ভূ-ৰাজনৈতিক প্ৰসংগত ভাৰত মহাসাগৰ (সাদিন, ৩১/০৩/২০১৭)
সাম্প্ৰতিক সময়ত বিশ্ব বানিজ্য ক্ষেত্ৰত ভাৰত মহাসাগৰৰ গুৰুত্ব অভাৱনীয়ভাৱে বৃদ্ধি পাইছে, এক প্ৰকাৰে ক’বলৈ গ’লে বৰ্তমান সময়ত বিশ্বৰ বানিজ্যৰ ধাৰা প্ৰশান্ত মহাসাগৰৰ পৰা ভাৰত মহাসাগৰলৈ অতি ক্ষিপ্ৰ গতিৰে গতিমান হৈছে। বিশ্ব বানিজ্যত ভাৰত মহাসাগৰৰ গুৰুত্ব বৃদ্ধিত আমাৰ দৃষ্টিত দুই কাৰকে সহায় কৰিছে, ক। ইউৰোপ আৰু এছিয়াৰ মাজত পোনপটীয়া যোগাযোগত ভাৰত মহাসাগৰৰ গুৰুত্ব । খ। বিশ্ব-বানিজ্যৰ ৰপ্তানী আৰু আমদানি ব্যৱসায়ৰ প্ৰায় আধা অংশৰ কেন্দ্ৰই হ’ল ভাৰত মহাসাগৰ । আটাইতকৈ উল্লেখযোগ্য কথাটো হ’ল বিশ্বৰ পেট্ৰলিয়াম বানিজ্যৰ প্ৰায় ৭০% ই নিয়ন্ত্ৰিত হয় ভাৰত মহাসাগৰৰ পৰা আৰু আমি অনুভৱ কৰোঁ এই কাৰকে ভাৰত মহাসাগৰৰ বানিজ্যিক গুৰুত্বক বৃদ্ধি কৰাত মুখ্য ভূমিকা পালন কৰিছে। ভাৰত মহাসাগৰৰ বানিজ্যিক গুৰুত্ব বাঢ়ি যোৱা লগে লগে কিন্তু এই বিশাল জলৰাশিৰ লগত জড়িত দেশসমূহৰ মাজত, দেশীয় বানিজ্যৰ প্ৰসাৰ বা আন্ত:ৰাষ্ট্ৰীয় বজাৰত নিজৰ আধিপত্য বিস্তাৰৰ বাবে এই জলৰাশি ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ এক তুমুল প্ৰতিযোগিতা আৰম্ভ হৈছে। এই ক্ষেত্ৰত চীনৰ লগতে আন দুই উন্নয়ণশীল বৃত্তীয় শক্তি ভাৰত আৰু পূৰ্ব –আফ্ৰিকাই মুখ্য ভূমিকা গ্ৰহন ক...