অসমৰ পৰ্যটন : কেগ’ (CAG)ৰ প্ৰতিবেদন আৰু প্ৰিয়ংকাৰ আগমন

অসমৰ পৰ্যটন : কেগ’ (CAG)ৰ প্ৰতিবেদন আৰু প্ৰিয়ংকাৰ আগমন
° বিজয় কৃষ্ণ চেতিয়া
ভূতত্ত্ববিদ
শিৱসাগৰ,অসম।
যোগাযোগ নম্বৰ ৯৯৫৪২-৫৩৫৫





২০১৬ বৰ্ষত অসমত সংঘটিত উল্লেখযোগ্য ঘটনাবোৰৰ ভিতৰত বছৰটো শেষৰ ফালে বলিউডৰ মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই অসম পৰ্যটনৰ ব্ৰেণ্ড এম্বেচাড (brand ambassador) ৰূপে দায়িত্বভাৰ লোৱাটো নিশ্চয়কৈ অন্যতম।এই ঘটনাটোৱে অসমৰ সৰ্বস্তৰৰ ৰাইজৰ পৰা মিশ্ৰিত প্ৰতিক্ৰিয়া লাভ কৰিছিল, একাংশই দুৰ্বল আন্ত:গাঠনিক জগৰীয়া কৰি চেলিব্ৰেটী ব্ৰেণ্ড এম্বেচাডৰ নামত কোটি টকা খৰছ কৰাটো পৰিৱৰ্তনকামী চৰকাৰৰ এক অপৰিপক্ক সিদ্ধান্ত বুলি সমালোচনা কৰিছিল, একেসময়তে আনএকাংশই অসমৰ পৰ্যটনৰ প্ৰতি বিশ্ব পৰ্যটন উদ্যোগৰ দৃষ্টি আৰ্কষণ কৰাত চৰকাৰৰ এক সময়োপযোগী সাহসী পদক্ষেপ বুলি সমৰ্থন কৰিছিল। আৰু অসমৰ পৰ্যটনক লৈ আৰম্ভ হোৱা এই দোদুল্যমান চিন্তাই আমাৰও মনোযোগ আৰ্কষণ কৰিবলৈ সক্ষম হৈছিল, কাৰণ আমি দৃঢ়ভাৱে বিশ্বাস কৰোঁ, ইতিহাস সমৃদ্ধ আৰু প্ৰাকৃতিক সমলেৰে চহকী অসমক বিশ্ব ভিতৰতেই এক বৃহৎ পৰ্যটন-ক্ষেত্ৰ ৰূপে গঢ়ি তোলা পূৰ্ণ সম্ভাৱনা আছে।আৰু সেইয়ে আমি জানিব বিচাৰিছিলোঁ অসমৰ পৰ্যটন বিভাগৰ বৰ্তমানৰ প্ৰকৃত অৱস্থাৰ কথা । আমাৰ এই উদ্দেশ্যক সহায় কৰিছিল COMPTROLLER AND AUDITOR GENERAL(CAG) য়ে প্ৰস্তুত কৰা “REPORT OF THE COMPTROLLER AND AUDITOR GENERAL OF INDIA ON PUBLIC SECTOR UNDERTAKINGS, GOVERNMENT OF ASSAM ,REPORT NO. 3 OF 2015) শীৰ্ষক এক প্ৰতিবেদনে।এই প্ৰতিবেদনত ২০১০-১১ পৰা ২০১৪-১৫ চনলৈকে অসম চৰকাৰৰ Assam Tourism Development Corporation Limited আৰু Directorate of Tourism য়ে ৰাজ্যৰ পৰ্যটন নীতি ( State Tourism Policy) য়ে যুগুত কৰা উদ্দেশ্যসমূহ সফলৰূপে ৰূপায়ণ কৰাত কেনেধৰণৰ কৰ্মদক্ষতা প্ৰৰ্দশন কৰিলে তাৰ এক খতিয়ান দাঙি ধৰিছে। কেগে’(CAG) অসমৰ পৰ্যটনক লৈ প্ৰস্তুত কৰা এই প্ৰতিবেদন আজিৰ আলোচনাত সম্পূৰ্ণৰূপে তুলি ধৰাটো বা আলোচনা কৰাটো সম্ভৱ নহয়, সেইয়ে কেগ’ৰ এই প্ৰতিবেদনত সন্নিৱিষ্ট কৰা গুৰুত্বপূৰ্ণ টোকা সমূহ তলত হুবহভাৱে অসম্পাদিতৰূপত  দাঙি ধৰা হ’ল,

1.    The State Tourism sector lacks authentic data on tourist inflow due to failure of the GoA/Company to put in place a proper data collection mechanism and conduct the benchmark survey of all tourist potential destinations. The Company did not prepare any short or long term plans to identify and prioritise the projects to be developed on scientific basis. No systematic procedure was adopted in the selection process of projects and no exercise was done for circuit-wise identification and prioritisation of projects for development. (Paragraph 2.8.1, 2.9.1, 2.9.3 and 2.12)
2.    Tourist facilities were minimal. Important tourist friendly measures like online booking, signages, radio taxi services, wayside amenities were insufficient or not available and projects pertaining to them did not take off. Not many initiatives were taken for training of guides and impact assessment of training for drivers. There was ample scope for development of the tourist circuits in Majuli, wetland tourism, off-season tourism circuit around National parks, Monsoon tourism, River tourism, homestay tourism, adventure and eco-tourism, rural tourism, handloom tourism, rail tourism and comprehensive pilgrimage tourism etc. Though all the plans of the Company were designed for these circuits and activities, most of these projects never took off beyond proposal stage. (Paragraph 2.12 to 2.22.2, 2.23.2 and 2.23.3)
3.    Efforts at promoting the tourist attractions were ad-hoc, erratic and did not yield effective results. Documentaries and films on the State were commissioned without verifying the credentials of the producers and content of the products were also not vetted nor was their actual dissemination vouchsafed. Facilitation centres and Information kiosks for tourists though planned and in some cases executed, were not operational and the fact that the law and order situation had improved in the State had not been advertised sufficiently. (Paragraph 2.11.4, 2.24.6 and 2.24.7)
4.    The Company received 116.87 crore for 138 projects sanctioned during 2010-11 to 2014-15. As against this, the Company could utilise only 83.38 crore (71 per cent) during 2010-15 (including refund of 12.50 crore to the GoI) leaving an unspent balance of 33.49 crore. Out of total 50 projects of GoI and 88 projects of GoA sanctioned during 2010-15, only 17 GoI projects (34 per cent) and 8 GoA projects (9 per cent) could be completed by the Company (September 2015). (Paragraph 2.10.1)
5.    Due to slippage in completion of projects within the time schedule, 13 projects were dropped and amounts sanctioned were refunded (` 12.50 crore) to the GoI. Further, the Company was also deprived of availing further assistance from GoI during 2012-13 and 2013-14 due to failure to submit Utilisation Certificates against earlier sanctions of GoI. (Paragraph 2.10.3 and 2.10.4)
6.    Important infrastructure development projects such as building of the State’s first Five Star hotel, and building of the Convention Centre at Guwahati were stalled because of inability of the Company to get clearances. In other matters such as taking over of completed assets, getting artistic, informative and technical projects executed in a timely fashion, the Company despite having the funds and detailed plans in place, was indifferent to the pace of work and eventual completion and the quality of work done. (Paragraph 2.11.5, 2.14.3, 2.15.4, 2.22.1 and 2.22.2)
7.    The occupancy of the lodges operated by the Company was poor due to shabby maintenance as well as inappropriate selection of locations for development of lodges. The Company also delayed in leasing out the completed assets by as much as 60 months on account of delay in inviting tenders and excessive time taken in finalisation of bids, etc. As a result, the Company had to bear additional financial burden on repairing of these idle assets, besides losing the opportunity of earning potential lease rental income during their vacancy period. (Paragraph 2.25 and 2.25.2)
8.    The projects implemented by the Company were not adequately monitored by the GoA leading to expenditure on some projects being rendered unfruitful and the potential for tourism in the state remaining unrealised. Assam Tourism Council was set up (September 2009) for development, promotion and coordination of tourism activities in the State under the Chairmanship of the State Chief Minister. However, only one meeting of the Council was held (June 2010) in 6 years (upto October 2015) defeating the prime objective of its formation. State Level Monitoring Committee (SLMC) had held only 5 meetings during the period 2010-11 to 2014-15 as against the minimum 20 meetings required to be held during this period. There was no prescribed format for Management Information System for giving a feedback summary to the Headquarters of the Company from its lodges. (Paragraph 2.27, 2.27.1, 2.27.2 and 2.27.3)

