ফলাফলৰ বতৰ, সম্বৰ্ধনা অনুষ্ঠান আৰু মাটিৰ প্ৰতি প্ৰতিভাধৰ সকলৰ দ্বায়িত্ব ( নিয়মীয়া বাৰ্তাত প্ৰকাশিত)
শিক্ষাৰ মূল উদ্দেশ্য কি? একবিংশ শতিকাত শিক্ষাৰ মূল উদ্দেশ্য আৰু শিক্ষাৰ মানদণ্ডৰ ওপৰত যথেষ্ট গৱেষণা কৰা হৈছে আৰু এই গৱেষণাবোৰৰ পৰা সামাজিক চিন্তাবিদ সকলে শিক্ষাৰ মূল উদ্দেশ্যৰ ব্যাখা এনেদৰে আগবঢ়াইছে “এজন ব্যক্তিক জ্ঞানৰ দ্বাৰা চিন্তাশীল কৰি, তেওঁৰ ব্যক্তিগত প্ৰতিভাক সমাজ উত্তৰণত জড়িত কৰি, তেওঁক সামাজিকভাৱে দ্বায়িত্বশীল কৰি তোলাই শিক্ষাৰ মূল উদ্দেশ্য”। এতিয়া কথা হ’ল ওপৰোক্ত ব্যাখাটি আমি কিমানে অনুধাৱন কৰিব পাৰিছোঁ আৰু নিজৰ জীৱনটোক এই মতাদৰ্শৰে পালিত কৰিব পাৰিছোঁ।মোৰ দৃষ্টিত আমি বহুতে এইক্ষেত্ৰত সফল হব পৰা নাই, কাৰণ শিক্ষিত হাৰ বৃদ্ধি অনুসাৰে সমাজৰ উন্নয়ন আৰু পৰিৰ্ৱতন আজিও হোৱা নাই।আজিও সমাজ অন্ধ বিশ্বাসৰ বলি আৰু বিশৃংখলতাৰ ভূক্তভোগী, আজিও সমাজে নাৰী সৱলীকৰণৰ সপক্ষে আৰু শিশু শ্ৰমিকৰ বিৰুদ্ধে মাত মাতিবলৈ সংকোচ কৰে। কিন্তু কিয়, অথাৎ আমি শিক্ষাৰ মূল উদ্দেশ্যৰ পৰা ফালৰি কাটি সমাজ উত্তৰণতকৈ ব্যক্তিগত উত্তৰণৰ বাবেহে শিক্ষাক এক আহিলা ৰূপে ব্যৱহাৰ কৰিবলৈ লৈছোঁ।যাৰ ফলত নিজ প্ৰতিভাক সঠিকভাৱে চিনাক্ত তথা দিক্ নিৰ্দেশ কৰিব নোঁৱাৰি, আনৰ ইচ্ছাৰে পৰিচালিত হৈ বস্তবাদী প্ৰতিযোগিতামূলক পৰিবেশত, শিক...