“ড’নাল্ড ট্ৰাম্প”, এক চীন আৰু দক্ষিণ-পূৰ্ব এছিয়া" (সাদিন ১০ ফেব্ৰুৱাৰী ২০১৭)













“ড’নাল্ড ট্ৰাম্প” সাম্প্ৰতিক বিশ্বৰ সৰ্বাতোতকৈ চৰ্চিত নাম, বিশ্বৰ অতি শক্তিবান দেশ আমেৰিকাৰ নতুন চালিকা শক্তি।

২০১৫ চনৰ জুন মাহৰ ১৬ তাৰিখে আমেৰিকাৰ “ওবামা” উত্তৰসূৰী সন্ধানী নিৰ্বাচনী প্ৰক্ৰিয়াত নিজকে জড়িত কৰা পৰা ড’নাল্ড ট্ৰাম্প বিশ্ববাসীৰ বাবে চৰ্চাৰ এটা কাৰণ হৈ পৰে। আৰু পিছৰ পৰ্য্যায়ত অৰ্থাৎ আমেৰিকাৰ প্ৰাক নিৰ্বাচনী প্ৰচাৰ অভিযানত তেওঁ কৰা বিভিন্ন মন্তব্যই ড’নাল্ড ট্ৰাম্পক সেই সময়তেই বিশ্বৰ সৰ্বাধিক বিতৰ্কিত ব্যক্তিৰূপে চিহ্নিত কৰে।নিৰ্বাচনী প্ৰচাৰ প্ৰক্ৰিয়াত ট্ৰাম্পে কৰা বিভিন্ন মন্তব্যসমূহক সূক্ষ্মভাৱে অধ্যয়ণ কৰি, আগন্তুক দিনত আমেৰিকাৰ সুৰক্ষা, বৈদেশিক আৰু অৰ্থনৈতিক নীতি কেনে হব তাকলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ চিন্তাবিদ সকল বিশেষ তিনিটা কাৰণত চিন্তিত আৰু শংকিত হৈ পৰিছিল, সেই তিনি বিশেষ কাৰণ আছিল,

