ব্ৰ্ক্ষ্ম্পুত্ৰৰ পানী কিমান মিঠা কিমান তিতা: চীনৰ কূটনীতি আৰু আমাৰ পৰিকল্পনা “…সহস্ৰ বাৰিষাৰ উন্মাদনাৰ অভিজ্ঞতাৰে পংগু মানৱক সবল স্ংগ্ৰামী, আৰু অগ্ৰগামী কৰি নোতোলা কিয়?” আলোচনাটিৰ আৰম্ভণিতেই ভূপেনদাৰ ‘বিস্তীৰ্ণ পাৰ’ৰে গীতটোৰ এই বিশেষ অংশটো স্ংযোজন কৰা মূল লক্ষ্যটো হ’ল, আমি অসমীয়া জাতিটোৱে নিজৰ সমস্যাবোৰক প্ৰ্কৃত অৰ্থত কেতিয়া অনুধাৱন কৰিম আৰু এইবোৰৰ স্থায়ী সমাধানৰ বাবে আমাৰ মনবোৰ কেতিয়া স্ংগ্ৰামী হব। ব্ৰ্ক্ষ্ম্পুত্ৰ আমাৰ বাবে সমস্যা নে ই আমাৰ বাবে সম্পদ এই কথাৰ তত্ত্ব বিচাৰি উলিয়াবলৈ আৰু কিমান সময় লম, প্ৰ্তি বছৰে ৰাজ্যত হোৱা বানৰ পৰা আমি কিবা শিক্ষা লৈছোঁ নে, যদিহে লৈছোঁ তেন্তে প্ৰ্তিবছৰে বানৰ এই তাণ্ডৱ কিয়, এই সমস্যা সমাধানৰ পথ কি? এইবছৰ বানৰ ভয়াবহ তাণ্ডৱ দেখি এনে বহু প্ৰ্শ্নই মনটোক ব্যতিব্যস্ত কৰি ৰাখিছিল।আৰু ঠিক তেনেসময়তে ২৯ জুলাই, ২০১৬ৰ বাতৰি কাগজত প্ৰ্কাশিত এটা চৰকাৰী বিজ্ঞাপনে মনটোক অলপ শান্ত কৰিব পাৰিছিল, সেইটো আছিল অসম চৰকাৰৰ জল সম্পদ বিভাগে ৩০ আৰু ৩১ জুলাই,২০১৬ত অসমৰ বানপানী, গৰাখহনীয়া, ব্ৰক্ষ্মপুত্ৰত খননৰ সম্ভাৱনীয়তা আদি সাম্প্ৰ্তিক বিষয়ক সামৰি “অসম জল গৱেষ...