বুক ডিপো: এক বৌদ্ধিক যাত্ৰা



বুক ডিপো: এক বৌদ্ধিক যাত্ৰা
(বিজয় কৃষ্ণ চেতিয়াৰ সৈতে নিয়মীয়া বাৰ্তাৰ উপ সম্পাদক প্ৰদীপ গগৈৰ   সাক্ষাৎকাৰভিত্তিক মত বিনিময়)





প্ৰ:গ : সন্মিলিত প্ৰয়াসৰ বিষয়ে চমুকৈ জনাব নেকি?

বি:কৃ:চে:  “সন্মিলিত প্ৰয়াস” হৈছে ১৫টি সৰল সেউজ মনৰ এক গোট। ২০১৮ চনৰ মে’ মাহত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষনাৰ পিছত আৰ্থিকভাৱে দুৰ্বল মেধাবী ছাত্ৰ-ছাত্ৰীক Facebook  ৰ সহায়ত Social Crowding যোগেদি আৰ্থিক সহায় আগবঢ়োৱা অৰ্থে এক সন্মিলিত প্ৰয়াস কৰা হৈছিল আৰু সেই উত্তৰণমুখী চিন্তাৰ পৰাই “সন্মিলিত প্ৰয়াস”ৰ জন্ম হয়। সন্মিলিত প্ৰয়াসৰ জন্ম সেউজ চিন্তাৰ বাবে সেউজ চিন্তাৰে হৈছে। এইখিনিতেই উনুকিয়াই থোৱা ভাল হব যে সেউজ চিন্তা বোলোতে আমি সুস্থিৰ উত্তৰণমুখী প্ৰগতিশীল চিন্তাকে বুজাব বিচাৰিছোঁ। আৰু সেইবাবেই সন্মিলিত প্ৰয়াসৰ মূল মন্ত্ৰ হৈছে “ সেউজ আমাৰ সপোন”। আজি আপোনালোকৰ লগত হোৱা এই মত বিনিময় সন্মিলিত প্ৰয়াসৰ এজন সদস্য হিচাপে মই আগবঢ়াইছোঁ।

