ভাৰত –এছীয়ান সৰ্ম্পক আৰু সাম্প্ৰতিক সময়ত STILWELL পথৰ গুৰুত্ব (নিয়মীয়া বাৰ্তা, ০১/০২/২০১৭)

ভাৰত –এছীয়ান সৰ্ম্পক
আৰু সাম্প্ৰতিক সময়ত STILWELL পথৰ গুৰুত্ব
° বিজয় কৃষ্ণ চেতিয়া

২৮ জানুৱাৰী, ২০১৭ তাৰিখে দক্ষিণ-পূৰ্ব এছীয় দেশসমূহৰ সংঘ এছীয়ান (Association of Southeast Asian Nations) ৰ লগত ভাৰত গণতন্ত্ৰৰ সৰ্ম্পকৰ ২৫বছৰ পূৰ্ণ হ’ল অৰ্থাৎ এই সৰ্ম্পকই ৰূপালী জয়ন্তী অতিক্ৰম কৰিলে।১৯৯২ চনৰ ২৮ জানুৱাৰী তাৰিখে ভাৰতে এছীয়ানৰ লগত আংশিক ডায়’লগ সহযোগীৰূপে (Sectoral Dialogue Partner) সৰ্ম্পক স্থাপন কৰিছিল আৰু পৰ্য্যায়ক্ৰমে এই সৰ্ম্পক ১৯৯৬ চনত পূৰ্ণ ডায়’লগ সহযোগী (Full Dialogue Partner) আৰু ২০১২ চনত কাৰ্যনিৰ্ণায়ক সহযোগীলৈ (Strategic Partner) ৰূপান্তৰ হয়।
বিশ্বৰ দক্ষিণ-পূৰ্ব এছীয় দেশসমূহৰ অথাৎ এছীয়ান(ASEAN) দেশসমূহৰ ক্ষিপ্ৰ উন্নয়ণ তথা বিকাশ লগতে এই দেশসমূহৰ ওপৰত চীনৰ বৰ্দ্ধিত কূটনৈতিক কতৃত্বই ভাৰতকও এই দেশসমূহৰ লগত কূটনৈতিক সম্পৰ্ক মজবুত কৰি সাংস্কৃতিক সহযোগিতাৰে বানিজ্যিক সমন্ধ গঢ়ি তোলা সম্পৰ্কে চিন্তা কৰিবলৈ বাধ্য কৰিছিল। এনে চিন্তাৰে  ভাৰতে পি ভি নৰসিংহ ৰাওৰ চৰকাৰৰ দিনত প্ৰস্তুত কৰিছিল “Look East Policy” অথাৎ পূৰ্বলৈ চোৱা নীতি আৰু এই “Look East Policy” আধাৰতেই ভাৰতে এছীয়ান সংঘৰ লগত সংযুক্ত হোৱা আগ্ৰহ প্ৰকাশ কৰিছিল। এই “Look East Policy” ক তেওঁৰ উত্তৰসূৰী অটল বিহাৰী বাজপেয়ী আৰু মনমোহন সিং চৰকাৰেও মানি চলিছিল কিন্তু “ Look East Policy” য়ে এটা দশকৰ অধিক কাল অতিবাহিত কৰা পিছতও এই নীতিৰ মূল উদ্দেশ্যসমূহ পূৰ্ণ কৰিবলৈ বিভিন্ন আচঁনি সমূহ যেনেদৰে ৰূপায়ণ হব লাগিছিল তেনেদৰে হোৱা নাছিল বা “ Look East Policy” আধাৰত উত্তৰ-পূৰ্বৰ ৰাজ্যসমূহৰ আন্ত:গাঁঠনি যেনেদৰে উন্নয়ণ হব লাগিছিল তেনেদৰে হোৱা নাছিল । সেয়হে শেহতীয়াকৈ নৰেন্দ্ৰ মোদী নেতৃত্বৰ কেন্দ্ৰীয় চৰকাৰে দক্ষিণ-পূৰ্ব এছীয় দেশসমূহৰ লগত বানিজ্যিক তথা সাংস্কৃতিক সহযোগিতাৰ মাত্ৰা অধিক ক্ষিপ্ৰ আৰু টনকীয়াল কৰা স্বাৰ্থত  পূৰ্বৰ “ Look East Policy”ক “Act East Policy”লৈ ৰূপান্তৰ কৰে। আৰু মোদী চৰকাৰ এই নতুন বৈদেশিক নীতিক বিশ্বৰ আগত স্পষ্টৰূপত দাঙি ধৰা স্বাৰ্থতেই  প্ৰধান মন্ত্ৰী দায়িত্ব্লৈয়ে নৰেন্দ্ৰ মোদী মহোদয়ে তেওঁৰ প্ৰথম বৈদেশিক যাত্ৰা সূচীত দক্ষিণ-পূৰ্ব এছীয় দেশসমূহক অধিক গুৰুত্ব দিয়ে। আমাৰ দৃষ্টিত বৈদেশিক নীতিৰ এই ৰূপান্তৰক তিনিটা কাৰণত বা উদ্দেশ্যত  অধিক গুৰুত্ব দিয়া হয়,
ক। এছীয় মহাদেশত নিজৰ শক্তি প্ৰতিষ্ঠা বা আঞ্চলিক অৰ্থনৈতিক শক্তিৰূপে (regional economic power) নিজকে আত্মপ্ৰতিষ্ঠা ক্ষেত্ৰত চীন আৰু ভাৰতৰ অঘোষিত প্ৰতিযোগিতা আৰু এইক্ষেত্ৰত দক্ষিণ-পূৰ্ব এছীয় দেশসমূহৰ ওপৰত চীনৰ বৰ্দ্ধিত কূটনৈতিক কতৃত্বকলৈ ভাৰতৰ বাঢ়ি অহা চিন্তা।
খ। ভাৰতৰ ঘৰুৱা উন্নয়ণৰ হাৰ বৃদ্ধিৰ বাবে বৈদেশিক বেপাৰ স্থল বৃদ্ধিৰ প্ৰয়োজনীয়তা লগতে ঘৰুৱা শক্তিখণ্ডৰ ভাৰসাম্যতা ও উদ্যোগ ক্ষেত্ৰৰ বাবে প্ৰয়োজনীয় জীৱাষ্ম শক্তি(Fossil Fuel) আমদানিৰ বাবে বৈদেশিক সহযোগীতাক  অধিক সুদৃঢ় কৰা প্ৰয়োজনীয়তা, উদাহৰণস্বৰূপে ভিয়েটনাম, মালেছিয়া আৰু ম্যানমাৰে ভাৰতৰ শক্তি নিৰাপত্তা ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহন কৰিব পাৰে।
গ। ভৌগলিক দিশৰ পৰা ইউৰোপ বা আমেৰিকাতকৈ দক্ষিণ-পূৰ্ব এছীয় দেশৰ লগত বানিজ্যিক সেতু গঢ়াত থকা সুচলতাও আমাৰ দৃষ্টিত চৰকাৰৰ বৈদেশিক নীতি ৰূপান্তৰৰ এক অন্যতম কাৰণ।
এইখিনিতে উল্লেখ কৰি থোৱা ভাল হব যে, উপৰোক্ত বৈদেশিক নীতিৰ বাদেও ভাৰতে এছীয়ান দেশসমূহৰ লগত মুক্ত বানিজ্য বাবে “Free Trade Agreement” চমুকৈ “FTA” চুক্তিত স্বাক্ষৰ কৰিছে। এই চুক্তি প্ৰক্ৰিয়া ২০০৯ চনতেই আৰম্ভ হয় আৰু পৰ্য্যায়ক্ৰমে আগবাঢ়ি ২০১৪ চনৰ ছেপ্তেম্বৰ মাহত এছীয়ান সংঘৰ ১০খন দেশৰ ০৯খন দেশে “FTA” আধাৰত ভাৰতৰ লগত সেৱা আৰু বিনিয়োগ (Service and Investment) ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাৰ প্ৰতি সন্মতি জনায়; একমাত্ৰ ফিলিপাইনছে নিজৰ দেশীয় সেৱা খণ্ডৰ অনিষ্ট হোৱা স্বাৰ্থত এই পাস্পৰিক সহযোগিতাৰ প্ৰতি  সন্মতি জনোৱা নাই বা আতঁৰি আছে।
