বিস্ময়কৰ মেধাৰ স্বাক্ষৰ তন্ময় বাক্সি

বিস্ময়কৰ মেধাৰ স্বাক্ষৰ তন্ময় বাক্সি



সময়ে সময়ে পৃথিৱীত এনে কিছু অসাধাৰণ প্ৰতিভাধৰৰ জন্ম হয় যি সকলৰ চিন্তা আৰু কৰ্ম হৈ পৰে সমাজৰ বহুজনৰ বাবে জীৱনৰ অনুপ্ৰেৰণা আৰু সাহসৰ সমল। এই বিস্ময়কৰ প্ৰতিভাৰ  ব্যক্তি সকলে সমাজ উত্তৰণৰ বাবে প্ৰয়োজনীয় প্ৰতিটো দিশকেই  সাহিত্য, ক্ৰীড়া, বিজ্ঞান-গৱেষণা আদিক তেওঁলোকৰ অসাধাৰণ চিন্তা-শক্তিৰে চহকী কৰা বহু উদাহৰণ পৃথিৱীৰ ইতিহাসত লিপিবদ্ধ হৈ আছে। আমাৰ দৃষ্টিত পৃথিৱী ইতিহাসৰ শ্ৰেষ্ঠতম অসাধাৰণ প্ৰতিভা বা চিন্তা-শক্তিৰ গৰাকী আছিল ষ্টিফেন হকিং। জীৱন যৌৱনৰ আদি সময়ত ৰোগাক্ৰান্তহৈ শাৰীৰিকভাৱে অক্ষম হৈও অধম্য মানসিক শক্তিৰে জীৱনৰ শেষ সময়লৈকে অবিৰতভাৱে বিজ্ঞানৰ চৰ্চাত ব্ৰতী থাকি এক বৰণীয় জীৱন উদযাপন কৰা ষ্টিফেন হকিং আমাৰ বাবে সদায় অনুপ্ৰেৰণা আৰু সাহসৰ সমল। বিজ্ঞানী ষ্টিফেন হকিংএ জীৱিতকালত নিজৰ বৈজ্ঞানিক চিন্তা-চৰ্চাক “কৃটিম বুদ্ধিমত্তা (Artificial Intelligence-AI)” ৰ সহায়ত আগুৱাই নিছিল, কিন্তু অতি চিন্তনীয় বিষয়টো হ’ল যিজন মহান বিজ্ঞানীয়ে নিজৰ জীৱনৰ সহৰভাগ সময় কৃটিম বুদ্ধিমত্তাৰ সৈতে কটালে বা কৃটিম বুদ্ধিমত্তা অবিহনে যিজন ব্যক্তিৰ জীৱনৰ চিন্তা আৰু চেতনা অসাৰ আছিল সেইজন ব্যক্তিয়ে জীৱনৰ অন্তিম সময়ত কৃটিম বুদ্ধিমত্তাৰ প্ৰতি তীব্ৰ সংশয় প্ৰকাশ কৰিছিল আৰু সমগ্ৰ পৃথিৱীবাসীকে পৃথিৱীক জীয়াই ৰখাৰ স্বাৰ্থত কৃটিম বুদ্ধিমত্তাই গঢ় দিয়া ৰ’বটিক পৃথিৱীৰ প্ৰতি সজাগ হবলৈ আহ্বান জনাইছিল। বিষয়টো নিশ্চিতভাৱে চিন্তনীয়। কিন্তু আমি আজিৰ আলোচনাত এই সংশয়ৰ বিষয়ে আলোচনা কৰিব বিচৰা নাই বৰঞ্চ আমি আজি এই আলোচনাত এনে এজন যুৱ বিস্ময়কৰ প্ৰতিভাধৰৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ যি কৃটিম বুদ্ধিমত্তাৰ সংশয়ক প্ৰতিহত কৰি নিজৰ অসাধাৰণ প্ৰতিভাৰে কৃটিম বুদ্ধিমত্তাক সমাজ উত্তৰণৰ স্বাৰ্থত ব্যৱহাৰ কৰি সমগ্ৰ বিশ্বৰেই দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে আৰু সেই বিস্ময়কৰ বালকজন হ’ল তন্ময় বাক্সি। কৃটিম বুদ্ধিমত্তা পৃথিৱীৰ নৱ বিস্ময় তন্ময় বাক্সিৰ বিষয়ে কিছু কথা আমি তলত আলোচনা কৰা প্ৰয়াস কৰিম। এইখিনিতে উল্লেখ কৰা ভাল হব যে আমি আলোচনাৰ আৰম্ভণিতেই এইবাবেই ষ্টিফেন হকিংৰ উদ্ধৃতিৰে কৃটিম বুদ্ধিমত্তাৰ সংশয়ক উপস্থাপন কৰিলোঁ যাতে আজিৰ আলোচনাৰ অন্তত পঢ়ুৱৈ সমাজে কৃটিম বুদ্ধিমত্তাৰ সংশয়ক উপলব্ধি কৰি ইয়াৰ প্ৰকৃত ব্যৱহাৰৰ সম্পৰ্কে এক স্পষ্ট ধাৰণা লাভ কৰিবলৈ সক্ষম হয়।
      আমি আজি আলোচনা কৰিবলৈ লোৱা তন্ময় বাক্সি ২০০৩ চনত ভাৰতত জন্ম গ্ৰহন কৰা এজন ১৫ বছৰীয়া যুৱক। তন্ময়ৰ জন্ম এবছৰৰ পিছতেই তন্ময়ৰ দেউতাক পুনিত বাক্সি ভাৰত এৰি কানাডাৰ নাগৰিকত্ব গ্ৰহন কৰে আৰু সেইসূত্ৰে বতৰ্মান তন্ময় এজন কানাডিয়ান নাগৰিক। তন্ময়ৰ দেউতাক পেছাত এজন কম্পিউটাৰ প্ৰ’গেমাৰ (ব্যৱস্থাপক) আৰু সেইসূত্ৰে স্বাভাৱিকভাৱে শিশু বয়সৰ পৰাই তন্ময়ৰ কম্পিউটাৰ জগতখনৰ লগত এক আন্তৰিক আত্মিক সম্পৰ্ক গঢ়ি উঠিছিল। এই আত্মিক সম্পৰ্কই প্ৰদান কৰা অনুপ্ৰেৰণা বলত নিজস্ব অসাধাৰণ প্ৰতিভাৰ বিকাশ ঘটাই ১৫ বছৰ বয়সতেই বিশ্ববিখ্যাত কম্পিউটাৰ প্ৰতিষ্ঠান আই.বি.এম  (IBM)ৰ পৰামৰ্শদাতা, আন্ত:ৰাষ্ট্ৰীয়  লেখক, কৃটিম বুদ্ধিমত্তাৰ বিভিন্ন আন্ত:ৰাষ্ট্ৰীয় মঞ্চৰ সমল বক্তা আদি সন্মান বুটলিবলৈ তন্ময় বাক্সি সক্ষম হৈছে।
      আমি ওপৰত উল্লেখ কৰিছোঁ যে তন্ময়ৰ দেউতাক  কম্পিউটাৰ প্ৰ’গেমাৰ হোৱা হেতুকে শিশু অৱস্থা পৰাই তন্ময় কম্পিউটাৰৰ প্ৰতি আগ্ৰহ জন্মিছিল আৰু দেউতাকেও তন্ময়ৰ আগ্ৰহ দেখি তেওঁক কম্পিউটাৰ আদিপাঠ দিছিল। তন্ময় বাক্সিয়ে অতি আগ্ৰহেৰে দেউতাকৰ পৰা কম্পিউটাৰ প্ৰগেমিংৰ প্ৰতিটো বিষয়  শিকিছিল আৰু অতি কম সময়তেই  কম্পিউটাৰ প্ৰগেমিং দৰে এটা জটিল  বিষয়ক জীৱনৰ কম বয়সতেই নিজৰ দখললৈ নিবলৈ সক্ষম হৈছিল। আৰু