প্ৰ:গ : ডিপো ধাৰণাটো কেনেদৰে মনলৈ আহিল? বুক ডিপোনো কি অলপ জনাওক ।

বি:কৃ:চে: বুক ডিপোৰ ধাৰণাটো সাম্প্ৰতিক সময়ৰ সামাজিক শৈক্ষিক ব্যৱস্থাৰ সৰল উত্তৰণমুখী চিন্তা পৰাই সৃষ্টি হোৱা বুলি কব পাৰি। আমি বহু সময়ত অনুভৱ কৰোঁ যে আমি ছাত্ৰ জীৱনৰ বিভিন্ন সময়ত বিভিন্ন পাঠ্যক্ৰম সামৰা পিছত পাঠ্যক্ৰমৰ পুথি সমূহ ঘৰত অব্যৱহৃতৰূপত এনেই পেলাই থওঁ, অথচ এই পুথি সমূহৰ অভাৱৰ বাবেই সমাজৰ বহুজন ছাত্ৰৰ শৈক্ষিক জীৱন সৰল গতিৰে গতিমান হোৱা নাই। বহুজন ছাত্ৰই এটা বিষয়ত যে বহুখন প্ৰসংগ পুথি বা সহায়ক পুথি থাকে তেনে ধাৰণা অবিহনেই মাত্ৰ এখন পুথি সহায়তেই ছাত্ৰ জীৱন সামৰিছে, যাৰ বাবে ছাত্ৰই শিক্ষাৰ বহল পৃথিৱীখনৰ লগত চিনাকী হোৱাৰ সুযোগৰ পৰা বঞ্চিত হৈ আহিছে। সহজ কথাত আমি অব্যৱহৃতৰূপত ঘৰত পেলাই থোৱা কিতাপ সমূহে আমি ভাৱিব নোৱাৰাকৈয়ে আমাৰ সামাজিক শৈক্ষিক ব্যৱস্থাক এক জড়তা প্ৰদান কৰিছে, যিটো সমাজৰ উত্তৰণমুখী চিন্তাৰ পৰিপন্থী। আৰু এই সমাজ পৰিপন্থী চিন্তাৰ বিপৰীতে এক গতিশীল চিন্তা আৰম্ভ কৰা মানসেৰে আমি পৰিকল্পিতভাৱে বুক ডিপো ধাৰণাটোক অসমৰ প্ৰতিটো অঞ্চলত জনপ্ৰিয় কৰা প্ৰয়াস কৰিছোঁ। 
সহজ অৰ্থত বুক ডিপো এক সামূহিক গ্ৰন্থ শৃংখল বা গ্ৰন্থ যাত্ৰা। ওপৰত উল্লেখ কৰা বিভিন্ন জনৰ ওচৰত অব্যৱহৃত ৰূপত থকা কিতাপ সমূহ আমি সংগ্ৰহ কৰি এক ডিপো গঠন কৰি তাৰ যোগেদি আমি ছাত্ৰ-ছাত্ৰীক নিদিষ্ট সময়ৰ বাবে কিতাপ সমূহ যোগান ধৰা ব্যৱস্থা কৰিছোঁ। আমি বুক ডিপোটো গতিশীল কৰি ৰাখিবলৈ তিনিটা চিন্তাত বিশেষ গুৰুত্ব দিছোঁ,
প্ৰথম, কৃতজ্ঞতা: বুক ডিপোলৈ যিসকল সমাজ হিতৈষীয়ে কিতাপ সমূহ উপহাৰ দিছে তেওঁলোকৰ নামতেই আমি কিতাপ সমূহ ছাত্ৰ-ছাত্ৰীক যোগান ধৰিছোঁ। ইয়াৰ ওপৰিও আমি প্ৰতিজন হিতৈষীকে বুক ডিপোৰ তৰফৰ পৰা একোখন কৃতজ্ঞতা-পত্ৰ প্ৰদান কৰাৰো ব্যৱস্থা কৰিছোঁ। এই কৃতজ্ঞতা জ্ঞাপনৰ ব্যৱস্থাৰে আমি প্ৰতিজন ব্যক্তিকে সমাজৰ  যোগাত্মক চিন্তা প্ৰতি আকৰ্ষিত কৰি আমাৰ বুক ডিপোৰ লগত প্ৰত্যক্ষভাৱে জড়িত কৰা প্ৰয়াস কৰিছোঁ।
দ্বিতীয়তে, অংশগ্ৰহন: আমাৰ এই গ্ৰন্থ যাত্ৰাত ছাত্ৰ-ছাত্ৰী অংশগ্ৰহন সুনিশ্চিত কৰিবলৈ আমি গ্ৰন্থ আলোচনা অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ আৰু লগতে প্ৰতিখন বিদ্যালয়ৰ লগত শৈক্ষিক যোগসূত্ৰ স্থাপন কৰা প্ৰয়াস কৰিছোঁ।
তৃতীয়, দায়বদ্ধতা: আমি বুক ডিপোত জড়িত হোৱা প্ৰতিজন ছাত্ৰক দুইধৰণে শৈক্ষিকভাৱে সমাজৰ প্ৰতি দায়বদ্ধ কৰা প্ৰয়াস কৰিছোঁ,
ক। প্ৰতিজন ছাত্ৰই দ্বিতীয় বাৰলৈ বুক ডিপোলৈ আহোতে লগত এজন বন্ধু লৈ অহাটো বাধ্যতামূলক।
খ। দ্বিতীয়তে বুক ডিপোৰ লগত জড়িত হোৱা প্ৰতিজন ছাত্ৰই নিজৰ নিদিষ্ট শৈক্ষিক পৰিক্ৰমা অন্ত কৰা পিছত পাঠ্যক্ৰমৰ পুথি সমূহ ঘৰত অব্যৱহৃত ৰূপত ৰাখিব নোৱাৰিব আৰু পৰাপক্ষত  বুক ডিপোক স্বেচ্ছাই উপহাৰ দিব লাগিব।


প্ৰ:গ: বুক ডিপোৰ জৰিয়তে কিমান শিক্ষাৰ্থী উপকৃত হৈছে ? ডিমৌতে বুক ডিপো থাকিব নে অন্য ঠাইতো এই বিষয়ে চিন্তা চৰ্চা কৰা হৈছে ।

বি:কৃ:চে:  অসমৰ বিভিন্ন প্ৰান্তৰ চল্লিশৰো অধিক শুভাকাঙ্খীৰ সহায়ত বতৰ্মান সময়ত বুক ডিপোত ৫০০ৰো অধিক কিতাপ সংগ্ৰহ হৈছে। আৰু সংগ্ৰহিত কিতাপ সমূহ প্ৰতিমাহে ২০ৰ পৰা ৩০ জন ছাত্ৰই নিয়মিতভাৱে সংগ্ৰহ কৰি আহিছে। আৰম্ভ কৰা ছমাহতে লাভ কৰা এই সহযোগিতাই আমাৰ প্ৰতিজন সদস্যকে উৎসাহিত কৰিছে।
হয়, বুক ডিপোৰ যি ধাৰণা তাক আমি ডিমৌতে আবদ্ধ কৰি ৰাখিব বিচৰা নাই। ইতিমধ্যেই আমি ওদালগুৰি ঝাৰগাওঁত স্থানীয় শিক্ষক ও সমাজ সচেতক সুৰেন্দ্ৰমোহন ৰাভা সহযোগত এটা বুক ডিপো আৰম্ভ কৰিছোঁ আৰু অনাগত দিনত আমাৰৰ বহুকেইজন শুভাকাঙ্খীৰ সহযোগত নাহৰকটীয়াৰ চাঁচনীত, ডিব্ৰুগড়ত, যোৰহাটত আৰু সোণাৰীত একোটাকৈ বুক ডিপো খোলাৰ প্ৰস্তুতি আৰম্ভ কৰিছোঁ।