ক। বিশ্বৰ অৰ্থনীতি প্ৰতিৰ আমেৰিকা আগন্তুক বৈদেশিক আৰু বেপাৰ নীতি কি হ’ব, কাৰণ ট্ৰাম্পে মুক্ত বানিজ্য বিৰোধিতা কৰি সকলো ক্ষেত্ৰতে আমেৰিকাৰ (America First policy) কতৃত্ব বৃদ্ধি কৰাত মত পোষণ কৰিছিল।
খ। মুছলিম দেশসমূহৰ প্ৰতি আমেৰিকাৰ বৈদেশিক আৰু সুৰক্ষা নীতি কেনে হব, কাৰণ সাম্প্ৰতিক সময়ত মুছলিম দেশসমূহৰ পৰা বৃদ্ধি পোৱা প্ৰৰ্বজন আৰু শৰণাৰ্থী সমস্যাই ইউৰোপৰ গৰিষ্ঠ সংখ্যক দেশক চিন্তিত কৰি তুলিছে, তেনেসময়ত এই বিষয়ত আমেৰিকাৰ স্থিতি কেনে হব ই বিশ্বৰ চিন্তাবিদ সকলৰ বাবে নিশ্চয়কৈ এক চিন্তনীয় বিষয় আছিল।
গ। তৃতীয়তে আগন্তুক দিনত চীনো-আমেৰিকা(Sino-America relation) সম্পৰ্ক কেনে হব, কাৰণ ট্ৰাম্পে সততে চীনা বিৰোধী মন্তব্য নিৰ্বাচনী প্ৰচাৰত ব্যৱহাৰ কৰিছিল। বতৰ্মান সময়ত আমেৰিকা বিশ্বৰ সৰ্ববৃহৎ অৰ্থনৈতিক শক্তি হোৱাৰ লগতে চীন বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ অৰ্থনৈতিক শক্তি, তেনে অৱস্থাত আমেৰিকাৰ নতুন ৰাজনৈতিক সূত্ৰই দেশ দুখনৰ বৈদেশিক আৰু বেপাৰ নীতিত কেনে প্ৰভাৱ পেলাব ই বিশ্ব সকলো দেশৰ বাবে অতিকৈ চিন্তনীয় বিষয় হৈ পৰিছিল।
উপৰোক্ত সকলো জল্পনা-কল্পনা অন্ত পেলাই ২০১৬ চনৰ ০৭ নৱেম্বৰ তাৰিখে ঘোষিত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফলত ড’নাল্ড ট্ৰাম্পক বিজয়ী ঘোষনা কৰা হয়, যিটো আছিল ২০১৬ চনৰ এক চৰম বিষ্ময়।কাৰণ এই ফলাফলক বিৰোধিতা কৰি, ড’নাল্ড ট্ৰাম্পক ৰাষ্ট্ৰপতি ৰূপে স্বীকাৰ কৰাত অসন্তষ্টি প্ৰকাশ কৰি আমেৰিকাৰ জনগণ ৰাজপথলৈ ওলাই আহি এক বিৰল প্ৰতিবাদৰ উদাহৰণ দাঙি ধৰিছিল।যিকি নহওঁক এনে বাদ-প্ৰতিবাদৰ মাজতেই যোৱা ২০জানুৱাৰী, ২০১৭ তাৰিখে ট্ৰাম্পে আমেৰিকাৰ ৪৫ সংখ্যক ৰাষ্ট্ৰপতি ৰূপে শপত গ্ৰহন কৰে।
২০জানুৱাৰী, ২০১৭ তাৰিখৰ পিছত বিশ্বৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক দৃশ্যপট পূৰ্বানুমান অনুসৰি দ্ৰুতভাৱে সলনি হ’বলৈ ধৰে। যদিও বতৰ্মান সময়ত সাতখন মুছলিম দেশৰ নাগৰিকক আমেৰিকাত প্ৰৱেশত বাধা দিয়াত বিৰাট হৈ চৈ আৰম্ভ হৈছে (উল্লেখনীয় যে ট্ৰাম্পৰ এই সিদ্ধান্তক বতৰ্মান সময়ত স্বয়ং আমেৰিকাৰ আইনে হস্তক্ষেপ কৰিছে), আমাৰ দৃষ্টিত কিন্তু ইয়াতকৈ বহু আগতেই আগন্তুক সময়ত দক্ষিণ-পূৰ্ব এছিয়াৰ ৰাজনৈতিক পৰিৱেশ অস্থিৰ কৰি তুলিব পৰা নীতি আমেৰিকাই গ্ৰহন কৰিলে।যি নীতি কথা আমি উল্লেখ কৰিব বিচাৰিছোঁ, ই হ’ল ড’নাল্ড ট্ৰাম্পৰ পোনপটীয়া চীন বিৰোধী নীতি আৰু এই বিষয়েই আজি এই লেখাটিত আমি কিছু আলোচনা আগবঢ়াব বিচাৰিছোঁ।
