ব'হাগত মগজুৰ খেতিৰ (Mind Cultivation) চিন্তা








এতিয়া ব'হাগ মাহ, ৰঙালী বিহুৰ বতৰ। বিহু শব্দটো খেতিৰ লগত পোনপটীয়াকৈ জড়িত। ব’হাগ মাহ সোমোৱা লগে লগে অসমীয়া ৰাইজ প্ৰাকৃতিক ভাৱেই খেতিৰ বাবে সাজু হয় আৰু খেতিৰ আগে আগে নিজৰ মনবোৰক উজ্বীৱিত কৰি খেতিৰ বাবে সাজু কৰি তোলাৰ বাবে ব’হাগ মাহৰ আৰম্ভণিতেই ৰং ৰইচৰ এক উৎসৱ উদযাপন কৰা হয় যাক আমি ৰঙালী বিহু বা ব ব’হাগ বিহু ৰূপে পালন কৰি আহিছোঁ। ব’হাগ মাহত প্ৰকৃততে প্ৰকৃতিয়ে নতুন সৃষ্টিৰ বাবে এক মনোৰম সেউজ পৰিৱেশৰ ৰচনা কৰে, কিন্তু আচৰিতভাৱে আমিবোৰে প্ৰকৃতিৰ এই অৱদানক যথোচিত সন্মান নিদি কিছু বিৰ্তকত নিজকে জড়িত কৰি সৃষ্টিৰ অমূল্য সময়বোৰ নষ্ট কৰোঁ আৰু আমাৰ দৃষ্টিত এনে চিন্তা অসমীয়া জাতীয় জীৱনৰ বাবে অতিকৈ ক্ষতিকাৰক। সেয়েহে আজি আমি পথাৰত খেতি কৰিবলৈ সাজু হোৱা সময়ত, জাতীয় জীৱনৰ উত্তৰণৰ স্বাৰ্থত আমাৰ চিন্তাৰ উৎকৰ্ষণৰ বাবে কেনে ব্যৱস্থাৰ প্ৰয়োজন সেই বিষয়ে চমুকৈ আলোচনা কৰা প্ৰয়াস কৰিছোঁ।
সাম্প্ৰতিক সময়ত অসমৰ বিভিন্ন সমস্যাৰ ওপৰত যিমান বোৰ বিৰ্তকৰ সূচনা হৈছে, ইয়াৰ সৰহ সংখ্যকে কিন্তু কোনো ধৰণৰ গঠনাত্মক চিন্তাৰে অসমীয়া জাতীয় সমাজক সমৃদ্ধ কৰিবলৈ সক্ষম হোৱা নাই যেন আমাৰ অনুভৱ হয়। ইয়াৰ বাবে মূলত আমি তিনিটা কাৰণক জগৰীয়া কৰিব পাৰোঁ,
১। আৱেগিক চিন্তা আৰু ইয়াৰ দ্বাৰা সৃষ্ট উগ্ৰ চিন্তাৰ বাতাবৰণ।
২। সমস্যা সমাধানৰ বাবে প্ৰয়োজনীয় বৈজ্ঞানিক দৰ্শনৰ অভাৱ।
৩। গঠনাত্মক চিন্তাৰ বাবে প্ৰয়োজনীয় অধ্যয়ণ পিপাসু ও তথ্যভিত্তিক চিন্তাৰ বাবে প্ৰয়োজনীয় মনৰ অভাৱ।
গতিকে আমি অনুভৱ কৰোঁ আমাৰ সমস্যাবোৰক কেৱল বিৰ্তক কেন্দ্ৰীক নকৰি এইবোৰৰ প্ৰকৃত সমাধানৰ বাট উলিয়াবলৈ হ'লে ওপৰত উল্লেখ কৰা কৰা বিষয় কেইটাক গুৰুত্ব সহকাৰে গ্ৰহন কৰাটো বৰ্তমান সময়ত খুবেই জৰুৰী।
আমি যদি ওপৰত উল্লেখ কৰা বিষয় কেইটা গভীৰ ভাৱে বিশ্লেষণ কৰোঁ তেন্তে আমি উপলব্ধি কৰিম এই আটাইকেইটা বিযয়ৰ লগত অতি ঘনিষ্টভাৱে জড়িত আছে ''মগজুৰ খেতি" ধাৰণাটো।
এতিয়া কথা হ'ল "মগজুৰ খেতি" মানে নো কি? সহজ অৰ্থত ব্যখ্যা কৰিবলৈ হ'লে "মগজুৰ খেতি" হ'ল সুপৰিকল্পিত আৰু সুস্থিৰ গঠনাত্মক চিন্তাৰ বাবে প্ৰয়োজনীয় এক সৰল ব্যৱস্থা আৰু বৰ্তমান সময়ত এই ব্যৱস্থাই সমগ্ৰ বিশ্বতে বিশেষকৈ বৌদ্ধ ধৰ্ম প্ৰচলিত দেশসমূহত এই চিন্তাই বিশেষ সমাদাৰ লাভ কৰিবলৈ সক্ষম হৈছে।
এই ব্যৱস্থাক অতি সহজকৈ বুজিবলৈ আমি আমাৰ খেতি ব্যৱস্থাৰ সৈতে তুলনা কৰিব পাৰো। এডৰা মাটিত ভাল খেতি হবলৈ হ'লে কেনে ব্যৱস্থা আমি গ্ৰহন কৰিব লাগিব, নিশ্চয়কৈ আমি তলত দিয়া ধৰণৰ ব্যৱস্থাই লব লাগিব,
