Posts

Showing posts from May, 2017

ফলাফলৰ বতৰ, সম্বৰ্ধনা অনুষ্ঠান আৰু মাটিৰ প্ৰতি প্ৰতিভাধৰ সকলৰ দ্বায়িত্ব ( নিয়মীয়া বাৰ্তাত প্ৰকাশিত)

Image
শিক্ষাৰ মূল উদ্দেশ্য কি? একবিংশ শতিকাত শিক্ষাৰ মূল উদ্দেশ্য আৰু শিক্ষাৰ মানদণ্ডৰ ওপৰত যথেষ্ট গৱেষণা কৰা হৈছে আৰু এই গৱেষণাবোৰৰ পৰা সামাজিক চিন্তাবিদ সকলে শিক্ষাৰ মূল উদ্দেশ্যৰ ব্যাখা এনেদৰে আগবঢ়াইছে “এজন ব্যক্তিক জ্ঞানৰ দ্বাৰা চিন্তাশীল কৰি, তেওঁৰ ব্যক্তিগত প্ৰতিভাক সমাজ উত্তৰণত জড়িত কৰি, তেওঁক সামাজিকভাৱে দ্বায়িত্বশীল কৰি তোলাই শিক্ষাৰ মূল উদ্দেশ্য”। এতিয়া কথা হ’ল ওপৰোক্ত ব্যাখাটি আমি কিমানে অনুধাৱন কৰিব পাৰিছোঁ আৰু নিজৰ জীৱনটোক এই মতাদৰ্শৰে পালিত কৰিব পাৰিছোঁ।মোৰ দৃষ্টিত আমি বহুতে এইক্ষেত্ৰত সফল হব পৰা নাই, কাৰণ শিক্ষিত হাৰ বৃদ্ধি অনুসাৰে সমাজৰ উন্নয়ন আৰু পৰিৰ্ৱতন আজিও হোৱা নাই।আজিও সমাজ অন্ধ বিশ্বাসৰ বলি আৰু বিশৃংখলতাৰ ভূক্তভোগী, আজিও সমাজে নাৰী সৱলীকৰণৰ সপক্ষে আৰু শিশু শ্ৰমিকৰ বিৰুদ্ধে মাত মাতিবলৈ সংকোচ কৰে। কিন্তু কিয়, অথাৎ আমি শিক্ষাৰ মূল উদ্দেশ্যৰ পৰা ফালৰি কাটি সমাজ উত্তৰণতকৈ ব্যক্তিগত উত্তৰণৰ বাবেহে শিক্ষাক এক আহিলা ৰূপে ব্যৱহাৰ কৰিবলৈ লৈছোঁ।যাৰ ফলত নিজ প্ৰতিভাক সঠিকভাৱে চিনাক্ত তথা দিক্ নিৰ্দেশ কৰিব নোঁৱাৰি, আনৰ ইচ্ছাৰে পৰিচালিত হৈ বস্তবাদী প্ৰতিযোগিতামূলক পৰিবেশত, শিক

বিৰ্তকত “বিহু”, সাংস্কৃতিক প্ৰদূষণ আৰু ৰেহেনা খিচগিৰ চিন্তা

Image
ব'হাগ মাহটো অসমীয়া জাতীয় জীৱনৰ বাবে এক উল্লেখযোগ্য মাহ, ব'হাগে আমাৰ অসমীয়া জাতীয় চেতনাক সজীৱ কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আমি ব্যক্তিগতভাৱে অনুভৱ কৰোঁ এইমাহটোতে নতুন ধনাত্নক আৰু যোগাত্মক চিন্তা কৰা সুন্দৰ পৰিৱেশ প্ৰকৃতিয়ে আমাক দিছে আৰু সেইয়েহে জাতিৰ উত্তৰণৰ স্বাৰ্থত বিৰ্তকবোৰক আতৰাই এক নতুন চিন্তা প্ৰতিটো ব'হাগতে জন্ম দিয়াৰ কথাহে আমি ভৱাৰ প্ৰয়োজন আছে বুলি আমি ব্যক্তিগত ভাৱে অনুভৱ কৰোঁ। আমি অনুভৱ কৰিছোঁ যোৱা কেইবছৰমানৰ পৰা ব'হাগৰ কুঁহিপাত ওলাবলৈ পাই কি নাপায় অসমীয়া সমাজত ৰঙালী বিহুটোক লৈ বিৰ্তক আৰম্ভ হৈয়ে। আৰু ইয়াৰ বেছিভাগ বিৰ্তকই কিন্তু ঋনাত্নক চিন্তাৰে সমৃদ্ধ। এনেবোৰ বিৰ্তকই আমাকও বিহুৰ বিষয়ে চিন্তা কৰিবলৈ বাধ্য কৰিছে। আমি ব্যক্তিগত অনুভৱ কৰোঁ, বিহুটোক যিদিনাই গাঁৱৰ আনি মঞ্চত তুলিলে সেইদিনা পৰাই অসমীয়া সংস্কৃতিলৈ পুঁজিবাদী চিন্তাৰ আগ্ৰাসন আৰম্ভ হ'ল বুলি থাৱৰ কৰিব পাৰি। সেইসময়ত বহুতে ক'ব বিচাৰিছিল যে এনে পুঁজিবাদী চিন্তাৰে বিহুক বিশ্বৰ সাংস্কৃতিক দৰবাৰত সৱল ভাৱে প্ৰতিষ্ঠা কৰাত সহায়ক হব বা সফল হ’ব। কিন্তু আজি তাৰিখত সাংস্কৃতিক পুঁজিবা