ইয়াতেই তন্ময় অসাধাৰণ মেধাৰ উমান তেওঁৰ অভিভাৱকে লাভ কৰিছিল। প্ৰথম অৱস্থাত কম্পিউটাৰ সাংকেতিক ভাষা জ্ঞান (coding) আয়ত্ব কৰি তন্ময়ে নিজৰ নামটো কম্পিউটাৰ স্ক্ৰিনত প্ৰতিফলিত কৰাবলৈ চেষ্টা কৰিছিল আৰু এই ক্ষেত্ৰত তন্ময় সফল হৈছিল। ইয়াৰ পিছত তন্ময়ে প্ৰযুক্তিৰ পৃথিৱীত পিছলৈ ঘূৰি চাব লগীয়া হোৱা নাই। জীৱনৰ সাত বছৰ বয়সত তন্ময়ে নিজস্ব Youtube Channel মুকলি কৰি ইয়াৰ জৰিয়তে কম্পিউটাৰ প্ৰগেমিংৰ বিষয়ে আলোচনা কৰা মঞ্চ তৈয়াৰ কৰিছিল য’ত কম্পিউটাৰ প্ৰগেমিংৰ বিস্তৃত আলোচনাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিশেষজ্ঞসকলে অংশগ্ৰহন কৰিছিল। এই আলোচনাসমূহৰ পৰা তন্ময়ে এটা কথা উপলব্ধি কৰিছিল যে তেওঁ তেতিয়ালৈকে আয়ত্ব কৰা কম্পিউটাৰ প্ৰগেমিং বা কৃটিম বুদ্ধিমত্তাৰ জ্ঞান বিশ্ব প্ৰযুক্তি বিকাশৰ প্ৰতিযোগিতাত তেনেই সীমিত, এই দ্ৰুত প্ৰযুক্তিৰ প্ৰতিযোগিতাত তিকি থাকিবলৈ হ’লে তেওঁ কৃটিম বুদ্ধিমত্তাৰ আৰু অধিক জ্ঞানৰ প্ৰয়োজন হব। আৰু এনে উপলব্ধিৰে তন্ময়ে কৃটিম বুদ্ধিমত্তাৰ বিষয়ে প্ৰচুৰ অধ্যয়ন আৰম্ভ কৰিছিল। প্ৰচুৰ অধ্যয়ন, কঠোৰ সাধনা ফলতেই এই বিস্ময় বালকে জীৱনৰ নৱম বছৰত কৃটিম বুদ্ধিমত্তাৰে প্ৰস্তুত বা বিকাশ কৰিবলৈ সক্ষম হৈছিল জীৱনৰ প্ৰথমটো কম্পিউটাৰ প্ৰগেমিং ব্যৱস্থা যাৰ নাম আছিল “tTables”, ই আছিল পূৰণ কৰা এক কৃটিম বুদ্ধিমত্তা আৰু এই কৃটিম বুদ্ধিমত্তাৰ ব্যৱস্থাক বিশ্ববিখ্যাত প্ৰযুক্তি প্ৰতিষ্ঠান Apple এ ক্ৰয় কৰিছিল। এইয়া আছিল বিস্ময় বালকৰ প্ৰথমটো পেছাগত সফলতা।
      অসাধাৰণ প্ৰতিভাৰে প্ৰযুক্তি বিশ্বত নিজৰ চিনাকি দাঙি ধৰিবলৈ সক্ষম হোৱা তন্ময় বাক্সিৰ ওপৰত তেওঁৰ জীৱনৰ এঘাৰৰ বছৰত বিশ্ববিখ্যাত কম্পিউটাৰ প্ৰযুক্তি প্ৰতিষ্ঠান আই.বি.