Posts

সাম্প্ৰতিক বানৰ সময়ত প্ৰদূষিত জলব্যৱস্থাকলৈ আমাৰ চিন্তা

Image
ড° বিজয় কৃষ্ণ চেতিয়া ভূতত্ত্ববিদ শিৱসাগৰ,অসম যোগাযোগ নম্বৰ ৯৯৫৪২-৫৩৫৫৩ সাম্প্ৰতিক সময়ত বাৰিষাৰ দুটাকৈ প্ৰলয়ংকাৰী বানে অসমৰ জনজীৱনলৈ এক অতি ভয়াবহ অৱস্থা কঢ়িয়াই আনিছে। এই দুই জল মহাপ্ৰলয়ত বৰ্তমান সময়লৈকে লক্ষাধিক জনগন ক্ষতিগ্ৰস্থ হৈছে আৰু অতি দুখজনক ভাৱে ১৫০ ৰ অধিক লোকে মৃত্যুক সাৱটি লৈছে। কিন্তু এই ভয়াবহ দুৰ্যোগৰ সময়ত অসমৰ সৰ্বস্তৰৰ লোকে যি উৎসাহেৰে, নিজস্ব সাৰ্মথ্যৰ দান-বৰঙনিৰে বানপীড়িত সকলৰ প্ৰতি যেনেধৰণৰ সহায় আগবঢ়াইছে, আমাৰ দৃষ্টিত ই অসমৰ মজবুত সামাজিক সম্প্ৰতিৰ এক সুন্দৰ নিৰ্দশন। এইখিনিতে আমি এক অন্য চিন্তাক প্ৰাসংগিক কৰা প্ৰয়াস কৰিছোঁ। আমি সাম্প্ৰতিক সময়ত অনুভৱ কৰোঁযে ওপৰত উল্লেখ কৰা দৰে মহৎ জনকল্যানমূলক চিন্তা সমূহক অধিক সৰ্বাংগ সুন্দৰভাৱে সজাঁই তোলাৰ স্বাৰ্থত এই মহান চিন্তাসমূহৰ পৰা আমি সততে প্ৰকাশ কৰা আমাৰ আৱেগিক চিন্তা সমূহক কিছু নিলগত ৰাখি এই চিন্তাসমূহৰ লগত কিছু বৈজ্ঞানিক চিন্তাৰ সংযোজন কৰাটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে আৰু এনে বৈজ্ঞানিক চিন্তাৰ সংযোজনৰ দ্বাৰা বানৰ সময়ত বা বানৰ পিছত সৃষ্টি হোৱা ৰোগজনিত ভয়াবহতাক কিছু পৰিমাণে হলেও হ্ৰাস কৰাত সফল হব পৰা যাব বুলি আমি ব্যক...

ভূ তত্ত্ব শিক্ষাৰ গুৰুত্ব, শৈক্ষিক পৰিক্ৰমা আৰু সংস্থাপনৰ সুবিধা (নিয়মীয়া বাৰ্তাৰ সাপ্তাহিক শিক্ষামূলক বিশেষ পৃষ্ঠা 'শিক্ষা বাৰ্তা')

