পোষ্ট-ট্ৰুথ, ক্ৰণি কেপিটেলিজিম আৰু সাম্প্ৰতিক ভাৰতীয় ৰাজনৈতিক দৰ্শন


পোষ্ট-ট্ৰুথ, ক্ৰণি কেপিটেলিজিম আৰু সাম্প্ৰতিক ভাৰতীয় 

ৰাজনৈতিক দৰ্শন

° বিজয় কৃষ্ণ চেতিয়া
bijoykrishnaster@gmail.com


 সাম্প্ৰতিক সময়ত  আমি সকলোৱে এটা কথা উপলব্ধি কৰিব পাৰিছোঁ যে বতৰ্মান সময়ত দেশৰ ৰাজনৈতিক,অৰ্থনৈতিক,শৈক্ষিক আৰু সামাজিক ব্যৱস্থা  দেশীয় প্ৰান্তীয় চিন্তাৰে এক জটিল পৰিস্থিতি সন্মুখীন হৈছে আৰু এই জটিল পৰিস্থিতিত বিবেক আৰু আবেগৰ সমান্তৰাল সঞ্চালন আমাৰ দৃষ্টিত সকলোৰে বাবে খুব এটা সহজ বিষয় নহয়। আমি বিশ্বাস কৰোঁ ইয়াৰ বাবে এক গভীৰ অধ্যয়নমুখী মনৰ অতিকৈ প্ৰয়োজন কিন্তু এই অধ্যয়নমুখী মনৰ একোটা  ঋনাত্মক প্ৰভাৱও বৰ্তমান সময়ত বহুক্ষেত্ৰত স্পষ্ট ৰূপত দেখা পোৱা যায় বা গৈছে, যিটো আমাৰ দৃষ্টিত সমাজ ৰূপান্তৰ স্বাৰ্থত গ্ৰহনযোগ্য নহয়। আৰু আমি কব বিচৰা এই ঋনাত্মক দিশটো অধ্যয়ন সমৃদ্ধ মনৰ বৌদ্ধিক সন্ত্ৰাসবাদ গত ২০১৭ আৰু ২০১৮ বৰ্ষলৈ উভতি চালে আমি দেখিম যে গত এই দুই বৰ্ষত দেশৰ ৰাজনৈতিক ব্যৱস্থাত জড়িত কিছু সন্মানীয় ব্যক্তিৰ বৌদ্ধিক আচৰণত চৰম দৈন্যতা আৰু উগ্ৰতা প্ৰকাশ পাইছিল। শেহতীয়াকৈ এই বৌদ্ধিক আক্ৰমণত সমাজৰ বৈজ্ঞানিক আৰু ঐতিহাসিক চিন্তাকো সাঙুৰি লোৱা হৈছে যিটো সমাজৰ উত্তৰণমুখী চিন্তাৰ পৰিপন্থী বুলি আমি ব্যক্তিগতভাৱে গন্য কৰোঁ। আৰু সাম্প্ৰতিক সময়ত উগ্ৰ ধৰ্মীয় দৃষ্টিকোনেৰে ইতিহাস অধ্যয়নৰ যি উগ্ৰ পৰিৱেশ সমগ্ৰ দেশতেই ৰচনা কৰা হৈছে গণতন্ত্ৰ প্ৰমূল্যবোধৰ সম্পূৰ্ণ পৰিপন্থী আৰু আমাৰ বিশ্বাস এই কথা মানি লোৱাত দেশৰ অখণ্ডতাৰ দৰ্শনত বিশ্বাসী প্ৰতিজন ব্যক্তিৰে আপত্তি থাকিব নোৱাৰে। এইখিনিতে বহুজনে আমাৰ এই চিন্তাক অন্য এক চিন্তাৰে দিকভ্ৰান্ত্ৰ কৰাৰ প্ৰয়াস কৰিব পাৰে, তেনেক্ষেত্ৰত আমি উল্লেখ কৰি থোৱা ভাল হব বুলি জ্ঞান কৰোঁ যে ঐতিহাসিক দৃষ্টিকোনেৰে ধৰ্মীয় চিন্তাৰ অধ্যয়ন আৰু ধৰ্মীয় চিন্তাৰে ইতিহাসৰ অধ্যয়ন দুটা সম্পূৰ্ণ বিপৰীত চিন্তা।