ছচিয়েল মিডিয়া, বিজ্ঞান সন্মত চিন্তা আৰু তৈল বিৰ্তক (অসমীয়া খবৰ; ২৯ জুলাই ২০১৬)

Image
ড° বিজয় কৃষ্ণ চেতিয়া ভূতত্ত্ববিদ শিৱসাগৰ,অসম। যোগাযোগ নম্বৰ ৯৯৫৪২-৫৩৫৫৩ সাম্প্ৰতিক সময়ত অসমত আটাইতকৈ চৰ্চা লাভ কৰা বিষয়টোৱে হৈছে, তৈল ক্ষেত্ৰৰ নিলাম। এই বিষয়টোৰ ওপৰত দুই ধৰণৰ চিন্তা উদ্ৰেক হোৱাৰ পৰিলক্ষিত হৈছে এক সপক্ষে আৰু আন এক ইয়াৰ বিপক্ষে। আমাৰ দৃষ্টিত এই বিৰ্তকক অধিক চৰ্চামধুৰ কৰি তুলিছে social mediaই। কোনো এটা বিষয় বা সমস্যাৰ ওপৰত মুকলি চৰ্চা হোৱাটো কেতিয়াও কোনো কাৰণতে দোষনীয় হব নোৱাৰে বুলি আমাৰ বিবেচনাই কয়। আৰু আজিৰ social media ই আমাক এই ক্ষেত্ৰত যথেষ্ট সুবিধা কৰি দিছে, কাৰণ সাম্প্ৰতিক সময়ত social media ই বিভিন্ন বিষয়ৰ ওপৰত চৰ্চা কৰিব পৰাকৈ এখন মুকলি সাৰ্বজনিন বিশ্ব-মঞ্চ (universal world platform) সৃষ্টি কৰিব পাৰিছে বুলি আমাৰ ধাৰণা হয়। ই সঁচাই এক শুভ লক্ষণ আৰু এই মুকলি মঞ্চত অসমৰ তৈলক্ষেত্ৰ নিলাম বিষয়টোৱে চৰ্চা লাভ কৰাটো, আমাৰ দৃষ্টিত অসমৰ প্ৰগতিৰ স্বাৰ্থত এক শুভ খবৰ। এতিয়া আহো মূল বিষয়লৈ, তৈল বিৰ্তকই হওঁক বা অসমৰ আন কোনো সমস্যাৰ ওপৰত হোৱা বিৰ্তকই হওঁক, প্ৰায়বোৰ বিৰ্তকতে কিছুলোকৰ চিন্তাৰ বা জ্ঞানৰ পৰিসীমাত এক সংকীৰ্ণতা উমান পোৱা যায়, যিটো এটাৰ জাতিৰ স্ব-উত্থানৰ

অনুভৱৰ একলমত গীতালি দাসৰ “প্ৰেমৰ দিকচৌ ঘাট”