Image
আজিৰ কেৰিয়াৰ অৰ্থাৎ শৈক্ষিক পৰিক্ৰমা শিতানত আমি ভূতত্ত্ব বিজ্ঞানৰ বিষয়ে কিছু আলোচনা কৰিব বিচাৰিছোঁ।ভূতত্ত্ব বিজ্ঞানক ইংৰাজীত ‘Geology’ বুলি কোৱা হয়, ই এটা গ্ৰীক শব্দ যাৰ অৰ্থ Geo মানে পৃথিৱী আৰু logy (logia) মানে অধ্যয়ন অথাৎ পৃথিৱীৰ অধ্যয়ন আৰু সেইবাবে ভূতত্ত্ব বিজ্ঞানক বহুক্ষেত্ৰত Earth Science বুলিও কোৱা হয়। মানৱ উত্তৰণৰ বাবে প্ৰয়োজনীয় বিজ্ঞানৰ আন বোৰ বিষয়ৰ দৰেই ভূতত্ত্ব বিজ্ঞানও সমানেই গুৰুত্বপূৰ্ণ। এইখিনিতে ভূতত্ত্ব বিজ্ঞানত কি কি বিষয়ৰ ওপৰত অধ্যয়ন কৰা হয় তাৰ বিষয়ে থূল মূলকৈ আলোচনা কৰিব বিচাৰিছোঁ। সামগ্ৰিকভাৱে ভূতত্ত্ব বিজ্ঞানত পৃথিৱীৰ সৃষ্টিৰ পৰা বৰ্তমানলৈকে পৃথিৱীৰ ভূ-পৃষ্টত বা ভূ অন্তভাৰ্গত ঘটি থকা বিভিন্ন ভৈতিক, ৰাসায়নিক আৰু প্ৰাকৃতিক পৰিঘটনাক বৈজ্ঞানিক চিন্তাৰে অধ্যয়ন কৰা হয়। আৰু এইক্ষেত্ৰত বিজ্ঞানৰ অন্য বিষয় সমূহৰ লগত ভূতত্ত্ব বিজ্ঞানৰ এক মজবুত শৈক্ষিক সহযোগিতা স্থাপন কৰা হয়, উদাহৰণস্বৰূপে ভূ-পদাৰ্থ বিজ্ঞান (Geophysics), ভূ ৰসায়ন বিজ্ঞান (Geochemistry) আদি। পৃথিৱীত সংঘটিত ভূতাত্ত্বিক পৰিঘটনা সমূহৰ জীৱন কাল যথেষ্ট দীঘলীয়া (নিযুত বছৰ)।এই দীঘলীয়া পৰিক্ৰমাত এই পৰিঘটনা সমূহ কি...

সংকট সাহিত্যত নে আমাৰ চিন্তাত

Image
যোৱা কিছুদিন ধৰি অসমত ২০১৬ চনৰ সাহিত্য অকাদেমীৰ অসমীয়া যুৱ সাহিত্য বঁটাটোক লৈ সাংঘাটিক বিৰ্তক সূচনা হৈছে আৰু এই বিৰ্তকই পোন প্ৰথমে ছচিয়েল মিডিয়াত বিশেষ চৰ্চা লাভ কৰিছিল আৰু শেহতীয়াকৈ প্ৰিণ্ট মিডিয়া আৰু ইলেকট্ৰ্নিক মিডিয়াতও উপৰোক্ত বিষয়টোৱে প্ৰয়োজনীয় চৰ্চা লাভ কৰা আমাৰ দৃষ্টিগোচৰ হৈছে। সাহিত্য অকাদেমীৰ অসমীয়া যুৱ সাহিত্য বঁটাটোকলৈ বৰ্তমান লৈকে যেনেধৰণৰ বিৰ্তক হৈ আছে তাত আমি তিনিটা ধাৰা লোক দেখা পাইছো, প্ৰথম যিসকলে সাহিত্য অকাদেমীৰ অসমীয়া যুৱ সাহিত্য বঁটা -২০১৬ ৰ বাচনি প্ৰক্ৰিয়াত (system) অনিয়ম হৈছে বুলি দাবী কৰিছে, দ্বিতীয়তে আন কিছুৱে সেই দাবীক নৎসাত কৰি অৰ্থাৎ অনিয়ম নাই বুলি দাবী কৰিছে আৰু তৃতীয় এটা চামে দুয়োপক্ষৰ পৰা নিৰাপদ দূৰত্বত অৱস্থান কৰি “ হবও পাৰে নতুবা হৈছে জানো” ধৰণৰ চিন্তাই নিজকে উপস্থাপন কৰিছে। প্ৰথম আৰু দ্বিতীয় ধাৰাটোক লৈ আমি সিমান চিন্তিত নহয় কাৰণ দুয়োপক্ষই নিজস্ব যুক্তি দাঙি ধৰিব প্ৰয়াস কৰিছে , কিন্তু আমি চিন্তিত এই তৃতীয় চামটোকলৈ যি নিজস্ব কোনো যুক্তি বিশ্লেষণ নোহোৱাকৈ এই বিৰ্তকৰ আলমলৈ অসমত এক বৌদ্ধিক সন্ত্ৰাসৰ পৰিৱেশ সূচনা কৰাৰ প্ৰয়াস কৰিছে। আৰু সেয়েহে ছাগে ...