প্ৰ:গ: শিক্ষাৰ্থীসকল উপকৃত হোৱাকৈ সন্মিলিত প্ৰয়াসৰ উদ্যোগত বিভিন্নধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰিছে ,সেই সম্পৰ্কে অলপ জনাব নেকি ?

বি:কে:চি: শিক্ষাৰ্থীসকলৰ উপকাৰ হোৱাকৈ সন্মিলিত প্ৰয়াসে বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী নিজস্ব মানসিক, দৈহিক আৰু অৰ্থনৈতিক ক্ষমতাৰে গ্ৰহন কৰি সফলভাৱে ৰূপায়নো কৰিছে। সন্মিলিত প্ৰয়াসে এতিয়ালৈকে গ্ৰহন কৰা কাৰ্যসূচী সমূহ তলত উল্লেখ কৰিলোঁ,

মে’-জুন ২০১৮ : Facebook ৰ সহায়ত Social Crowding জৰিয়তে প্ৰায় ৬৭ হাজাৰ অৰ্থ সংগ্ৰহ কৰি ৩৭জন আৰ্থিকভাৱে দুৰ্বল মেধাবী ছাত্ৰ-ছাত্ৰীক সহায় কৰা হয়।

১১-২০ জুলাই,২০১৮: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ সহযোগত নিতাইপুখুৰীৰ হেমচন্দ্ৰ দেৱ গোস্বামী মহাবিদ্যালয়ত ১০ দিনীয়া গ্ৰীষ্মকালীন গণিত শিবিৰ অনুষ্ঠিত কৰা হয়। এই শিবিৰত তিনিশ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহন কৰে।

৩০ চেপ্তেম্বৰ,২০১৮: আন্ত:ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন গৱেষক, উদ্ভাৱক পদ্মশ্ৰী উদ্ভৱ ভৰালী দ্বাৰা ডিমৌ বুক ডিপোৰ শুভ উদ্বোধন কৰা হয় আৰু লগতে সন্মিলিত প্ৰয়াসৰ বছেৰেকীয়া বক্তৃতা অনুষ্ঠান “আমাৰ অতিথি”ৰো শুভাৰম্ভ কৰা হয়।

৩১ অক্টোৱৰ,২০১৮: গ্ৰীষ্মকালীন গণিত শিবিৰৰ প্ৰায় ২৭ জন নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ সহযোগত ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ শৈক্ষিক ভ্ৰমণত নিয়া হয়। এই শৈক্ষিক ভ্ৰমণ বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰৰ ওপৰিও প্ৰতিটো বিভাগৰ লগত ছাত্ৰ-ছাত্ৰীক চিনাকী কৰোওৱা হয়। উল্লেখযোগ্য বিষয় যে এই  ভ্ৰমণকালত বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য ৰঞ্জিত কুমাৰ তামুলী দেৱৰ লগতো ছাত্ৰ-ছাত্ৰী সকলে মত বিনি কৰা পৰম সৌভাগ্য লাভ কৰে।

২৭ জানুৱাৰী, ২০১৯: ডিমৌত পোনপ্ৰথম বাৰৰ বাবে “গ্ৰন্থ আলোচনা” অনুষ্ঠান আয়োজন কৰা হয়।

২২ -২৯ মাৰ্চ, ২০১৯: Living Space ৰ সহযোগত “ ইতিবাচক আৰু প্ৰায়োগিক শিক্ষা বিষয়ক” এক কৰ্মশালা আয়োজন কৰা হয়।

প্ৰ:গ: আপুনি যিহেতু শিক্ষাৰ্থীসকলৰ উত্তৰণৰ দিশত বিশেষভাবে গুৰুত্ব দিছে ,সেয়ে সুধিছো আপুনি শিক্ষাৰ্থীসকলৰ বাবে আৰু কি কি পদক্ষেপ গ্ৰহণ কৰিছে (যদিও মই ব্যক্তিগত ভাবে জানোঁ)? আৰু এই যাত্ৰাত সাহস দিয়া সকলৰ বিষয়েও জনাব

