ক্ৰীড়া সংগঠক হিচাপে দীপক ঘাটোৱাৰ দেৱৰ অসমলৈ অৱদান



প্ৰথম অসমীয়া আন্ত:ৰাষ্ট্ৰীয় দবা পৰিচালক (Chess Arbiter) প্ৰয়াত দীপক ঘাটোৱাৰ দেৱৰ ১ম মৃত্যু বাৰ্ষিকীৰ স্মৃতি চাৰণ সভাৰ নিদিষ্ট বক্তাৰ ভাষণ, দিনাংক ২৫/০৪/২০১৮

 ক্ৰীড়া সংগঠক হিচাপে দীপক ঘাটোৱাৰ দেৱৰ অসমলৈ অৱদান 
এক বিশাল ব্যক্তিত্বৰ অধিকাৰী এজন ব্যক্তিৰ এক নিদিষ্ট দিশক বৈজ্ঞানিক বিশ্লেষণ কৰি সৰল অৰ্থত ব্যাখ্যা কৰাটো আমাৰ দৃষ্টিত বৰ এটা সহজ বিষয় নহয়। তথাপিও সমাজ উত্তৰণ স্বাৰ্থত সমাজৰ প্ৰগতিশীল চিন্তাত ব্যক্তিৰ ব্যক্তিত্বৰ প্ৰভাৱৰ বিষয়ে নৱ প্ৰজন্মক আকৰ্ষিত কৰিব পৰাকৈ এক সুস্থিৰ সামাজিক দৰ্শন সৃষ্টি কৰিবলৈ এই ব্যক্তি সকলৰ ব্যক্তিত্বৰ সামাজিক বিশ্লেষণ কৰাটো আমাৰ দৃষ্টিত খুবেই জৰুৰী। তেনে চিন্তাৰে আজি আমি আমাৰ অতি শ্ৰদ্ধাৰ প্ৰয়াত দীপক ঘাটোৱাৰ দেৱৰ ক্ৰীড়া কেন্দ্ৰীক সামাজিক দৰ্শনৰ বিষয়ৰ চমুকৈ নিজস্ব সীমিত জ্ঞানেৰে আলোকপাত কৰিব বিচাৰিছোঁ।

বক্তৃতাৰ নিদিষ্ট বিষয়বস্তুলৈ যোৱা আগতেই আমি আমাৰ বক্তৃতাৰ আৰম্ভণিতেই এটা কথা উল্লেখ কৰাটো সমীচিন হব বুলি অনুভৱ কৰোঁ। সাম্প্ৰতিক সময়ত ক্ৰীড়াক এক সামাজিক অনুষ্ঠান (social institution) ৰূপে গণ্য কৰা হয় আৰু এক সামাজিক অনুষ্ঠান হিচাপে ক্ৰীড়াত প্ৰতিফলিত সামাজিক দৰ্শনক অধ্যয়ন কৰাটো বতৰ্মান সময়ত বিশ্বজনীন গৱেষণাৰ কাৰণ হৈ পৰিছে। আমাৰ দৃষ্টিত এই বিষয়টো বুজাত বিশেষ জটিলতা নাই, সহজকৈ চাবলৈ গ’লে এজন খেলুৱৈ বা ক্ৰীড়া সংগঠকে অতি পৰিকল্পিত ভাৱে নিজস্ব চিন্তাৰে এখন সমাজ গঢ়ে আৰু এই সমাজ সদায় সহযোগিতা, সহনশীলতা আৰু সৎসাহসৰ ওপৰত প্ৰতিষ্ঠিত হয়। অথাৎ খেলুৱৈ বা ক্ৰীড়া সংগঠকে নিজস্ব পৰিসীমাত এক বৃহত্তৰ সুস্থিৰ সমাজ গঢ়া লক্ষ্যৰে কিছু ক্ষুদ্ৰ ক্ষুদ্ৰ সমাজ গঢ়ে বা সমাজ গঢ়াৰ প্ৰয়াস কৰে। এই চিন্তাক আৰু সহজ অৰ্থত ব্যাখ্যা কৰিলে এনেদৰেও কব পাৰোঁ “ব্যক্তিগত স্বাৰ্থৰ উৰ্ধত সামাজিক দায়বদ্ধতাৰ গঢ়াই ক্ৰীড়াৰ মূল লক্ষ্য”।

