সংকট সাহিত্যত নে আমাৰ চিন্তাত





যোৱা কিছুদিন ধৰি অসমত ২০১৬ চনৰ সাহিত্য অকাদেমীৰ অসমীয়া যুৱ সাহিত্য বঁটাটোক লৈ সাংঘাটিক বিৰ্তক সূচনা হৈছে আৰু এই বিৰ্তকই পোন প্ৰথমে ছচিয়েল মিডিয়াত বিশেষ চৰ্চা লাভ কৰিছিল আৰু শেহতীয়াকৈ প্ৰিণ্ট মিডিয়া আৰু ইলেকট্ৰ্নিক মিডিয়াতও উপৰোক্ত বিষয়টোৱে প্ৰয়োজনীয় চৰ্চা লাভ কৰা আমাৰ দৃষ্টিগোচৰ হৈছে।
সাহিত্য অকাদেমীৰ অসমীয়া যুৱ সাহিত্য বঁটাটোকলৈ বৰ্তমান লৈকে যেনেধৰণৰ বিৰ্তক হৈ আছে তাত আমি তিনিটা ধাৰা লোক দেখা পাইছো, প্ৰথম যিসকলে সাহিত্য অকাদেমীৰ অসমীয়া যুৱ সাহিত্য বঁটা -২০১৬ ৰ বাচনি প্ৰক্ৰিয়াত (system) অনিয়ম হৈছে বুলি দাবী কৰিছে, দ্বিতীয়তে আন কিছুৱে সেই দাবীক নৎসাত কৰি অৰ্থাৎ অনিয়ম নাই বুলি দাবী কৰিছে আৰু তৃতীয় এটা চামে দুয়োপক্ষৰ পৰা নিৰাপদ দূৰত্বত অৱস্থান কৰি “ হবও পাৰে নতুবা হৈছে জানো” ধৰণৰ চিন্তাই নিজকে উপস্থাপন কৰিছে। প্ৰথম আৰু দ্বিতীয় ধাৰাটোক লৈ আমি সিমান চিন্তিত নহয় কাৰণ দুয়োপক্ষই নিজস্ব যুক্তি দাঙি ধৰিব প্ৰয়াস কৰিছে , কিন্তু আমি চিন্তিত এই তৃতীয় চামটোকলৈ যি নিজস্ব কোনো যুক্তি বিশ্লেষণ নোহোৱাকৈ এই বিৰ্তকৰ আলমলৈ অসমত এক বৌদ্ধিক সন্ত্ৰাসৰ পৰিৱেশ সূচনা কৰাৰ প্ৰয়াস কৰিছে। আৰু সেয়েহে ছাগে এই বিৰ্তকৰ সমান্তৰালভাৱে আন এক গভীৰ চিন্তাই অসমীয়া ৰাইজক চিন্তিত কৰি তুলিছে, সেইটো হ'ল “অসমীয়া সাহিত্য লৈ সংকট আহিছে নেকি?” এই বিষয়ে আমাৰ মনলৈ অহা কিছু ভাৱ প্ৰকাশ কৰিব বিচাৰিছোঁ।

প্ৰথমতেই, আমি ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ যে চিন্তাৰ উৰ্ধত সাহিত্য নহয়। যদিহে আমি ভাবি লওঁ সাহিত্যলৈ সংকট আহিছে তেন্তে তাৰ আগতেই আমি স্বীকাৰ লব লাগিব আমাৰ চিন্তালৈও সংকট আহিছে আৰু আমি অনুভৱ কৰোঁ এই চিন্তাৰ সংকট বিষয়টোৱেহে বৰ্তমান সময়ত অধিক গুৰুত্ব পাব লাগে বা আলোচিত হব লাগে। এই খিনিতে উল্লেখ কৰি থোৱা ভাল হব যে আমি উল্লেখ কৰা চিন্তাৰ সংকট কেৱল অসমীয়া সমাজলৈকে আহিছে তেনে নহয় বৰ্তমান সময়ত চিন্তাৰ সংকট এক গভীৰ বিশ্বজনীন সমস্যা। বহুতে হয়তু প্ৰশ্ন কৰিব এই চিন্তাৰ সংকট নো কি? আমি চিন্তাৰ সংকট বুলি কওঁতে বিশেষ জটিল বিষয় এটা উপস্থাপন কৰিব বিচৰা নাই, আমি চিন্তা সংকট বুলি কওঁতে খুব সৰলকৈ আমাৰ মানসিক আন্ত:গাঁঠনিত দেখা দিয়া খৰাং পৰিৱেশৰ কথাহে ব্যক্ত কৰিব বিচাৰিছোঁ। আৰু এই খৰাং পৰিৱেশ সৃষ্টিৰ আঁৰত আমি ব্যক্তিগত বিবেচনাৰে চাৰিটা কাৰণ বিচাৰি পাওঁ,