ওপৰৰ আলোচনাত আমি থূল-মুলকে দক্ষিণ-পূৰ্বৰ দেশসমূহকলৈ সাম্প্ৰতিক সময়ত ভাৰতৰ বৈদেশিক দৃষ্টিভংগীৰ এক চমু আভাস দিব চেষ্টা কৰিলোঁ আৰু এতিয়া আমি আজিৰ এই আলোচনাৰ শেষখণ্ডত আলোকপাত কৰিব বিচাৰিছোঁ,“ Act East Policy” সফল ৰূপায়ণত উত্তৰ-পূৰ্বৰ ভূমিকাৰ বিষয়ে।
 ভাৰতৰ “Look East Policy”য়ে হওঁক বা শেহতীয়া “ Act East Policy”  য়ে হওঁক, ভাৰতৰ উত্তৰ-পূৰ্বৰ ৰাজ্যকেইখন বাদ দি কিন্তু পূৰ্বলৈ চোৱা বা পূৰ্বকলৈ কাম কৰা নীতি কাৰ্য্যকৰী কৰা সম্ভৱ নহয় বুলি আমি অনুভৱ কৰোঁ আৰু সেয়েহে ছাগে বহুতে এনেদৰেও কব বিচাৰে “দক্ষিণ-পূৰ্ব আৰম্ভ হয় যেতিয়া ভাৰতৰ উত্তৰ-পূৰ্ব শেষ হয়”। এনেদৰে কোৱা মুখ্য কাৰণ হ’ল উত্তৰ-পূৰ্বৰ ৰাজ্যসমূহৰ মুঠ সীমাৰ প্ৰায় ৯৮% ই দাঁতিকাষৰীয়া ৰাষ্ট্ৰৰ সীমাৰ লগত সংলগ্ন; মাত্ৰ ০২% ই হে ভাৰতীয় মূল ভূ-খণ্ডৰ লগত সংলগ্ন । সাম্প্ৰতিক সময়ত উত্তৰ-পূৰ্ব ৰাজ্যসমূহৰ সীমা সংলগ্ন ৰাষ্ট্ৰসমূহৰ ক্ষিপ্ৰ উন্নয়ণৰ ধাৰা আৰু ৰাষ্ট্ৰ সমূহৰ মাজত গঢ়ি উঠা পাৰস্পৰিক বানিজ্যিক সহযোগিতাই ভাৰতৰ উত্তৰ-পূৰ্বৰ ৰাজ্যসমূহৰও বানিজ্যিক গুৰুত্ব বৃদ্ধি কৰিছে।কিন্তু অতি পৰিতাপৰ বিষয় যে ভাৰতৰ স্বাধীনতাই ৬৯বছৰ অতিক্ৰম কৰা পিছতও আন্ত:ৰাষ্ট্ৰীয় বানিজ্য স্থল হিচাপে গঢ়ি তুলিব পৰাকৈ উত্তৰ-পূৰ্বৰ আন্ত:গাঁঠনি ব্যৱস্থা মুখ্যত যোগাযোগ ব্যৱস্থা দেশৰ আনবোৰ অংশৰ দৰে আজিও মজবুত নহ’ল।আন্ত:ৰাষ্ট্ৰীয় বানিজ্যৰ বাবে অতিকৈ প্ৰয়োজনীয় যোগাযোগ ব্যৱস্থাৰ তিনিটা দিশত উত্তৰ-পূৰ্ব পিছ পৰি ৰ’ল যেন আমাৰ অনুভৱ হয়,
ক। উত্তৰ-পূৰ্বৰ আন্ত:ৰাজ্যিক যোগাযোগ ব্যৱস্থা অৰ্থাৎ উত্তৰ-পূৰ্বৰ এখন ৰাজ্য পৰা আন এখন ৰাজ্যলৈ যোগাযোগ ব্যৱস্থা বানিজ্যিক দিশৰ পৰা যেনেধৰেণে উন্নত হ’ব লাগিছিল সেইয়া আজিকোপতি নহ’ল।
খ।উত্তৰ-পূৰ্ব ৰাজ্য সমূহৰ লগত দেশৰ আন অংশৰ যোগাযোগ ব্যৱস্থাও আশাকৰা ধৰেণে উন্নত নহয়।
গ। সীমাকাষৰীয়া ৰাষ্ট্ৰসমূহৰ লগতও প্ৰয়োজনীয় যোগাযোগৰ আন্ত:গাঁঠনিৰ অভাৱ।