এতিয়া আমি যদি প্ৰয়াত দীপক ঘাটোৱাৰ দেৱৰ জীৱন আৰ্দশক অধ্যয়ন কৰা সাহস কৰোঁ তেন্তে আমি ওপৰত উল্লেখ কৰা এক সুস্থিৰ সমাজ গঢ়া প্ৰয়াসেই প্ৰয়াত ঘাটোৱাৰ জীৱন আৰ্দশতো প্ৰতিফলিত হোৱা দেখিম। জীৱনৰ সৰহসংখ্যক সময় জিলা স্তৰৰ পৰা আন্ত:ৰাষ্ট্ৰীয় দবা খেলৰ লগত খেলুৱৈ ও সংগঠক হিচাপে জড়িত হৈ থাকিলেও প্ৰয়াত ঘাটোৱাৰ দেৱে কিন্তু নিজৰ জন্মস্থান আঠাবাৰী বা মাছৈৰ অঞ্চলৰ সামাজিক সুস্থিৰতা বাবে সদায় নিজৰ দায়িত্বশীল পৰিচয় আগবঢ়াইছিল। এইখিনিতেই ৯০ দশকৰ আৰম্বণিতেই প্ৰয়াত দীপক ঘাটোৱাৰ দেৱ আৰু শ্ৰদ্ধাৰ বুধীন চেতিয়া দেৱৰ নেতৃত্বত “যুৱ বিকাশ সংঘ”ৰ উদ্যোগত মাছৈ খেল পথাৰত  আৰম্ভ হোৱা প্ৰাথমিক দৈহিক অনুশীলনৰ পৰা বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা সমূহৰ কথা আমাৰ মনলৈ আহে। আমি বিশ্বাস কৰোঁ সেই ৯০ দশকৰ আৰম্ভণিতেই প্ৰয়াত ঘাটোৱাৰ আৰু শ্ৰদ্ধাৰ চেতিয়া দেৱৰ দৰে সমাজ অধ্যয়ণশীল  ব্যক্তিসকলে অনুভৱ কৰিব পাৰিছিল যে দৈহিক শ্ৰম অবিহনে সমাজৰ মানসিক সুস্থিৰতা বজাই ৰখাটো সম্ভৱ নহয় আৰু সেয়েহে  ৯০ দশকতেই তেওঁলোকে আৰম্ভ কৰিছিল ক্ৰীড়া জড়িত মানসিক উৎকৰ্ষণৰ এক অতি পৰিকল্পিত যাত্ৰা। আশাকৰোঁ আজিৰ দৰে প্ৰতিক্ষণে এই ব্যক্তিসকলৰ সামাজিক দায়বদ্ধতাক আঠাবাৰী ৰাইজে সন্মান জনাব। 

এতিয়া আজি স্মৃতি চাৰণ সভাই আমাৰ বাবে নিদিষ্ট কৰি দিয়া বিষয় বস্তুলৈ আহোঁ। প্ৰয়াত দীপক ঘাটোৱাৰ দেৱৰ লগত আমাৰ এক অতি সংবেদনশীল মানসিক সম্পৰ্ক আছিল, সঁচা অৰ্থত এখন মুকলি পৃথিৱীৰ লগত আমাক পৰিচয় কৰাই দিয়া প্ৰথম ব্যক্তিজনেই আছিল শ্ৰদ্ধাৰ “দীপক দা”। গতিকে দীপক দাৰ জীৱন আৰ্দশক বিশ্লেষণ কৰাটো মোৰ বাবে বৰ সহজ বিষয় নাছিল। কিন্তু এইক্ষেত্ৰত এক মূল্যৱান সম্পদে আমাৰ মনৰ জটিলতাক মানসিক সাহসলৈ ৰূপান্তৰিত কৰিছিল, সেই মূল্যৱান সম্পদবিধ আছিল দীপক দাৰ ভ্ৰাতৃ শ্ৰদ্ধাৰ অৰুণ দাই দিয়া দীপক দাৰ এখন ডায়েৰী। এই ডায়েৰীখনৰ পাত লুটিয়াই আমি সচকিত হৈ পৰিছিলোঁ, আমি ভাৱিবলৈ বাধ্য হৈছিলোঁ এজন ব্যক্তি কিমান অধ্যয়নশীল হ’লে নিজৰ প্ৰতিটো ঘটনাক ইমান শৃংখলাবদ্ধ আৰু পৰিকল্পিত ৰূপত সজাই থৈ যাব পাৰে। সঁচা অৰ্থত কবলৈ এইখন এখন ডায়েৰী নহয় যেন এখন আত্মজীৱনীহে, সূচীপত্ৰত জীৱনৰ প্ৰতিটো স্তৰৰ উল্লেখৰ ওপৰিও  ভিতৰৰ বৰ্ণনা অনুসৰি দিয়া হৈছে পৃষ্ঠা নম্বৰ। সঁচাই এক অনুপ্ৰেৰণাদায়ক সৃষ্টি।