ক। অধ্যয়নৰ অভাৱ
খ। অধ্যয়নৰ্ পৰা প্ৰয়োজনীয় তথ্য আহৰণ কৰা মানসিকতাৰ অভাৱ
গ। তথ্য সহায়ত বিষয় বস্তু বিশ্লেষণ কৰা মানসিক সাহসৰ অভাৱ।
ঘ। সময়ভিত্তিক গৱেষণামূলক আৰু তুলনামূলক অধ্যয়নৰ বাবে মানসিক প্ৰস্তুতিৰ অভাৱ।

উপৰোক্ত ব্যখ্যাত আমি যি চিন্তাৰ সংকটৰ কথা ব্যক্ত কৰিব প্ৰয়াস কৰিছো, সেই ‘চিন্তা সংকট’ৰ প্ৰভাৱ কেৱল যে সাহিত্য ক্ষেত্ৰতেই পৰিছে তেনে নহয়, ইয়াৰ প্ৰভাৱ অসমীয়াৰ সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক প্ৰতিখন ক্ষেত্ৰতে পৰিছে। কিন্তু আমি এটা কথাত গভীৰভাৱে বিশ্বাস কৰোঁ যে সাহিত্যই এটা জাতিৰ মেৰুদণ্ডস্বৰূপ আৰু সেয়েহে আমি যদি সাহিত্য ক্ষেত্ৰত দেখা দিয়া এই চিন্তাৰ সংকট মোচন কৰিব পাৰোঁ তেন্তে আমি বিশ্বাসী যে সাম্প্ৰতিক সময়ত অসমীয়া জাতিৰ উত্তৰণত বাবে প্ৰয়োজনীয় প্ৰতিটো ক্ষেত্ৰতে যি ধৰণৰ সময় উপযোগী চিন্তাৰ প্ৰয়োজন তেনে চিন্তা গঢ় দিয়াত আমি সফল হম। আৰু তেনে চিন্তাই আমি সাম্প্ৰতিক অসমীয়া সাহিত্য জগতত এক বৈজ্ঞানিক (বিশেষ জ্ঞান লব্ধ), গৱেষণা সমৃদ্ধ চিন্তাৰ সূচনা হোৱাটো একান্ত মনে আশা কৰোঁ আৰু আমি বিশ্বাস কৰোঁ এনে চিন্তাৰ দ্বাৰা আমি ওপৰত উল্লেখ কৰা অভাৱ সমূহ দূৰ কৰাতও সফল হব পৰা যাব।