কেগ’ৰ প্ৰতিবেদনত উল্লেখ কৰা উপৰোক্ত টোকা সমূহ অধ্যয়ণ কৰা পিছত আমি হতবাক হৈ পৰিছিলোঁ বা আমি ভাবিব বাধ্য হৈছিলো কেনে এক পৰিকল্পনাহীন অৰাজক ব্যৱস্থাৰে অসমৰ পৰ্যটন বিভাগ কংগ্ৰেছ চৰকাৰৰ শেষৰ পাঁচটা বছৰত পৰিচালিত হৈছিল। কেগ’ৰ এই প্ৰতিবেদনে স্পষ্টকৈ উদঙাই দিছে আন্ত:গাঁঠনি শূণ্য অসমৰ পৰ্যটন বিভাগৰ ফোপোলা স্বৰূপ। আমি আমাৰ সীমিত জ্ঞানে আন্ত:গাঁঠনি বুলিলে দুইধৰণৰ আন্ত:গাঁঠনিকে বুজোঁ,
ক) শাৰিৰীক আন্ত:গাঁঠনি (Physical infrastructure)
খ) মানসিক আন্ত:গাঁঠনি (Mental infrastructure)
আমি বিশ্বাস কৰোঁ কোনো এটা বিষয়ৰ প্ৰকৃত বিকাশ তথা উন্নয়ণৰ বাবে শাৰিৰীক আন্ত:গাঁঠনিতকৈ মানসিক আন্ত:গাঁঠনিৰ গুৰুত্ব অধিক আৰু আমাৰ বিবেচনা মতে এই মানসিক আন্ত:গাঁঠনি আন একো নহয়, ই হ’ল পৰিকল্পনা, নীতি আৰু ব্যৱস্থাৰ এক সংহিত ৰূপ।কিন্তু আমি যদি কেগ’ৰ উপৰোক্ত টোকাসমূহলৈ দৃষ্টি দিওঁ তেন্তে লক্ষ্য কৰিম অসমৰ পৰ্যটন বিভাগে যোৱা পাঁচটা বছৰে অৰ্থাৎ ২০১০-২০১৫ বৰ্ষত মানসিক আন্ত:গাঁঠনিক সম্পূৰ্ণৰূপে আওকান কৰি চলিছিল আৰু ইয়াৰ বাবেই বিশ্বৰ পৰ্যটন ক্ষেত্ৰত অসমে নিজৰ পৰিচয় যিদৰে দাঙি ধৰিব পাৰিব লাগিছিল তেনেদৰে পৰা নাই বুলি আমি অনুভৱ কৰোঁ।
   যদিও আমি বিশ্বাস কৰোঁ ওপৰত উল্লেখ কৰা কেগ’ৰ প্ৰতিটো টোকাই অসমৰ পৰ্যটন ক্ষেত্ৰখনৰ প্ৰতি অতিকৈ গুৰুত্বপূৰ্ণ, তথাপিও আমি আজিৰ এই লেখাত কিছু নিদিষ্ট টোকাক লৈহে আলোচনা কৰিব বিচাৰিছোঁ আৰু ইয়াৰ নিশ্চয়কৈ এক কাৰণও আছে; কাৰণটো হ’ল গত চৰকাৰৰ প্ৰতিটো নেতিবাচক দিশ আলোচনা কৰাতকৈ কিছু ইতিবাচক চিন্তাৰে অসমৰ পৰ্যটন ক্ষেত্ৰক এক সবাংগ সুন্দৰ পৰ্যটন উদ্যোগলৈ ৰূপান্তৰিত কৰা প্ৰতিহে আমি বেছি আগ্ৰহী।