এই ডায়েৰী আলমতেই আমি দীপক ঘাটোৱাৰ দেৱৰ ক্ৰীড়া সংগঠক হিচাপে সমাজলৈ অৱদানৰ বিষয়ে কিছু আলোচনা কৰা প্ৰয়াস কৰিছোঁ। যদিও বিষয় বস্তুত কেৱল ক্ৰীড়া সংগঠক বুলিহে কথা উল্লেখ কৰা হৈছে, আমি আমাৰ আলোচনাত কিন্তু প্ৰয়াত ঘাটোৱাৰ দেৱৰ বৰ্ণিল ক্ৰীড়া জীৱনক প্ৰধানত তিনিটা দৃষ্টিকোণেৰে বিশ্লেষণ কৰিব বিচাৰছোঁ,

১।  দবা খেলুৱৈ হিচাপে দীপক ঘাটোৱাৰ দেৱ

২। দবা খেলৰ সংগঠক হিচাপে দীপক ঘাটোৱাৰ দেৱ

৩। দবা খেলৰ পৰিচালক আৰু প্ৰশিক্ষক হিচাপে দীপক ঘাটোৱাৰ দেৱ

১। খেলুৱৈ হিচাপে দীপক ঘাটোৱাৰ দেৱ

১৯৭৭-৭৮ চনত দশমমান শ্ৰেণীত পঢ়ি থাকোতেই প্ৰয়াত দীপক ঘাটোৱাৰ দেৱ দবা খেলৰ প্ৰতি আকৰ্ষিত হৈছিল আৰু  সেইসময়ৰ তেওঁৰ স্কুলীয়া বন্ধু  দেৱজিৎ বৰুৱা, অনুপ বৰুৱা আৰু তিলক কোঁৱৰৰ লগত প্ৰাৰম্ভিক দবাখেলৰ অনুশীলন আৰম্ভ কৰিছিল।

পেছাগত ভাৱে দীপক ঘাটোৱাৰ দেৱৰ খেলুৱৈ জীৱনৰ আৰম্ভ হয় ১৯৮৯ চনত ডিমৌ তথ্য কেন্দ্ৰত অনুষ্ঠিত হোৱা মুকলি দবা প্ৰতিযোগিতাৰ দ্বাৰা আৰু ইয়াৰ পিছৰ পৰ্য্যায়ত ডিমৌ আৰু আঠাবাৰীত আয়োজিত বিভিন্ন দবা প্ৰতিযোগিতাত ঘাটোৱাৰ দেৱে অংশগ্ৰহন কৰিছিল। এইখিনিতে উল্লেখনীয়ে যে ১৯৯০ চনতেই আঠাবাৰী চাহ বাগিছাৰ Staff Club ত দবা খেলৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছিল। বতৰ্মান প্ৰজন্মই এই বিষয়টোত বিশেষ দৃষ্টি দিয়াটো প্ৰয়োজন বুলি আমি ব্যক্তিগতভাৱে অনুভৱ কৰোঁ।

ইয়াৰ পিছৰ পৰ্য্যায়ত ১৯৯০ চনত ডিমৌ দবা সন্থাই আয়োজন কৰা সদৌ অসম মুকলি দবা প্ৰতিযোগিতাত অংশগ্ৰহনৰ যোগেদি পোন প্ৰথম বাৰৰ বাবে ৰাজ্যিক স্তৰৰ দবা প্ৰতিযোগিতাত ঘাটোৱাৰ দেৱে অংশগ্ৰহন কৰে। ১৯৯১ চনত পোনপ্ৰথম বাৰৰ বাবে ডিমৌ হাইস্কুলত আয়োজিত শিৱসাগৰ জিলা দবা প্ৰতিযোগিতাত অংশগ্ৰহন কৰি একেলেথাৰিয়ে ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈকে ছখনকৈ জিলাভিত্তিক প্ৰতিযোগিতাত তেওঁ অংশগ্ৰহন কৰিছিল। ইয়াৰ ভিতৰত ১৯৯৫ আৰু ১৯৯৬ চনৰ জিলাভিত্তিক প্ৰতিযোগিতাত সুখ্যাতিৰে প্ৰথম স্থান দখল কৰিবলৈ প্ৰয়াত ঘাটোৱাৰ দেৱ সক্ষম হৈছিল।

