ছচিয়েল মিডিয়া, বিজ্ঞান সন্মত চিন্তা আৰু তৈল বিৰ্তক (অসমীয়া খবৰ; ২৯ জুলাই ২০১৬)
ড° বিজয় কৃষ্ণ চেতিয়া
ভূতত্ত্ববিদ
শিৱসাগৰ,অসম।
যোগাযোগ নম্বৰ ৯৯৫৪২-৫৩৫৫৩
সাম্প্ৰতিক সময়ত অসমত আটাইতকৈ চৰ্চা লাভ কৰা বিষয়টোৱে হৈছে, তৈল ক্ষেত্ৰৰ নিলাম। এই বিষয়টোৰ ওপৰত দুই ধৰণৰ চিন্তা উদ্ৰেক হোৱাৰ পৰিলক্ষিত হৈছে এক সপক্ষে আৰু আন এক ইয়াৰ বিপক্ষে। আমাৰ দৃষ্টিত এই বিৰ্তকক অধিক চৰ্চামধুৰ কৰি তুলিছে social mediaই।
কোনো এটা বিষয় বা সমস্যাৰ ওপৰত মুকলি চৰ্চা হোৱাটো কেতিয়াও কোনো কাৰণতে দোষনীয় হব নোৱাৰে বুলি আমাৰ বিবেচনাই কয়। আৰু আজিৰ social media ই আমাক এই ক্ষেত্ৰত যথেষ্ট সুবিধা কৰি দিছে, কাৰণ সাম্প্ৰতিক সময়ত social media ই বিভিন্ন বিষয়ৰ ওপৰত চৰ্চা কৰিব পৰাকৈ এখন মুকলি সাৰ্বজনিন বিশ্ব-মঞ্চ (universal world platform) সৃষ্টি কৰিব পাৰিছে বুলি আমাৰ ধাৰণা হয়। ই সঁচাই এক শুভ লক্ষণ আৰু এই মুকলি মঞ্চত অসমৰ তৈলক্ষেত্ৰ নিলাম বিষয়টোৱে চৰ্চা লাভ কৰাটো, আমাৰ দৃষ্টিত অসমৰ প্ৰগতিৰ স্বাৰ্থত এক শুভ খবৰ।
এতিয়া আহো মূল বিষয়লৈ, তৈল বিৰ্তকই হওঁক বা অসমৰ আন কোনো সমস্যাৰ ওপৰত হোৱা বিৰ্তকই হওঁক, প্ৰায়বোৰ বিৰ্তকতে কিছুলোকৰ চিন্তাৰ বা জ্ঞানৰ পৰিসীমাত এক সংকীৰ্ণতা উমান পোৱা যায়, যিটো এটাৰ জাতিৰ স্ব-উত্থানৰ পৰিপন্থী। সূক্ষ্ম দৃষ্টি-কোনেৰে বিশ্লেষণ কৰিলে এই সংকীৰ্ণতাৰ দুটা প্ৰধান কাৰণ বিচাৰি পোৱা যায়,
ক। আৱেগ জনিত উগ্ৰ জাতীয়তাবাদী চিন্তা,
খ। দ্বিতীয়তে যিকোনো সমস্যাক বিজ্ঞান সন্মত ভাৱে চিন্তা কৰা মানসিকতাৰ অভাৱ।
এইখিনিতে এটা কথা উল্লেখ কৰি থোৱাটো ভাল হব যে আজিৰ আলোচনাত দ্বিতীয় কাৰণটোক গুৰুত্ব দিয়া হব।আমাৰ ধাৰণামতে কোনো এটা বিষয়ৰ ওপৰত বিজ্ঞান সন্মত চিন্তা কৰিবলৈ বৈজ্ঞানিক হোৱাটো বাধ্যতামূলক নহয় বা কেৱল এজন বৈজ্ঞানিকেহে যে বিজ্ঞান সন্মত চিন্তা কৰিব পাৰে তেনেধাৰণা ভ্ৰান্তিমূলক। ইয়াৰ বাবে “বিজ্ঞান” শব্দটো সঠিকভাবে উপলব্ধি কৰাটো অতিকৈ প্ৰয়োজন।তলত বিজ্ঞান শব্দটোৰ এক ভাঙনি দিব চেষ্টা কৰিলোঁ,