এম(IBM)ৰ চকু পৰিছিল। IBM য়ে তন্ময়ক কৃটিম বুদ্ধিমত্তাৰ বিভিন্ন আলোচনাচক্ৰ সমূহত সমল ব্যক্তি বা সমল বক্তা হিচাপে নিমন্ত্ৰণ কৰিছিল আৰু এই সুযোগতেই তন্ময়ে বিখ্যাত প্ৰযুক্তি গুৰু ৰ’ব হাইক তেওঁ গুৰু হিচাপে লাভ কৰিছিল। পিছলৈ দুয়োজনে কৃটিম বুদ্ধিমত্তাৰ লগত জড়িত বহু উচ্চস্তৰীয় চিন্তা আন্ত:ৰাষ্ট্ৰীয় আলোচনা মঞ্চ আৰু  বিভিন্ন গৱেষণা পত্ৰৰ যোগেদি বিশ্বৰ আগত দাঙি ধৰিছে। বতৰ্মান সময়ত তন্ময় বাক্সি IBMৰ এজন বিশেষ পৰামৰ্শদাতাৰূপে কৰ্মৰত।
      আমি আলোচনাৰ আৰম্ভণিতেই কৃটিম বুদ্ধিমত্তাৰ সংশয়ৰ এক আভাস দিছিলোঁ আৰু আমি এটা কথা উল্লেখও কৰিছিলোঁ যে এই সংশয় আজি আমাৰ আলোচনাৰ বিষয় নহয়। এতিয়া আমি তন্ময়ে কিদৰে কৃটিম বুদ্ধিমত্তাক সংশয়ৰ বিপৰীতে আনন্দৰ সমলৰূপে গঢ়ি তুলিছে সেই বিষয়ে সংক্ষেপে আলোচনা কৰিব বিচাৰিছোঁ।
      চিকিৎসা বিজ্ঞানত Rett Syndrome এটা চিনাকী নাম, ই হ’ল এক বিৰল স্নায়বিক বেমাৰৰ লক্ষণ, এই বেমাৰত আক্ৰান্ত ব্যক্তিয়ে নিজৰ বাক-শক্তি হেৰুৱাই পেলাই। তন্ময় বাক্সয়ে এই ৰোগীসকলৰ বাবে কৃটিম বুদ্ধিমত্তাৰ সহায়ত কথা পাতিব পৰা বা মনৰ ভাৱ প্ৰকাশ কৰিব পৰা এক প্ৰযুক্তি উদ্ভাৱণৰ প্ৰকল্প হাতত লৈছে। সঁচাকৈয়ে ই আনন্দৰ বিষয় নহয় নে? এজন ১৫ বছৰীয়া যুৱকে নিজৰ অসাধাৰণ প্ৰতিভাক সমাজমুখী কৰা এই প্ৰয়াস বাবে এক অনুকৰণীয় আদৰ্শ। ইয়াৰ সমান্তৰালভাৱে তন্ময়ে সাম্প্ৰতিক সময়ৰ যুৱ চামৰ এক সাংঘাটিক মানসিক সমস্যা ‘নিৰাশা’ক কেনেদৰে কৃটিম বুদ্ধিমত্তাৰ সহায়ত প্ৰাথমিক স্তৰতেই ধৰা পেলাব পাৰি সেই বিষয়েও প্ৰকল্প গ্ৰহন  কৰিছে আৰু ইয়াৰ লগতে কৃটিম বুদ্ধিমত্তাৰ সহায়ত কেনেদৰে যুৱপ্ৰজন্মক আত্মহত্যা প্ৰৱণতাৰ পৰা প্ৰতিহত কৰিব পাৰি সেই বিষয়তো তন্ময়ে এক বিস্তৃত প্ৰকল্প গ্ৰহন কৰিছে। প্ৰকৃততে তন্ময় বাক্সিয়ে কৃটিম বুদ্ধিমত্তাক পৃথিৱীৰ সমস্যা সমাধানত কেনেদৰে ব্যৱহাৰ কৰিব পাৰি তাৰ জটিল সাধনাত ব্যস্ত হৈ পৰিছে, যিটো আমাৰ বাবে সংশয়ৰ বিপৰীতে আনন্দৰ সমল।
