গুৱাহাটীৰ নগৰীয় বান সমস্যা আৰু আমাৰ চিন্তা



সাম্প্ৰতিক সময়ৰ অসমৰ আটাইতকৈ চৰ্চিত আৰু ভয়াবহ বিষয়টোৱে হৈছে উত্তৰমুখৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটীৰ মহানগৰীৰ "মহানগৰীয় বান সমস্যা" (urban flood problem)।
এই বিষয়টোক বহু চিন্তাবিদে কৃটিম বান বুলি অভিহিত কৰে যদিও এই গঞাই এই সমস্যাটোক কিন্তু মহানগৰীয় বান সমস্যা বুলি অভিহিত কৰিব বিচাৰে। আৰু ইয়াৰ অন্তৰালতে আচলতে সমস্যাৰ সমাধানৰ সূত্ৰও জড়িত হৈ আছে বুলি আমি অনুভৱ কৰোঁ। কৃটিম শব্দটোৱে একপ্ৰকাৰৰ সমাধানহীন অৱস্থাকহে স্বীকৃত কৰা যেন আমাৰ অনুভৱ হয়।
কোনো এখন ঠাই যেতিয়া মহানগৰীলৈ ৰূপান্তৰ হয় তেতিয়া সেই ঠাই ডুখৰৰ জলব্যৱস্থাত দুই ধৰণৰ পৰিৱৰ্তন দেখা যায়,

ক। জলনাটনি

খ। বানসমস্যা

আমি যদি দুয়োটা বিষয়ৰ কাৰণসমূহ বিশ্লেষণ কৰা প্ৰয়াস কৰোঁ তেন্তে দেখিম যে এই কাৰকসমূহৰ ইটো ওপৰত সিটোৰ প্ৰভাৱ অপৰিসীমিত। তলত কিছু সংক্ষেপে আলোচনা কৰা প্ৰয়াস কৰিলোঁ,
ক। জলনাটনি: এই ক্ষেত্ৰত তিনিটা মূল কাৰণ বাচি উলিয়াব পাৰি,

১. জনসংখ্যা বৃদ্ধি

২. উদ্যোগীকৰণ ফলত পানীৰ চাহিদা বৃদ্ধি

৩. আৰু আটাইতকৈ গুৰুত্বপূৰ্ণটো হ'ল ভূপৃষ্টৰ পানীৰ প্ৰাকৃতিক সজীৱকৰণ প্ৰক্ৰিয়াক পকীকৰণ বা কংক্ৰিটকৰণৰ দ্বাৰা বাধা প্ৰদান আৰু সজীৱকৰণৰ স্থলীসমূহৰ ধ্বংস প্ৰক্ৰিয়াৰ আৰম্ভ।

খ। বানসমস্যা: এইক্ষেত্ৰও মূলত তিনিটা কাৰণ বাচি উলিয়াব পাৰি

১. প্ৰাকৃতিক জলব্যৱস্থাত জল সঞ্চয়ৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহন কৰা স্থলসমূহৰ সংখ্যা হ্ৰাসকৰণ ব্যৱস্থা (নগৰীকৰণ প্ৰক্ৰিয়াত জলাশয়ৰ অপমৃত্যু)।

২. প্ৰাকৃতিক জলব্যৱস্থাক পকীকৰণৰ দ্বাৰা ভূপৃষ্টতে আৱদ্ধ।

৩. নগৰীকৰণৰ তাগিদাত পাহাৰসমূহৰ প্ৰাকৃতিক ভাৰসাম্যতা নষ্ট কৰি বাৰিষা বৰষুণত পাহাৰৰ বোকাপানীক পাহাৰ নিন্মঅংশলৈ অৰ্থাৎ চহৰলৈ বৈ অহাত সহায় কৰা যাৰ দ্বাৰা চহৰৰ নলা নদৰ্মাবোৰ বাৰিষাৰ এজাক বৰষুণতে বাম হৈ পৰা পৰিলক্ষিত হয়।

এতিয়া দুই সমস্যাৰ কাৰণসমূহ সূক্ষ্মভাৱে বিশ্লেষণ কৰিলেই এই জটিল(?) সমস্যা সমধান কৰাত কিছু সফল হব পৰা য‍াব বুলি আমি ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ আৰু এইক্ষেত্ৰত আমি কিছু বৈজ্ঞানিক চিন্তাৰে বান সমস্যাক মূল বিষয় নকৰি জলনাটনি বিষয়টোক মূল বিষয় হিচাপে লৈ আগবাঢ়িলে অধিক সুফল পাব বুলি আশা কৰোঁ। এনে বৈজ্ঞানিক চিন্তাত তলৰ বিষয় কেইটাই বিশেষ গুৰুত্ব পোৱাটো আশা কৰিব পাৰি

ক। জলবায়ু পৰিৱৰ্তনৰ আধুনিক নিৰীক্ষণ ব্যৱস্থা।

খ। বৰষুণৰ পানীৰ সদব্যৱহাৰ বাধ্যতমূলক কৰা।

গ। পানীৰ অপচয় ৰোধত আন্ত:ৰাষ্ট্ৰীয় মানৰ চিন্তাচৰ্চা কৰা।

ঘ। ভূপৃষ্টৰ পানীভাণ্ডাৰক (acquifer) কৃটিম জলসজীৱকৰণ প্ৰক্ৰিয়া (artificial groundwater recharge) দ্বাৰা সজীৱ কৰা প্ৰক্ৰিয়া।

সদৌশেষত সমস্যা সমাধানৰ বাবে প্ৰয়োজনীয় মানসিক আন্ত: গাঁঠনিৰ তিনিটা কাৰণ তলত উল্লেখ কৰি এই গঞাজনৰ চিন্তা সামৰিব বিচাৰিলোঁ,

ক. প্ৰস্তুতি
খ. সচেতনতা
গ. সহযোগিতা

Comments

Popular posts from this blog

“আহোমৰ ঐতিহাসিক সমাজ ব্যৱস্থাৰ মূলত: কৃষিগত চিন্তাৰ আৰু জলব্যৱস্থাৰ বৈজ্ঞানিক বিশ্লেষণ”

ভূ তত্ত্ব শিক্ষাৰ গুৰুত্ব, শৈক্ষিক পৰিক্ৰমা আৰু সংস্থাপনৰ সুবিধা (নিয়মীয়া বাৰ্তাৰ সাপ্তাহিক শিক্ষামূলক বিশেষ পৃষ্ঠা 'শিক্ষা বাৰ্তা')

বিৰ্তকত “বিহু”, সাংস্কৃতিক প্ৰদূষণ আৰু ৰেহেনা খিচগিৰ চিন্তা