শেহতীয়াকৈ ২০০১ চনত ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বৰ বাবে সুকীয়া মন্ত্ৰালয় (DoNER) গঠন কৰি উপৰোক্ত বিষয় সমূহক গুৰুত্ব দি উত্তৰ-পূৰ্বৰ আন্ত:গাঁঠনি মজবুত কৰিবলৈ বিভিন্ন আচঁনি গ্ৰহন কৰা পৰিলক্ষিত হৈছে। আৰু এইক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহন কৰিছে ড’নাৰ (DoNER) মন্ত্ৰালয়ে ২০০৮ চনত প্ৰস্তুত কৰা “North Eastern Region Vision -2020” য়ে।
সাম্প্ৰতিক সময়ত আমি যদি উত্তৰ-পূৰ্বৰ যোগাযোগৰ আন্ত:গাঁঠনিলৈ মন কৰোঁ, তেন্তে আমি দেখিম দুই নতুন পথ যোগাযোগ ব্যৱস্থাৰ লগতে এক ঐতিহাসিক যোগাযোগ ব্যৱস্থাই ভাৰতক “Act East Policy” আধাৰত দক্ষিণ-পূৰ্ব এছীয় দেশসমূহৰ লগত বানিজ্যিক ও সাংস্কৃতিক মৈত্ৰী গঢ়া বাবে উৎসাহিত কৰিছে আৰু এই বিষয়ে তলত উল্লেখ কৰা হ’ল,
 ক।প্ৰথমতেই উল্লেখ কৰিব বিচাৰিছোঁ United Nations Economic and Social Commission for Asia and the Pacific (UN-ESCAP) ৰ অনুমোদিত Asia Highway প্ৰকল্পৰ অধীনত নিৰ্মীত Asian Highway-1 এয়ে সাঙুৰি লোৱা উত্তৰ-পূৰ্বৰ মণিপুৰৰ টামু-ম্যুৰে (Tamu-Moreh) সীমাৰ পৰা ম্যানমাৰৰ নেই-পি-টাও (Nay-pi-taw) হৈ থাইলেণ্ডৰ বেংক (Bangkok) কলৈ নিৰ্মীয়মান পথটো।
খ।দ্বিতীয়তে উল্লেখ কৰিব বিচাৰিছোঁ থাইলেণ্ডৰ উদ্যোগত ১৯৯৭ চনৰ পৰা নিৰ্মীয়মান অৱস্থাত থকা India-Myanmar-Thailand Trilateral Highway প্ৰকল্পৰ কথা।এই প্ৰকল্প দ্বাৰা ভাৰতৰ মণিপুৰৰ ম্যুৰে চহৰক ম্যানমাৰ হৈ থাইলেণ্ডৰ ম্যেই চুটৰ (Mae Sot) লগত সংযোগ কৰি থাইলেণ্ডে এছীয়ান দেশসমূহৰ মাজত বানিজ্যিক সহযোগিতা স্থাপনত অগ্ৰনী ভূমিকা গ্ৰহন কৰিবলৈ নিজকে প্ৰস্তুত কৰিছে।
এই খিনিতে উল্লেখ কৰা ভাল হব যে আজি আলোচনাত উপৰোক্ত প্ৰকল্প দুটা বিষয়ে বিস্তৃতি আলোচনা আগবঢ়োৱা আমাৰ উদ্দেশ্য নহয় আৰু সেয়হে এই বিষয়ে আৰু আলোচনা কৰা পৰা বিৰত থাকিলো।
 আজি আলোচনাত আমি যিটো পথৰ প্ৰাসংগিকতাক অধিক গুৰুত্ব দিব বিচাৰিছোঁ, সেইটো হ’ল সকলোৰে পৰিচিত ঐতিহাসিক “STILWELL ROAD”।
এই STILWELL পথটি দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত (১৯৪২-১৯৪৫চনত) নিৰ্মীত। অসমৰ লিডুৰ পৰা জয়ৰামপুৰহৈ অৰুণাচলৰ নাংপুঙক সামৰি ভাৰত-ম্যানমাৰৰ সীমা পাংচু-পাচ হৈ চীন-ম্যানমাৰ সীমা ম্যুছে-ৰুইলি (Muse-Ruili) হৈ চীনৰ য়ুনান প্ৰদেশৰ কুনমিঙলৈ ইয়াৰ এক বৃহৎ বিস্তৃতি। এই পথটিৰ দৈৰ্ঘ্য প্ৰায় ১৭২৬ কি:মি ; ইয়াৰে ৬১ কি:মি ভাৰতত (৩০ কি:মি অসমত আৰু ৩১ কি:মি অৰুণাচল প্ৰদেশত), ১,০৩৩ কি:মি ম্যানমাৰত আৰু ৬৩২ কি:মি চীনত অৱস্থিত।
