অনুভৱৰ একলমত গীতালি দাসৰ “প্ৰেমৰ দিকচৌ ঘাট”






কিতাপৰ নাম: প্ৰেমৰ দিকচৌ ঘাট
লেখিকা: গীতালি দাস
বিষয়: প্ৰৱন্ধ সংকলন
প্ৰকাশক: টেকনো এড পাব্লিকেচন, TECHNO ED PUBLICATIONs

মানুহ গৰাকীৰ লগত মোৰ চিনাকী ফেচবুকতে, সঠিককৈ মনত নাই প্ৰথম কেতিয়া চিনাকী হৈছিলো, কিন্তু আজি তাৰিখত নিসন্দেহেৰে কব পাৰো ফেচবুকে দিয়া এটা শ্ৰেষ্ঠ বন্ধুত্ব উপহাৰ এই মানুহ গৰাকী। প্ৰথমতে ফেচবুকত আমি এৰি দিয়া চিন্তাবোৰেই আমাৰ চিনাকীক এক বান্ধোনলৈ ৰূপান্তৰ কৰিছিল। মই যাৰ এক আভাস দিব চেষ্টা কৰিছো তেওঁ আন কোনো নহয় মোৰ প্ৰিয় লেখিকা বাইদেউ গীতালি দাস ।
সময়ে গীতালি বাইদেউৰ লগত গঢ়ি তুলিছিল এক চিন্তাৰ সম্বন্ধ, যি সম্বন্ধই মোক জীৱনৰ জটিল ক্ষণত সাহস আৰু প্ৰেৰণা যোগাইছিল। আৰু মই উপলব্ধি কৰোঁ ইয়াৰ মূলতে বাইদেউৰ সংবেদনশীল মন আৰু এই মনক সীমাবদ্ধ কৰা বাস্তৱ আৰ্জিত অভিজ্ঞতাৰে পুষ্ট যুক্তিবাদী চিন্তা। মই প্ৰায়েই ভাবো মানুহক কেনেধৰণৰ চিন্তাই যোগাত্মক যুক্তবাদী কৰি তোলে আৰু বাইদেউৰ সংস্পৰ্শই মোক মোৰ এই ভাৱনাৰ পৰা মুক্ত কৰিলে, কাৰণ মই উপলব্ধি কৰিলো মানুহক যোগাত্মক যুক্তিবাদী হবলৈ প্ৰয়োজন এটা চিন্তাশীল মনৰ আৰু ইয়াক গঢ় দিয়ে এটা অধ্যয়ণশীল মনে।
অসমৰ পঢ়ুৱৈ সমাজ বা বৌদ্ধিক সমাজৰ বাবে গুৱাহাটী এচ.বি. দেওৰা কলেজৰ শিক্ষাবিদ গীতালি দাস এটা পৰিচিত নাম। অসমৰ বৰ্ধিত বৌদ্ধিক সমাজত নিজস্ব মৌলিক চিন্তাৰে, বাস্তৱ আৰ্জিত জ্ঞানেৰে, যুক্তিবাদী বিশ্লেষণেৰে এখন সুকীয়া আসন গীতালি দাস বাইদেউৱে দখল কৰিবলৈ সক্ষম হৈছে। গীতালি বাইদেউৰ আন এক সুকীয়া পৰিচয়ও আছে সেইয়া হ'ল বাইদেউ এগৰাকী ৰাজ্যিক বঁটা প্ৰাপ্ত বিশিষ্ট গল্পকাৰ।
সাম্প্ৰতিক সমাজৰ বিভিন্ন বিষয়ৰ ওপৰত বাইদেউৰ যুক্তিবাদী মনোগ্ৰাহী লিখাসমূহ ইতিমধ্যেই নিয়মীয়া বাৰ্তা, আমাৰ অসম, দৈনিক অসম, আদি কাকতত প্ৰকাশ পাইছে। বাইদেউৰ এই প্ৰৱন্ধ সমূহকে লৈ টেকনো এড পাব্লিকেচনে প্ৰকাশ কৰি উলিয়াইছে "প্ৰেমৰ দিকচৌ ঘাট"।
