Posts

Showing posts from September, 2019

বিস্ময়কৰ মেধাৰ স্বাক্ষৰ তন্ময় বাক্সি

Image
বিস্ময়কৰ মেধাৰ স্বাক্ষৰ তন্ময় বাক্সি সময়ে সময়ে পৃথিৱীত এনে কিছু অসাধাৰণ প্ৰতিভাধৰৰ জন্ম হয় যি সকলৰ চিন্তা আৰু কৰ্ম হৈ পৰে সমাজৰ বহুজনৰ বাবে জীৱনৰ অনুপ্ৰেৰণা আৰু সাহসৰ সমল। এই বিস্ময়কৰ প্ৰতিভাৰ  ব্যক্তি সকলে সমাজ উত্তৰণৰ বাবে প্ৰয়োজনীয় প্ৰতিটো দিশকেই  সাহিত্য, ক্ৰীড়া, বিজ্ঞান-গৱেষণা আদিক তেওঁলোকৰ অসাধাৰণ চিন্তা-শক্তিৰে চহকী কৰা বহু উদাহৰণ পৃথিৱীৰ ইতিহাসত লিপিবদ্ধ হৈ আছে। আমাৰ দৃষ্টিত পৃথিৱী ইতিহাসৰ শ্ৰেষ্ঠতম অসাধাৰণ প্ৰতিভা বা চিন্তা-শক্তিৰ গৰাকী আছিল ষ্টিফেন হকিং। জীৱন যৌৱনৰ আদি সময়ত ৰোগাক্ৰান্তহৈ শাৰীৰিকভাৱে অক্ষম হৈও অধম্য মানসিক শক্তিৰে জীৱনৰ শেষ সময়লৈকে অবিৰতভাৱে বিজ্ঞানৰ চৰ্চাত ব্ৰতী থাকি এক বৰণীয় জীৱন উদযাপন কৰা ষ্টিফেন হকিং আমাৰ বাবে সদায় অনুপ্ৰেৰণা আৰু সাহসৰ সমল। বিজ্ঞানী ষ্টিফেন হকিংএ জীৱিতকালত নিজৰ বৈজ্ঞানিক চিন্তা-চৰ্চাক “কৃটিম বুদ্ধিমত্তা (Artificial Intelligence-AI)” ৰ সহায়ত আগুৱাই নিছিল, কিন্তু অতি চিন্তনীয় বিষয়টো হ’ল যিজন মহান বিজ্ঞানীয়ে নিজৰ জীৱনৰ সহৰভাগ সময় কৃটিম বুদ্ধিমত্তাৰ সৈতে কটালে বা কৃটিম বুদ্ধিমত্তা অবিহনে যিজন ব্যক্তিৰ জীৱনৰ চিন্তা আৰু চেতনা অসাৰ আ