বাধ্যতামূলক কৰক ভূগোল আৰু বুৰঞ্জী (নিয়মীয়া বাৰ্তা ২২/০৪/২০১৭)









শেহতীয়াকৈ অসমৰ বিদ্যালয় সমূহত সংস্কৃত ভাষাক বাধ্যতামূলক কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহন কৰা নীতিক লৈ এক তুমুল বিৰ্তকৰ সূচনা হৈছিল, কিন্তু ইয়াৰ সমানুপাতে বা সমান্তৰালভাৱে অসমৰ বিদ্যালয় সমূহত বুৰঞ্জী আৰু ভূগোল বিষয়ক বাধ্যতামূলক কৰিবলৈ যেনে ধৰণৰ বৌদ্ধিক জাগৰণ অসমত সূচনা হ’ব লাগিছিল তেনে পৰিৱেশ অসমত সৃষ্টি নাই হোৱা বুলি আমি ব্যক্তিগতভাৱে অনুভৱ কৰোঁ। এইক্ষেত্ৰত আমি মূলত: দুই ধৰণৰ চিন্তাক জগৰীয়া কৰিব পাৰোঁ,
ক। সামাজিক তথা অৰ্থনৈতিক সুস্থিৰতাৰ বাবে এই বিষয় দুটাৰ যি গুৰুত্ব তাক চৰকাৰ তথা অসমীয়া ৰাইজে সঠিকভাৱে অনুধাৱন কৰিব পৰা নাই।
খ।দ্বিতীয়তে এই গুৰুত্বক অনুধাৱন কৰিবলৈ প্ৰয়োজনীয় পৰিৱেশ অসমীয়া বৌদ্ধিক মহলে অসমত সৃষ্টি কৰিব পৰা নাই।
উপৰোক্ত চিন্তাক আমি সংক্ষপে তলত আলোচনা কৰা প্ৰয়াস কৰিছোঁ আৰু প্ৰথমতেই আমি বুৰঞ্জী বিষয়টিৰ সামাজিক আৰু অৰ্থনৈতিক গুৰুত্ব বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ।
আমাৰ দৃষ্টিত বুৰঞ্জী হ’ল ইতিহাসৰ প্ৰণালীবদ্ধ অধ্যয়ণ আৰু আমি বিশ্বাস কৰোঁ কোনো এটা জাতিৰ “বৰ্তমান” সুস্থিৰ আৰু প্ৰগতিশীল হ’বলৈ হ’লে সেই জাতিৰ ইতিহাসৰ বৈজ্ঞানিক বিশ্লেষণ হবই লাগিব আৰু ইয়াৰ বাবে বুৰঞ্জীৰ অধ্যয়ণ নিতান্তই প্ৰয়োজন কাৰণ বুৰঞ্জী হ’ল ইতিহাসৰ তথ্যভাণ্ডাৰ। আৰু এনে চিন্তাৰে আমি অনুভৱ কৰোঁ যে আমাৰ ছাত্ৰ সমাজক প্ৰাথমিক স্তৰৰ পৰা প্ৰণালীবদ্ধ ভাৱে ইতিহাসৰ জ্ঞান দিয়াটো খুবেই প্ৰয়োজন।
আনহাতেদি এখন অৰ্থনৈতিক ভাৱে সৱল সমাজ গঢ়াতও বুৰঞ্জীয়ে বিশেষ ভূমিকা পালন কৰি আহিছে।বৰ্তমান সময়ত অসমৰ অৰ্থনৈতিক ব্যৱস্থাক সৱল কৰিবলৈ পৰ্যটন উদ্যোগৰ ভূমিকাক বিশেষ গুৰুত্ব দিয়া হৈছে আৰু আমি সকলোৱে জানো যে অসম পৰ্যটন উদ্যোগক সৱল কৰাত বিশেষ ভাৱে সহায় কৰিছে অসমৰ ঐতিহাসিক সমলসমূহে আৰু সেয়েহে আমি অনুভৱ কৰোঁ অসমৰ পৰ্যটন উদ্যোগক উৎপাদনমূখী কৰিবলৈ অসমৰ বুৰঞ্জী অধ্যয়ণ কৰাটো অতিকৈ জৰুৰী। তেনেস্থলত অসমৰ বিদ্যালয় সমূহত বুৰঞ্জী শিক্ষাক বাধ্যতামূলক নকৰাটোহে আমাৰ বাবে এক ডাঙৰ সাঁথৰ।
বুৰঞ্জী অধ্যয়ণৰ আনবোৰ গুৰুত্বপূৰ্ণ দিশ যেনে ৰাজনৈতিক দক্ষতা বৃদ্ধি কৰাত বা বৈদেশিক কূটনীতি মজবুত কৰাত ইয়াৰ যি গুৰুত্ব তাক আজি বিস্তৃতভাৱে আলোচনা কৰিব বিচৰা নাই। বুৰঞ্জী অধ্যয়ণৰ ক্ষেত্ৰত, শেষত এটাই কথাই আমি উনুকিয়াব বিচাৰোঁ, আমাৰ সমাজত এষাৰ কথা আছে “ইতিহাসৰ পুণৰাবৃত্তি ঘটে”, আৰু এই পুণৰাবৃত্তিৰ লগত সেইসকলেহে শক্তিশালীভাৱে সন্মুখীন হব পাৰে যি সকলে ইতিহাসক বৈজ্ঞানিকভাৱে অধ্যয়ণ কৰি জাতিগঠনৰ বাবে সময়োপযোগী জ্ঞান লাভ কৰে। গতিকে আমি বৰ্তমানৰ পৰিৰ্ৱতনকামী চৰকাৰক অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত, অসমীয়া জাতিগঠন প্ৰক্ৰিয়াক শক্তিশালী কৰা স্বাৰ্থত অসমৰ বিদ্যালয় সমূহত বুৰঞ্জী শিক্ষাক বাধ্যতামূলক কৰাত গুৰুত্ব দিবলৈ দাবী জনাওঁ।