দ্বিতীয় বিশ্বযুদ্ধত নিৰ্মীত এই পথটি দক্ষিণ-পূৰ্ব এছীয় দেশসমূহৰ মাজত পাস্পৰিক সহযোগিতা বৃদ্ধিৰ বাবে সদায় গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈ অহা পিছটোও, মুক্ত বানিজ্যৰ বাবে আজিও মুকলি কৰিব কৰিব পৰা হোৱা নাই। আৰু আমাৰ বিবেচনাত ইয়াৰ বাবে নিশ্চয়কৈ তলত দিয়া কাৰণ সমূহেই জগৰীয়া,
ক।ভৌগলিক জটিলতা।
খ। ম্যানমাৰৰ দীঘলীয়া সামৰিক শাসন তথা ম্যানমাৰৰ দূৰ্বল অৰ্থনৈতিক আন্ত:গাঁঠনি; কাৰণ  এই পথটিৰ অধিক অংশই ম্যানমাৰত অৱস্থিত।
গ। ভাৰত-চীনৰ কূটনৈতিক অচলাৱস্থা; চীনৰ আগ্ৰাসনমুখী বানিজ্যিক বেপাৰ বিস্তাৰ নীতিৰ প্ৰতি  ভাৰতৰ সংশয়।
ঘ। ম্যানমাৰ চৰকাৰ আৰু উত্তৰ-পূৰ্বৰ বিদ্ৰোহী মাজৰ সৰ্ম্পক; যিটোৱে এই পথটি মুকলি কৰিলে ভাৰতীয় দেশীয় নিৰাপত্তাক অনিষ্ট কৰিব বুলি ভাৰতে চিন্তা ব্যক্ত কৰা থল আছে।
কিন্তু শেহতীয়াকৈ দক্ষিণ-পূৰ্ব এছীয় দেশসমূহ মাজত বৃদ্ধি পোৱা পাস্পৰিক সহযোগিতাই দিল্লী-বেইজিংৰ কূটনৈতিক সম্বন্ধকও প্ৰভাৱিত কৰিছে, লগতে ম্যানমাৰত বহু আকাংক্ষিত গণতন্ত্ৰ প্ৰতিষ্ঠা হোৱাৰ পিছত দিল্লী আৰু বেইজিংৰ বৈদেশিক নীতিয়েও ৰূপ সলনি কৰিছে। তেনে প্ৰেক্ষাপটত এই পথটো মুকলি কৰাত আহি পৰা  জটিলতাসমূহ দূৰ কৰা এক সুন্দৰ পৰিৱেশ অনতিপলমে ৰচনা হ’ব বুলি আমি ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ। কাৰণ ইতিমধ্যেই ভাৰতে STILWELL পথৰ নিজৰ অংশ অৰ্থাৎ লিডুৰ পৰা  ম্যানমাৰ সীমান্ত পাংছু পাচলৈকে পথটি পুণ:নিৰ্মান কৰিছে আৰু এই অংশটোক বৰ্তমান সময়ত ৰাষ্ট্ৰীয় ঘাইপথ-১৫৩ নামেৰে স্বীকৃত কৰা হৈছে। ঠিক একেদৰে বেইজিং মহলেও ২০০৭ চনৰ পৰা  STILWELL পথৰ উত্তৰাংশ, চীনৰ য়ুনান প্ৰদেশৰ টেংচঙ(Tengchong) চহৰৰ পৰা ম্যানমাৰৰ ম্যাটিক্যাইনা (Myitkyina) চহৰ সংযোগী ১৭২ কি:মি দৈৰ্ঘ্যৰ পথছোৱা পুন:নিৰ্মানৰ  কাম আৰম্ভ কৰিছে আৰু ইয়াৰ লগতে ২০১০ চনৰ অক্টোবৰ মাহত ম্যাটিক্যাইনা (Myitkyina) পৰা