Image
কিতাপৰ নাম: প্ৰেমৰ দিকচৌ ঘাট লেখিকা: গীতালি দাস বিষয়: প্ৰৱন্ধ সংকলন প্ৰকাশক: টেকনো এড পাব্লিকেচন, TECHNO ED PUBLICATIONs মানুহ গৰাকীৰ লগত মোৰ চিনাকী ফেচবুকতে, সঠিককৈ মনত নাই প্ৰথম কেতিয়া চিনাকী হৈছিলো, কিন্তু আজি তাৰিখত নিসন্দেহেৰে কব পাৰো ফেচবুকে দিয়া এটা শ্ৰেষ্ঠ বন্ধুত্ব উপহাৰ এই মানুহ গৰাকী। প্ৰথমতে ফেচবুকত আমি এৰি দিয়া চিন্তাবোৰেই আমাৰ চিনাকীক এক বান্ধোনলৈ ৰূপান্তৰ কৰিছিল। মই যাৰ এক আভাস দিব চেষ্টা কৰিছো তেওঁ আন কোনো নহয় মোৰ প্ৰিয় লেখিকা বাইদেউ গীতালি দাস । সময়ে গীতালি বাইদেউৰ লগত গঢ়ি তুলিছিল এক চিন্তাৰ সম্বন্ধ, যি সম্বন্ধই মোক জীৱনৰ জটিল ক্ষণত সাহস আৰু প্ৰেৰণা যোগাইছিল। আৰু মই উপলব্ধি কৰোঁ ইয়াৰ মূলতে বাইদেউৰ সংবেদনশীল মন আৰু এই মনক সীমাবদ্ধ কৰা বাস্তৱ আৰ্জিত অভিজ্ঞতাৰে পুষ্ট যুক্তিবাদী চিন্তা। মই প্ৰায়েই ভাবো মানুহক কেনেধৰণৰ চিন্তাই যোগাত্মক যুক্তবাদী কৰি তোলে আৰু বাইদেউৰ সংস্পৰ্শই মোক মোৰ এই ভাৱনাৰ পৰা মুক্ত কৰিলে, কাৰণ মই উপলব্ধি কৰিলো মানুহক যোগাত্মক যুক্তিবাদী হবলৈ প্ৰয়োজন এটা চিন্তাশীল মনৰ আৰু ইয়াক গঢ় দিয়ে এটা অধ্যয়ণশীল মনে। অসমৰ পঢ়ুৱৈ সমাজ বা বৌদ্ধিক সমাজৰ বাব

শিৱসাগৰলৈ পৰিৰ্ৱতন আহিব নে? (দৈনিক জনমভূমি, ০৯ চেপ্তেম্বৰ ২০১৬)

“শিৱসাগৰ” নামটো উচ্চাৰণ কৰা লগে লগে যেন প্ৰতিজন অসমীয়াক অসমীয়া জাতিৰ উত্থানৰ বৌদ্ধিক আৰু সাংস্কৃতিক চেতনাই জাগ্ৰ্ত কৰি তোলে। নকৰিবই বা কিয়? আহোমৰ ছশবছৰৰ সোণালী অধ্যায়ৰ সাক্ষী কোন, নিশ্চয়কৈ শিৱসাগৰ, “অৰুণোদই”, আধুনিক অসমীয়া বৌদ্ধিক শক্তিৰ প্ৰথম স্বীকৃতিৰ জন্ম ক’ত, নিশ্চয়কৈ শিৱসাগৰত, “অসম সাহিত্য সভা”ৰ, অসমৰ সাহিত্য আৰু বৌদ্ধিক মহলৰ উমৈহতীয়া মঞ্চ, প্ৰথম অধিবেশন ক’ত, নিশ্চয়কৈ শিৱসাগৰত। শিৱসাগৰে অসমৰ বৌদ্ধিক, সাংস্কৃতিক, ৰাজনৈতিক, অৰ্থনৈতিক, ক্ৰীড়া আদি প্ৰতিটো দিশতে শ্ৰীউত্থানৰ বাবে এক গুৰুত্বপূৰ্ণ অৱদান দি আহিছে তাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। কিন্তু আজি অসম সাহিত্য সভাৰ শতবাৰ্ষিকী উদযাপণৰ প্ৰাকক্ষণত “শিৱসাগৰ”ৰ সমস্যা সাগৰত ডুবি উশাহ লব নোৱৰা এক অৱস্থা সৃষ্টি হৈছে, আজি তাৰিখত আমি ভাবিবলৈ বাধ্য হৈছোঁ শিৱসাগৰৰ গৌৰৱজ্ব্ল ইতিহাস যেন ক্ৰ্মান্ব্য়ে শেষ হবলৈ গৈ আছে। কিন্তু ইয়াক ৰোধ কৰিব নোৱাৰি নে? আনিব নোৱাৰিনে শিৱসাগৰলৈ এক পৰিবৰ্তনৰ জোৱাৰ, উন্নয়ণৰ এক সঠিক ধাৰা। নিশ্চয়কৈ পাৰি, কি নাই শিৱসাগৰৰ। প্ৰাকৃতিক সম্পদত চহকী হোৱাৰ বাবেই ONGC ৰ এখন বিশেষ কৰ্মস্থলী শিৱসাগৰ। কিন্তু এখন তৈল চহৰ হি