গুৱাহাটীৰ নগৰীয় বান সমস্যা আৰু আমাৰ চিন্তা

Image
সাম্প্ৰতিক সময়ৰ অসমৰ আটাইতকৈ চৰ্চিত আৰু ভয়াবহ বিষয়টোৱে হৈছে উত্তৰমুখৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটীৰ মহানগৰীৰ "মহানগৰীয় বান সমস্যা" (urban flood problem)। এই বিষয়টোক বহু চিন্তাবিদে কৃটিম বান বুলি অভিহিত কৰে যদিও এই গঞাই এই সমস্যাটোক কিন্তু মহানগৰীয় বান সমস্যা বুলি অভিহিত কৰিব বিচাৰে। আৰু ইয়াৰ অন্তৰালতে আচলতে সমস্যাৰ সমাধানৰ সূত্ৰও জড়িত হৈ আছে বুলি আমি অনুভৱ কৰোঁ। কৃটিম শব্দটোৱে একপ্ৰকাৰৰ সমাধানহীন অৱস্থাকহে স্বীকৃত কৰা যেন আমাৰ অনুভৱ হয়। কোনো এখন ঠাই যেতিয়া মহানগৰীলৈ ৰূপান্তৰ হয় তেতিয়া সেই ঠাই ডুখৰৰ জলব্যৱস্থাত দুই ধৰণৰ পৰিৱৰ্তন দেখা যায়, ক। জলনাটনি খ। বানসমস্যা আমি যদি দুয়োটা বিষয়ৰ কাৰণসমূহ বিশ্লেষণ কৰা প্ৰয়াস কৰোঁ তেন্তে দেখিম যে এই কাৰকসমূহৰ ইটো ওপৰত সিটোৰ প্ৰভাৱ অপৰিসীমিত। তলত কিছু সংক্ষেপে আলোচনা কৰা প্ৰয়াস কৰিলোঁ, ক। জলনাটনি: এই ক্ষেত্ৰত তিনিটা মূল কাৰণ বাচি উলিয়াব পাৰি, ১. জনসংখ্যা বৃদ্ধি ২. উদ্যোগীকৰণ ফলত পানীৰ চাহিদা বৃদ্ধি ৩. আৰু আটাইতকৈ গুৰুত্বপূৰ্ণটো হ'ল ভূপৃষ্টৰ পানীৰ প্ৰাকৃতিক সজীৱকৰণ প্ৰক্ৰিয়াক পকীকৰণ বা কংক্ৰিটকৰণৰ দ্বাৰা বাধা প্ৰদান আৰু সজীৱকৰ...

কাজিৰঙাৰ নিৰাপত্তা - আমাৰ দুশ্চিন্তা (নিয়মীয়া বাৰ্তা , ০৬/০৬/২০১৭)