ওপৰোক্ত আলোচনাক আৰু অধিক স্পষ্টৰূপত অনুধাৱন কৰিবলৈ আমি সাম্প্ৰতিক সময়ত বিশ্বৰ ৰাজনৈতিক চৰ্চাত বিশেষ চৰ্চা লাভ কৰা এক ন-চিন্তা “Post Truth” ৰ বিষয়ে সংক্ষেপে কিছু আলোচনা কৰাটো উচিত হব বুলি জ্ঞান কৰিলোঁ। “Post Truth”ৰ শুদ্ধ অসমীয়া প্ৰতিশব্দ কি হব নাজানো, যদিও উত্তৰ-সত্য বা সত্যত্তোৰ হব পাৰে বুলি ধৰি লব পাৰি তথাপিও নিশ্চিত নহয় বাবেই আমি মূল ইংৰাজী শব্দ “পোষ্ট-ট্ৰুথ”কে ইয়াত ব্যৱহাৰ কৰাটো সমীচিন হব বুলি জ্ঞান কৰিলোঁ।
“Post-Truth”ক বিখ্যাত অক্সফ’ড অভিধানে ২০১৬ বৰ্ষৰ “ Oxford Distionary’s Word of the Year” অৰ্থাৎ “অক্সফ’ড অভিধানৰ বছৰটোৰ শব্দ” বুলি অভিহিত কৰিছিল। প্ৰকৃততে ২০১৬ বৰ্ষত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰ আৰু গ্ৰেট বিট্ৰেইনৰ ইউৰোপীয় সংঘ ত্যাগকলৈ চলা গণভোটৰ বিৰ্তকৰ (Brexit Referendum) সময়ত প্ৰকৃত সত্যক খণ্ডন আৰু ঢাকিবলৈ সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াত পৰিকল্পিতভাৱে ভুৱা, যুক্তিহীন আৰু আবেগিক খবৰ প্ৰচাৰ কৰা হৈছিল যাৰ দ্বাৰা এক বিশৃংখল সামাজিক ও ৰাজনৈতিক পৰিৱেশত ৰাজনৈতিক লাভালাভৰ চিন্তা কৰা হৈছিল আৰু ইয়াৰ দ্বাৰা কোন কেনেকৈ  পিছৰ সময়ত লাভাম্বিত হৈছিল সেইয়া এতিয়া স্পষ্ট। কিন্তু  চিন্তাৰ বিষয়টো হ’ল এই “পোষ্ট-ট্ৰুথ” ৰাজনীতিয়ে শেহতীয়াকৈ বিশ্বৰ ৰাজনৈতিক সংস্কৃতিত নিজৰ উপস্থিতি শক্তিশালী কৰিবলৈ সক্ষম হৈছে। শেহতীয়া তথ্যমতে ২০১৮ চনৰ পৰা আমেৰিকা, গ্ৰেট বিট্ৰেইনৰ ওপৰিও ভাৰত, ৰাচিয়া, ব্ৰাজিল আদি দেশৰ ৰাজনৈতিক দৰ্শনতো পোষ্ট-ট্ৰুথৰ প্ৰভাৱ দিনক দিনে বৃদ্ধি পাইছে। আৰু ইয়াৰ স্পষ্ট প্ৰমাণ ইতিমধ্যেই ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাত পোৱা গৈছে। প্ৰকৃত সত্যক আওকান কৰি পৰিপূৰক চিন্তাক গুৰুত্বশীল কৰা, আবেগৰ দ্বাৰা যুক্তিক মূল্যহীন কৰা, সত্যক খণ্ডন কৰিবলৈ  আৰু মিছাক প্ৰতিষ্ঠা কৰিবলৈ তথ্য নষ্ট কৰা আদি পোষ্ট-ট্ৰুথৰ প্ৰভাৱসমূহ বৰ্তমান সময়ত ভাৰতীয় ৰাজনৈতিক দৰ্শনৰ শক্তিশালী অংগ হৈ পৰিছে। আৰু সেয়েহে দেশৰ প্ৰগতিশীল সমাজবিজ্ঞানী সকল ভাৰতীয় ৰাজনীতিত আগন্তুক দিনত ক্ষমতালোভী ৰাজনৈতিক চিন্তাই পোষ্ট-ট্ৰুথৰ সহায়ত সমাজত প্ৰসাৰিত কৰিব বিচৰা অবৈজ্ঞানিক চিন্তাৰ নেতিবাচক প্ৰভাৱকলৈ চিন্তিত হৈছে, কাৰণ ইতিমধ্যেই ভাৰতীয় সংবাদ মাধ্যম তথা ছচিয়েল মিডিয়া পোষ্ট-ট্ৰুথৰ কবলত পৰিছে আৰু ইণ্টাৰনেটৰ সৰ্বব্যাপিতাৰ আৰু ছ’চিয়েল মিডিয়াৰ জনপ্ৰিয়তা তুংগত থকা সময়ত পোষ্ট-ট্ৰুথৰ দৰে পৰিকল্পিত ভয়াবহ ব্যৱস্থাক প্ৰতিহত কৰাটো সহজ নহব। এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হব যে সাম্প্ৰতিক ভাৰতীয় ৰাজনীতিৰ অবৈজ্ঞানিক চিন্তাকলৈ আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়তো সমালোচনা আৰম্ভ হৈছে, উদাহৰণস্বৰূপে ভাৰত চৰকাৰৰ ৰাজ্যিক মানৱ সম্পদ মন্ত্ৰীয়ে বিখ্যাত “ডাৰউইন তত্ত্ব” বিৰোধ কৰাকলৈ বিজ্ঞানৰ বিশ্ব বিখ্যাত গৱেষণা পত্ৰিকা “Nature”ৰ ২০১৮ চনৰ ফ্ৰেবুৱাৰী সংখ্যাত এক গুৰুত্বপূৰ্ণ লেখা প্ৰকাশ পাইছে। বিষয়টো নিশ্চয়কৈ চিন্তনীয়। গতিকে সময় থাকোতেই পোষ্ট-ট্ৰুথক আসৈ দিয়া ৰাজনৈতিক চিন্তাক আমি যিকোনো মূল্যৰ বিনিময়ত প্ৰতিহত কৰিবই লাগিব, নহ’লে সত্যৰ ওপৰত প্ৰতিষ্ঠিত ৰাজনৈতিক সংস্কৃতিত সত্য প্ৰতিষ্ঠা কৰাক বিপ্লৱ বুলি গণ্য কৰা হব আৰু ইয়াৰ বিপৰীতে আৰ্কষণীয় ৰূপত মিছাক প্ৰতিষ্ঠা কৰাটো ৰাজনৈতিক দৰ্শন বুলি গ্ৰহন কৰা ভয়াবহ পৰিস্থিতি উদ্ভৱ হব।
এইখিনিতে ওপৰোক্ত চিন্তাৰ লগত সংগতি ৰাখি সাম্প্ৰতিক সময়ৰ পুঁজিবাদৰ বিষয়ে কিছু আলোচনা কৰাটো যুগুত হব বুলি অনুভৱ কৰিলোঁ। বৰ্তমান সময়ত বহু সামাজিক চিন্তাবিদে পুঁজিক কেৱল অৰ্থগত চিন্তাৰে উপস্থাপন কৰে। কিন্তু নব্য পুঁজিবাদৰ ধাৰাটোক সূক্ষ্মভাৱে অধ্যয়ন কৰিলে বৰ্তমান সময়ত এটা কথা স্পষ্ট হয় যে পুঁজিয়ে এতিয়া সাংস্কৃতিক আৰু শৈক্ষিক দিশকও প্ৰতিনিধিত্ব কৰিবলৈ আৰম্ভ কৰিছে অৰ্থাৎ সমাজ উত্তৰণ মূল দুই চালিকা শক্তিকও পুঁজিগত চিন্তাৰে সাঙুৰি লৈ সমাজত শ্ৰেণীগত পাৰ্থক্যক নমাত্ৰা (rescaling ) প্ৰদান কৰা প্ৰয়াস কৰা হৈছে। এইখিনিতে বহুতে হয়তু প্ৰশ্ন কৰিব সাংস্কৃতিক আৰু শৈক্ষিক পুঁজিবাদৰ লক্ষণ কি? এইক্ষেত্ৰত আমি এটা বিষয় স্পষ্টকৈ দাঙি ধৰিব পাৰোঁ সেইটো ' সাম্প্ৰতিক সময়ত দমনমূলক আগ্ৰাসনমূখী চিন্তাৰে বৃহৎ ৰাজনৈতিক শক্তিৰে একক বা মৌলিক সাংস্কৃতিক বা শৈক্ষিক চিন্তাক সৰ্বগ্ৰহনীয় কৰি তোলাৰ অসুস্থিৰ পৰিৱেশ।
