সাংস্কৃতিক পুঁজিবাদ : মঞ্চত অপদস্থ কোন?

বিহুটোক যিদিনাই গাঁৱৰ পৰা আনি মঞ্চত তুলিলে সেইদিনা পৰাই অসমীয়া সংস্কৃতিলৈ পুঁজিবাদী চিন্তাৰ আগ্ৰাসন আৰম্ভ হ'ল বুলি আমি কব পাৰোঁ। বহুতে ক'ব বিচাৰিছিল যে এনে পুঁজিবাদী চিন্তাৰে বিহুক বিশ্বৰ সাংস্কৃতিক দৰবাৰত সৱল ভাৱে প্ৰতিষ্ঠা কৰাত সহায়ক হব। কিন্তু আজি তাৰিখত পুঁজিবাদী চিন্তাই অসমত কেনে ধৰণৰ সাংস্কৃতিক প্ৰদূষণৰ বাতাবৰণ সৃষ্টি কৰিছে সেইয়া সকলোৱে দেখিছে উদাহৰণস্বৰূপে চিগাৰেটৰ পেকেটত বিহুৰ বিজ্ঞাপন, মদৰ বটলত বিহুৰ বিজ্ঞাপন ইত্যাদি । আৰু এনে বাতাবৰণত বিহুৰ বিশ্বজনীন চিনাকী কেনেকৈ সম্ভৱ সেইয়াও আমাৰ বাবে চিন্তাৰ বিষয়। এই পুঁজিবাদী চিন্তাৰ আগ্ৰাসনত এনে এটা সময় আহিল য'ত গাঁৱৰ দুখীয়াজনে বছেৰেকৰ বিহুটোত গাঁৱৰ হুচৰি দলটো পৰা এটি আৰ্শীবাদৰ পৰা বঞ্চিত হব লগীয়া পৰিস্থিতি সৃষ্টি হ'ল। কাৰণ বিহু হৈ পৰিল অৰ্থ আৰণৰ আহিলা। আৰু আজি তাৰিখত বহুতে কবলৈ ল'লে বিহু এটা সংগীতৰ উৎসৱ অৰ্থাৎ musical festival। আমাৰ বিবেচনাত এনে চিন্তা জাতীয় স্বাৰ্থৰ পৰিপন্থী আৰু জাতীয় সংস্কৃতিৰ ভৱিষ্যতৰ বাবে ভাবুকিস্বৰূপ, কাৰণ আমি সজোৰে বিশ্বাস কৰোঁ সংস্কৃতিয়ে জাতীয় চিন্তাক প্ৰতিফলিত কৰে বা প্ৰতিনিধিত্ব কৰ...