দক্ষিন কোৰিয়াৰ নতুন ৰাষ্ট্ৰপতি আৰু কোৰিয়া উপদ্বীপকলৈ আমাৰ চিন্তা

Image
দক্ষিন কোৰিয়াৰ নতুন ৰাষ্ট্ৰপতি হ'ল Moon Jae-in। দক্ষিন কোৰিয়াৰ নতুন ৰাষ্ট্ৰপতি Moon Jae-in দক্ষিন কোৰিয়াৰ গণতান্ত্ৰিক দলৰ প্ৰাৰ্থী আছিল, এওঁ মুঠ ভোটৰ প্ৰায় ৪১.০৮% লাভ কৰে। গুৰুত্বপূৰ্ণ কথাটো হ'ল এওঁ উত্তৰ কোৰিয়াৰ লগত বন্ধুসুলভ মুকলি বৈদেশিক পৰিৱেশ গঢ়াতহে আগ্ৰহী আৰু এই কথা তেওঁ নিব্বাচনী প্ৰচাৰ সভা সমূহত মুকলি ভাৱে ব্যক্ত কৰিছিল। আৰু এওঁৰ নিব্বাচনী সভা সমূহত বিপুল সংখ্যাক কোৰিয়ান ৰাইজৰ সৰ্মথন দেখি আন্ত:ৰাষ্ট্ৰীয় ৰাজনৈতিক বিশ্লেষক সকলে তেওঁক আগতীয়াকৈ বিজয়ী ঘোষনা কৰিছিল। মুনে এটা কথা স্পষ্ট কৰিছিল ভাই-ভাই সম্পৰ্কতহে তেওঁ বিশ্বাসী, প্ৰৰোচনামূলক যুদ্ধত এওঁ বিশ্বাসী নহয়। আমাৰ দৃষ্টিত বতৰ্মান সময়ত দক্ষিন কোৰিয়া ৰাইজে এওঁক বিশ্বাস কৰাটো দক্ষিন-পূৰ্ব এছিয়া শান্তি-মৈত্ৰী বাবে এক শুভ ইংগিত। এইখিনিতে উল্লেখ কৰি থোৱা ভাল হব যে ২০১৫ চনৰ পৰা দক্ষিন কোৰিয়াৰ বৈদেশিক নীতি সলনি হৈছে। চীনে গঠন কৰা Asian infrastructure Investment Bank য়ে দক্ষিন কোৰিয়াক বাৰুকৈয়ে প্ৰভাম্বিত কৰিছিল, কিয়নো আমেৰিকাৰ গভীৰ ভাবুকি স্বত্ত্বেও দক্ষিন কোৰিয়াই চীনৰ লগত বানিজ্যিক চুক্তিত স্বাক্ষৰ কৰিছিল। দক্ষিন কোৰ

সাম্প্ৰতিক সময়ৰ অসমত ভূতত্ত্ব বিজ্ঞানৰ গুৰুত্ব

Image
সাম্প্ৰতিক সময়ৰ অসমত ভূতত্ত্ব বিজ্ঞানৰ গুৰুত্ব বহুত বাৰ মই নিজকে প্ৰশ্ন কৰোঁ মই ভূতত্ত্ব বিষয়টো কিয় পঢ়িলোঁ? আমি যেতিয়া শিৱসাগৰ মহাবিদ্যালয়ত ২০০১-২০০৪ বৰ্ষত এই বিষয়টো সন্মানীয় বিষয় হিচাপে অধ্যয়ন কৰি আছিলোঁ তেতিয়া দুটা বিশেষ পৰিস্থিতি সন্মুখীন হৈছিলোঁ, ক। প্ৰথম কথা সেইসময়ত বহুতেই সন্মানীয় বিষয়টি GEOLOGY বুলি ক'লে ওলোটাই কয় ZOOLOGY, আমি পুনৰ বুজাব লাগে GEOLOGY হে ZOOLOGY নহয়। অৰ্থাৎ সেইসময়ত এই বিষয়টি সকলোৰে বাবে সহজ চিনাকি নাছিল বা এই বিষয়টি গুৰুত্বও অনুধাৱন কৰা নাছিল। খ। দ্বিতীয়তে যিসকলে এই বিষয়টিৰ কিছু জানিছিল তেওঁলোকৰ এটাই প্ৰশ্ন আছিল ONGC, OIL ত চাকৰি পাবলৈ পঢ়িছা। এই অভাগনৰ তেনে ভাগ্য নহ'ল, মস্তিষ্কই সহায় নকৰিলে। এতিয়া হয়তো বহুতে মোক প্ৰশ্ন কৰিব ওপৰত উল্লেখ কৰা মূল বিষয়ৰ লগত এই বিষয় দুটাৰ কি সম্পৰ্ক আছে। সম্পৰ্ক নিশ্চয়কৈ আছে আৰু এই বিষয়ে তলত ব্যাখ্যা আগবঢ়ালোঁ। প্ৰথম বিষয়টো মই এইবাবেই উপস্থাপন কৰিলো, কাৰণ আমি আজি তাৰিখতও অনুভৱ কৰোঁ যে ভূতত্ত্ব বিজ্ঞানৰ বিশ্বজনীন যি গুৰুত্ব বৃদ্ধি পাইছে সেই অনুপাতে অসমত আজিও এই বিষয়টি ক্ষেত্ৰত প্ৰয়োজনীয় গুৰুত্ব দিয়া হোৱা নাই। অ