২ ফেব্ৰুৱাৰী বিশ্ব জলাশয় দিৱস বনাম সংকটত পানীদিহিং পক্ষী অভয়াৰণ্য




 

২ ফেব্ৰুৱাৰী 

বিশ্ব জলাশয় দিৱস বনাম সংকটত পানীদিহিং পক্ষী অভয়াৰণ্য

° বিজয় কৃষ্ণ চেতিয়া

ভূতত্ত্ববিদ

শিৱসাগৰ,অসম।

bijoykrishnaster@gmail.com

১৯৭১ চনৰ ২ ফেব্ৰুৱাৰীত ইৰাণৰ চহৰ ৰামচৰ (Ramsar) ত “আন্ত:ৰাষ্ট্ৰীয়ভাৱে  গুৰুত্বপূৰ্ণ জলাশয় বিশেষকৈ পক্ষীৰ বাসস্থান হিচাপে স্বীকৃত জলাশয়, Convention on Wetlands of International Importance especially as Waterfowl Habitat” বিষয়ত এক আন্ত:ৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত  হৈছিল। এই সন্মিলনতেই জলাশয় সংৰক্ষণ আৰু বহনক্ষম চিন্তাৰে জলাশয়ৰ ব্যৱহাৰৰ চিন্তাৰে গৃহীত এক আন্ত:ৰাষ্ট্ৰীয় চুক্তিত বিশ্বৰ প্ৰায়বোৰ দেশেই স্বাক্ষৰ কৰিছিল, এই চুক্তি পিছৰ পৰ্য্যায়ত ৰামচৰ কনভেশ্যান হিচাপে স্বীকৃত হয় আৰু এই চুক্তিখনৰ সিদ্ধান্ত সমূহক জলাশয় সংৰক্ষণৰ মৌলিক চিন্তা হিচাপে সমগ্ৰ বিশ্বই গ্ৰহন কৰে। ৰামচৰ জলাশয় সন্মিলনৰ বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি ২ ফেব্ৰুৱাৰী দিনটো প্ৰতি বছৰে সমগ্ৰ বিশ্বই বিশ্ব জলাশয় দিৱস হিচাপে উদযাপন কৰি আহিছে কিন্তু ২০২২ বৰ্ষৰ জলাশয় দিৱসটো গত বছৰবোৰতকৈ সুকীয়া। ২০২১ চনৰ ৩০ আগষ্টত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে গ্ৰহন কৰা এক প্ৰস্তাৱত ২ ফেব্ৰুৱাৰীত উদযাপিত বিশ্ব জলাশয় দিৱসক ৰাষ্ট্ৰসংঘৰ আন্ত:ৰাষ্ট্ৰীয় দিৱস হিচাপে উদযাপন কৰা সিদ্ধান্ত গ্ৰহন কৰে। 

ওপৰৰ আলোচনা পৰা এটা কথা স্পষ্ট হৈছে যে বিশ্ব জলাশয় দিৱসৰ সামগ্ৰিক চিন্তা ৰামচৰ সন্মিলনৰ পৰা আৰম্ভ হৈছে, গতিকে আমাৰ বিবেচনাত বিশ্ব জলাশয় দিৱসৰ উদ্দেশ্য তেতিয়াহে সফল হব যেতিয়া আমি ৰামচৰ সন্মিলনত গ্ৰহন কৰা সিদ্ধান্ত সমূহৰ সময়োপযোগী বৈজ্ঞানিক বিশ্লেষণৰ সহায়ত সাম্প্ৰতিক সময়ত জলাশয় সমূহলৈ অহা মানৱসৃষ্ট আৰু প্ৰকৃতিগত ভাবুকি সমূহক প্ৰতিহত কৰা ব্যৱস্থা গ্ৰহন কৰিব পাৰিম। তেনে উদ্দেশ্যেৰে তলত ৰামচৰ সন্মিলন ওপৰত সংক্ষেপে কিছু কথা আলোচনা কৰা প্ৰয়াস কৰিলোঁ।