যদিও আমি ড’নাল্ড ট্ৰাম্পক চীনা বিৰোধী নীতিৰ বাবে জগৰীয়া কৰিছোঁ, এইখিনিতে কিন্তু উল্লেখ কৰি থোৱা ভাল হ’ব যে গত আমেৰিকা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত ৰিপাব্লিকান আৰু ডেম’ক্ৰেটিক দুয়োটা দলৰ প্ৰাৰ্থীয়ে চীনা বিৰোধী মত দাঙি ধৰিছিল। ৰিপাব্লিকান প্ৰাৰ্থী ট্ৰাম্পে যদি চীনক মুদ্ৰাৰ ইচ্ছাকৰ্তা (Currency manipulator) বুলি অভিহিত কৰি আমেৰিকা অৰ্থনীতিক ধৰ্ষণ(rape) কৰা অভিযোগ আনিছিল, তেন্তে আনহাতেদি ডেম’ক্ৰেটিক প্ৰাৰ্থী হিলাৰী ক্লিটনে চীনত মানৱ অধিকাৰ খৰ্ব হোৱা আৰু দক্ষিণ-চীন সাগৰত চীনে নিৰ্মান কৰা দ্বীপকলৈ প্ৰশ্ন তুলিছিল। কিন্তু আমেৰিকাৰ যি নতুন চীন বিৰোধী কূটনৈতিক নীতি ই অতি সুস্পষ্ট হৈ পৰে ০২ ডিচেম্বৰ ২০১৬ তাৰিখে। এই দিনটোতেই আমেৰিকাই চীনৰ “one china” নীতিক চূড়ান্ত ভাৱে অৱমাননা কৰি টাইৱানৰ ৰাষ্ট্ৰপতি Tsai Ing-Wen ৰ অভিনন্দনসূচক ফোনবাৰ্তা গ্ৰহন কৰে আৰু এই যোগাযোগ আছিল ১৯৭৯ চনৰ ৰাষ্ট্ৰপতি জিমি কাৰ্টৰৰ পিছত অন্য এজন আমেৰিকান ৰাষ্ট্ৰপতিৰ টাইৱানৰ সৈতে পোনপটীয়া যোগাযোগ। এই বিষয়ত চীনে নিজৰ আপত্তি দৰ্শোৱাত ড’নাল্ড ট্ৰাম্পৰ প্ৰত্ত্যুতৰ আছ্লি এনেকুৱা “ মই চীনৰ ‘one china’ নীতি চলিবলৈ বাধ্য নহয়, প্ৰয়োজনত মই চীনৰ লগত অধিক বানিজ্যিক চুক্তি কৰাতহে পক্ষপাতী”। এই মন্তব্য আঁতধৰি আমেৰিকাই চীনৰ প্ৰতি ট্ৰাম্পৰ নেতৃত্বত গ্ৰহন কৰা নতুন দমনমূলক বৈদেশিক নীতিৰ দুটা কাৰণ বিচাৰি উলিয়াব পাৰি,
ক। চীনৰ আগ্ৰাসনমূখী বানিজ্যিক নীতিক ৰোধ কৰি আমেৰিকা নিজৰ উৎপাদন প্ৰতিষ্ঠানসমূহক বিশ্ব অৰ্থনীতি দখল কৰিবলৈ সুবিধা কৰি দিয়া।
খ। দক্ষিণ-চীন সাগৰত (South China Sea) বানিজ্যিক কতৃত্ব জাহিৰ কৰিবলৈ দক্ষিণ-পূৰ্ব এছিয়াৰ দেশৰ লগত সু-সম্পৰ্ক স্থাপনেৰে চীনৰ ওপৰত কূটনৈতিক হেচাঁ প্ৰয়োগ।
আমি যদি প্ৰথম কাৰণটোলৈ মন কৰোঁ তেন্তে দেখিম যে সাম্প্ৰতিক সময়ত চীনে নিজৰ আগ্ৰাসনমূখী বানিজ্যিক নীতি দ্বাৰা বিশ্বৰ অৰ্থনীতিত নিজকে এক কতৃত্বশীল শক্তিৰূপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে আৰু ইয়াক লৈ আমেৰিকাকে আদি কৰি উন্নত দেশসমূহ শংকিত হৈ পৰিছে। এনে শংকা ফলতে শেহতীয়াকৈ ড’নাল্ড ট্ৰাম্পে চীনা আমদানিকৃত প্ৰতিটো সামগ্ৰীতে ৪৫% বানিজ্যিক কৰ আৰোপৰে আমেৰিকাই অভিযোগ কৰা চীনৰ “ইচ্ছাকৃত মুদ্ৰানীতি”ক নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা হৈছে বুলি ধাৰণা কৰিব পাৰি।