পাংছুপাচ সংযোগী পথৰ পুন:নিৰ্মানৰ বাবে চীনৰ Yunnan Construction Engineering আৰু ম্যানমাৰৰ Yuzana Group ৰ মাজত এক বুজাপৰা চুক্তি স্বাক্ষৰিত হৈছে। কিন্তু আটাইতকৈ উল্লেখনীয় দিশটো হ’ল শেহতীয়াকৈ ভাৰতেও STILWELL পথৰ ম্যানমাৰ অংশ পুন:নিৰ্মানৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে আৰু ইয়াৰ প্ৰাৰম্ভিক পদক্ষেপত পাংছুপাচৰ পৰা টানাই (Tanai) সংযোগী ১৬০ কি:মি পথছোৱা নিৰ্মানৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে।
উপৰোক্ত আলোচনা পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে শেহতীয়াকৈ হ’লেও STILWELL পুন:নিৰ্মানৰ বাবে ভাৰত আৰু চীনে নিজস্ব আগ্ৰহ প্ৰকাশ কৰিছে আৰু এই আগ্ৰহে এটা কথা প্ৰমান কৰে যে দক্ষিণ-পূৰ্ব এছীয়াত বানিজ্যিক মৈত্ৰী গঢ়া ক্ষেত্ৰত এই ঐতিহাসিক পথটিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।
আমি ব্যক্তিগত ভাবেও বিশ্বাস কৰোঁ,  জৈৱ বৈচিত্ৰ, তেল আৰু গেছ, কয়লা, চাহ উদ্যোগ আদিৰে চহকী  উত্তৰ-পূৰ্বক এই পথেদি “Act East Policy” আধাৰত দক্ষিণ-পূৰ্বৰ লগত মুক্ত বানিজ্যৰ বাবে সুবিধা কৰি দিলে উত্তৰ-পূৰ্বৰ ৰাজ্যকেইখনৰ উন্নয়ণৰ হাৰ দ্ৰুতগামী হ’ব আৰু উন্নয়ণৰ হাৰ দ্ৰুতগামী হ’লে উত্তৰ-পূৰ্ব বহু চৰ্চিত বিদ্ৰোহী সমস্যা সমাধান হ’ব বুলি আমি ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ। আৰু আমাৰ এই সম্ভাৱণাক পূৰ্ণ কৰিবলৈ প্ৰয়োজনীয় কিছু চিন্তা তলত ব্যক্ত কৰিলোঁ,
সাংস্কৃতিক সহযোগিতাৰে বানিজ্যিক সহযোগিতাৰ চিন্তা : যদিও STILWELL পথটো দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বেছি প্ৰাসংগিক হৈ পৰে কিন্তু ইয়াৰ ঐতিহাসিক ভিত্তি দ্বিতীয় বিশ্বযুদ্ধতকৈ বহুত আগৰ।১৩ শতিকাৰ আৰম্ভণিতেই এই পথেদিয়েই আহোম সকল পাটকাই পৰ্বত পাৰ হৈ অসমত নিজৰ ৰাজ্য স্থাপন কৰিছিল। আৰু সেই তেতিয়াই অহা আহোম সকলৰ ০৬টা মুখ্য ঠাল আজিও অসম তথা অৰুণাচলত নিজস্ব ভাষা ও সংস্কৃতিৰে জ্যোতিষ্মান হৈ আছে। যদিহে আহোমৰ এই ভিন্ন ঠালৰ ভাষাৰ কথিত আৰু লিখিত দুয়োটা ৰূপকে বৈজ্ঞানিক ভাৱে অধ্যয়ণৰ ব্যৱস্থা কৰা হয়, তেন্তে