শিৱসাগৰ জিলা দবা সন্থাৰ জিলাভিত্তিক প্ৰতিযোগিতা সমূহৰ ওপৰিও জিলা পৰ্য্যায়ৰ বিভিন্ন মুকলি দবা প্ৰতিযোগিতাত অংশগ্ৰহন কৰিও প্ৰয়াত ঘাটোৱাৰ দেৱে সুনাম অৰ্জন কৰিছিল। ইয়াৰ ভিতৰত প্ৰথম শিৱসাগৰ জিলা প্ৰাইজমণি দবা প্ৰতিযোগিতাত প্ৰথম স্থান (১৯৯৪), প্ৰথম শিৱসাগৰ জিলা ৰেপিড দবা প্ৰতিযোগিতাত দ্বিতীয় স্থান (১৯৯৪), পষ্ট গ্ৰেজুৱেট ট্ৰেইনিং কলেজ ,যোৰহাটৰ বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতাত প্ৰথম স্থান দখল (১৯৯৮) আদিয়েই অন্যতম।
ওপৰত উল্লেখ কৰা বিভিন্ন স্তৰৰ দবা প্ৰতিযোগিতা সমূহৰ ওপৰিও প্ৰয়াত ঘাটোৱাৰ দেৱে আন বহুতো  ৰাজ্যিক স্তৰৰ দবা প্ৰতিযোগিতাত অংশগ্ৰহন কৰিছিল। এই সমূহৰ ভিতৰত গোলঘাট জিলা দবা সন্থাই আয়োজন কৰা ১৬ সংখ্যক সদৌ অসম দবা প্ৰতিযোগিতা (১৯৯৩), শিৱসাগৰ জিলা দবা সন্থাই আয়োজন দ্বিতীয় সদৌ অসম মুকলি দবা প্ৰতিযোগিতা(১৯৯৩), গুৱাহাটী জিলা দবা সন্থাই আয়োজন কৰা সদৌ অসম মুকলি প্ৰাইজমণি দবা প্ৰতিযোগিতা (১৯৯৪), তৃতীয় নবীন চন্দ্ৰ বুঢ়াগোহাঁই সোঁৱৰণী চানডে লিগ মুকলি দবা প্ৰতিযোগিতা (১৯৯৬), গোলাঘাট জিলা দবা সন্থাই আয়োজন কৰা সদৌ অসম মুকলি প্ৰাইজমণি দবা প্ৰতিযোগিতা (১৯৯৬) আদিয়ে প্ৰধান।

২। দবা খেলৰ সংগঠক হিচাপে দীপক ঘাটোৱাৰ দেৱ
অসমত আঞ্চলিক পৰ্য্যায়ৰ পৰা ৰাজ্যিক পৰ্য্যায়লৈকে দবা খেলৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অসমৰ যিকেইজন ব্যক্তিয়ে অহো-পুৰুষাৰ্থ শ্ৰম কৰিছিল তেওঁলোকৰ অন্যতম আছিল প্ৰয়াত দীপক ঘাটোৱাৰ দেৱ। প্ৰয়াত ঘাটোৱাৰ দেৱে দবাখেলৰ সাংগঠনিক কৰ্মসূচী আৰম্ভ কৰিছিল ১৯৮৯-১৯৯০ চনত ডিমৌ জিলা দবা সন্থাৰ সহকাৰী সম্পাদকৰ দায়িত্ব গ্ৰহন কৰি। ইয়াৰ পিছৰ পৰ্য্যায়ত ১৯৯২ চনৰ ২০০৪ চনৰ লৈকে প্ৰয়াত দীপক ঘাটোৱাৰ দেৱে সুদীৰ্ঘ ১২টা বছৰ শিৱসাগৰ জিলা দবা সন্থাৰ সাধাৰণ সম্পাদকৰ পদ অলংকৃত কৰি শিৱসাগৰ জিলাত দবা খেলক অধিক জনপ্ৰিয় কৰাতেই নহয় বিশেষ প্ৰশিক্ষণ কৰ্মসূচীৰে শিৱসাগৰ জিলাৰ পৰা বহু উন্নতমানৰ প্ৰতিভাৱান খেলুৱৈ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। জিলা সাধাৰণ সম্পাদকৰ ওপৰিও ঘাটোৱাৰ দেৱে ২০০৪ বৰ্ষৰ পৰা ২০১৩ বৰ্ষলৈ জিলা দবা সন্থাৰ উপদেষ্টা আৰু ২০১৩ বৰ্ষৰ পৰা মৃত্যু পৰ্যন্ত শিৱসাগৰ জিলা দবা সন্থাৰ সভাপতিৰ দৰে গুৰু দায়িত্ব গ্ৰহন কৰি দবা খেলৰ শ্ৰীউত্তৰণৰ বাবে নিজৰ দায়িত্বশীল পৰিচয় দিবলৈ সক্ষম হৈছিল।