    আমি প্ৰথমেই আলোচনা কৰিব বিচাৰিছোঁ ১৯৮৮ চনৰ জুন মাহত অসম চৰকাৰে অসমৰ পৰ্যটন ক্ষেত্ৰৰ বিকাশ (growth) আৰু উন্নয়ণৰ (development) বাবে গঢ় দিয়া Assam Tourism Development Corporation Ltd.(ATDC) ৰ কৰ্মদক্ষতাৰ বিষয়ে। আমি যদি ওপৰত উল্লেখ কৰা কেগ’ৰ ৪নং টোকাটোলৈ মন কৰোঁ তেন্তে দেখিম ,২০১০-১১ পৰা ২০১৪-১৫ বৰ্ষৰ বাবে ATDC য়ে ১৩৮টা পৰ্যটন প্ৰকল্পৰ বাবে লাভ কৰিছিল মুঠ ১১৬.৮৭ কোটি টকা, আৰু  ইয়াৰে ATDC য়ে খৰছ কৰিলে ৮৩.৩৮ কোটি (৭১%) অৰ্থাৎ  খৰছ নোহোৱাকৈ থাকি গ’ল প্ৰায় ৩৩.৪৯ কোটি টকা।ইয়াৰ ওপৰিও ২০১০-২০১৫ বৰ্ষৰ বাবে ATDC য়ে লাভ কৰিছিল ভাৰত চৰকাৰৰ ৫০টা আৰু অসম চৰকাৰৰ ৮৮টা আবণ্টিত প্ৰকল্প।কিন্তু অতি পৰিতাপৰ বিষয়, ATDC য়ে ২০১৫ চনৰ ছেপ্তেম্বৰ মাহৰ লৈকে ভাৰত চৰকাৰৰ ৫০টা প্ৰকল্প ভিতৰত সম্পূৰ্ণ কৰিলে ১৭টা প্ৰকল্প (৩৪%) আৰু অসম চৰকাৰৰ ৮৮টা প্ৰকল্প ভিতৰত সম্পূৰ্ণ কৰিলে মাত্ৰ ৮টা প্ৰকল্প(৯%)।কেগ’ৰ এই তথ্যখিনি পৰা এটা কথাই স্পষ্ট হয়, ২০১০-২০১৫ বৰ্ষত বা কংগ্ৰেছ চৰকাৰৰ ১৫ বছৰ কাৰ্যকালৰ শেষৰ পাঁচটা বছৰত ATDC ৰ কৰ্মদক্ষতাৰ মান খুবেই নিম্নখাপৰ আছিল আৰু আমাৰ দৃষ্টিত এই নিম্ন মানদণ্ডৰ বাবে মূলত জগৰীয়া ATDC বা চৰকাৰৰ দুৰ্বল মানসিক আন্ত:গাঁঠনি অৱস্থা।গতিকে আমি বিচাৰোঁ বৰ্তমানৰ বিজেপি নেতৃত্বাধীন পৰিৱৰ্তনকামী চৰকাৰে এই বিষয়ত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে আৰু ইয়াৰ বাবে ভাৰতৰ পৰ্যটন ক্ষেত্ৰত চহকী ৰাজ্যৰ লগত তুলনামূলক অধ্যয়ণৰ দ্বাৰা পৰীক্ষামূলক ব্যৱস্থাৰে ATDCক অধিক কাৰ্যক্ষম কৰি তুলিবলৈ সময়োপযোগী আঁচনি গ্ৰহন কৰাটো খুবেই প্ৰয়োজন বুলি আমি অনুভৱ কৰোঁ।
দ্বিতীয়তে বা শেষত আমি কেগ’ৰ আলমলৈ আলোচনা কৰিব বিচৰা বিষয়টো হ’ল অসমৰ পৰ্যটন ক্ষেত্ৰৰ বিকাশ ও উন্নয়ণত চৰকাৰৰ নিৰীক্ষণ বা তদাৰক ব্যৱস্থাৰ ভূমিকা। অসমৰ পৰ্যটন ক্ষেত্ৰৰ উন্নয়ণ, উত্তৰণ আৰু ইয়াৰ বাবে প্ৰয়োজনীয় সমম্বয়ৰ বাবে ২০০৯ চনৰ ছেপ্তেম্বৰ মাহত মুখ্যমন্ত্ৰী অধ্যক্ষাত গঠিত হৈছিল “অসম পৰ্যটন পৰিষদ(Assam Tourism Council)”। কিন্তু অতি পৰিতাপৰ বিষয় যে, স্বয়ং মুখ্যমন্ত্ৰী অধ্যক্ষতাত গঠিত এই পৰিষদে নিজৰ উদ্দেশ্যক জলাঞ্জলি দি গঠন হোৱাৰ পৰা ২০১৫ চনৰ অক্টোবৰ মাহলৈকে মুঠ ০৬(ছয়) বছৰত অনুষ্ঠিত কৰিছিল মাত্ৰ এখন বৈঠক।