বৰ্তমান সময়ত ৰামচৰ সন্মিলনত গৃহীত আন্ত:ৰাষ্ট্ৰীয় জলাশয় সংৰক্ষণ চুক্তিত স্বাক্ষৰ কৰা সদস্য ৰাষ্ট্ৰৰ সংখ্যা ১৭২ খন আৰু এই ১৭২ খন সদস্য ৰাষ্ট্ৰত ২৪৩৫ খন আন্ত:ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ জলাশয় আছে যি প্ৰায় ২৫৪,৬৮৫,৪২৫ হেক্ট্ৰৰ মাটিকালি সামৰি লৈছে।

 ৰামচৰ সন্মিলনত গৃহীত আন্ত:ৰাষ্ট্ৰীয় জলাশয় সংৰক্ষণ চুক্তিত ১২ টা অনুচ্ছেদ (Article) সন্নিবিষ্ট কৰা হৈছিল। যদিও এই চুক্তিত সন্নিবিষ্ট প্ৰতিটো অনুচ্ছেদেই জলাশয় সংৰক্ষণৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ, আজিৰ আমাৰ আলোচনাত বিশেষ কেইটামান অনুচ্ছেদকহে প্ৰাসংগিক কৰা প্ৰয়াস কৰিম।

১। অনুচ্ছেদ -২: ৰামচৰ চুক্তিৰ মূল চিন্তা এই অনুচ্ছেদতেই সন্নিবিষ্ট কৰা হৈছে। এই অনুচ্ছেদত উল্লেখ কৰা হৈছে যে চুক্তিত স্বাক্ষৰ কৰা প্ৰতিখন দেশে নিজৰ দেশীয় সীমাৰ ভিতৰৰ গুৰুত্বপূৰ্ণ জলাশয় সমূহক আন্ত:ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ জলাশয় তালিকাত (List of Wetlands of International Importance) অন্তভুৰ্ক্ত কৰিব লাগিব। এই তালিকাৰ তদাৰকৰ দায়িত্ব অৰ্পন কৰা হৈছে International Union for Concervation of Nature and Natural Resources (IUCN) ক আৰু সেই বিষয়টো চুক্তিৰ ৮নং অনুচ্ছেদত উল্লেখ কৰা হৈছে।

আন্ত:ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ জলাশয় তালিকাত সেই সমূহ জলাশয়কহে অন্তভুৰ্ক্তিৰ বাবে বিবেচনা কৰা হব যিসমূহ জলাশয় জৈৱ বৈচিত্ৰ্য, উদ্ভিদ বিজ্ঞান, প্ৰাণী বিজ্ঞান, বা জলবিজ্ঞানৰ আন্ত:ৰাষ্ট্ৰীয় গুৰুত্ব আছে। এইক্ষেত্ৰত প্ৰাথমিক অগ্ৰাধিকাৰ সেই সমূহ জলাশয়ক দিয়া হব যি সমূহ পক্ষীৰ বাসস্থান হিচাপে অতিকৈ গুৰুত্বপূৰ্ণ।

            এই অনুচ্ছেদত চুক্তি স্বাক্ষৰ কৰা প্ৰতিখন সদস্য দেশৰ জলাশয় সংৰক্ষণ আৰু বিজ্ঞানসন্মত ব্যৱস্থাপনা বাবে আন্ত:ৰাষ্ট্ৰীয় দায়িত্ব পালনৰ গুৰুত্ব কথাও উল্লেখ কৰা হৈছে। ইয়াৰ ওপৰিও পৰিভ্ৰমী পক্ষীৰ ক্ষেত্ৰত তালিকাভুক্ত জলাশয়ৰ সঠিক চিনাক্তকৰণ বাবে বিশেষ সৰ্তকতা অৱলম্বণৰ কথাও উল্লেখ কৰা হৈছে।

