Posts

ক্ৰীড়া সংগঠক হিচাপে দীপক ঘাটোৱাৰ দেৱৰ অসমলৈ অৱদান

Image
প্ৰথম অসমীয়া আন্ত:ৰাষ্ট্ৰীয় দবা পৰিচালক (Chess Arbiter) প্ৰয়াত দীপক ঘাটোৱাৰ দেৱৰ ১ম মৃত্যু বাৰ্ষিকীৰ স্মৃতি চাৰণ সভাৰ নিদিষ্ট বক্তাৰ ভাষণ, দিনাংক ২৫/০৪/২০১৮   ক্ৰীড়া সংগঠক হিচাপে দীপক ঘাটোৱাৰ দেৱৰ অসমলৈ অৱদান  এক বিশাল ব্যক্তিত্বৰ অধিকাৰী এজন ব্যক্তিৰ এক নিদিষ্ট দিশক বৈজ্ঞানিক বিশ্লেষণ কৰি সৰল অৰ্থত ব্যাখ্যা কৰাটো আমাৰ দৃষ্টিত বৰ এটা সহজ বিষয় নহয়। তথাপিও সমাজ উত্তৰণ স্বাৰ্থত সমাজৰ প্ৰগতিশীল চিন্তাত ব্যক্তিৰ ব্যক্তিত্বৰ প্ৰভাৱৰ বিষয়ে নৱ প্ৰজন্মক আকৰ্ষিত কৰিব পৰাকৈ এক সুস্থিৰ সামাজিক দৰ্শন সৃষ্টি কৰিবলৈ এই ব্যক্তি সকলৰ ব্যক্তিত্বৰ সামাজিক বিশ্লেষণ কৰাটো আমাৰ দৃষ্টিত খুবেই জৰুৰী। তেনে চিন্তাৰে আজি আমি আমাৰ অতি শ্ৰদ্ধাৰ প্ৰয়াত দীপক ঘাটোৱাৰ দেৱৰ ক্ৰীড়া কেন্দ্ৰীক সামাজিক দৰ্শনৰ বিষয়ৰ চমুকৈ নিজস্ব সীমিত জ্ঞানেৰে আলোকপাত কৰিব বিচাৰিছোঁ। বক্তৃতাৰ নিদিষ্ট বিষয়বস্তুলৈ যোৱা আগতেই আমি আমাৰ বক্তৃতাৰ আৰম্ভণিতেই এটা কথা উল্লেখ কৰাটো সমীচিন হব বুলি অনুভৱ কৰোঁ। সাম্প্ৰতিক সময়ত ক্ৰীড়াক এক সামাজিক অনুষ্ঠান (social institution) ৰূপে গণ্য কৰা হয় আৰু এক সামাজিক অনুষ্ঠান হিচাপে ক...

অসম লোক সেৱা আয়োগ : পৰ্য্যালোচনা, সংশোধন আৰু পুনৰ গঠনৰ চিন্তা (নিয়মীয়া বাৰ্তা, ১৪/১২/২০১৭)

Image
অসম লোক সেৱা আয়োগ : পৰ্য্যালোচনা, সংশোধন  আৰু পুনৰ গঠনৰ চিন্তা অসম লোক সেৱা আয়োগত সংঘটিত ব্যাপক দুৰ্নীতিয়ে পুনৰ বাৰ সাম্প্ৰতিক সময়ৰ অসমত বিশেষ চৰ্চা লাভ কৰিছে। শেহতীয়াকৈ প্ৰথমটো তদন্তত ধনৰ বিনিময়ত বিভিন্ন অসৎ উপায়েৰে লোক সেৱা আয়োগৰ বিভিন্ন বিভাগত ৰাজবিষয়াৰ চাকৰি ক্ৰয় কৰা ২৫ জনকৈ দোষী চৰকাৰী ৰাজপত্ৰিত বিষয়াক তদন্তকাৰী অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে। প্ৰথম দৃষ্টিত এই সমগ্ৰ প্ৰক্ৰিয়াটোৱে ; তদন্তৰ পৰা দোষী গ্ৰেপ্তাৰ কৰালৈকে , অসমৰ ৰাজনৈতিক, সামাজিক আৰু শৈক্ষিক স্বচ্ছতাৰ দিশত এক যোগাত্মক প্ৰভাৱ পেলোৱাটো স্বাভাৱিক, কিন্তু সাম্প্ৰতিক সময়ত এই সমূহ ঘটনাক্ৰমৰ লগত  জড়িত হৈ পৰা কিছু আৱেগসৰ্বস্ব চিন্তাই আমাৰ মনলৈ দুই ধৰণৰ শংকা কঢ়িয়াই আনিছে ১। অযোগ্য প্ৰাৰ্থীক অসৎ উপায়েৰে চাকৰি দিয়া বিষয়টোতকৈ কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হ’ল যোগ্য প্ৰাৰ্থীক অসৎ উপায়েৰে প্ৰশাসনিক সেৱা পৰা বঞ্চিত কৰাটো। বতৰ্মান সময়ত এনেবোৰ চিন্তাৰ বাবে সমগ্ৰ প্ৰক্ৰিয়াটো সংশোধনৰ খুবেই প্ৰয়োজন আৰু ইয়াৰ বাবে প্ৰয়োজন সময়ভিত্তিক বৈজ্ঞানিক চৰ্চাৰ। কিন্তু বতৰ্মান সময়ত আমাৰ আৱেগিক চিন্তাই প্...

পাতনিতে কিছু যোগাত্মক চিন্তা: (দৈনিক জনমভূমি , ০১/০১/২০১৭)

Image
                                               পাতনিতে কিছু যোগাত্মক চিন্তা সাম্প্ৰতিক সময়ৰ ভোগবাদী জীৱনত মানবীয় প্ৰমূল্যবোধৰ যি সাংঘাটিক অবক্ষয় হৈছে, এই অৱক্ষয়ে আমাৰ স্ব-চিন্তাক সৃষ্টিশীল কৰ্মৰে প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়োজনীয় ধনাত্মক চিন্তাকও বাৰুকৈয়ে প্ৰভাম্বিত কৰিছে বুলি অনুভৱ কৰোঁ। কিন্তু এই জটিল সময়তও সমাজৰ কিছু ব্যক্তিৰ অসাধাৰণ জীৱন সাধনাই আমাক আজিও অনুপ্ৰাণিত কৰে আৰু তেনে এক অসাধাৰণ জীৱন সাধনা সাক্ষী হৈ ৰ’লো, যোৱা ২৪ / ১২ / ২০১৬ তাৰিখে S ony Tv ৰ Indian Idol ৰ audition ত। এই অনুষ্ঠানতেই “ থুমটেন টেৰছিং” নামৰ অৰুণাচল প্ৰদেশৰ এজন যুৱ গায়কক দেখা পাই নিজকে প্ৰশ্ন কৰিব বাধ্য হৈছিলো , বুকুত কিমান সাহস থাকিলে , চিন্তাশক্তি কিমান ধনাত্মক হ ' লে, জীৱনৰ পাঁচ বছৰ বয়সতে বৈদ্যুতিক দূৰ্ঘটনাত নিজৰ দুইখন হাত হেৰুৱাই নিৰ্মল হাঁহিৰে নিজৰ লক্ষ্য পূৰণত সময়ৰ প্ৰতিটো বাধাক অতিক্ৰম কৰি আগুৱাই যাব পাৰি । ওপৰত উল্লেখ কৰা “থুমট...