১। মাটিডৰা ভালকৈ চহাব লাগিব
২। জলসিঞ্চনৰ পৰ্য্যপ্ত ব্যৱস্থা থাকিব লাগিব।
৩। মাটি উৰ্বৰতা বৃদ্ধিৰ বাবে ব্যৱস্থা গ্ৰহন কৰিব লাগিব, প্ৰয়োজনত ৰাসায়নিক সাৰও যোগান ধৰিব লাগিব।
৪। খেতিডৰা নষ্ট নহবলৈ কীটনাশক ছটিয়াব লাগিব।
ঠিক তেনেদৰে মগজুৰ খেতি বাবেও তেনে ব্যৱস্থাই প্ৰয়োজন হয়, উদাহৰণস্বৰূপে,
১। পৰ্য্যপ্ত জ্ঞান আহৰণৰ বাবে প্ৰচুৰ অধ্যয়ণ কৰিব লাগিব যাক আমি খেতি চহোৱা লগত তুলনা কৰিব পাৰোঁ।
২। দ্বিতীয়তে এটা অবিৰত জ্ঞান আৰহণৰ মানসিক প্ৰক্ৰিয়া গঠন কৰিব লাগিব আৰু ইয়াৰ বাবে এটা খুব সৰল মনৰ প্ৰয়োজন হব।
৩। জ্ঞানৰ উৰ্বৰতা বৃদ্ধি ৰ বাবে উন্নতমানৰ শৈক্ষিক ব্যৱস্থা সহায় লব লাগিব, উদাহৰণ স্বৰূপে internet ত উপলব্ধ বিভিন্ন online library সহায় লব পাৰি।
৪। শেষত আটাইতকৈ প্ৰয়োজনীয় দিশটো হ'ল আৰ্জিত বা সঞ্চিত জ্ঞানৰ নিৰাপত্তা সুনিশ্চিত কৰা। আৰু ইয়াৰ বাবে প্ৰয়োজন আমাৰ আৰ্জিত জ্ঞানৰ দ্বাৰা নিজস্ব বিশ্লেষণাত্মক দৰ্শনক শক্তিৱান কৰা যাতে আৰ্জিত জ্ঞানক বজৰুৱা ঋনাত্মক চিন্তাই আক্ৰমণ কৰিব নোৱাৰে।
উপৰোক্ত আলোচনাৰ দ্বাৰা আমি ব'হাগ মাহটোত কৰিব লগীয়া মগজু খেতিৰ এক থুলমূল আভাস দিয়াৰ প্ৰয়াস কৰিলোঁ।
শেষত মগজু খেতিৰ এক সহজ ব্যৱস্থা তলত উল্লেখ কৰিলোঁ, যাক কোৱা হয়, 5W & H ব্যৱস্থা, এই ব্যৱস্থা আমাৰ সংবাদ জগতও খুব বহুলভাৱে ব্যৱহৃত। এই ব্যৱস্থাক তলত দাঙি ধৰিলো,
‘5W’ হ’ল,
১। WHO অথাৎ কোন
২। WHAT অথাৎ কি
৩। WHERE অথাৎ ক'ত
৪। WHEN অথাৎ কেতিয়া
৫। WHY অথাৎ কিয়
আৰু ‘H’ হ’ল,
৬। HOW অথাৎ কেনেকৈ
এতিয়া আমি যদি দৈনন্দিন জীৱনত মুখামূখী হোৱা যিকোনো এটা সমস্যাকও উপৰোক্ত ব্যৱস্থাৰে বিশ্লেষণ কৰাৰ প্ৰয়াস কৰোঁ, তেন্তে এই ব্যৱস্থাই আমাক প্ৰতিটো সমস্যা সমাধানৰ বাবে প্ৰয়োজনীয় সঠিক পথ সন্ধানত আমাৰ মগজুক নিশ্চয়কৈ সহায় কৰিব বুলি ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ।
.............................................................................................................

Comments

Popular posts from this blog

“আহোমৰ ঐতিহাসিক সমাজ ব্যৱস্থাৰ মূলত: কৃষিগত চিন্তাৰ আৰু জলব্যৱস্থাৰ বৈজ্ঞানিক বিশ্লেষণ”

ভূ তত্ত্ব শিক্ষাৰ গুৰুত্ব, শৈক্ষিক পৰিক্ৰমা আৰু সংস্থাপনৰ সুবিধা (নিয়মীয়া বাৰ্তাৰ সাপ্তাহিক শিক্ষামূলক বিশেষ পৃষ্ঠা 'শিক্ষা বাৰ্তা')

অৰ্থনৈতিক উন্নয়ন বনাম সাংস্কৃতিক প্ৰদূষণ : বিহুৰ পৰা পূজালৈ এক অৱলোকন