Image
২৬ মে’ ২০১৭, শুকুৰবাৰ। এই তাৰিখটো অসমৰ ইতিহাসৰ বাবে এটা অতি স্মৰণীয় দিন। কাৰণ এই দিনটো, অসমৰ বাবে যুগান্তকাৰী বুলি বিবেচিত তিনিটাকৈ ঘটনা স্বাক্ষৰ হৈ ৰৈছিল আৰু সেই ঘটনা কেইটা কি আছিল বহলাই কোৱা প্ৰয়োজন নাই যদিও এই আলোচনাৰ স্বাৰ্থত তলত চমুকৈ উল্লেখ কৰা লোভ সামৰিব নোৱাৰিলো, ক। দেশৰ প্ৰধানমন্ত্ৰী দ্বাৰা অসমৰ পূৰ্ব সীমান্তৰ যোগাযোগৰ দীৰ্ঘ-দিনীয়া সমস্যা নিৰ্মূলৰ লগতে দেশীয় নিৰাপত্তা বাবেও বিশেষ গুৰুত্বপূৰ্ণ বুলি বিবেচিত ঢলা-শদিয়া সংযোগী দলংৰ শুভ উদ্ধোধন। আৰু এই দলংক অসমৰ স্বনামধন্য শিল্পী ড০ ভূপেন হাজৰিকাৰ নামত দেশবাসীৰ বাবে উৎসৰ্গিত কৰাটো আমাৰ দৃষ্টিত অসমৰ জাতীয় পৰিচয়ক বিশ্বৰ আগত চিনাকি কৰাই দিয়াৰ ক্ষেত্ৰত বিশেষভাৱে উল্লেখনীয়। খ।দ্বিতীয়তে, দেশৰ প্ৰধানমন্ত্ৰী দ্বাৰা গোগামুখত দেশৰ তৃতীয়টো কৃষি গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন। আমি ব্যক্তিগত ভাৱে বিশ্বাস কৰোঁ যে অসমৰ লগতে উত্তৰ-পূব্বাঞ্চলৰ কৃষিক্ষেত্ৰৰ ক্ষীপ্ৰ বিকাশত এই প্ৰতিষ্ঠানে বিশেষ অৰিহনা যোগাবলৈ সক্ষম হব। গ। তৃতীয়তে, দেশৰ প্ৰধানমন্ত্ৰী দ্বাৰা অসমৰ চিকিৎসা ক্ষেত্ৰৰ বাবে যুগান্তকাৰী বুলি বিবেচিত হোৱা সৰ্বভাৰতীয় আয়ুবিজ্ঞান প্ৰত...

ফলাফলৰ বতৰ, সম্বৰ্ধনা অনুষ্ঠান আৰু মাটিৰ প্ৰতি প্ৰতিভাধৰ সকলৰ দ্বায়িত্ব ( নিয়মীয়া বাৰ্তাত প্ৰকাশিত)

Image
শিক্ষাৰ মূল উদ্দেশ্য কি? একবিংশ শতিকাত শিক্ষাৰ মূল উদ্দেশ্য আৰু শিক্ষাৰ মানদণ্ডৰ ওপৰত যথেষ্ট গৱেষণা কৰা হৈছে আৰু এই গৱেষণাবোৰৰ পৰা সামাজিক চিন্তাবিদ সকলে শিক্ষাৰ মূল উদ্দেশ্যৰ ব্যাখা এনেদৰে আগবঢ়াইছে “এজন ব্যক্তিক জ্ঞানৰ দ্বাৰা চিন্তাশীল কৰি, তেওঁৰ ব্যক্তিগত প্ৰতিভাক সমাজ উত্তৰণত জড়িত কৰি, তেওঁক সামাজিকভাৱে দ্বায়িত্বশীল কৰি তোলাই শিক্ষাৰ মূল উদ্দেশ্য”। এতিয়া কথা হ’ল ওপৰোক্ত ব্যাখাটি আমি কিমানে অনুধাৱন কৰিব পাৰিছোঁ আৰু নিজৰ জীৱনটোক এই মতাদৰ্শৰে পালিত কৰিব পাৰিছোঁ।মোৰ দৃষ্টিত আমি বহুতে এইক্ষেত্ৰত সফল হব পৰা নাই, কাৰণ শিক্ষিত হাৰ বৃদ্ধি অনুসাৰে সমাজৰ উন্নয়ন আৰু পৰিৰ্ৱতন আজিও হোৱা নাই।আজিও সমাজ অন্ধ বিশ্বাসৰ বলি আৰু বিশৃংখলতাৰ ভূক্তভোগী, আজিও সমাজে নাৰী সৱলীকৰণৰ সপক্ষে আৰু শিশু শ্ৰমিকৰ বিৰুদ্ধে মাত মাতিবলৈ সংকোচ কৰে। কিন্তু কিয়, অথাৎ আমি শিক্ষাৰ মূল উদ্দেশ্যৰ পৰা ফালৰি কাটি সমাজ উত্তৰণতকৈ ব্যক্তিগত উত্তৰণৰ বাবেহে শিক্ষাক এক আহিলা ৰূপে ব্যৱহাৰ কৰিবলৈ লৈছোঁ।যাৰ ফলত নিজ প্ৰতিভাক সঠিকভাৱে চিনাক্ত তথা দিক্ নিৰ্দেশ কৰিব নোঁৱাৰি, আনৰ ইচ্ছাৰে পৰিচালিত হৈ বস্তবাদী প্ৰতিযোগিতামূলক পৰিবেশত, শিক...