ইয়াৰ ওপৰিও পৰ্যটন প্ৰকল্পসমূহ নিৰীক্ষণ কৰিবলৈ গঠিত State Level Monitoring Committee (SLMC) য়ে ২০১০-১১ পৰা ২০১৪-১৫ বৰ্ষত অনুষ্ঠিত কৰিছিল মাত্ৰ ০৫(পাঁচ) খন বৈঠক, য’ত নূন্যতম অনুষ্ঠিত হব লাগিছিল অতিকমেও ২০খন বৈঠক।এই তথ্যসমূহ বিশ্লেষণ কৰিলে এটা কথা আমি স্পষ্টভাৱে কব পাৰো সেইটো হ’ল গত চৰকাৰ খনৰ পৰ্যটনকলৈ পৰিকল্পনাৰ অভাৱ আছিল আৰু সেইবাবেই চৰকাৰৰ আবণ্টিত পৰ্যটন প্ৰ্কল্প সমূহ সফল ৰূপায়ণৰ বাবে প্ৰয়োজনীয় চৰকাৰী নিৰীক্ষণ বা তদাৰক ব্যৱস্থাৰ লগতে আন্ত:বিভাগীয় সমম্বয়ৰও অভাৱ ঘটিছিল।সেইয়ে আমি পৰিৱৰ্তনকামী নতুন চৰকাৰক টানি অনুৰোধ কৰোঁ, চৰকাৰে সম্পূৰ্ণ বৈজ্ঞানিক দৃষ্টিভংগীৰে, সুপৰিকল্পিত চিন্তাৰে এনে এক চৰকাৰী তদাৰক ব্যৱস্থা অসমৰ পৰ্যটন বিভাগত গঢ়ি তোলক যাৰ দ্বাৰা অসমৰ পৰ্যটন ক্ষেত্ৰক বিশ্বমানৰ কৰি তুলিবলৈ প্ৰয়োজনীয় কৰ্মসংস্কৃতি আৰু আন্ত:বিভাগীয় সমম্বয় গঢ়ি তুলিবলৈ চৰকাৰ সক্ষম হব।
সদৌ শেষত আমি বিশ্বাস কৰোঁ এনে চিন্তাইহে প্ৰাচীন কীৰ্তিচিহ্ন, গ্ৰাম্য ব্যৱস্থা, হস্ত-তাঁত আৰু বয়ন শিল্প আদি ভিন্ন পৰ্যটনৰ সমলেৰে ভৰপূৰ অসমৰ পৰ্যটন বিভাগৰ “ব্ৰেণ্ড এম্বেচাড” ৰূপে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাক নিয়োগ কৰা বিষয়টোক অসমৰ সৰ্বস্তৰৰ ৰাইজৰ বাবে গ্ৰহনযোগ্য কৰি তুলিব।

Comments

Popular posts from this blog

“আহোমৰ ঐতিহাসিক সমাজ ব্যৱস্থাৰ মূলত: কৃষিগত চিন্তাৰ আৰু জলব্যৱস্থাৰ বৈজ্ঞানিক বিশ্লেষণ”

ভূ তত্ত্ব শিক্ষাৰ গুৰুত্ব, শৈক্ষিক পৰিক্ৰমা আৰু সংস্থাপনৰ সুবিধা (নিয়মীয়া বাৰ্তাৰ সাপ্তাহিক শিক্ষামূলক বিশেষ পৃষ্ঠা 'শিক্ষা বাৰ্তা')

অৰ্থনৈতিক উন্নয়ন বনাম সাংস্কৃতিক প্ৰদূষণ : বিহুৰ পৰা পূজালৈ এক অৱলোকন