দক্ষিন কোৰিয়াৰ নতুন ৰাষ্ট্ৰপতি আৰু কোৰিয়া উপদ্বীপকলৈ আমাৰ চিন্তা




দক্ষিন কোৰিয়াৰ নতুন ৰাষ্ট্ৰপতি হ'ল Moon Jae-in। দক্ষিন কোৰিয়াৰ নতুন ৰাষ্ট্ৰপতি Moon Jae-in দক্ষিন কোৰিয়াৰ গণতান্ত্ৰিক দলৰ প্ৰাৰ্থী আছিল, এওঁ মুঠ ভোটৰ প্ৰায় ৪১.০৮% লাভ কৰে।

গুৰুত্বপূৰ্ণ কথাটো হ'ল এওঁ উত্তৰ কোৰিয়াৰ লগত বন্ধুসুলভ মুকলি বৈদেশিক পৰিৱেশ গঢ়াতহে আগ্ৰহী আৰু এই কথা তেওঁ নিব্বাচনী প্ৰচাৰ সভা সমূহত মুকলি ভাৱে ব্যক্ত কৰিছিল। আৰু এওঁৰ নিব্বাচনী সভা সমূহত বিপুল সংখ্যাক কোৰিয়ান ৰাইজৰ সৰ্মথন দেখি আন্ত:ৰাষ্ট্ৰীয় ৰাজনৈতিক বিশ্লেষক সকলে তেওঁক আগতীয়াকৈ বিজয়ী ঘোষনা কৰিছিল।

মুনে এটা কথা স্পষ্ট কৰিছিল ভাই-ভাই সম্পৰ্কতহে তেওঁ বিশ্বাসী, প্ৰৰোচনামূলক যুদ্ধত এওঁ বিশ্বাসী নহয়। আমাৰ দৃষ্টিত বতৰ্মান সময়ত দক্ষিন কোৰিয়া ৰাইজে এওঁক বিশ্বাস কৰাটো দক্ষিন-পূৰ্ব এছিয়া শান্তি-মৈত্ৰী বাবে এক শুভ ইংগিত।

এইখিনিতে উল্লেখ কৰি থোৱা ভাল হব যে ২০১৫ চনৰ পৰা দক্ষিন কোৰিয়াৰ বৈদেশিক নীতি সলনি হৈছে। চীনে গঠন কৰা Asian infrastructure Investment Bank য়ে দক্ষিন কোৰিয়াক বাৰুকৈয়ে প্ৰভাম্বিত কৰিছিল, কিয়নো আমেৰিকাৰ গভীৰ ভাবুকি স্বত্ত্বেও দক্ষিন কোৰিয়াই চীনৰ লগত বানিজ্যিক চুক্তিত স্বাক্ষৰ কৰিছিল।

দক্ষিন কোৰিয়াৰ নতুন ৰাষ্ট্ৰপতিৰ উপস্থিতিত দক্ষিন-পূৰ্বৰ কূটনৈতিক পৰিৱেশে কেনে ৰূপ লয় ই আমাৰ বাবে লক্ষণীয় হব। এইক্ষেত্ৰত দক্ষিন কোৰিয়া নতুন বৈদেশিক নীতি গঠনত তিনিটা দিশ নতুন ৰাষ্ট্ৰপতিৰ বাবে প্ৰত্যহ্বামূলক হব,