শেহতীয়াকৈ বিশ্বজনীন সাংস্কৃতিক পৰিৱেশলৈ মন কৰিলে এটা কথা সুন্দৰকৈ স্পষ্ট হয় যে বৰ্তমান সময়ত সমগ্ৰ বিশ্বৰ বিশেষকৈ দক্ষিন-পূৰ্ব এছিয়াৰ ক্ষুদ্ৰ জনগোষ্টী সমূহৰ নিজস্ব সাংস্কৃতিক চিন্তাক বৃহৎ গোষ্টীসমূহৰ নিজস্ব চিন্তাৰে দমন কৰিব বিচৰা হৈছে। এইক্ষেত্ৰত ক্ষুদ্ৰ সংস্কৃতি সমূহক প্ৰথমে দেশীয় অৰ্থনীতিৰ অংগ কৰি আন্ত:ৰাষ্ট্ৰীয় বজাৰলৈ (বৈজ্ঞানিক ৰূপান্তৰৰ অবিহনে) উলিয়াই অনা হৈছে আৰু সময়ত সংস্কৃতিসমূহক নিজস্ব স্বকীয়তাৰে জীয়াই ৰখা উপাদান সমূহক যেনে দৰ্শন, অধ্যয়নক নসাৎ কৰি কেৱল বজৰুৱা ( বজাৰ কেন্দ্ৰীক) চিন্তাৰে বিশ্বজনীন পৰিচয় দিব প্ৰয়াস কৰা হৈছে। এইখিনিতে অসমীয়া বিহুৰ নতুন পৰিচয়ক উদাহৰণ হিচাপে লব পাৰি। বিহুৰ যি দৰ্শন তাক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰি এটা চামে বিহুক সংগীত মহোৎসৱ বুলি কবলৈও কুণ্ঠাবোধ কৰা নাই ( সংগীত উৎসৱৰ এক অংগহে দৰ্শন নহয়) আৰু এই দৰ্শনবিহীন অধ্যয়ন বিহীন যুক্তিহীন চিন্তাৰ পৰিণতিতেই বিহুৰ কৃষিগত কৃষ্টিগত পৰিচয়কলৈ বৰ্তমান সময়ত এক গভীৰ সংশয়ৰ উৎপত্তি হৈছে, যিটো জাতিটো বাবেই চিন্তনীয়।
ঠিক তেনেকৈ শিক্ষা ক্ষেত্ৰও দমনমূলক চিন্তাৰ পয়োভৰ স্পষ্টকৈ দেখা গৈছে। বৃহৎ পুঁজিপতি শক্তিসমূহে নিজৰ উগ্ৰ মৌলিক চিন্তাক অতি কৌশলগত ভাৱে শৈক্ষিক ব্যৱস্থাৰ পৰিৱৰ্তনৰ নামত প্ৰসাৰ কৰিব আৰম্ভ কৰিছে। এইক্ষেত্ৰত জাতীয় চিন্তা সমূহক নিজস্ব গৌৰৱেৰে জীয়াই ৰখা শৈক্ষিক উপাদান , বুৰঞ্জী আৰু ভূগোলক চক্ৰান্তমূলকভাৱে বৰ্তমানৰ শৈক্ষিক ব্যৱস্থাৰ পৰা আতৰাই দিয়া চেষ্টা কৰি থকা হৈছে। আমি হয়তু এটা কথা সহজেই মানি লম যে যিকোনো জাতিৰ উঠি অহা প্ৰজন্ম যদি জাতিটোৰ বুৰঞ্জী ভৌগলিক অৱস্থানৰ লগত সুপৰিচিত নহয় সেই জাতিয়েই অতি কমদিনতেই নিজৰ আত্ম পৰিচয় হেৰুৱাই পেলোৱাটো খাটাং। আৰু এটা আত্ম পৰিচয় নোহোৱা জাতিক ছেদেলি কৰি পুঁজিগত চিন্তাৰে নতুন পৰিচয় দিয়াটো পুঁজিবাদী ৰাজনৈতিক গোষ্টীসমূহ বাবে তেনেই সহজ। এনে লক্ষ্যৰেই বৰ্তমান সময়ত উন্নয়ণকামী ৰাষ্ট্ৰসমূহত বৃহৎ পুঁজিবাদী গোষ্টী সমূহে শৈক্ষিক ব্যৱস্থা আমূল পৰিৱৰ্তনৰ নামত সমাজ উত্তৰণৰ বাবে প্ৰয়োজনীয় বৈজ্ঞানিক শিক্ষাৰ বিপৰীতে উগ্ৰ ধৰ্মীয় চিন্তা প্ৰচাৰ কৰি আছে, যিটো সুস্থিৰ সমাজ ব্যৱস্থাৰ চৰম পৰিপন্থী।