১৯৯৩ চনত ডিগবৈত অনুষ্ঠিত হোৱা সদৌ অসম দবা সন্থাৰ সাধাৰণ সভাত সহকাৰী সম্পাদকৰ দায়িত্ব গ্ৰহণেৰে প্ৰয়াত ঘাটোৱাৰ দেৱে নিজৰ বৰ্ণিল ৰাজ্যিক ক্ৰীড়া-সাংগঠনিক জীৱনৰ পাতনি মেলে। ইয়াৰ পিছৰ পৰ্য্যায়ত ২০০৪ চনত ৰঙিয়াত অনুষ্ঠিত হোৱা সদৌ অসম দবা সন্থাৰ সাধাৰণ সভাত সাধাৰন সম্পাদকৰ দায়িত্ব গ্ৰহন কৰে আৰু ২০০৮ বৰ্ষলৈকে অতি সাহসেৰে এই দায়িত্ব সুচাৰুৰূপে পালন কৰে। প্ৰয়াত ঘাটোৱাৰ দেৱৰ নেতৃত্বত এই সময়ছোৱাত অসমত দবা খেলে যে এক নতুনত্ব লাভ কৰিছিল সেই কথা স্বীকাৰ কৰাত আজি কাৰোৱেই ছাগে আপত্তি নাথাকিব বা থকাৰ যুক্তিও নাই, কিয়নো প্ৰয়াত ঘাটোৱাৰ দেৱ সদৌ অসম দবা সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থকা সময়ছোৱাত উন্নতমানৰ পৰিকল্পিত প্ৰশিক্ষণৰ সহায়ত দবা খেলৰ বিশ্বজনীন চিন্তাৰ লগত অসমৰ খেলুৱৈ সকলক পৰিচয় কৰাই দিয়াৰ লগতে আন্ত:ৰাষ্ট্ৰীয় মানদণ্ডৰ খেলৰ সঁজুলিও অসমৰ খেলুৱৈৰ বাবে সহজ আৰু সুলভ কৰি দিয়া ব্যৱস্থা গ্ৰহন কৰিছিল। আমি বিশ্বাস কৰোঁ এনেধৰণৰ অতি উচ্চমানৰ সাংগঠনিক চিন্তাৰ বাবে প্ৰয়াত ঘাটোৱাৰ দেৱ চিৰকাল অসমৰ ক্ৰীড়া জগতত এক উজ্বল নক্ষত্ৰৰূপে জ্বিলিকি থাকিব। ইয়াৰ পিছৰ পৰ্য্যায়তো প্ৰয়াত ঘাটোৱাৰ দেৱে সদৌ অসম দবা সন্থাৰ ২০০৮-২০১১ বৰ্ষলৈকে কাৰ্যবাহী সদস্য আৰু ২০১১ বৰ্ষৰ পৰা ২০১৪ বৰ্ষলৈ উপ-সভাপতিৰ দায়িত্ব গ্ৰহন কৰিছিল।

ওপৰোক্ত জিলা ও ৰাজ্যিক সাংগঠনিক কৰ্মসূচীৰ সমান্তৰালভাৱে প্ৰয়াত ঘাটোৱাৰ দেৱে আঞ্চলিক ভিত্তিতো দবা খেলৰ প্ৰসাৰ বাবে সাংগঠনিক নেতৃত্ব আগবঢ়াইছিল, ইয়াৰ ভিতৰত ২০০১ চনত গঠন হোৱা “Demow Chess Club”ৰ প্ৰতিষ্ঠাপক সম্পাদক, ২০০৩ চনত গঠন হোৱা “Demow Chess Academy”ৰ প্ৰতিষ্ঠাপক সম্পাদক/অধ্যক্ষ আদিয়েই প্ৰধান।