"প্ৰেমৰ দিকচৌ ঘাট"ত মূলত প্ৰেমক বিষয় বস্তু হিচাপে লৈ সংযোজিত হৈছে সোঁতৰটি (১৭) সাহসী প্ৰৱন্ধ। প্ৰতিটো প্ৰৱন্ধতেই বিষয় বস্তুক সুন্দৰ বিশ্লেষণেৰে উপস্থাপন কৰিবলৈ বাইদেউ সক্ষম হৈছে। প্ৰতিটো প্ৰৱন্ধক আজি মোৰ এই অনুভৱত সাঙুৰি লোৱাটো সম্ভৱ নহয়, তথাপিও দুটামান প্ৰৱন্ধৰ কিছু আলোচনা আগবঢ়াব প্ৰয়াস কৰিছোঁ যাতে পঢ়ুৱৈ সমাজে " প্ৰেমৰ দিকচৌ ঘাট" ওপৰত এক সম্যক ধাৰণা লব পাৰে।
ক)প্ৰেমৰ পৰিভাষা (পৃ-১৫-২০): এই প্ৰৱন্ধটিত প্ৰেমৰ এক নিৰ্মোহ বিশ্লেষণ কৰা হৈছে। ব্যক্তিগতভাৱে মই বিশ্বাস কৰোঁ আমাৰ সমাজ ব্যৱস্থাই প্ৰেমক উচিত সন্মান দিবলৈ আজিও সক্ষম হোৱা নাই। লেখিকাই লেখাটোৰ আৰম্ভণিতেই কৈছে" সামাজিক ৰীতি-নীতিয়ে কোনো কোনো সময়ত প্ৰেমক বিভিন্ন নামেৰে নামাংকিত কৰিব বিচাৰে। কিন্তু প্ৰেমক জানো উপনামৰ প্ৰয়োজন আছে? প্ৰেম নিজেই ইমান বিশাল যে কৈ থাকিলেও কেতিয়াও কোনোদিনেই শেষ নহ'ব এই প্ৰেমৰ কথা"
তেনেদৰে সমাজ ব্যৱস্থাই প্ৰেমক সীমাবদ্ধ কৰিব পাৰেনে? সমাজ ব্যৱস্থাৰ প্ৰতিখন সমাজৰেই আছে সুকীয়া নিয়ম ৰীতি।তেনেসময়ত প্ৰেমে কোনখন সমাজৰ কোনটো নিয়মত উশাহ লব এনেবোৰ বাস্তৱ প্ৰশ্ন সুন্দৰ বিশ্লেষণ এই লেখাটিত আগবঢ়োৱা হৈছে।
খ)পৰকীয়া প্ৰেম ( পৃ-৪৫-৫১) : সাম্প্ৰতিক সময়ৰ গুৰুত্বপূৰ্ণ বিষয়ত লেখিকাই সাহসেৰে নিজৰ বিশ্লেষণ আগবঢ়াইছে। এই বিষয়ত লেখিকাই সমাজক প্ৰশ্ন কৰিছে পৰকীয়া প্ৰেম কি? পৰকীয়া প্ৰেম বিবাহিত পুৰুষ-নাৰীয়ে নিজৰ সংসাৰৰ পৰা ছান কাঢ়ি আনি জীয়াই থাকিবলৈ কৰা এক ব্যৰ্থ প্ৰয়াস নে জীৱনৰ পৰা সঞ্চয় কৰা এটোপাল এটোপাল সঞ্জীৱনী? এই লেখাটোত আমাৰ সংকুচিত মনক বৰ্ধিত কৰা যথেষ্ট সমল আছে বুলি মই অনুভৱ কৰোঁ।
গ)প্ৰেমৰ পৰিণতি: বিবাহ নে বিচ্ছেদ? (পৃ-৬২-৬৮): এই বিষয়টোৱে সাম্প্ৰতিক সময়ত ভাৰতীয় সমাজ ব্যৱস্থাক বাৰুকৈয়ে প্ৰভাৱম্বিত কৰিছে। বহুতে কব খোজে ভাৰতীয় ব্যৱস্থাই বিবাহক যথেষ্ট উচ্চ স্থান দিয়ে, যদি এই কথাষাৰ শুদ্ধ তেন্তে সমাজ স্বীকৃত বিবাহক আমি অসন্মান কৰি বিচ্ছেদৰ কাষ চাপো কিয়? আটাইতকৈ ভয়ংকৰ দিশটো হ'ল বিবাহ বিচ্ছেদৰ সৰহ সংখ্যাক বিবাহেই প্ৰেমজনিত বিবাহ। সমাজৰ এই গুৰুত্বপূৰ্ণ বিষয়টোক লৈ সমাজ বিজ্ঞানী সকলেও নিজস্ব গৱেষণা আৰম্ভ কৰিছে।