২।  অনুচ্ছেদ -৩: এই অনুচ্ছেদত আন্ত:ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ তালিকাত অন্তভুৰ্ক্ত জলাশয়ৰ সংৰক্ষণ আৰু সেই সমূহৰ সঠিক প্ৰচাৰৰ বাবে সদস্য দেশসমূহে আঁচনি প্ৰস্তুত  আৰু ৰূপায়ন কৰা কথা উল্লেখ কৰা হৈছে। 

            এই অনুচ্ছেদত জলাশয়ৰ সংৰক্ষণৰ আন এক অতি গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰিছে সেইটো হ’ল যদিহে তালিকাভুক্ত কোনো জলাশয়ে নিজৰ জৈৱ বৈচিত্ৰ্যৰ চাৰিত্ৰীক স্বকীয়তা হেৰুৱাইছে বা ঔদ্যোগিক উন্নয়ণ, প্ৰদূষণ নতুবা মানৱসৃষ্ট কোনো কাৰণত হেৰুৱা উপক্ৰম ঘটিছে তেন্তে এই বিষয়ে অনতিপলমে ওপৰত উল্লেখ কৰা তদাৰক সংস্থা IUCNক জ্ঞাত কৰিব লাগিব।

এইখিনিতে উল্লেখ কৰা উচিত হব যে IUCN য়ে পৰিৱেশৰ বিভিন্ন জৈৱ প্ৰজাতিৰ লগতে পৰিৱেশতন্ত্ৰৰ বিভিন্ন ব্যৱস্থাৰ সমূহৰ বিপদ সংকুল তালিকা নিয়মিতভাৱে প্ৰকাশ কৰি থাকে।

৩। অনুচ্ছেদ-৪: এই অনুচ্ছেদত চুক্তিত স্বাক্ষৰকাৰী সদস্য ৰাষ্ট্ৰই জলাশয়ৰ সংৰক্ষণক তৰাম্বিত কৰা স্বাৰ্থত জলাশয়ত সংৰক্ষিত বনাঞ্চল গঢ় দিব লাগিব আৰু যথোচিত প্ৰসাৰৰ ব্যৱস্থাও কৰিব লাগিব। 

            এই অনুচ্ছেদত উল্লেখ কৰা আন এক গুৰুত্বপূৰ্ণ বিষয় হ’ল, যদিহে কোনো সদস্য ৰাষ্ট্ৰই নিজৰ জৰুৰী দেশীয় স্বাৰ্থত তালিকাভুক্ত জলাশয়ৰ সীমা হ্ৰাস কৰা কাম কৰে তেন্তে সেই সদস্য ৰাষ্ট্ৰই জলাশয়ৰ প্ৰাকৃতিক সম্পদৰ ক্ষতিৰ উচিত ক্ষতিপূৰণ দিব লাগিব আৰু এনে পৰিস্থিতিত যদি সম্ভৱ হয় তেন্তে জলাশয়ৰ কাষতে জলনিৰ্ভৰ পক্ষীৰ বাবে অতিৰিক্ত সংৰক্ষিত প্ৰাকৃতিক অঞ্চল গঢ়ি দিব লাগিব নতুবা আন উপযুক্ত ঠাইত ক্ষতি হোৱা জলাশয়ৰ দৰে সংৰক্ষিত প্ৰাকৃতিক অঞ্চল গঢ়ি দিয়াৰ ব্যৱস্থা কৰিব লাগিব।

            সদস্য ৰাষ্ট্ৰই তালিকাভুক্ত জলাশয়ৰ সঠিক গৱেষণাৰ ব্যৱস্থা কৰা লগতে ইয়াৰ উদ্ভিদকূল আৰু প্ৰাণীকূলৰো বৈজ্ঞানিক অধ্যয়নৰ যথোচিত ব্যৱস্থা কৰিব লাগিব। গৱেষণাৰ তথ্য সমূহ প্ৰকাশ কৰা লগতে ও আদান-প্ৰদানৰো উচিত ব্যৱস্থা কৰিব লাগিব।

