্ব দৃশ্য আছিল।
আমি ব্যক্তিগত ভা‍ৱে বিশ্বাস কৰোঁ যে কোনো এক খেলক খেলুৱৈৰ ৰাপৰ লগতে খেলুৱৈৰ নিজস্ব ব্যক্তিগত আচৰণৰ লগতে দলগত মাৰ্জিত আচৰণে খেলবিধক অতিকৈ আৰ্কষণীয় কৰি তোলা লগতে খেলুৱৈ জনক বা দলটোকও অধিক জনপ্ৰিয় কৰি তোলে।
আমি অনুভৱ কৰোঁ যে যোৱা এটা দশকত অসম খেল জগতে আন্ত:ৰাষ্ট্ৰীয় চিন্তাৰ বিশেষ প্ৰভাৱত এক নব্যৰূপান্তৰৰ দিশে গতি কৰিছে আৰু আমি বিশ্বাস কৰোঁ এনে ৰূপান্তৰই অসমৰ আৰ্থ সামাজিক উত্তৰণত বিশেষ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হব, কিন্তু ইয়াৰ বাবে অতিকৈ প্ৰয়োজন হব খেলুৱৈ ও দৰ্শকৰ চিন্তাস্তৰৰ পৰিৱৰ্তন, তেওঁলোকে বুজিবলৈ যত্নপৰ হব লাগিব যে “ খেল বিশ্বজনীন শান্তি ও সম্প্ৰতিৰ এক আহিলা য’ত উগ্ৰ চিন্তাৰ কোনো স্থান নাই”।
শেষত, আমি খেলৰ এই সাৰ্বজনীন চিন্তাক এক যোগাত্মক চিন্তাৰে পৰিস্কাৰ ৰূপত প্ৰকাশ কৰিবলৈ যি প্ৰয়াস কৰিছিলো তাত কিছু পৰিমানে হলেও সফল হৈছোঁ বুলি বিশ্বাস কৰি আজিৰ আলোচনা ইমানতে শেষ কৰিছোঁ।
*******************************************************************

Comments

Popular posts from this blog

“আহোমৰ ঐতিহাসিক সমাজ ব্যৱস্থাৰ মূলত: কৃষিগত চিন্তাৰ আৰু জলব্যৱস্থাৰ বৈজ্ঞানিক বিশ্লেষণ”

ভূ তত্ত্ব শিক্ষাৰ গুৰুত্ব, শৈক্ষিক পৰিক্ৰমা আৰু সংস্থাপনৰ সুবিধা (নিয়মীয়া বাৰ্তাৰ সাপ্তাহিক শিক্ষামূলক বিশেষ পৃষ্ঠা 'শিক্ষা বাৰ্তা')

অৰ্থনৈতিক উন্নয়ন বনাম সাংস্কৃতিক প্ৰদূষণ : বিহুৰ পৰা পূজালৈ এক অৱলোকন