প্ৰয়াত ঘাটোৱাৰ দেৱৰ নেতৃত্বত ২০০৬ চনত মিজোৰামত গঠিত হোৱা North East State Chess Forum আমাৰ দৃষ্টিত ঘাটোৱাৰ দেৱৰ বৰ্ণিল সাংগঠনিক জীৱনৰ এক উল্লেখযোগ্য সাৰ্ফল্য। ২০০৬ বৰ্ষৰ পৰা ২০১০ বৰ্ষলৈ এই ফ’ৰামৰ সম্পাদকৰ দায়িত্ব গ্ৰহন কৰি উত্তৰ-পূৰ্বত দবা খেলৰ প্ৰসাৰ ও প্ৰচাৰ বাবে ঘাটোৱাৰ দেৱে নিজকে মনোনিৱেশ কৰিছিল আৰু ২০১০ বৰ্ষৰ পৰা মৃত্যু পৰ্যন্ত দীপক ঘাটোৱাৰ দেৱে এই ফ’ৰামৰ সন্মানীয় কাৰ্য্যবাহী সদস্য পদ অলংকৃত কৰি আছিল।

৩। দবা খেলৰ পৰিচালক আৰু প্ৰশিক্ষক হিচাপে দীপক ঘাটোৱাৰ দেৱ
দবা খেলৰ আন্ত:ৰাষ্ট্ৰীয় সৰ্বোচ্চ সন্থা World Chess Federation চমুকৈ FIDE ৰ স্বীকৃতি প্ৰাপ্ত দবাখেলৰ পৰিচালক অৰ্থাৎ আৰ্বিটাৰ হিচাপে প্ৰয়াত দীপক ঘাটোৱাৰ দেৱৰ এক আন্ত:ৰাষ্ট্ৰীয় পৰিচয় আছিল। ২০০৯ বৰ্ষত ঘাটোৱাৰ দেৱে FIDE স্বীকৃতি প্ৰাপ্ত পৰিচালকৰ সন্মান লাভ কৰিছিল (পঞ্জীয়ণ নং-২৫০৩০৩৬১)।
 ১৯৯৬ চনত ২০ সংখ্যক সদৌ অসম দবা প্ৰতিযোগিতাত ডেপুটি আৰ্বিটাৰ হিচাপে নিজৰ পৰিচালকৰ জীৱন আৰম্ভ কৰা ঘাটোৱাৰ দেৱে নিজৰ জীৱন কালত জিলা ও ৰাজ্যিক পৰ্য্যায়ত প্ৰায় ১৩ খন প্ৰতিযোগিতাক  সহকাৰী আৰু মুখ্য আৰ্বিটাৰ ৰূপে সফলভাৱে পৰিচালনা কৰিছিল।

১৯৯৭ চনত কলকাতাত অনুষ্ঠিত হোৱা আন্ত:ৰাষ্ট্ৰীয় দবা প্ৰতিযোগিতা “Goodricke International Open Chess Tournament”ত আছিল এজন অন্যতম পৰিচালক। এই আন্ত:ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পৰিচালক ৰূপে অংশ গ্ৰহন কৰি প্ৰয়াত ঘাটোৱাৰ দেৱে অসমলৈ এক বিৰল আন্ত:ৰাষ্ট্ৰীয় স্বীকৃতি কঢ়িয়াই আনিছিল, কিয়নো আন্ত:ৰাষ্ট্ৰীয়  আৰ্বিটাৰৰ  স্বীকৃতি পোৱা প্ৰয়াত দীপক ঘাটোৱাৰ দেৱে আছিল অসমৰ প্ৰথমজন সুসন্তান। আমি আশা কৰিম  অসমৰ ৰাইজে দীপক ঘাটোৱাৰ দেৱৰ এই আন্ত:ৰাষ্ট্ৰীয় স্বীকৃতিক সদায় সন্মান সহকাৰে মনত ৰাখিব।