            সদস্য ৰাষ্ট্ৰই জলাশয় সমূহত জলনিৰ্ভৰ পক্ষীৰ সংখ্যা বৃদ্ধিৰ বাবে যথোচিত ব্যৱস্থা গ্ৰহন কৰিব লাগিব।

            সদস্য ৰাষ্ট্ৰই জলাশয় সংৰক্ষণৰ গুৰুত্বৰ সঠিক প্ৰসাৰৰ বাবে জলাশয় গৱেষণা, জলাশয় ব্যৱস্থাপনা আৰু প্ৰসাৰতাত দক্ষ ব্যক্তিৰ দ্বাৰা প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব  লাগিব।

       ৰামচৰ সন্মিলনৰ আন্ত:ৰাষ্ট্ৰীয় চুক্তিখনৰ মূল অনুচ্ছেদ কেইটাৰ আলোচনা আমি ইমানতেই সামৰিছোঁ আৰু ওপৰৰ আলোচনাৰ আঁত ধৰি অসমৰ জলাশয়ৰ সামগ্ৰিক পৰিৱেশৰ কিছু কথা তলত আলোচনা কৰা প্ৰয়াস কৰিছোঁ।

            ৰামচৰ সন্মিলনত গৃহীত জলাশয় সংৰক্ষণৰ আন্ত:ৰাষ্ট্ৰীয় চুক্তিখন আমাৰ দেশত কাৰ্য্যকৰী হয় ০১ ফেব্ৰুৱাৰী,১৯৮২ চনত, আন্ত:ৰাষ্ট্ৰীয়ভাৱে গৃহীত হোৱাৰ প্ৰায় এটা দশকৰ পিছত। বৰ্তমান সময়ত ভাৰতত ৪৭খন আন্ত:ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ জলাশয় আছে আৰু আমাৰ গৌৰৱৰ কথা যে এই ৪৭খনৰ ভিতৰত অসমৰ দীপৰবিল খনো আছে। কিন্তু অতি পৰিতাপৰ কথা হ’ল বৰ্তমান সময়ত আমি দীপৰ বিলক জীয়াই ৰাখিবলৈ জন সংগ্ৰাম কৰিব লগা এক পৰিৱেশ সৃষ্টি হৈছে। দীপৰ বিলৰ কাষত ডাম্পিং গ্ৰাউণ্ড বন্ধ কৰিবলৈ অসমৰ ৰাইজে  প্ৰতিবাদ  কৰিব লগা হৈছে, দীপৰ বিলৰ মাজেদি ৰেলৰ লাইন নিয়াত বাধা দিবলৈ ৰাইজে প্ৰতিবাদ কৰিব লগা হৈছে। অথচ ৰামচৰ আন্ত:ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ জলাশয় হিচাপে স্বীকৃত দীপৰ বিলে সাংবিধানিকভাৱে এক সুৰক্ষা আৰু বিকাশৰ সুবিধা পাব লাগিছিল আমি ইতিমধ্যেই ওপৰৰ আলোচনাত উল্লেখ কৰিছোঁ। বিষয়বোৰ অতি চিন্তনীয়। আমি পুঁজিবাদী ঔদ্যোগিক উন্নয়ণত নিজৰ আন্ত:ৰাষ্ট্ৰীয় গৰিমা বিসৰ্জন দিবলৈও সাজু, কেনে এক নিম্ন মানসিকতাৰে বৰ্তমানৰ মানৱ সভ্যতা পৰিচালিত হৈছে ভাবকচোন এবাৰ।