আমি বিশ্বাস কৰোঁ দক্ষিণ-পূৰ্ব এছীয় দেশসমূহৰ লগত বানিজ্যিক সহযোগিতা স্থাপন কৰোতে আহিব পৰা ভাষা অন্তৰায়ক সহজে সমাধান কৰিব পৰা যাব। আৰু এই চিন্তাই ভাৰত ম্যানমাৰৰ মাজত পাংছুপাচত আৰম্ভ হোৱা সীমা বেপাৰক (Border Trade) উৎসাহিত কৰা লগতে আন্ত:দেশীয় পৰ্যটনকও এনে চিন্তাই উৎসাহিত কৰিব বুলি আমি বিশ্বাস কৰোঁ।
ভূ-তাত্ত্বিক চিন্তাৰে সৰ্ম্পদৰ উন্নয়ণেৰে বানিজ্যিক সহযোগিতাৰ চিন্তা: ভূ-তাত্ত্বিক দিশৰ পৰা ম্যানমাৰ আৰু ভাৰতৰ এক সুদৃঢ় সৰ্ম্পক আছে, আৰু সেইয়ে বিশ্ব ভূ-তত্ত্বত এই দুইখন দেশক একেলগে Indo-Burma Range (IBR) বুলি কোৱা হয়।এই Indo-Burma Range (IBR) টো জটিল ভূ-তাত্ত্বিক আন্ত:গাঁঠনিৰে গঠিত যদিও ভূ-তাত্ত্বিক সম্পদত এই অঞ্চলটো যথেষ্ট চহকী।কিন্তু এই ভূ-তাত্ত্বিক সম্পদ সমূহৰ সঠিক বিকাশ আজিও হোৱা নাই বুলি আমি বিশ্বাস কৰোঁ, কাৰণ এই সম্পদসমূহৰ বিকাশৰ বাবে প্ৰয়োজনীয় বিস্তৃত ভূ-তাত্ত্বিক গৱেষণাৰ তথা সহযোগিতা  পৰিৱেশ আজিও গঢ়ি নাই উঠা বুলি আমি অনুভৱ কৰোঁ। তেনেক্ষেত্ৰত দুয়োখন দেশে এক বৈজ্ঞানিক সহযোগিতা চুক্তিৰে ভূ-তাত্ত্বিক সম্পদসমূহৰ বিকাশৰ চিন্তা নিশ্চয়কৈ কৰিব পাৰে আৰু এই ক্ষেত্ৰত ভাৰতে নিজৰ অভিজ্ঞতা তথা কাৰিকৰী জ্ঞানক দক্ষিণ-পূৰ্ব এছীয় খনিজ সম্পদৰ বজাৰত সৱলভাৱে অংশগ্ৰহন কৰা স্বাৰ্থত নিশ্চয়কৈ ব্যৱহাৰ কৰিব পাৰে।
সদৌ শেষত আমি বিশ্বাস কৰোঁ, ভাৰতৰ “Act East Policy” ক কাৰ্যকৰী স্বাৰ্থত বা দক্ষিণ-পূৰ্ব এছীয় দেশসমূহৰ লগত মুক্ত বানিজ্যৰ ধাৰা খৰকতীয়া স্বাৰ্থত STILWELL পথটি প্ৰাসংগিকতা নিশ্চয়কৈ আজিও আছে আৰু সেয়েহে এই পথটি মুকলি কৰিবলৈ ভাৰতে নিজৰ কূটনৈতিক হেচাঁ বৃদ্ধি কৰাও নিশ্চয়কৈ প্ৰয়োজন আছে।

Comments

Popular posts from this blog

“আহোমৰ ঐতিহাসিক সমাজ ব্যৱস্থাৰ মূলত: কৃষিগত চিন্তাৰ আৰু জলব্যৱস্থাৰ বৈজ্ঞানিক বিশ্লেষণ”

ভূ তত্ত্ব শিক্ষাৰ গুৰুত্ব, শৈক্ষিক পৰিক্ৰমা আৰু সংস্থাপনৰ সুবিধা (নিয়মীয়া বাৰ্তাৰ সাপ্তাহিক শিক্ষামূলক বিশেষ পৃষ্ঠা 'শিক্ষা বাৰ্তা')

অৰ্থনৈতিক উন্নয়ন বনাম সাংস্কৃতিক প্ৰদূষণ : বিহুৰ পৰা পূজালৈ এক অৱলোকন