সাংস্কৃতিক পুঁজিবাদ : মঞ্চত অপদস্থ কোন?





বিহুটোক যিদিনাই গাঁৱৰ পৰা আনি মঞ্চত তুলিলে সেইদিনা পৰাই অসমীয়া সংস্কৃতিলৈ পুঁজিবাদী চিন্তাৰ আগ্ৰাসন আৰম্ভ হ'ল বুলি আমি কব পাৰোঁ।

বহুতে ক'ব বিচাৰিছিল যে এনে পুঁজিবাদী চিন্তাৰে বিহুক বিশ্বৰ সাংস্কৃতিক দৰবাৰত সৱল ভাৱে প্ৰতিষ্ঠা কৰাত সহায়ক হব। কিন্তু আজি তাৰিখত পুঁজিবাদী চিন্তাই অসমত কেনে ধৰণৰ সাংস্কৃতিক প্ৰদূষণৰ বাতাবৰণ সৃষ্টি কৰিছে সেইয়া সকলোৱে দেখিছে উদাহৰণস্বৰূপে চিগাৰেটৰ পেকেটত বিহুৰ বিজ্ঞাপন, মদৰ বটলত বিহুৰ বিজ্ঞাপন ইত্যাদি । আৰু এনে বাতাবৰণত বিহুৰ বিশ্বজনীন চিনাকী কেনেকৈ সম্ভৱ সেইয়াও আমাৰ ব‍াবে চিন্তাৰ বিষয়।

এই পুঁজিবাদী চিন্তাৰ আগ্ৰাসনত এনে এটা সময় আহিল য'ত গাঁৱৰ দুখীয়াজনে বছেৰেকৰ বিহুটোত গাঁৱৰ হুচৰি দলটো পৰা এটি আৰ্শীবাদৰ পৰা বঞ্চিত হব লগীয়া পৰিস্থিতি সৃষ্টি হ'ল। কাৰণ বিহু হৈ পৰিল অৰ্থ আৰণৰ আহিলা। আৰু আজি তাৰিখত বহুতে কবলৈ ল'লে বিহু এটা সংগীতৰ উৎসৱ অৰ্থাৎ musical festival। আমাৰ বিবেচনাত এনে চিন্তা জাতীয় স্বাৰ্থৰ পৰিপন্থী আৰু জাতীয় সংস্কৃতিৰ ভৱিষ্যতৰ বাবে ভাবুকিস্বৰূপ, কাৰণ আমি সজোৰে বিশ্বাস কৰোঁ সংস্কৃতিয়ে জাতীয় চিন্তাক প্ৰতিফলিত কৰে বা প্ৰতিনিধিত্ব কৰে। সেয়েহে আমি অনুভৱ কৰোঁ যে বিহুৰ স্ককীয়তা ৰক্ষা কৰা স্বাৰ্থত বিহুক কৃষিভিত্তিক উৎসৱ হিচাপে জীয়াই ৰখাত সকলোৱে গুৰুত্ব দিব লাগে। আমি বিশ্বাস কৰোঁ এনে চিন্তাই বৰ্তমান সময়ত বিহুকলৈ আৰম্ভ হোৱা বিৰ্তক বোৰ শেষ হোৱাটোও সহায় কৰিব। কাৰণ খেতি কৰা চহা মানুহৰ বিৰ্তক কৰিবলৈ সময় নাই , সময় আছে মাত্ৰ সন্মান সহকাৰে সংস্কৃতিক জীয়াই ৰাখিবলৈহে।

বৰ্তমান সময়ত বিহু মঞ্চৰ সাংস্কৃতিক সন্ধিয়াত কোন শিল্পীয়ে কি গান গাব, বিহুৰ সাংস্কৃতিক সন্ধিয়া ৰাতি কিমান সময়লৈকে চলিব আদি বিৰ্তকই বিহু মাদকতাকে বিনষ্ট কৰিছে। আমি বিশ্বাস কৰোঁ যদিও ৰঙালী বিহুটো ৰং ৰইচৰ উৎসৱ তথাপিও কিন্ত ৰাতি এপৰলৈকে বিহু নামত উৎশৃংখল পৰিৱেশ সৃষ্টি কৰি জীয়াই থকাটো কোনো কৰ্মশীল জাতিৰ পৰিচয় হব নোৱাৰে আৰু আমাৰ দৃষ্টিত এনে চিন্তাই বিহুৰ মৰ্য্যাদাতও আঘাট কৰিছে, কাৰণ চহা ৰাইজক খেতিৰ বতৰত টোপনি খতি কৰোৱাটোও কোনো কাৰণতে আমাৰ দৃষ্টিত বিজ্ঞানসন্মত নহয়। এইখিনিতে উল্লেখ কৰি থোৱা ভাল হব যে অসম তাহানিও কৃষিভিত্তিক ৰাজ্য আছিল আৰু আজিও হয়, গতিকে চহা ৰাইজ বুলি কওঁতে সমগ্ৰ অসমীয়া ৰাইজক বুজাব বিচৰা হৈছে, এনে চিন্তাৰ পৰা সেইসকলক আঁতৰাই ৰখা হৈছে যিসকলে শিপা পাহৰি মহানাগৰিকৰ পৰিচয়ে নিজক চিনাকী দিব বিচাৰে।

বিহুকলৈ কিবা লিখাৰ বাবে আমি ব্যক্তিগতভাৱে মানসিকভাৱে প্ৰস্তুত নাছিলোঁ, কিন্তু শেহতীয়াকৈ বিহু মঞ্চত শিল্পী গালৈ পইছা ঢলিয়াই দিয়া বিষয়টোৱে আমাৰ মনত ইমান দিনে সুপ্ত হৈ থকা সাংস্কৃতিক সংশয়ক জাগ্ৰত কৰি দিলে আৰু সেয়েহে কিছু লিখিবলৈ বাধ্য হ'লো।

শেষত আমি উপলব্ধি কৰোঁ আমাক এক গৱেষণালব্ধ, প্ৰণালীবদ্ধ সাংস্কৃতিক আন্দোলনৰ খুবেই প্ৰয়োজন। এইখিনিতে উল্লেখ কৰা ভাল যে ওপৰত উল্লেখ কৰা আন্দোলন শব্দটোৱে চেতনা আন্দোলিত কৰা পৰিৱেশৰ কথাহে বুজাব বিচৰা হৈছে, বন্ধ প্ৰতিবাদক ইয়াত জড়িত কৰা অামাৰ উদ্দেশ্য নহয়।

Comments

Popular posts from this blog

“আহোমৰ ঐতিহাসিক সমাজ ব্যৱস্থাৰ মূলত: কৃষিগত চিন্তাৰ আৰু জলব্যৱস্থাৰ বৈজ্ঞানিক বিশ্লেষণ”

ভূ তত্ত্ব শিক্ষাৰ গুৰুত্ব, শৈক্ষিক পৰিক্ৰমা আৰু সংস্থাপনৰ সুবিধা (নিয়মীয়া বাৰ্তাৰ সাপ্তাহিক শিক্ষামূলক বিশেষ পৃষ্ঠা 'শিক্ষা বাৰ্তা')

অৰ্থনৈতিক উন্নয়ন বনাম সাংস্কৃতিক প্ৰদূষণ : বিহুৰ পৰা পূজালৈ এক অৱলোকন