এতিয়া আহোঁ অসমৰ একমাত্ৰ পক্ষী অভয়াৰণ্যখনৰ প্ৰসংগলৈ। দুখজনক যদিও এই কথা সঁচা যে অসমৰ নতুন প্ৰজন্মৰ বেছি সংখ্যকেই ছাগে অসমৰ একমাত্ৰ পক্ষী অভয়াৰণ্যখনৰ নাম শুনা নাই। দোষ তেওঁলোকৰ নহয় দোষ আমাৰ আমি তেওঁলোকৰ বাবে অসমৰ একমাত্ৰ পক্ষী অভয়াৰণ্যখন জীয়াই ৰাখিব পৰা নাই। ১৯৯৬ চনত অসম চৰকাৰে পক্ষী অভয়াৰণ্য বুলি ঘোষনা কৰা পানীদিহিং পক্ষী অভয়াৰণ্যৰ আজিৰ অৱস্থা  অতিকৈ সংকটজনক। ২০০৪ চনত পক্ষী সুৰক্ষাৰ আন্ত:ৰাষ্ট্ৰীয় সংস্থা BirdLife International এ পানীদিহিং পক্ষী অভয়াৰণ্যক গুৰুত্বপূৰ্ণ পক্ষী অঞ্চল হিচাপে স্বীকৃতি দিছিল। কিন্তু অতি পৰিতাপৰ কথা ২০০৪ চনৰ পিছৰ পৰা পানীদিহিংত পক্ষীকলৈ কোনোধৰণৰ বৈজ্ঞানিক জৰীপৰ ব্যৱস্থা কৰা নহ’ল। Newsletter for Birdwatchers ৰ ১৯৯৪ চনৰ জুলাই –আগষ্ট সংখ্যাত  সদ্য প্ৰয়াত পৰিৱেশ গৱেষক ডা:দীপ্তিমন্ত বৰুৱা দেৱৰ “Birds of Panidihing” নামৰ এক লেখা প্ৰকাশ পাইছিল। এই লেখাত বৰুৱা দেৱে পানীদিহিংৰ বাবে সাম্ভাব্য বিপদ ওপৰত বিজ্ঞানসন্মত আলোচনা আগবঢ়োৱাৰ লগতে ১৯৮৮ চনৰ ১৯৯৪ চনলৈকে তেওঁ কৰা পক্ষী জৰীপৰ ভিত্তিত পানীদিহিং লৈ অহা ১৬৪ বিদ দেশীয় আৰু পৰিভ্ৰমী চৰাই তালিকাও সন্নিবিষ্ট কৰিছিল। এই চৰাই সমূহৰ উপস্থিতি বৰ্তমান সময়ত কিমান তাৰ কোনো তথ্য এতিয়া পাবলৈ নাই। এখন পক্ষী অভয়াৰণ্য অথচ পক্ষীৰ বৈজ্ঞানিক জৰীপ নহয়, আচৰিত নহয় নে কথাবোৰ?