ক। আমেৰিকা লগত নিৰাপত্তা চুক্তি নৱীকৰণ, বিশেষকৈ ড'নাল্ড ট্ৰাম্পৰ আগ্ৰাসনমুখী দমনমূলক বৈদেশিক নীতি America First ক দক্ষিন কোৰিয়াই কেনেদৰে গ্ৰহন কৰে ই সকলোৰে বাবে লক্ষণীয় হব। আমাৰ ধাৰণামতে এইক্ষেত্ৰত দক্ষিন কোৰিয়াই আমেৰিকাক এইবাৰ বৰ সহজকৈ নল'ব কাৰণ আমেৰিকাই দক্ষিন-পূৰ্ব এছিয়াত নিজৰ কতৃত্ব মজবুত কৰিবলৈ দক্ষিন কোৰিয়াত সামৰিক ঘাটি মজবুত কৰাটো জৰুৰী হৈ পৰাত উত্তৰ কোৰিয়াৰ আক্ৰমণৰ আচিলালৈ THAAD প্ৰযুক্তি দক্ষিন কোৰিয়াত স্থাপন কৰাটো দক্ষিন কোৰিয়া সাধাৰণ জনতাই সহজভাৱে লব পৰা নাই, ইয়াৰ বিৰুদ্ধে প্ৰতিবাদী ঢৌ ইতিমধ্যেই দক্ষিন কোৰিয়াত গঢ়ি উঠিছে। আমাৰ বিশ্বাস এইবাৰ আমেৰিকাই কোৰিয়া উপদ্বীপকলৈ প্ৰস্তুত কৰা কূটনৈতিক নীতি সলনি হব।

খ। দ্বিতীয়টো দিশ হ'ল উত্তৰ কোৰিয়া লগত বন্ধুত্ব পূৰ্ণ সম্পৰ্ক স্থাপন কৰাটো। আমি অনুভৱ কৰোঁ এইক্ষেত্ৰত আমেৰিকা বা চীনৰ কূটনৈতিক সহায়ৰ প্ৰয়োজন হব, কিয়নো ৰাষ্ট্ৰ্সংঘই ইতিমধ্যে উত্তৰ কোৰিয়া ওপৰত বহু অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰি থৈছে। আৰু এইবোৰৰ মিমাংসা নোহোৱাকৈ উত্তৰ কোৰিয়াৰ লগত দক্ষিন কোৰিয়াই বৈদেশিক সু-সম্পৰ্ক গঢ়ি তোলাটো আমাৰ দৃষ্টিত সহজ নহব।

গ। তৃতীয়তে বা আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ'ল , চীনৰ বিশ্বজয়ী অৰ্থনৈতিক কূটনৈতিক চিন্তাৰ লগত দক্ষিন কোৰিয়াই কেনেদৰে মোকাবিলা কৰিব। এইক্ষেত্ৰত দক্ষিন কোৰিয়াই কেনে বৈদেশিক বানিজ্যিক নীতি প্ৰস্তুত কৰে সি আমাৰ বাবে লক্ষণীয় হব , কাৰণ এইক্ষেত্ৰত দুইপক্ষক সন্তুষ্ট কৰাটো প্ৰয়োজনীয় হব, এটা পক্ষত আমেৰিকা আৰু জাপান আনটো পক্ষত চীন অকলে।

শেষত আমি আশাকৰোঁ এইবাৰ দক্ষিন কোৰিয়াৰ নতুন ৰাষ্ট্ৰপতিয়ে কোৰিয়া উপদ্বীপত শান্তি পৰিৱেশ গঢ়ি তোলাত নতুন ভূৰাজনৈতিক চিন্তাৰে আগবাঢ়িব।

******************************************************

Comments

Popular posts from this blog

“আহোমৰ ঐতিহাসিক সমাজ ব্যৱস্থাৰ মূলত: কৃষিগত চিন্তাৰ আৰু জলব্যৱস্থাৰ বৈজ্ঞানিক বিশ্লেষণ”

ভূ তত্ত্ব শিক্ষাৰ গুৰুত্ব, শৈক্ষিক পৰিক্ৰমা আৰু সংস্থাপনৰ সুবিধা (নিয়মীয়া বাৰ্তাৰ সাপ্তাহিক শিক্ষামূলক বিশেষ পৃষ্ঠা 'শিক্ষা বাৰ্তা')

অৰ্থনৈতিক উন্নয়ন বনাম সাংস্কৃতিক প্ৰদূষণ : বিহুৰ পৰা পূজালৈ এক অৱলোকন