এতিয়া আহোঁ ভূগোল শিক্ষাৰ প্ৰয়োজনীয়তা বিষয়ে আলোচনা কৰিবলৈ। বুৰঞ্জী দৰে এখন সমাজৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক সুস্থিৰতা বজাই ৰখাত ভূগোলেও বিশেষ ভূমিকা পালন কৰি আহিছে। আমি ব্যক্তিগতভাৱে অনুভৱ কৰোঁ যে এখন দেশৰ এজন প্ৰকৃত নাগৰিকৰ দেশখনৰ ভৌগলিক অৱস্থান ও পৰিস্থিতি সম্পৰ্কে সম্যক জ্ঞান থকাটো খুবেই প্ৰয়োজন। উদাহৰণস্বৰূপে বৰ্তমান সময়ত অসমত অসমৰ জাতীয় জীৱনৰ প্ৰাণকেন্দ্ৰ “ব্ৰক্ষ্মপুত্ৰ”কলৈ বিভিন্ন চিন্তা-চৰ্চা আৰম্ভ হৈছে, কিন্তু “ব্ৰক্ষ্মপুত্ৰ”ৰ ভৌগলিক অৱস্থানকলৈ অৰ্থাৎ “ব্ৰক্ষ্মপুত্ৰ”ৰ কিমান অংশ চীনত, কিমান অংশ ভূটানত, কিমান অংশ বাংলাদেশত আছে তাৰ ওপৰত যদি আমাৰ সম্যক জ্ঞান নাথাকে তেন্তে আমি অনুভৱ কৰোঁ, আমি “ব্ৰক্ষ্মপুত্ৰ”লৈ কৰা চিন্তা-চৰ্চাক সময়ে বৰ বিশেষ গুৰুত্ব নিদিব।ইয়াৰ ওপৰিও অসমৰ আন এটা প্ৰধান সমস্যা “সীমা সমস্যা” আছেই, যিটো সমাধানৰ বাবেও ভূগোল শিক্ষাৰ গুৰুত্ব অপৰিসীম।
গতিকে আমি অনুভৱ কৰোঁ উপৰোক্ত সমস্যা সমূহৰ প্ৰতি আমাৰ ছাত্ৰ সমাজক সঠিক জ্ঞানেৰে সজাগ কৰা প্ৰয়োজন/সময় আহি পৰিছে আৰু ইয়াৰ বাবে আমাৰ ছাত্ৰসকলক প্ৰাথমিক স্তৰৰ পৰা ভৌগলিক জ্ঞানৰে উপযুক্ত কৰি তোলা খুবেই প্ৰয়োজন।
ইয়াৰ ওপৰিও আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটও ভূগোল শিক্ষাৰ গুৰূত্ব অপৰিসীম। বৰ্তমান সময়ত এখন দেশৰ বিশ্বজনীন গুৰুত্বক ভূ-ৰাজনৈতিক (Geo-political)দিশেৰে পৰ্য্যালোচনা কৰা হয়। এই ব্যৱস্থাত দেশখনৰ ভৌগলিক অৱস্থানৰ ওপৰিও আন দেশৰ লগত ইয়াৰ ভূ-অৰ্থনৈতিক (Geo-economics) সম্পৰ্কক গুৰুত্ব দিয়া হয়।আমি অনুভৱ আমাৰ ছাত্ৰসকলকও ভূগোলৰ এনেধৰণৰ ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় জ্ঞানেৰে চহকী কৰি তোলা সময় আহি পৰিছে। আৰু সেয়েহে আমি আশাকৰোঁ বৰ্তমানৰ চৰকাৰে আমাৰ উপৰোক্ত চিন্তাক গুৰুত্ব দি ভূগোল শিক্ষাক সুপৰিকল্পিতভাৱে অসমৰ বিদ্যালয়সমূহত বাধ্যতামূলক কৰাত অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহন কৰিব।
---------------------------------------

Comments

Popular posts from this blog

“আহোমৰ ঐতিহাসিক সমাজ ব্যৱস্থাৰ মূলত: কৃষিগত চিন্তাৰ আৰু জলব্যৱস্থাৰ বৈজ্ঞানিক বিশ্লেষণ”

ভূ তত্ত্ব শিক্ষাৰ গুৰুত্ব, শৈক্ষিক পৰিক্ৰমা আৰু সংস্থাপনৰ সুবিধা (নিয়মীয়া বাৰ্তাৰ সাপ্তাহিক শিক্ষামূলক বিশেষ পৃষ্ঠা 'শিক্ষা বাৰ্তা')

অৰ্থনৈতিক উন্নয়ন বনাম সাংস্কৃতিক প্ৰদূষণ : বিহুৰ পৰা পূজালৈ এক অৱলোকন