প্ৰতিবাদৰ শেষ ভাষা বন্ধ কিয়? (নিয়মীয়া বাৰ্তা ১৬ জুলাই, ২০১৬)

প্ৰতিবাদৰ শেষ ভাষা বন্ধ কিয়? অসমত এতিয়া সৰ্বপ্ৰান্তত প্ৰতিবাদৰ জোৱাৰ উঠিছে, ভৱা হৈছে প্ৰতিবাদে অধিকাৰ সাব্যস্তৰ শেষ অস্ত্ৰ। তেনে প্ৰেক্ষাপটত আমি বিশ্বাস কৰো, প্ৰতিটো প্ৰতিবাদ আগুৱাই নিবলৈ বা প্ৰতিটো প্ৰতিবাদৰ সফল সমাপ্তিৰ বাবে প্ৰতিবাদৰ উৎস (origin)ৰ ওপৰত বিস্তৃত সময়োপযোগী , যুক্তিনিষ্ঠ আৰু বিজ্ঞানসন্মত চিন্তাৰ অতিকৈ প্ৰয়োজন আছে। অসমৰ দৰে এখন অৰ্থনৈতিক ভাৱে জুৰুলা ৰাজ্যত বন্ধই কেনে প্ৰভাৱ পেলাই সি সৰ্বজনবিদীত, তথাপিও আজিও বন্ধ আমাৰ প্ৰিয়। প্ৰতিবাদৰ প্ৰতি সহাঁৰি জনাই বন্ধ উদযাপন কৰা ৰাইজে কিন্তু প্ৰতিবাদৰ শেষ সমাপ্তিৰ প্ৰতিও চকু ৰখাটো খুবেই প্ৰয়োজন। এদিনৰ বাবে অসম বন্ধ বা অসমৰ কোনো এখন জিলাৰ বন্ধই ৰাজ্য খনৰ অৰ্থনৈতিক ব্যৱস্থাত কেনে প্ৰ্ভাৱ পেলাই তাৰ খতিয়ান বহু সময়ত বহুজনে দি থৈছে, গতিকে ইয়াক নতুনকৈ উল্লেখ কৰা প্ৰয়োজনবোধ আজি আমি আকৌ কৰা নাই। কিন্তু আজিৰ চিন্তাৰ বিষয় হ’ল বন্ধই আটাইতকৈ বেছি ক্ষতি কাক কৰে আৰু যাৰ স্বাৰ্থত আমি এই বন্ধবোৰ উদযাপন কৰো তেওঁলোক এই বিষয়লৈ সজাগ নে? আমাৰ দৃষ্টিত বন্ধই আটাইতকৈ বেছি ক্ষতি কৰে সমাজৰ খাটি খোৱা, ৰিক্সাচালক, ঠেলাচালক আৰু দিন হাজিৰা কৰা সাধাৰণ শ্ৰ্মিক শ্ৰেণীটোক। এইসকল সাধাৰণ শ্ৰ্মিকৰ এদিনৰ আয়ৰ গুৰুত্ব কিমান সেইয়া হয়তু বুজিবলৈ, এদিনৰ বাবে তেওঁলোকৰ জীৱনযাপন নকৰিলেও তেওঁলোকৰ মানসিকতাৰে বন্ধ প্ৰিয়সকলে জীৱনটোক উপলব্ধি কৰাৰ প্ৰয়োজন আছে। আজি তাৰিখত আমি বুজি উঠা উৎচিত প্ৰতিবাদৰ নামত বন্ধ দি আমি সমাজৰ আটাইতকৈ নি:কীন দুখীয়া শ্ৰেণীটোৰ ওচৰত অৰ্থনৈতিকভাৱে আৰু মানসিকভাৱে ধাৰুৱা হৈ আছোঁ। গতিকে যদিহে বন্ধই প্ৰতিবাদৰ সফল সমাপ্তি আনিব নোৱাৰে, যদিহে বন্ধই আমাৰ ন্যায্য প্ৰাপ্তি আনিব নোৱাৰে, তেন্তে কিন্তু প্ৰতিবাদকাৰী সকলক সময়ে সমাজৰ দুখীয়া শ্ৰেণীটোৰ আগত জবাবদিহী হবলৈ বাধ্য কৰিব।আৰু ইয়াৰ বাবে তেওঁলোক এতিয়াই পৰা সাজু হোৱা প্ৰয়োজন আছে। আমিও এটা কথাত একমত জাতিৰ স্বাৰ্থত, ৰাজ্যৰ স্বাৰ্থত কিছু কিছু বিষয়ত প্ৰতিবাদৰ প্ৰয়োজন আছে বা থাকিবই। কিন্তু ৰাজ্যৰ জনজীৱন ব্যাহত কৰি, ৰাজ্যৰ অৰ্থনৈতিক ব্যৱস্থাক ক্ষতি কৰি, ৰাজ্যৰ সাধাৰণ শ্ৰ্মিক শ্ৰেণীটোৰ মুখৰ ভাত কাঢ়ি কৰা প্ৰ্তিবাদে সময়ত কিমান গণ সমৰ্থন লাভ কৰিব, এই কথা ভবাও অৱকাশ নিশ্চয়কৈ আছে। গতিকে আমি অসমৰ প্ৰতিটো সংগঠনক অনুৰোধ কৰোঁ বন্ধই প্ৰতিবাদৰ শেষ ভাষা নহওঁক, প্ৰতিটো প্ৰতিবাদক যুক্তিনিষ্ঠ বৈজ্ঞানিক চিন্তাধাৰাৰে আগুৱাই নিবলৈ তেওঁলোক যত্নপৰ হওঁক। ******

Comments

Popular posts from this blog

“আহোমৰ ঐতিহাসিক সমাজ ব্যৱস্থাৰ মূলত: কৃষিগত চিন্তাৰ আৰু জলব্যৱস্থাৰ বৈজ্ঞানিক বিশ্লেষণ”

ভূ তত্ত্ব শিক্ষাৰ গুৰুত্ব, শৈক্ষিক পৰিক্ৰমা আৰু সংস্থাপনৰ সুবিধা (নিয়মীয়া বাৰ্তাৰ সাপ্তাহিক শিক্ষামূলক বিশেষ পৃষ্ঠা 'শিক্ষা বাৰ্তা')

অৰ্থনৈতিক উন্নয়ন বনাম সাংস্কৃতিক প্ৰদূষণ : বিহুৰ পৰা পূজালৈ এক অৱলোকন