আমি উপৰোক্ত আলোচনাত উল্লেখ কৰিছোঁ যে জীৱনৰ সাত বছৰ বয়সতেই Youtube Channel মুকলি কৰিছিল তন্ময়ে  আৰু আজি সেই Youtube Channel ত তন্ময়ক অনুকৰণ ব্যক্তিৰ সংখ্যা ২ লাখৰো অধিক। তন্ময়ৰ এক বিশেষ সাক্ষাৎকাৰ ভিত্তিক ভিডিঅ’ ছ’চিয়েল মিডিয়াত খুবেই জনপ্ৰিয়। এই ভিডিঅ’ত তন্ময়ৰ মুখত উজ্ব্লিত প্ৰজ্ঞাৰ আত্মবিশ্বাস আৰু মাৰ্জিত আচৰণৰ সৰলতাক অনুভৱ কৰাটো আমাৰ যুৱ প্ৰজন্মৰ বাবে অতিকৈ প্ৰয়োজন। এইখিনিতে উল্লেখ কৰা ভাল হব যে নিজৰ চিন্তাক কেৱল মাত্ৰ নিজৰ মাজতেই সীমাবদ্ধ নাৰাখি তাক এক চৰ্চালৈ ৰূপান্তৰ কৰা তন্ময়ৰ যি প্ৰয়াস তাক সন্মান জনাই ২০১৭ বৰ্ষত তন্ময় বাক্সিক  ডুবাইত অনুষ্ঠিত Knowledge Summit ত Knowledge Ambassador Award প্ৰদান কৰা হয়। 
অসাধাৰণ প্ৰতিভাৰ স্বাক্ষৰ তন্ময় বাক্সি বিষয়ে আলোচনা এটা দিনতেই বা ইমান কম শব্দৰ ভিতৰত সামৰিব নোৱাৰি, আজিৰ আমাৰ এই আলোচনাটো তন্ময়ৰ প্ৰতিভাৰ বহু বিষয় বাদ পৰি নাই যোৱা বুলি আমি কব নোৱাৰোঁ তথাপিও আমি এটা কথাত বিশ্বাসী যে আজি এই আলোচনাই তন্ময় বাক্সিৰ বিষয়ে আৰু অধিক জানিবলৈ যুৱ প্ৰজন্ম আগ্ৰহী কৰি তুলিব।
 সদৌ শেষত বিস্ময় বালক তন্ময়ৰ জীৱন সাধনাৰ বিশেষ তিনিটা গুণৰ প্ৰতি আমাৰ যুৱ প্ৰজন্ম অনুৰক্ত হোৱাটো জৰুৰী বুলি জ্ঞান কৰি সেই গুণ কেইটা উল্লেখেৰে আমাৰ আজিৰ আলোচনা সামৰিলোঁ,
১। নিজস্ব অনুৰাগ চিনাক্ত
২। অনুৰাগক আন্তৰিকতাৰে গ্ৰহন
৩। আন্তৰিকতাক মজবুত কৰিবলৈ প্ৰচুৰ অধ্যয়ন
(নিয়মীয়া বাৰ্তাৰ দেওবৰীয়া সুকন্যা, ০১ ছেপ্তেম্বৰ ২০১৯ ত প্ৰকাশিত)
************************************************************

Comments

Popular posts from this blog

“আহোমৰ ঐতিহাসিক সমাজ ব্যৱস্থাৰ মূলত: কৃষিগত চিন্তাৰ আৰু জলব্যৱস্থাৰ বৈজ্ঞানিক বিশ্লেষণ”

ভূ তত্ত্ব শিক্ষাৰ গুৰুত্ব, শৈক্ষিক পৰিক্ৰমা আৰু সংস্থাপনৰ সুবিধা (নিয়মীয়া বাৰ্তাৰ সাপ্তাহিক শিক্ষামূলক বিশেষ পৃষ্ঠা 'শিক্ষা বাৰ্তা')

অৰ্থনৈতিক উন্নয়ন বনাম সাংস্কৃতিক প্ৰদূষণ : বিহুৰ পৰা পূজালৈ এক অৱলোকন