Posts

Showing posts from May, 2018

“আহোমৰ ঐতিহাসিক সমাজ ব্যৱস্থাৰ মূলত: কৃষিগত চিন্তাৰ আৰু জলব্যৱস্থাৰ বৈজ্ঞানিক বিশ্লেষণ”

Image
“আহোমৰ ঐতিহাসিক সমাজ ব্যৱস্থাৰ মূলত: কৃষিগত  চিন্তাৰ আৰু জলব্যৱস্থাৰ  বৈজ্ঞানিক বিশ্লেষণ” ড ° বিজয় কৃষ্ণ চেতিয়া শিৱসাগৰ,অসম। “সোনোৱালী পথাৰবোৰেই সোনৰ অসমৰ সপোন আছিল” সাম্প্ৰতিক সময়ত বিশ্বয়ানৰ (globalisation ) দ্বাৰা সৃষ্ট মুক্ত অৰ্থনৈতিক ব্যৱস্থাৰ প্ৰভাৱত বিশ্বৰ উন্নয়নশীল দেশসমূহৰ অৰ্থনৈতিক ব্যৱস্থাই নতুনত্ব লাভ কৰিবলৈ সক্ষম হৈছে বুলি আমি বিশ্বাস কৰোঁ । এই নতুনত্বই যেনেদৰে এপিনে উন্নয়নৰ শ্লোগান আওৰাইছে ঠিক তেনেদৰে আনহাতে সমাজ পৰিৱৰ্তনৰো (ৰূপান্তৰ?) দাবী কৰিছে, যিটো আমাৰ দৃষ্টিত সমাজ বিজ্ঞানীসকলে সহজভাৱে গ্ৰহন কৰিব পৰা নাই। কাৰণ সমাজ বিবৰ্ত্তনৰ ঐতিহাসিক ধাৰা পৰা সমাজবিজ্ঞানী সকলে সহজে এটা কথা উপলব্ধি কৰিব পাৰে যে অৰ্থনৈতিক উন্নয়ন আৰু সমাজ উত্তৰণ প্ৰক্ৰিয়াৰ মাজৰ ভাৰসাম্যতাক সুস্থিৰভাৱে আগুৱাই নিব নোৱাৰিলে, কেৱল মাত্ৰ   অৰ্থনৈতিক উন্নয়নৰ দ্বাৰা দাবী কৰা সমাজ পৰিৱৰ্তন প্ৰক্ৰিয়াক সময়ে কেতিয়াও স্বীকৃতি নিদিয়ে। সেয়েহে আমাৰ বিবেচনাত এনে জটিল পৰিৱেশত অৰ্থনৈতিক উন্নয়ন আৰু সমাজ উত্তৰণ, এই দুই চিন্তাক সুস্থিৰ সমান্তৰাল গতি প্ৰদানৰ স্বাৰ্থত সমাজৰ শৈক্ষিক ব্যৱস্থ

ক্ৰীড়া সংগঠক হিচাপে দীপক ঘাটোৱাৰ দেৱৰ অসমলৈ অৱদান

Image
প্ৰথম অসমীয়া আন্ত:ৰাষ্ট্ৰীয় দবা পৰিচালক (Chess Arbiter) প্ৰয়াত দীপক ঘাটোৱাৰ দেৱৰ ১ম মৃত্যু বাৰ্ষিকীৰ স্মৃতি চাৰণ সভাৰ নিদিষ্ট বক্তাৰ ভাষণ, দিনাংক ২৫/০৪/২০১৮   ক্ৰীড়া সংগঠক হিচাপে দীপক ঘাটোৱাৰ দেৱৰ অসমলৈ অৱদান  এক বিশাল ব্যক্তিত্বৰ অধিকাৰী এজন ব্যক্তিৰ এক নিদিষ্ট দিশক বৈজ্ঞানিক বিশ্লেষণ কৰি সৰল অৰ্থত ব্যাখ্যা কৰাটো আমাৰ দৃষ্টিত বৰ এটা সহজ বিষয় নহয়। তথাপিও সমাজ উত্তৰণ স্বাৰ্থত সমাজৰ প্ৰগতিশীল চিন্তাত ব্যক্তিৰ ব্যক্তিত্বৰ প্ৰভাৱৰ বিষয়ে নৱ প্ৰজন্মক আকৰ্ষিত কৰিব পৰাকৈ এক সুস্থিৰ সামাজিক দৰ্শন সৃষ্টি কৰিবলৈ এই ব্যক্তি সকলৰ ব্যক্তিত্বৰ সামাজিক বিশ্লেষণ কৰাটো আমাৰ দৃষ্টিত খুবেই জৰুৰী। তেনে চিন্তাৰে আজি আমি আমাৰ অতি শ্ৰদ্ধাৰ প্ৰয়াত দীপক ঘাটোৱাৰ দেৱৰ ক্ৰীড়া কেন্দ্ৰীক সামাজিক দৰ্শনৰ বিষয়ৰ চমুকৈ নিজস্ব সীমিত জ্ঞানেৰে আলোকপাত কৰিব বিচাৰিছোঁ। বক্তৃতাৰ নিদিষ্ট বিষয়বস্তুলৈ যোৱা আগতেই আমি আমাৰ বক্তৃতাৰ আৰম্ভণিতেই এটা কথা উল্লেখ কৰাটো সমীচিন হব বুলি অনুভৱ কৰোঁ। সাম্প্ৰতিক সময়ত ক্ৰীড়াক এক সামাজিক অনুষ্ঠান (social institution) ৰূপে গণ্য কৰা হয় আৰু এক সামাজিক অনুষ্ঠান হিচাপে ক্ৰীড়াত প্