ইয়াৰ পিছৰ পৰ্য্যায়তো প্ৰয়াত ঘাটোৱাৰ দেৱে ৪০ সংখ্যক National “B” Chess Championship (২০০২), প্ঞ্জাৱ, ৩০ সংখ্যক Women “B” Chess Championship(২০০৩),কেৰেলা, All India Inter-GAIL Chess Tournament (২০০৩), শিৱসাগৰ,  আদি ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰতিযোগিতা সফলভাৱে পৰিচালনা কৰি এজন সফল আৰ্বিটাৰ হিচাপে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল।

২০০৫ বৰ্ষত ফান্সৰ, বেলফ’টত অনুষ্ঠিত হোৱা বিশ্ব যুৱ দবা প্ৰতিযোগিতাত (World Youth Chess Chamionship) ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব গ্ৰহন কৰি প্ৰয়াত দীপক ঘাটোৱাৰ দেৱে অসমলৈ আন এক আন্ত:ৰাষ্ট্ৰীয় সন্মান কঢ়িয়াই আনিছিল।

ওপৰোক্ত আলোচনা পৰা এটা কথা অতি সহজে অনুমান কৰিব পাৰি যে প্ৰয়াত দীপক ঘাটোৱাৰ কেৱল অসমৰ ক্ৰীড়া জগতৰেই এক সম্পদ নাছিল, দীপক ঘাটোৱাৰ দেৱ আছিল বিশ্ব দবা খেলৰেই এক অতি চিনাকী নাম। কিন্তু অতি দুখৰে কবলৈ বাধ্য হৈছোঁ, আমি যেন দীপক দাৰ অধ্যৱসায় সমৃদ্ধ সফল আন্ত:ৰাষ্ট্ৰীয় স্বীকৃতিক সন্মান জনাব পৰা নাই। আশা কৰিম এই বিষয়ত আজি স্মৃতিচাৰণ সভাই কিছু গঠনাত্মক চিন্তাৰ প্ৰস্তাৱ কৰিব।

এতিয়া আমি আজিৰ বক্তৃতা শেষ স্তৰলৈ আহিব খুজিছোঁ। এই শেষ স্তৰত আমি দীপক ঘাটোৱাৰ দেৱৰ ক্ৰীড়া জীৱনৰ দুটা অধ্যয়নশীল, ৰুচিশীল, গঠনাত্মক চিন্তাক সংক্ষেপে আলোচনা কৰা প্ৰয়াস কৰিছোঁ।

প্ৰথমটো হ’ল, এজন ব্যক্তি কিমান অধ্যয়নশীল এটা খেলৰ লগত চূড়ান্তভাৱে সংপৃক্ত হব পাৰে তাৰ চিৰ জীৱন্ত উদাহৰণ দীপক ঘাটোৱাৰ। দবা খেল দীপক ঘাটোৱাৰ পেছাগত নিৰ্বাচন নাছিল , দবাখেল আছিল দীপক ঘাটোৱাৰ দেৱৰ জীৱন সাধনাৰ আধাৰ। দীপক ঘাটোৱাৰ দেৱে দবাখেলৰ যোগেদিয়েই এক সুস্থিৰ প্ৰগতিশীল সমাজ গঢ়া সপোন দেখিছিল বা সপোন কঢ়িয়াই ফুৰিছিল আৰু তেনে উদ্দেশ্যৰে দীপক ঘাটোৱাৰ দেৱে ১৯৯৪, ডিচেম্বৰ মাহত প্ৰকাশ কৰি উলিয়াইছিল দবাৰ খেলৰ অসমীয়া সহায়ক গ্ৰন্থ “ দবাৰ হাতপুথি : A Handbook On Chess”( প্ৰকাশক: উদয়ণ প্ৰকাশন, নিতাইপুখুৰী)। এই গ্ৰন্থ প্ৰকাশে প্ৰয়াত দীপক ঘাটোৱাৰ দেৱে অসম সমাজ ব্যৱস্থালৈ ক্ৰীড়াপ্ৰেমৰ এক বিৰল উদাহৰণ এৰি গ’ল আৰু অতি নীৰৱে কিন্তু খুব স্পষ্টভাৱে কৈ গ’ল “খেল সমাজ সংস্কাৰৰ শক্তিশালী অস্ত্ৰ”। যাক সাম্প্ৰতিক সময়ৰ যুৱ প্ৰজন্মই অনুধাৱন কৰাটো অতিকৈ জৰুৰী। এই পুথিৰ দ্বিতীয় সংস্কৰণ ১৯৯৯ প্ৰকাশ পাইছিল।