দ্বিতীয়তে আমি দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে সাহিত্য সমাজৰ উৰ্ধত নহয়। সাম্প্ৰতিক সময়ত সাহিত্যক বস্তুবাদী চিন্তাৰে এক দ্ৰুত মূল্যায়ণ কৰিব বিচৰা হৈছে যেন আমাৰ অনুভৱ হয় আৰু এনে চিন্তাৰে সাহিত্যৰ যি মূল লক্ষ্য বা উদ্দেশ্য অৰ্থাৎ সাহিত্যৰ যি সামাজিক প্ৰভাৱ আৰু সামাজিক দায়িত্ব, তাৰ পৰা সাহিত্য চৰ্চাবিদ সকলক আঁতৰাই ৰখা এক পৰিৱেশ সাম্প্ৰতিক সময়ত অতি কৌশলপূৰ্ণভাৱে সৃষ্টি কৰা হৈছে যেন আমাৰ অনুভৱ হয়। সেয়েহে আমি বিচাৰো যদিহে সাহিত্যৰ মূল্যায়ন কৰাটো অতিকৈ প্ৰয়োজন হৈ পৰিছে তেন্তে তাৰ সামাজিক মূল্যায়ন হওঁক কিন্তু এই খিনিতে এটা কথা উনুকিয়াই থোৱা প্ৰয়োজন অনুভৱ কৰিছোঁ, সেইটো হ’ল যিকোনো বিষয়ৰ সামাজিক মূল্যায়ণৰ বাবে এক নিদিষ্ট সময়ৰ প্ৰয়োজন কিয়নো আমি বিশ্বাস কৰোঁ যে যি কোনো বিষয়ৰ মূল্যায়ণ কৰোতে বিষয়টোৰ ঐতিহাসিক তাৎপৰ্য্য আৰু ভৱিষৎ প্ৰভাৱক প্ৰভাৱক গুৰুত্ব দিয়াটো জৰুৰী, কেৱল তাৎক্ষনিক বৰ্তমান গুৰুত্বৰ ভিত্তিত সামাজিক মূল্যায়ণ কৰাটো আমাৰ দৃষ্টিত অবৈজ্ঞানিক চিন্তাৰ প্ৰতিফলন।
এই প্ৰসংগতে আন এক গুৰুত্বপূৰ্ণ বিষয়ৰ নিৰপেক্ষ বিশ্নেষণৰ প্ৰয়োজন আছে বুলি আমি অনুভৱ কৰোঁ আৰু সেই বিষয়টো হ’ল সাম্প্ৰতিক অসমীয়া সাহিত্যত অসমীয়া জনজীৱনৰ বিভিন্ন সমস্যাক কোনে কেনেদৰে প্ৰতিফলিত কৰিছে। ওপৰৰ চিন্তা আঁত ধৰি বৰ্তমান সময়ত আমি এটা কথা উপলব্ধি কৰাটো অতিকৈ প্ৰয়োজন বুলি ভাৱো আৰু সেইটো হ’ল, অসমৰ সৰ্বসাধাৰণ ৰাইজে অসমৰ বৌদ্ধিক সমাজৰ পৰা সাম্প্ৰতিক সময়ত কেনেধৰণৰ সাহিত্য চৰ্চা হোৱাটো প্ৰকৃততে কামনা কৰে ১। বঁটা কেন্দ্ৰীক বিৰ্তকমূলক সাহিত্য ২। অসমীয়া জাতিলৈ অহা সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক ভাবুকিক প্ৰতিহত কৰিব পৰা গৱেষণা সমৃদ্ধ গতিশীল সাহিত্য। আমি ব্যক্তিগত ভাৱে বিশ্বাস কৰো যে বৰ্তমান সময়ত অসমৰ বাবে ভয়াবহ হৈ উঠা বানপানী আৰু গৰাখহনীয়া সমস্যা কেৱল এক প্ৰাকৃতিক সমস্যা নহয় , এই সমস্যাই আমাৰ নদীকেন্দ্ৰীক যি সভ্যতা তলৈও ভাবুকি কঢ়িয়াই আনিছে, গতিকে এনে ভাবুকিয়ে আমাৰ সাহিত্য জগতত কেনে প্ৰভাৱ পেলাব পাৰে ই নিশ্চয়কৈ আমাৰ দৃষ্টিত এক গৱেষণাৰ বিষয়। ঠিক তেনেদৰে বিদেশী সমস্যাটোৱেও আমাৰ সাহিত্য জগতত পেলোৱা প্ৰভাৱৰ বিষয়ে
এই খিনিতে উল্লেখ কৰা ভাল হব যে শেহতীয়াকৈ যি বঁটা কেন্দ্ৰীক যি বিৰ্তক হৈছে তাত “বঁটা” বিষয়টো জড়িত হৈ থকা বাবে আমি অলপো চিন্তিত হোৱা নাই কাৰণ বঁটাকলৈ আমাৰ যি চিন্তা সেইয়া ওপৰত ইতিমধ্যেই ব্যক্ত কৰিছোঁ, কিন্তু আমি বহু পৰিমানে চিন্তিত এই বিৰ্তকত জড়িত হৈ থকা "যুৱ" শব্দটোকলৈহে আৰু এই দুচিন্তাক তলত দুই ধৰণে প্ৰকাশ কৰা প্ৰয়াস কৰিলোঁ,
ক. যুৱচামক বঁটা কেন্দ্ৰীক সাহিত্য প্ৰতি আকৃষ্ট কৰি নিচাতকৈ পেছাগত চিন্তা প্ৰতি আগ্ৰহী কৰি তোলা
খ. এটা সামাজিক ব্যৱস্থাৰ প্ৰতি যুৱচামৰ যি বিশ্বাস তাক হত্যা কৰি যুৱচামক মানসিকভাৱে এক নিৰাশাজনক অৱস্থালৈ ঠেলি দিয়া, যাতে তেওঁলোকৰ চৰ্চাকেন্দ্ৰীক মনবোৰ বিৰ্তক কেন্দ্ৰীক হৈ পৰে। আৰু বিশ্বাস কৰোঁ এনে দুচিন্তাক প্ৰতিহত কৰিবলৈ অধ্যয়ন পুষ্ট, তথ্য সমৃদ্ধ , গৱেষণালব্ধ সাহিত্য অসমীয়া সমাজত খুবেই প্ৰয়োজন।

আলোচনাটি শেষত আমি সহজ অৰ্থত কব পাৰো যে সাহিত্যৰ পৰীক্ষাগাৰ সমাজ হ'লেই আমাৰ বিবেচনাত সকলো বিৰ্তক অন্ত পৰিব আৰু যদিহে সাহিত্য ব্যক্তিগত ভোগবাদৰ আহিলা হয় তেন্তে সাহিত্য কেতিয়াও বিৰ্তক উৰ্ধত নহব সেই কথা মানি লোৱা ভাল বুলি আমি ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ।
……………………………………………………………………………………..

Comments

Popular posts from this blog

“আহোমৰ ঐতিহাসিক সমাজ ব্যৱস্থাৰ মূলত: কৃষিগত চিন্তাৰ আৰু জলব্যৱস্থাৰ বৈজ্ঞানিক বিশ্লেষণ”

ভূ তত্ত্ব শিক্ষাৰ গুৰুত্ব, শৈক্ষিক পৰিক্ৰমা আৰু সংস্থাপনৰ সুবিধা (নিয়মীয়া বাৰ্তাৰ সাপ্তাহিক শিক্ষামূলক বিশেষ পৃষ্ঠা 'শিক্ষা বাৰ্তা')

অৰ্থনৈতিক উন্নয়ন বনাম সাংস্কৃতিক প্ৰদূষণ : বিহুৰ পৰা পূজালৈ এক অৱলোকন