বিজ্ঞান= বি- 'জ্ঞা' + অনত্ ; 'বি' পূৰ্বক 'জ্ঞা' ধাতু +অনত্ প্ৰত্যয়।
'অনত্'ৰ ত্ লোপ হয়; 'অন' থাকে।
অৰ্থাৎ কোনো এটা বিষয়ত থকা বিশেষ জ্ঞানকে সহজ অৰ্থত বিজ্ঞান বুলি বুজা যায়।
এতিয়া আহোঁ কোনো এক বিষয়ত বিশেষ জ্ঞান কেনেদৰে আয়ত্ব কৰিব পাৰি।যিকোনো এটা বিষয়ত বিশেষ জ্ঞান আয়ত্ব কৰিবলৈ তিনিটা উপাদান(element)ৰ ওপৰত গুৰুত্ব দিয়াটো খুবেই জৰুৰী;
ক। বিষয়ৰ ওপৰত তথ্য আহৰণ,
খ। তথ্যৰ পৰীক্ষা ও বিশ্লেষণ,
গ। বিশ্লেষণৰ ওপৰত যুক্তিস্ংগত আৰু বাস্তৱ সন্মত সিদ্ধান্ত গ্ৰহন।
ওপৰোক্ত উপাদান তিনিটা ইটোৰ সিটো ওপৰত নিৰ্ভৰশীল আৰু এই উপাদানকেইটাৰ ওপৰত গুৰুত্ব নিদি কোনো বিষয়ৰ ওপৰত মন্তব্য বা বিশ্লেষণ আগবঢ়ালে সেই নিদিষ্ট বিষয়টোৱে সমাজত প্ৰয়োজনীয় গুৰুত্ব নোপোৱাটো অৱশ্যম্ভাৱী।
এইখিনিতে বিজ্ঞান সন্মত চিন্তাৰ ক্ষেত্ৰত আৰু এক দিশৰ আলোকপাত কৰাটো প্ৰয়োজনীয় বুলি আমি অনুভৱ কৰোঁ। আজি বিশ্বৰ যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত প্ৰকল্পগত(Project Base Study)চিন্তাই বিশেষ সমাদৰ লাভ কৰিছে।ইয়াৰ উপযোগীতা সম্পৰ্কে আলোচনা কৰা আগতে প্ৰকল্পগত(Project Base Study)চিন্তাৰ খচৰা(Framework)ওপৰত এবাৰ চকু দিয়াটো প্ৰয়োজননীয় বুলি অনুভৱ কৰি ইয়াৰ এক খচৰা তলত আগবঢ়ালোঁ,
ক। বিষয় বস্তুৰ নিৰ্বাচন,
খ। বিষয় বস্তুৰ লক্ষ্যত উপনীত হবলৈ কিছু উদ্দেশ্য নিৰ্ধাৰণ,
গ। উদ্দেশ্যক সফল কৰিবলৈ প্ৰণালী/পদ্ধতিৰ নিৰ্বাচন,
ঘ। পদ্ধতিৰ সহায় হোৱাকৈ তথ্য আহৰণ,
ঙ। তথ্যৰ বস্তুগত আৰু তুলনামূলক বিশ্লেষণ,
চ। বিশ্লেষণৰ ওপৰত যুক্তিস্ংগত সিদ্ধান্ত গ্ৰহন।
ওপৰত উল্লেখ কৰা খচৰাত প্ৰকল্পগত চিন্তাৰ উপযোগীতা স্পষ্ট হৈ পৰিছে। আমাৰ বিবেচনাত একমাত্ৰ প্ৰ্কল্পগত চিন্তাইহে যিকোনো সমস্যা বা বিষয়ৰ ওপৰত এক সামগ্ৰিক বিজ্ঞান সন্মত ধাৰণা দিবলৈ সক্ষম, কিয়নো ই আৱেগবৰ্জীত, তথ্য আৰু যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত। গতিকে আমি বিচাৰোঁ অসমৰ সমস্যা সমূহও এনে এক চিন্তাৰে আগুৱাই নি সমাধানৰ চেষ্টা কৰা হওঁক।