দ্বিতীয়টো প্ৰসংগ আমি দীপক ঘাটোৱাৰ দেৱৰ এক আধাৰুৱা স্বপ্ন উপস্থাপনৰে বিশ্লেষণ কৰিব বিচাৰিছোঁ। আমি ইতিমধ্যই ওপৰত উল্লেখ কৰিছোঁ  যে শ্ৰদ্ধাৰ দীপক ঘাটোৱাৰ দেৱৰ বাবে  দবা খেল নিজৰ জীৱন সাধনা। কিন্তু এইখিনিতেই মনলৈ প্ৰশ্ন আহে এজন শিক্ষাবিদ, সাহিত্য অনুৰাগী, তিনিটাকৈ শৈক্ষিক ডিগ্ৰীৰে বিভূক্ষিত এজন ব্যক্তি দবা খেলৰ প্ৰতি কিয় ইমানকৈ আকৃষ্ট হৈছিল ? এই প্ৰশ্নৰ উত্তৰো দীপক ঘাটোৱাৰ দেৱে তেওঁৰ জীৱিত কালতেই নিজে দিবলৈ প্ৰয়াস কৰিছিল আৰু তেনে উদ্দেশ্যৰে তেওঁ আৰম্ভ কৰিছিল দবা খেলৰ গৱেষণামূলক চিন্তা আৰু এই গৱেষণাৰ বিষয় আছিল “Role of Chess Playing In the Making of Human Behavior (With Special reference to Secondary Level Education in Sivasagar District, Assam”। ঘাটোৱাৰ দেৱৰ গৱেষণা বিষয় বস্তুৰ নিৰ্বাচনে দবা খেলৰ প্ৰতি থকা তেওঁ গৱেষণা লব্ধ মনটোক স্পষ্ট ৰূপত দাঙি ধৰে। দবা খেলে এজন ব্যক্তিৰ মানসিক সুস্থিৰতা বৃদ্ধিৰ বাবে প্ৰয়োজনীয় গুণবোৰৰ, যেনে ত্যাগ, সহনশীলতা, সময় বিশ্লেষণৰ মানসিকতা, আত্ম বিশ্লেষণৰ প্ৰয়োজনীয়তা আদিৰ গুণবোৰৰ  বিকাশত সহায় কৰে। তেনে দৃষ্টিৰে সাম্প্ৰতিক সময়ত, সামাজিক দৃষ্টিকোনেৰে দবা খেলৰ গুৰুত্ব অধিক আৰু এই গুৰুত্ব বুজিয়েই প্ৰয়াত ঘাটোৱাৰ দেৱে অসমক দবাৰ এক গৱেষণাসমৃদ্ধ গ্ৰন্থ দি যাব প্ৰয়াস কৰিছিল, কিন্তু আমাৰেই দুভাৰ্গ্য ভগৱানে তেওঁৰ এই সপোন সফল নকৰিলে।

সদৌ শেষত আমি আশা কৰিম সাম্প্ৰতিক সময়ত দবা খেলৰ লগত জড়িত হৈ থকা সন্মানীয় ব্যক্তি সকলে প্ৰয়াত ঘাটোৱাৰ দেৱৰ জীৱন আৰ্দশক সন্মান কৰি তেওঁৰ আধৰুৱা স্বপ্ন সমূহ পূৰ কৰাত সন্মান জনাব। লগতে অসমৰ প্ৰতিটো সংগঠনলৈও আমাৰ অনুৰোধ থাকিব তেওঁলোকে যেন এই মহান আৰ্দশক জীয়াই ৰাখিবলৈ সৎসাহস প্ৰদৰ্শন কৰে।
...............................................................................................



Comments

Popular posts from this blog

“আহোমৰ ঐতিহাসিক সমাজ ব্যৱস্থাৰ মূলত: কৃষিগত চিন্তাৰ আৰু জলব্যৱস্থাৰ বৈজ্ঞানিক বিশ্লেষণ”

ভূ তত্ত্ব শিক্ষাৰ গুৰুত্ব, শৈক্ষিক পৰিক্ৰমা আৰু সংস্থাপনৰ সুবিধা (নিয়মীয়া বাৰ্তাৰ সাপ্তাহিক শিক্ষামূলক বিশেষ পৃষ্ঠা 'শিক্ষা বাৰ্তা')

অৰ্থনৈতিক উন্নয়ন বনাম সাংস্কৃতিক প্ৰদূষণ : বিহুৰ পৰা পূজালৈ এক অৱলোকন