বি:কে:চি: আমি ছাত্ৰ উত্তৰণৰ বাবে ওপৰত উল্লেখ কৰা কৰ্মসূচীকে নিয়মীয়াকৈ আৰু নিয়াৰীকৈ ৰূপায়ন কৰা পৰিকল্পনা কৰিছোঁ। ইয়াৰ উপৰি বুক ডিপোৰ বাবে গ্ৰন্থ সংগ্ৰহত সহায়ক হোৱাকৈ পৰীক্ষামূলকভাৱে এটা Book Dropping Station আৰম্ভ কৰা লগতে এক ভ্ৰাম্যমাণ বুক ডিপো আৰম্ভ কৰাৰো পৰিকল্পনা কৰা হৈছে। অনাগত দিনত হাতৰ আখৰ আৰু সাধু কথাৰ ওপৰত একোখনকৈ কৰ্মশালাৰ আয়োজনৰো মানসিক প্ৰস্তুতি আৰম্ভ কৰা হৈছে।
আমাৰ এই উত্তৰণমুখী যাত্ৰাত সহায় কৰা বুলি কওঁতে পোনপ্ৰথমে সন্মিলিত প্ৰয়াসৰ প্ৰতিজন সদস্য, বুক ডিপোলৈ সহায় আগবঢ়োৱা প্ৰতিজন শুভাকাঙ্খীৰ নাম লব লাগিব। ইয়াৰ পিছতে আমাৰ আদৰ্শ পদ্মশ্ৰী উদ্ভৱ ভৰালী ছাৰ, পিতৃতুল্য বিনোদ বৰগোহাঁই ছাৰ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক গোপাল হাজৰিকা ছাৰ, বন্ধু পলাশ দত্ত, ড প্ৰাঞ্জল বুঢ়াগোহাঁই, ভাইটি ৰণদ্বীপ বড়া, ৰ্সৌৰভ জ্যোতি দত্ত আৰু প্ৰদীপ গগৈৰ নাম নিশ্চয়কৈ লব লাগিব।

প্ৰ:গ: আপুনি যিহেতু বুক ডিপোৰ কথা চিন্তা কৰিলে সেয়ে সুধিব বিচাৰিছো- ইন্টাৰনেটে কিতাপৰ ক্ষেত্ৰখনলৈ ভাবুকি কঢ়িয়াই আনিব নেকি ?

বি:কে:চি: চতুৰ্থ উদ্যোগিক বিপ্লৱৰ ফলত প্ৰযুক্তিগত চিন্তাত বিস্ময়কৰ উত্থান ঘটিছে। ইয়াৰ প্ৰভাৱ শৈক্ষিক জগততো পৰিস্ফূৰ্ট হৈছে আৰু তেনে চিন্তাৰেই সাম্প্ৰতিক সময়ত ইণ্টাৰনেটত বিভিন্ন তথ্য সহজেই উপলব্ধ হোৱাৰ লগতে গ্ৰন্থও অংকীয় ৰূপত উপলব্ধ হৈছে। কিন্তু ইণ্টাৰনেটৰ এই উত্থানে গ্ৰন্থ অধ্যয়নত বিশেষ প্ৰভাৱ পেলাব বুলি আমি ব্যক্তিগতভাৱে বিশ্বাস নকৰোঁ, কাৰণ এখন সমাজক অধ্যয়নমুখী কৰি সুস্থিৰ কৰাত কিতাপৰ যি ভূমিকা তাক সহজে ইণ্টাৰেনেটে নসাৎ কৰিব নোৱাৰে। গতিকে আমি বৈজ্ঞানিক সামাজিক চিন্তাৰে এই দুই মাধ্যমৰ মাজত এক সুস্থিৰ উৎপাদনমুখী সম্পৰ্ক গঢ় দিয়াতহে গুৰুত্ব দিব লাগে বুলি ব্যক্তিগতভাৱে অনুভৱ কৰোঁ,  যি সম্পৰ্কই সমাজক সময়োপযোগী উত্তৰণৰ শক্তি প্ৰদান কৰাত সহায় কৰিব।  

*******************************8*****************

Comments

Popular posts from this blog

“আহোমৰ ঐতিহাসিক সমাজ ব্যৱস্থাৰ মূলত: কৃষিগত চিন্তাৰ আৰু জলব্যৱস্থাৰ বৈজ্ঞানিক বিশ্লেষণ”

ভূ তত্ত্ব শিক্ষাৰ গুৰুত্ব, শৈক্ষিক পৰিক্ৰমা আৰু সংস্থাপনৰ সুবিধা (নিয়মীয়া বাৰ্তাৰ সাপ্তাহিক শিক্ষামূলক বিশেষ পৃষ্ঠা 'শিক্ষা বাৰ্তা')

অৰ্থনৈতিক উন্নয়ন বনাম সাংস্কৃতিক প্ৰদূষণ : বিহুৰ পৰা পূজালৈ এক অৱলোকন