এতিয়া আহোঁ তৈল বিৰ্তকলৈ, স্ংবাদ পত্ৰত প্ৰকাশ পোৱা দৰে ছচিয়েল মিডিয়াটোও এই বিষয়লৈ যথেষ্ট সৰৱ বিৰ্তক হৈ আছে। সমস্যা ওপৰত বিৰ্তক গণতন্ত্ৰৰ বাবেই এক শুভ লক্ষণ, যদিহে ই গঠনমূলক চিন্তাৰে হয়। কিন্তু ছচিয়েল মিডিয়াৰ বিৰ্তক সমূহত প্ৰায়ে ক্ষেত্ৰতে তৰল আৰু উগ্ৰ মন্তব্য দিয়া দেখা যায়, যি এক বৌদ্ধিক ধুৰন্ধৰতা পৰিচয় আৰু আমাৰ সমাজৰ বাবে অতি ক্ষতিকাৰক।
বৰ্তমান তৈল বিৰ্তকই এনে স্তৰ পাইছে গৈ যে, কিছু কিছু লোকে প্ৰশ্ন উত্থাপন কৰিছে, তৈল বিৰ্তকত ভাগ লোৱা অৰ্হতা কি? আন এচামে আৰু এঢাপ আগুৱাই অৰ্হতা নিৰূপন কৰিয়েই পেলাইছে। আমাৰ বিবেচনা মতে তৈল বিৰ্তকই নহয় প্ৰ্তিটো বিৰ্তকতেই, সেই সকলেই ভাগলোৱা উৎচিত যি সকলৰ বিষয় বস্তু ওপৰত আগতে বিশ্লেষণ কৰি অহা বিজ্ঞান সন্মত চিন্তা থাকে। এতিয়া যদি কেৱল তৈল বিৰ্তক লৈ আহোঁ, তেন্তে মূল বিষয় বস্তু অৰ্থাৎ তেলৰ লগত পোনপটীয়াকৈ বা পৰোক্ষ ভাৱে জড়িত তৈল প্ৰ্তিষ্ঠানত বৰ্তমান কৰ্মৰত বা অভিজ্ঞতাপুষ্ট অৱসৰপ্ৰাপ্ত বিষয়া সকলে এই বিৰ্তকত অংশগ্ৰ্হন কৰাটো স্বাভাৱিক, উদাহৰণ স্বৰূপে ভূ-তত্ত্ববিদ, ভূ-পৰ্দাথবিদ, ভূ-ৰসায়নবিদ, তৈল অৰ্থনীতিবিদ আদিয়ে ইয়াত অংশগ্ৰহন কৰাটো অস্বাভাৱিক নহয়। তেনেদৰে এইসকলৰ যুক্তিৰ ওপৰত সমাজ বিজ্ঞানী বা অৰ্থনীতিবিদ সকলেও নিজৰ মত প্ৰকাশ কৰাটো এক স্বাভাৱিক প্ৰ্ক্ৰিয়া। আৰু আমাৰ গভীৰ বিশ্বাস দুয়োপক্ষৰ বিৰ্তক পৰা উদ্ভাৱিত গঠনমূলক চিন্তাই, এই বিৰ্তকক অসমৰ বাবে উৎপাদনমুখী কৰি তুলিব।
সদৌ শেষত সকলোটিলৈ বিশেষকৈ যুৱ প্ৰ্জন্মলৈ আমাৰ এটাই অনুৰোধ, social media ৰ বহল মঞ্চত অসমৰ প্ৰ্তিটো সমস্যাকলৈ বস্তুনিষ্ট বিৰ্তক হওঁক, মাথো এই বিৰ্তকত শব্দ প্ৰয়োগত সাৱধানতা অৱলম্বন কৰা হওঁক আৰু প্ৰতিজনে প্ৰ্তিজনৰ জ্ঞানক শ্ৰদ্ধা জনাওঁক।
-----------------------------------------------
Comments
Post a Comment