ওপৰৰ আলোচনা পৰা এটা কথা স্পষ্টকৈ উপলব্ধি কৰিব পাৰি যে গত বৰ্ষ কেইটাই আমাক এক সুস্থিৰ সামাজিক পৰিৱেশ দি যোৱা নাই সহজ অৰ্থত আগন্তুক বৰ্ষত আমাৰ সামাজিক সমস্যা সমূহৰ  সময়োপযোগী বৈজ্ঞানিক বিশ্লেষণ নহলে সামাজিক অস্থিৰতা মাত্ৰা যে অধিক হব সি খাটাং।
এতিয়া প্ৰশ্ন ' ওপৰোক্ত অসুস্থিৰতা বাবে জগৰীয়া কোন? এই ক্ষেত্ৰত আমি পোনপটীয়াকৈ জগৰীয়া কৰিব বিচাৰোঁ "ৰাজনৈতিক পুঁজিবাদ Political Capitalism)"ক। কিয়নো বৰ্তমান সময়ত আমি অনুভৱ কৰিব পাৰিছোঁ যে আমাৰ চলিত সামাজিক ব্যৱস্থা সাম্প্ৰতিক সময়ত পুঁজিসবস্ব ৰাজনৈতিক চিন্তা দ্বাৰা পৰিচালিত হব ধৰিছে যিটো আমাৰ দৃষ্টিত সমাজ উত্তৰণৰ স্বাৰ্থত অতিকৈ ভয়ংকৰ। আমি বিশ্বাস কৰোঁ এই ভযংকৰতা কিছু দিশ ইতিমধ্যে স্পষ্ট হৈছে। শেহতীয়াকৈ ৰাজনৈতিক পুঁজিবাদৰ সমান্তৰালভাৱে আন এক নব্য পুঁজিবাদী চিন্তাই দেশৰ ৰাজনৈতিক ব্যৱস্থাক বাৰুকৈয়ে প্ৰভাম্বিত কৰাটো স্পষ্ট হৈছে আৰু সেইয়া হ’ল Crony Capitalism (ক্ৰনি কেপিটেলিজিম) যাক আমি “ইষ্ট পুঁজিবাদ” ৰূপে নামাকৰণ কৰিব পাৰোঁ। এই পুঁজিবাদী চিন্তাত ৰাজনৈতিক শাসন ব্যৱস্থাই পুঁজিবাদী শক্তিক সন্তষ্ট কৰাত অধিক মনোযোগ দিয়ে। আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক শাসন ব্যৱস্থা আৰু পুঁজিবাদী শক্তি মাজত এক অতি মজবুত অন্ত:ৰংগ সম্পৰ্ক সৃষ্টি হয় আৰু ক্ৰমান্বয়ে পুঁজিবাদী শক্তিয়ে ৰাজনৈতিক শাসন ব্যৱস্থাক নিজৰ দখললৈ আনিবলৈ সক্ষম হয়। ক্ৰনি কেপিটেলিজিমৰ চূড়ান্ত উত্থানত গণতান্ত্ৰিক ৰাজনৈতিক শাসন ব্যৱস্থাই জনগণৰ উন্নয়ণক সম্পূৰ্ণ আওকান কৰি পুঁজিবাদী শক্তিৰ লাভজনক পৰিকল্পনাক সফল কৰাত অধিক গুৰুত্ব দিবলৈ আৰম্ভ কৰে। আমি অনুভৱ কৰোঁ এনে পৰিৱেশ বতৰ্মান সময়ত ভাৰতৰ ৰাজনৈতিক শাসন ব্যৱস্থাত সুস্পষ্ট হৈ পৰিছে।  
ক্ৰনি কেপিটেলিজিমৰ বিষয়ে বিশেষ আলোচনা আজি এই প্ৰসংগত নকৰি আমি আজিৰ এই আলোচনাত ৰাজনৈতিক পুঁজিবাদৰ দুটা দিশৰ বিষয়েহে কিছু আলোচনা সংক্ষেপে তলত আগবঢ়াব বিচাৰিছোঁ। আমি বিশ্বাস কৰোঁ যে ৰাজনৈতিক পুঁজিবাদৰ বাবে প্ৰয়োজনীয় দুই বিশেষ উপাদান '