পানীদিহিং পক্ষী অভয়াৰণ্যখন প্ৰকৃততে বহু কেইখন বিলৰ সমাহাৰত গঠন হোৱা এক বিশাল আদ্ৰভূমি। এই বিল সমূহেই আছিলন বিভিন্ন পক্ষীৰ বাসস্থান। কিন্তু এই বিল সমূহত মানুহে অবহনক্ষম চিন্তাৰে আৰম্ভ কৰা মৎস্য চিকাৰে বিল সমূহৰ প্ৰাকৃতিক জলধাৰণ ক্ষমতা নষ্ট কৰিলে যাৰ বিল সমূহ জৈৱ বৈচিত্ৰ্যতা বিলুপ্ত হ’ল, এক কথাত বিল সমূহ খৰাং হ’ল। পানীদিহিংক জীয়াই ৰখাৰ স্বাৰ্থত এই বিল সমূহক স্থানীয় ৰাইজৰ সহযোগত এক সামূহিক বহনক্ষম চিন্তাৰে জীয়াই ৰখাটো অতিকৈ জৰুৰী আছিল। সেয়েহে বতৰ্মান সময়ত যি কেইখন বিল জীয়াই আছে সেইখনক জীয়াই ৰখাৰ এক বৈজ্ঞানিক নীতি অতি সোণকালে প্ৰস্তুত কৰি ৰূপায়নৰ ব্যৱস্থা কৰিব লাগে। ইয়াৰ লগতে পানীদিহিংতহৈ থকা চৰাই চোৰাং নিধন বন্ধ কৰিবলৈ স্থানীয় ৰাইজৰ মাজত জলাশয় সংৰক্ষণৰ গুৰুত্ব সম্পৰ্কে ব্যাপক প্ৰচাৰ কৰা ব্যৱস্থা হব লাগে।এইক্ষেত্ৰত পৰিৱেশ সুৰক্ষাত ব্যস্ত থকা সামাজিক সংস্থা সমূহে অগ্ৰনী ভূমিকা গ্ৰহন কৰাটো জৰুৰী। ইয়াৰ ওপৰিও এটা গুৰুত্বপূৰ্ণ পক্ষী এলেকাৰ সমীপত হৈ থকা বিভিন্ন উন্নয়ণমূলক কাম সমূহৰ ফলত পক্ষীকূলৰ বাসস্থানৰ ওপৰত আৰু গতিশীল জলজ ব্যৱস্থাৰ ওপৰত পৰিব পৰা নেতিবাচক প্ৰভাৱৰ বিষয়ে সম্যক ধাৰণা আহৰণ কৰিবলৈ এক পৰিবেশীয় জৰীপৰ ব্যৱস্থা সংশ্লিষ্ট বিভাগে অনতিপলমে কৰাটো আমাৰ বিবেচনাত অতিকৈ জৰুৰী। 

সদৌ শেষত আমি অসমৰ প্ৰতিখন জলাশয়ক আন্ত:ৰাষ্ট্ৰীয় মৰ্য্যদাৰে জীয়াই ৰখাৰ এক সুস্থ পৰিৱেশ গঢ় দিবলৈ প্ৰতিজন বিবেকৱান ৰাইজক অনুৰোধ জনোৱাৰ লগতে ৰামচৰ আন্ত:ৰাষ্ট্ৰীয় চুক্তিখন সঠিক অৰ্থত ৰূপায়ন কৰি জলাশয় সমূহক মানৱ জাতিৰ উত্তৰণৰ চিন্তাৰে ব্যৱহাৰ কৰি এক আৰ্থ-প্ৰাকৃতিক সন্তুলণ গঢ় দিবলৈ সংশ্লিষ্ট বিভাগকেই অনুৰোধ জনালোঁ। আমি বিশ্বাস কৰোঁ এনে চিন্তা দ্বাৰাহে এই বিশ্ব জলাশয় দিৱসৰ যি চিন্তা, Wetland Action for People and Nature সচাঁ অৰ্থত অনুধাৱন কৰিব পৰা যাব।

(বিশ্ব জলাশয় দিৱসৰ এই লেখাটি সদ্য প্ৰয়াত পৰিৱেশ গৱেষক ডা:দীপ্তিমন্ত বৰুৱা ছাৰলৈ উৎসৰ্গা কৰিলোঁ)

 


Comments

Popular posts from this blog

“আহোমৰ ঐতিহাসিক সমাজ ব্যৱস্থাৰ মূলত: কৃষিগত চিন্তাৰ আৰু জলব্যৱস্থাৰ বৈজ্ঞানিক বিশ্লেষণ”

ভূ তত্ত্ব শিক্ষাৰ গুৰুত্ব, শৈক্ষিক পৰিক্ৰমা আৰু সংস্থাপনৰ সুবিধা (নিয়মীয়া বাৰ্তাৰ সাপ্তাহিক শিক্ষামূলক বিশেষ পৃষ্ঠা 'শিক্ষা বাৰ্তা')

অৰ্থনৈতিক উন্নয়ন বনাম সাংস্কৃতিক প্ৰদূষণ : বিহুৰ পৰা পূজালৈ এক অৱলোকন