ইয়াৰ ওপৰিও ড’নাল্ড ট্ৰাম্পে Trans-Pacific Partnership (TPP)ভ্ংগ কৰা আৰু North America Free Trade Agreement (NAFTA)ক নতুনকৈ সম্পাদন ক্ষেত্ৰত নিজৰ স্থিতি স্পষ্ট কৰিছে। এনে পদক্ষেপৰ দ্বাৰা যে আমেৰিকাই “America First” নীতিৰ দ্বাৰা নিজৰ উৎপাদন প্ৰতিষ্ঠানসমূহক অধিক উৎপাদনমূখী কৰি তুলি চীনৰ আগ্ৰাসনমূখী বানিজ্যিক নীতিক প্ৰত্যাহ্বান জনাব বিচাৰিচে সেই কথা স্পষ্ট হৈ পৰিছে।
দ্বিতীয়তে আমেৰিকাই বিশ্বৰ বানিজ্য ক্ষেত্ৰৰ এক তৃতীয়াংশ দখল কৰি থকা South China Sea ত নিজৰ বানিজ্যিক কতৃত্ব জাহিৰ কৰিবলৈ বহুত আগৰেই পৰা চেষ্টা কৰি আহিছে। ইয়াৰ ওপৰি বতৰ্মান সময়ত তেল আৰু গেছৰ প্ৰচুৰ ভাণ্ডাৰৰূপে পৰিগনিত হোৱা South China Sea ৰ প্ৰতি আমেৰিকা আগ্ৰহ বৃদ্ধি পোৱাটো কোনো অস্বাভাৱিক কথা নহয়। শেহতীয়াকৈ South China Sea ত নিজৰ কতৃত্বকলৈ চীন আৰু দক্ষিণ-পূৰ্ব এছিয়া দেশসমূহৰ মাজত অসন্তুষ্টি বৃদ্ধি পাইছে। যদিও অসন্তুষ্টিক বতৰ্মান সময়ত ৰাষ্ট্ৰসংঘৰ স্বীকৃত সংস্থা UN- Convention on the Law of the Sea (UNCLOS)অধীনত সমাধান কৰিবলৈ চেষ্টা কৰা হৈছে ই কিন্তু সম্ভৱ হৈ উঠা নাই আৰু শেহতীয়াকৈ এই বিষয়টোক International Court of Justice (ICJ)লৈ যাবলৈ সংশ্লিষ্ট দেশসমূহে মতপোষন কৰিছে।বিশেষভাৱে উল্লেখযোগ্য যে South China Sea ত চীন আৰু টাইৱানৰ সীমা নিৰ্ধাৰণ কৰা Nine Dash Line ৰ স্থিতিকলৈ দুয়োখন দেশৰ মাজত বিবাদ চলি আছে আৰু শেহতীয়াকৈ এই বিবাদত চুবুৰীয়া দেশ ফিলিপাইনছও জড়িত হৈ পৰিছে। আৰু এনে সময়তে আমেৰিকাৰ সদ্য নিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে চীনৰ “One China” নীতি মানিবলৈ বাধ্য নহয় বুলি কৰা মন্তব্য নিশ্চয়কৈ গুৰুত্বপূৰ্ণ।
উপৰোক্ত আলোচনাত বিশ্লেষণ কৰা আমেৰিকাৰ নতুন বৈদেশিক নীতিৰ প্ৰতি বেইজিং মহলে কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে তাৰ ওপৰতেই দক্ষিণ-পূৰ্ব এছিয়াৰ ৰাজনৈতিক সুস্থিৰতা নিৰ্ভৰ কৰিব বুলি আমি বিশ্বাস কৰোঁ।
………………………………………………………………………………………

Comments

Popular posts from this blog

“আহোমৰ ঐতিহাসিক সমাজ ব্যৱস্থাৰ মূলত: কৃষিগত চিন্তাৰ আৰু জলব্যৱস্থাৰ বৈজ্ঞানিক বিশ্লেষণ”

ভূ তত্ত্ব শিক্ষাৰ গুৰুত্ব, শৈক্ষিক পৰিক্ৰমা আৰু সংস্থাপনৰ সুবিধা (নিয়মীয়া বাৰ্তাৰ সাপ্তাহিক শিক্ষামূলক বিশেষ পৃষ্ঠা 'শিক্ষা বাৰ্তা')

অৰ্থনৈতিক উন্নয়ন বনাম সাংস্কৃতিক প্ৰদূষণ : বিহুৰ পৰা পূজালৈ এক অৱলোকন