. ধৰ্মীয় উন্মাদনা
. সাম্প্ৰদায়িক বা জাতিগত বৰ্ণবাদ

ওপৰোক্ত দুই উপাদানৰ দ্বাৰা সমাজত শ্ৰেনীগত পাৰ্থক্য সৃষ্টি কৰাটো তেনেই সহজ আৰু বৰ্তমান সময়ত আমাৰ সমাজ ব্যৱস্থাত এনে চিন্তাৰ পয়োভৰ স্পষ্ট হৈছে। গতিকে সমাজ উত্তৰণৰ স্বাৰ্থত এনেবোৰ চিন্তাক প্ৰতিহত কৰাটো জৰুৰী হৈ পৰিছে নহ'লে এক সুস্থিৰ-সহিষ্ণু সমাজ নিৰ্মান কৰাটো আগন্তুক সময়ত অতিকৈ কষ্টকৰ হৈ পৰিব।
এইখিনিতেসামাজিক চিন্তা ওপৰত চমুকৈ আলোকপাত কৰাটো যুগুত হব যেন জ্ঞান কৰিলোঁ। সহজকৈ সমাজ সৰল অৰ্থাৎ "" উৎপত্তিকে সমাজৰ মূল চিন্তা বুলি গ্ৰহন কৰিব পাৰি। কিন্তু এই '' কি? এই '' ' সাম্য , সহিষ্ণু , সচেতন , সজাগ , সহযোগ , সক্ষমতাৰ সামগ্ৰিক সুস্থিৰ সবল সেউজ চিন্তা। অৰ্থাৎ সচেতন আৰু সজাগ ব্যক্তিগোটে সহযোগী আৰু সহিষ্ণু চিন্তাৰে সাম্য আৰু সক্ষমতাৰ বাবে গঢ়ি তোলা সুস্থিৰ সবল সেউজ চিন্তাকে আমি সহজকৈ "সামাজিক" চিন্তা বুলি কব পাৰোঁ বা গ্ৰহন কৰিব পাৰোঁ। কিন্তু সাম্প্ৰতিক সময়ত এই সমূহ '' আগত কৌশলে বহি পৰা অতি চতুৰ '' বোৰেই ( -সহিষ্ণু , -সহযোগ, -সচেতন , -সাম্য) আমাক অতিকৈ অসুস্থিৰ কৰি তুলিছে আমি ব্যক্তিগতভাৱে জ্ঞান কৰোঁ।
আলোচনাৰ শেষত আমি অনুভৱ কৰোঁ যে সাম্প্ৰতিক সময়ত ৰাজনৈতিক পুঁজিবাদী চিন্তাই সামাজিক সুস্থিৰ চিন্তাক উগ্ৰ চিন্তাৰে অস্থিৰ কৰি ৰাজনৈতিক লাভালাভৰ যি কূটকৌশল আৰম্ভ কৰিছে তাক ৰোধ কৰিবলৈ সমাজৰ প্ৰতিজন ব্যক্তিয়ে নিজকে যুক্তিবাদী বৈজ্ঞানিক চিন্তাৰে সমৃদ্ধ কৰাটো সমাজ ৰূপান্তৰৰ স্বাৰ্থত অতি সময়োপযোগী চিন্তা হব। আৰু বতৰ্মান সময়ত এনে চিন্তা প্ৰতিখন জাতীয় মঞ্চৰ পৰাই আৰম্ভ হওঁক তেনে আশাৰে আজি আমাৰ এই আলোচনা ইমানতেই সামৰণি মাৰিছোঁ।
(অসমীয়া খবৰ ,২৮ ফেব্ৰুৱাৰী ২০১৯ প্ৰকাশিত)
 *************************************

Comments

Post a Comment

Popular posts from this blog

“আহোমৰ ঐতিহাসিক সমাজ ব্যৱস্থাৰ মূলত: কৃষিগত চিন্তাৰ আৰু জলব্যৱস্থাৰ বৈজ্ঞানিক বিশ্লেষণ”

ভূ তত্ত্ব শিক্ষাৰ গুৰুত্ব, শৈক্ষিক পৰিক্ৰমা আৰু সংস্থাপনৰ সুবিধা (নিয়মীয়া বাৰ্তাৰ সাপ্তাহিক শিক্ষামূলক বিশেষ পৃষ্ঠা 'শিক্ষা বাৰ্তা')

অৰ্থনৈতিক উন্নয়ন বনাম সাংস্কৃতিক প্ৰদূষণ : বিহুৰ পৰা পূজালৈ এক অৱলোকন