"প্ৰেমৰ দিকচৌ ঘাট"ৰ পাতত লেখিকাইও তিনি দম্পতীৰ উদাহৰণেৰে উপৰোক্ত বিষয়টোক সুন্দৰ ভাৱে উপস্থাপন কৰা লগতে এটা সম্বন্ধ জীয়াই ৰাখিবলৈ প্ৰয়োজনীয় প্ৰেম, বিশ্বাস, পাৰস্পৰিক সন্মান আদি প্ৰতিটো বিষয়ৰ ওপৰত উদাহৰণসহ সুন্দৰ বিশ্লেষণ আগবঢ়াবলৈ সক্ষম হৈছে।
নিদিষ্ট প্ৰৱন্ধ ভিত্তিক আলোচনাক ইমানতে সামৰি, শেষত এজন সাধাৰণ পঢ়ুৱৈ হিচাপে "প্ৰেমৰ দিকচৌ ঘাট" ৰ প্ৰতিটো লেখা পঢ়ি লাভ কৰা বৌদ্ধিক তৃপ্তিক তলত এনেধৰণে সামৰা প্ৰয়াস বা সাহস কৰিলোঁ
ক. "প্ৰেমৰ দিকচৌ ঘাট"ৰ প্ৰতিটো লেখাতেই সামাজিক প্ৰমূল্যবোধক সৱল ৰূপত দাঙি ধৰিবলৈ লেখিকা সফল হৈছে আৰু আমাৰ ব্যক্তিগত অনুভৱ ইয়ে গ্ৰন্থখনৰ উদ্দেশ্যক সফল কৰিছে।
খ. এই গ্ৰন্থখনিত লেখিকাই প্ৰেমৰ বাবে প্ৰয়োজনীয় উচ্চ-মানসিকতাক সৱল ৰূপত দাঙি ধৰিছে, আমি ভাৱো ই গ্ৰন্থখনৰ দ্বিতীয়টো অন্যতম সাৰ্ফল্য।
গ. শেষত গ্ৰন্থখনৰ যিটো দিশে মোক আটাইতকৈ বেছি আৰ্কষণ কৰিলে সেইটো হ'ল লেখিকাৰ আৱেগ বৰ্জিত সাহসী বৈজ্ঞানিক বিশ্লেষণ শৈলী আৰু আমি বিশ্বাস কৰোঁ এই দিশটোৱে "প্ৰেমৰ দিকচৌ ঘাট"ৰ প্ৰতিটো লেখাকে পাঠকৰ অতি প্ৰিয় কৰি তুলিব।
সদৌ শেষত গীতালি দাস বাইদেউৰ বৌদ্ধিক যাত্ৰা আগুৱাই যাওঁক সঠিক দিশেৰে, তাৰে শুভ কামনাৰে আমাৰ এই অনুভৱ একলম সামৰিলোঁ।
(গ্ৰন্থ আলোচনাৰ সাহস এইয়াই প্ৰথম, অজানিতে ৰৈ যোৱা ভুলৰ বাবে লেখিকা ওচৰত ক্ষমা মাগিলোঁ)
----------------------------------------------

Comments

Popular posts from this blog

“আহোমৰ ঐতিহাসিক সমাজ ব্যৱস্থাৰ মূলত: কৃষিগত চিন্তাৰ আৰু জলব্যৱস্থাৰ বৈজ্ঞানিক বিশ্লেষণ”

ভূ তত্ত্ব শিক্ষাৰ গুৰুত্ব, শৈক্ষিক পৰিক্ৰমা আৰু সংস্থাপনৰ সুবিধা (নিয়মীয়া বাৰ্তাৰ সাপ্তাহিক শিক্ষামূলক বিশেষ পৃষ্ঠা 'শিক্ষা বাৰ্তা')

অৰ্থনৈতিক উন্নয়ন বনাম সাংস্কৃতিক প্ৰদূষণ : বিহুৰ পৰা পূজালৈ এক অৱলোকন