বিৰ্তকত “বিহু”, সাংস্কৃতিক প্ৰদূষণ আৰু ৰেহেনা খিচগিৰ চিন্তা

Image
ব'হাগ মাহটো অসমীয়া জাতীয় জীৱনৰ বাবে এক উল্লেখযোগ্য মাহ, ব'হাগে আমাৰ অসমীয়া জাতীয় চেতনাক সজীৱ কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আমি ব্যক্তিগতভাৱে অনুভৱ কৰোঁ এইমাহটোতে নতুন ধনাত্নক আৰু যোগাত্মক চিন্তা কৰা সুন্দৰ পৰিৱেশ প্ৰকৃতিয়ে আমাক দিছে আৰু সেইয়েহে জাতিৰ উত্তৰণৰ স্বাৰ্থত বিৰ্তকবোৰক আতৰাই এক নতুন চিন্তা প্ৰতিটো ব'হাগতে জন্ম দিয়াৰ কথাহে আমি ভৱাৰ প্ৰয়োজন আছে বুলি আমি ব্যক্তিগত ভাৱে অনুভৱ কৰোঁ। আমি অনুভৱ কৰিছোঁ যোৱা কেইবছৰমানৰ পৰা ব'হাগৰ কুঁহিপাত ওলাবলৈ পাই কি নাপায় অসমীয়া সমাজত ৰঙালী বিহুটোক লৈ বিৰ্তক আৰম্ভ হৈয়ে। আৰু ইয়াৰ বেছিভাগ বিৰ্তকই কিন্তু ঋনাত্নক চিন্তাৰে সমৃদ্ধ। এনেবোৰ বিৰ্তকই আমাকও বিহুৰ বিষয়ে চিন্তা কৰিবলৈ বাধ্য কৰিছে। আমি ব্যক্তিগত অনুভৱ কৰোঁ, বিহুটোক যিদিনাই গাঁৱৰ আনি মঞ্চত তুলিলে সেইদিনা পৰাই অসমীয়া সংস্কৃতিলৈ পুঁজিবাদী চিন্তাৰ আগ্ৰাসন আৰম্ভ হ'ল বুলি থাৱৰ কৰিব পাৰি। সেইসময়ত বহুতে ক'ব বিচাৰিছিল যে এনে পুঁজিবাদী চিন্তাৰে বিহুক বিশ্বৰ সাংস্কৃতিক দৰবাৰত সৱল ভাৱে প্ৰতিষ্ঠা কৰাত সহায়ক হব বা সফল হ’ব। কিন্তু আজি তাৰিখত সাংস্কৃতিক পুঁজিবা...